ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা

সুষমা আগৰৱালা শিক্ষয়িত্ৰী, বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
sushama_agarwal

যুক্তৰাষ্ট্ৰ হৈছে পাৰস্পৰিক 'সন্ধি' অথবা 'চুক্তি' ৰ জৰিয়তে সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি।এইক্ষেত্ৰত ৰাজ্যসমূহে এখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে নিজ স্বতন্ত্ৰতা আৰু স্বকীয়তা অক্ষুন্ন ৰাখে।যুক্তৰাষ্ট্ৰৰ অংগ ৰাজ্যসমূহৰ যি কোনো মূহুৰ্তত যুক্তৰষ্ট্ৰখনৰপৰা আঁতৰি অহাৰ অধিকাৰ থাকে।

ভাৰতৰ সংবিধানে দেশখনক যুক্তৰাষ্ট্ৰৰ স্বৰূপ প্ৰদান কৰিছে যদিও সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক 'ৰাজ্যসমূহৰ সংঘ' বুলিহে ঘোষণা কৰিছে।সংবিধানত ভাৰতক 'যুক্তৰাষ্ট্ৰ' বুলি ক'তো উল্লেখ কৰা নাই।

ভাৰতক যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় যদিও প্ৰকৃততে ভাৰত যুক্তৰাষ্ট্ৰও নহয় আৰু এককেন্দ্ৰিক ৰাষ্ট্ৰও নহয়, কিয়নো ভাৰতত যুক্তৰাষ্ট্ৰ আৰু এককেন্দ্ৰিক, দুয়োটাৰে বৈশিষ্ট্য বিদ্যমান।ইয়াৰোপৰি ৰাজ্যসমূহৰ মাজত হোৱা কোনো 'সন্ধি' বা 'চুক্তি' ৰ ফলত ভাৰত যুক্তৰাষ্ট্ৰৰ সৃষ্টি হোৱা নাই তথা ভাৰতৰ অংগ ৰাজ্যসমূহৰ ভাৰতৰপৰা বিচিন্ন হোৱাৰো কোনো অধিকাৰ নাই।

ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোক বহুতো পণ্ডিতে 'অৰ্ধ যুক্তৰাষ্ট্ৰ' , 'ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ' , 'গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰিক' বুলি অভিহিত কৰিছে।

ভাৰতৰ সংবিধানত থকা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ হৈছে-

দুখলপীয়া শাসন ব্যৱস্থা- ভাৰতত দুখলপীয়া শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।প্ৰত্যেকজন নাগৰিক দুখন চৰকাৰৰ ৰায়ত (প্ৰজা) হিচাপে পৰিগণিত হয়-- বাস কৰি থকা ৰাজ্যখনৰ আৰু ভাৰত চৰকাৰৰ।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন - যুক্তৰাষ্ট্ৰ ব্যৱস্থাত থকাৰ দৰে ভাৰততো সংবিধানে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ- বিতৰণ কৰিছে। সংবিধানৰ ২৪৬ নং অনুচ্ছেদত তিনিখন সূচীৰ অন্তৰ্গত ক্ষমতাসমূহ বিভাজন কৰিছে -- কেন্দ্ৰীয় সূচী , ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী।কেন্দ্ৰীয় সূচীৰ অন্তৰ্গত বিষয়সমূহত কেন্দ্ৰীয় চৰকাৰে , ৰাজ্যিক সূচীৰ অন্তৰ্গত বিষয়সমূহত ৰাজ্যিক চৰকাৰে আৰু সমৱৰ্তী সূচীৰ অন্তৰ্গত বিষয়সমূহত কেন্দ্ৰীয় আৰু ৰাজ্যিক -দুয়োখন চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে।

লিখিত সংবিধান - ভাৰতত লিখিত সংবিধান আছে।কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়ো চৰকাৰে সংবিধানৰপৰা ক্ষমতা আহৰণ কৰে।দুয়োখন চৰকাৰে সংবিধান অনুসৰি এই ক্ষমতাসমূহ প্ৰয়োগ কৰিব লাগে।সংবিধানেই হৈছে সৰ্বেসৰ্বা আৰু কোনেও সংবিধান উলংঘা কৰিব নোৱাৰে।

