প্ৰথম শ্ৰেণীৰ ১০ ৰ পৰা ১০০ লৈ চিনাকিৰ বাবে শিক্ষণ পদ্ধতি আৰু শিক্ষণ-শিকন সঁজুলি

উত্তম চন্দ্ৰ দাস শিক্ষক, বৰবাকা ট্ৰাইবেল এম.ই, স্কুল

১০ ৰ পৰা ১০০লৈ সংখ্যাৰ চিহ্নবোৰ লিখিব পৰা ছাত্ৰজনক আমি সংখ্যাবোৰৰ লগত চিনাকি হোৱা বুলি কওঁ যদিও এই ধাৰণাৰ লগত দহৰ ভিত্তিত গণনা কৰাৰ কৌশল আয়ত্ত কৰোৱালে কেনেদৰে ১০ ৰ পৰা ১০০ লৈ চিনাকি হোৱাৰ লগতে স্থানীয় মানৰ ধাৰণা আয়ত্ত কৰাত সহায়ক হয় সেইটো ভাবিবলগীয়া। দেখা যায় যে স্থানীয় মানৰ ক্ষেত্ৰত এককৰ ঘৰৰ সংখ্যা দহ হোৱাৰ লাগে লাগে এক দহ হিচাপে দহকৰ স্থান পায়। ঠিক তেনেকৈ দহকৰ ঘৰৰ সংখ্যা দহ হোৱাৰ লগে-লগে একশ হিছাপে শতকৰ স্থান পায়। ঠিক তেনেকৈ শতকৰ স্থানত দহশ হোৱাৰ লগে-লগে এক হাজাৰ হিছাপে হাজাৰৰ স্থান পায়। গতিকে দেখা গল যে স্থানীয় মানৰ ধাৰণাৰ বাবে দহৰ ভিত্তিত গণনা কৰাৰ কৌশল আয়ত্ত কৰাটো প্ৰয়োজনীয়। আমি প্ৰাথমিক পৰ্য্যায়ত পঢ়ি থাকোতে এক দহ এক এঘাৰ, দুই দহ চাৰি চৌব্বিশ, চাৰি দহ আঠ আঠচল্লিশ বুলি চিঞৰি - চিঞৰি গছৰ তলত নেওঁতা পঢ়া মনত আছে। কিন্তু দুই দহ চাৰি মানে যে দুটা দহ আৰু চাৰি বেছি অৰ্থাৎ চৌব্বিশ আছে সেই সময়ত কথাটো বুজি পোৱা নাছিলো। সংখ্যাৰ সৈতে চিনাকি হোৱাৰ সময়ত ধাৰণাৰ এনে অস্পটতাৰ বাবেই হাতে যাবলগীয়া যোগ বা ধাৰে আনিবলগীয়া বিয়োগত এককৰ ঘৰৰ পৰা দহকলৈ বা শতকৰ পৰা দহকলৈ এক দহ বা এক শ ৰ সলনি এক বুলিহে কোৱা গৈছিল। এতিয়াও বহুক্ষেত্ৰত এনেদৰেই চলি আছে কেৱল দহৰ ভিত্তিত কৰিবলগীয়া গণনাৰ সহায়ত সংখ্যাৰ চিনাকি কৰি দিয়া হোৱা নাই বাবে।

এই গুৰুত্ব উপলব্ধি কৰি অতি কম খৰছত অতি সহজ কৈ এটি শিক্ষণ- শিকন সঁজুলি প্ৰস্তুত কৰি উলিওৱা হৈছে।

শিক্ষণ- শিকন সঁজুলিৰ বৰ্ণনা-

সঁজুলিৰটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ হ'ল- ২ ফুট দীঘল আৰু বহলৰ থাৰ্ম'কল ২ খন, দিয়াচলাই কাঠি ৬০৫ ডাল, সৰু ৰবৰ বেন্ড ৫৭ ডাল ।

Maths1

চিত্ৰত দেখুওৱা ধৰণে এডাল দিয়াচলাই কাঠি, দুডাল, তিনিডাল… তেনেকৈ দহ ডাললৈ একাদিক্ৰমে সজাই ল'ব লাগিব। ঠিক তেনেকৈ দহ ডাল কাঠিক ৰবৰ বেন্ডেৰে বান্ধি দহৰ মুঠি বনাই এটা মুঠি, তাৰ পিছত দুটা মুঠি একাদিক্ৰমে থাৰ্ম'কলৰ ওপৰত নটা লৈ মুঠি ৰাখিব। শেষত দহটা মুঠিক এডাল ৰবৰেৰে বান্ধি থাৰ্ম'কলৰ ওপৰত ৰাখিব। এতিয়া সকলোবোৰ কাঠি আৰু মুঠিৰ জোখ মতে থাৰ্ম'কলখন অলপ কাঠি আৰু মুঠিবোৰ সোমাব পৰাকৈ খান্দি গাট কৰি ল'ব। এতিয়া কাঠি আৰু মুঠি বোৰ নিজৰ-নিজৰ ঘৰবোৰত সোমাই ল'ব। এইখিনি সম্পন্ন কৰিলেই আমি সঁজুলিৰটো তৈয়াৰ হোৱা বুলি কব পাৰিম।

সঁজুলিৰটোৰ ব্যৱহাৰ-

প্ৰথম পৰ্য্যায়-

সঁজুলিৰটো মেজ এখনৰ ওপৰত ৰাখি ৬ জন বা ৭ জন ছাত্ৰ-ছাত্ৰীৰ দল এটাক মেজখনৰ চাৰিওফালে গোট খাবলৈ ক'ব। প্ৰথমৰ পৰা প্ৰতিটো ঘৰত কিমানকৈ কাঠি আছে সুধিব। ঠিক তেনেকৈ মুঠি থকা ঘৰবোৰটো মুঠিবোৰ হিচাপ কৰি কবলৈ দিব। মাথো এটা মুঠিক এক দহ , দুটা মুঠিক দুই দহ বুলি কবলৈ শিকাব।

দ্বিতীয় পৰ্য্যায়-

এতিয়া এজন ছাত্ৰৰ দুয়োখন হাত ব্যৱহাৰ কৰিব। এখন হাত মুঠিৰ ঘৰত ৰাখিব আৰু আনখন হাত কাঠিৰ ওপৰত ৰাখিব। ধৰা হ'ল বাওঁ হাতখন এটা মুঠিৰ ঘৰত ৰাখি সোঁহাতখন এটা কাঠিৰ ঘৰত ৰাখিছে। ইয়াক পঢ়িবলৈ শিকাব এক দহ এক বুলি। এতিয়া মুঠি আৰু কাঠিবোৰ ঘৰবোৰৰ পৰা উঠাই আনি মুঠিৰ বান্ধ খুলি হিছাপ কৰিবলৈ দিলে ছাত্ৰ-ছাত্ৰীবোৰে দেখা পাব যে তাত এঘাৰডাল কাঠি আছে। এনেদৰে আনুশীলন কৰালে ৫৪ মানে যে ৫ দহ ৪ হয় সেইটো তেওঁলোকে সহজে দেখুৱাই দিব পাৰিব।

সঁজুলিৰটোৰ ব্যৱহাৰিক সাক্ষ্য-

Maths2

এই সঁজুলিৰটো প্ৰথমে ব্যৱহাৰ হৈছিল 2018 চনৰ গ্ৰীস্মকালীন শিৱিৰ তথা 'গঢ়ি সাকো আহা শিকোঁ' নামৰ কামৰূপ জিলাৰ ১৫ খন বিদ্যালয়ত অনুস্থিত কৰা এক শৈক্ষিক, বিশেষকৈ ধীৰ গতিৰ শিকাৰুসকলৰ বাবে এই শিক্ষণ-শিকন সঁজুলি বেছি উপযোগী বুলি প্ৰমাণ হৈছে।

Maths3

এই শিকন পদ্ধতি আৰু সঁজুলিটো 'বেলি-কিড্ চ এডুকেয়াৰ' নামৰ ব্যক্তিগত শিক্ষানুস্থানটোৱে ব্যৱহাৰ কৰি আছে। অনুস্থানটোৰ অবিৰত পাঠদানৰ য়ুটিউব ভিডিও লিংক এটি অনুমাতিসাপেক্ষে সংযোজন কৰা হ'ল-

https://youtu.be/lZwuU3fqdC4