স্বতন্ত্ৰ ন্যায়ালয় - ভাৰতৰ সংবিধানে ন্যায় ব্যৱস্থাক স্বতন্ত্ৰতা প্ৰদান কৰিছে।ন্যায় ব্যৱস্থাৰ শীৰ্ষত থকা উচ্চতম ন্যায়ালয় সংবিধানৰ চূড়ান্ত ব্যাখ্যাকৰ্তা।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা আইন অসাংবিধানিক বুলি প্ৰমাণিত হ'লে তেনে আইন উচ্চতম ন্যায়ালয়ে বাতিল কৰিব পাৰে।উদাহৰণ স্বৰূপে অসমৰ ক্ষেত্ৰত থকা 'আই এম ডি টি' আইনখন উচ্চতম ন্যায়ালয়ে বাতিল কৰিছে।

দ্বিকক্ষ কেন্দ্ৰীয় সংসদ - ভাৰতৰ কেন্দ্ৰীয় সংসদ দুই কক্ষযুক্ত - উচ্চ সদন (ৰাজ্যসভা) আৰু নিম্ন সদন (লোকসভা)। ৰাজ্যসভাই ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰে।ৰাজ্যিক বিধান সভাৰ সদস্যসকলে এই সদনৰ সদস্যসকলক নিৰ্বাচন কৰে।দ্বিকক্ষ সংসদ আৰু ৰাজ্যসভাৰ গঠন প্ৰক্ৰিয়াই ভাৰতৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় চৰিত্ৰক প্ৰকাশ কৰিছে।

ভাৰতৰ সংবিধানৰ এককেন্দ্ৰিক বৈশিষ্ট্যসমূহ

শক্তিশালী কেন্দ্ৰীয় চৰকাৰ - ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অতি শক্তিশালী।সংবিধানে তিনিখন সূচীৰ জড়িয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ - বিতৰণ কৰিছে যদিও আটাইবিলাক গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰীয় সূচীত অন্তৰ্ভূক্ত কৰা হৈছে।তদুপৰি সমৱৰ্তী সূচীৰ অন্তৰ্গত বিষয়সমূহৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিবাদৰ সৃষ্টি হ'লে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা আইনহে প্ৰযোজ্য হয়।

একক সংবিধান - ভাৰতত এখনেই সংবিধান আছে যি সমগ্ৰ দেশতে প্ৰযোজ্য হয়। অন্য যুক্তৰাষ্ট্ৰত থকাৰ দৰে ভাৰতত ৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা নাই।

একক নাগৰিকত্ব - ভাৰতৰ সকলো ৰাজ্যৰ বাসিন্দাই এক উমৈহতীয়া নাগৰিকত্ব লাভ কৰে - ভাৰতীয় নাগৰিকত্ব।আমেৰিকা যুক্তৰাষ্ট্ৰত থকাৰ দৰে ভাৰতত ৰাজ্যসমূহৰ বাবে পৃথক নাগৰিকত্বৰ ব্যৱস্থা নাই।

ৰাজ্যসমূহ পুনৰ্গঠন বা ৰাজ্যৰ সীমা পৰিৱৰ্তন - সংবিধানৰ ৩ নং অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ সীমা পৰিৱৰ্তন কৰিব পাৰে।এইক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যৰ মতামত লোৱাৰো প্ৰয়োজন নাথাকে।১৯৫৬ চনত কেন্দ্ৰীয় সংসদে 'ৰাজ্যসমূহৰ পুনৰ্গঠন আইন' ৰ জড়িয়তে ব্যাপকভাৱে ৰাজ্যসমূহৰ সীমা পৰিৱৰ্তন কৰিছিল।এইদৰে বিভিন্ন সময়ত কেন্দ্ৰই ৰাজ্যৰ সীমা পৰিৱৰ্তন কৰিছে আৰু নতুন ৰাজ্যৰ গঠন কৰিছে।

সংবিধানৰ জৰুৰীকালীন বিধান - ভাৰতীয় সংবিধানৰ ৩৫৬ নং অনুচ্ছেদত থকা জৰুৰীকালীন বিধানে ভাৰতৰ এককেন্দ্ৰিক আদৰ্শক প্ৰকাশ কৰিছে।দেশত জৰুৰীকালীন অৱস্থা ঘোষণা হোৱাৰ লগে লগে সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হয়।এই অৱস্থাত ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰক অনুসৰণ কৰিবলগীয়া হয়।

ৰাজ্যপাল নিযুক্তিৰ ব্যৱস্থা - অংগৰাজ্যবিলাকত থকা ৰাজ্যপাল নিযুক্তিৰ ব্যৱস্থাই ভাৰতৰ যুক্তৰাষ্ট্ৰীয় স্বৰূপ প্ৰদৰ্শন কৰা নাই।ৰাজ্যপালে ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাৰ্য সম্পাদন কৰে।

ভাৰতত এককেন্দ্ৰিক যুক্তৰাষ্ট্ৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণসমূহ -

ভাৰতত এককেন্দ্ৰিক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বহুতো কাৰণ আছে।

প্ৰথমতে, যিহেতু ভাৰত বিভিন্ন জাতি, ধৰ্ম, ভাষা-ভাষী লোকৰ বাসভূমি, সেয়ে ভাৰতৰ এই বৈচিত্ৰতা বজাই ৰখাৰ উদ্দেশ্যে সংবিধান প্ৰণেতাসকলে ভাৰতক এক যুক্তৰাষ্ট্ৰীয় স্বৰূপ প্ৰদান কৰিছে।

দ্বিতীয়তে, ভাৰতৰ দৰে এখন বিশাল দেশক কেৱল কেন্দ্ৰীয় ভাৱে শাসন কৰাতো সম্ভৱ নহয়। সেয়ে, ভাৰতত কেন্দ্ৰ আৰু ৰাজ্য, দুখন চৰকাৰৰ ব্যৱস্থা কৰা হৈছে।

তৃতীয়তে, ভাৰতক যুক্তৰাষ্ট্ৰীয় স্বৰূপ প্ৰদান কৰিও এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য সন্নিবিষ্ট কৰাৰ প্ৰধান কাৰণ হৈছে ভাৰতৰ ঐক্য আৰু সংহতি বৰ্তাই ৰখা। ভাৰতত ব্যাপক ৰূপত বৈচিত্ৰ বিৰাজমান - জাতি, ধৰ্ম, ভাষা, সাংস্কৃতিক,ৰাজনৈতিক,অৰ্থনৈতিক, আঞ্চলিক ইত্যাদি।এনে ক্ষেত্ৰত ভাৰতক প্ৰকৃত যুক্তৰাষ্ট্ৰ ৰূপে গঠন কৰিলে ভাৰতৰ ঐক্য আৰু সংহতি বিঘ্নিত হ'ব পাৰে বুলি সংবিধান নিৰ্মাতাসকলে সন্দেহ প্ৰকাশ কৰিছিল।সেয়ে, ভাৰতত একক নাগৰিকত্বৰ ব্যৱস্থা কৰা হ'ল।

চতুৰ্থতে, ভাৰত বহু বছৰ ব্ৰিটিছৰ অধীনত থাকি নতুনকৈ গঠন হোৱা ৰাষ্ট্ৰ আছিল।ব্ৰিটিছ শাসকসকলৰ শোষণে ভাৰতক দৰিদ্ৰ, পিছপৰা অঞ্চললৈ পৰিণত কৰিছিল য'ত অধিকাংশ বাসিন্দাই আছিল দৰিদ্ৰ, নিবনুৱা আৰু নিৰক্ষৰ। ফলত স্বাধীনতাৰ পিছত তাৎক্ষণিক প্ৰয়োজনটো আছিল সমগ্ৰ দেশখনৰ আৰ্থ-সামাজিক উন্নয়ন সাধন কৰা।ইয়াৰ বাবে এক শক্তিশালী কেন্দ্ৰীয় চৰকাৰ থকাটো অত্যাৱশ্যকীয় আছিল।

উক্ত আলোচনাৰপৰা আমি ক'ব পাৰো যে ভাৰতক যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰা হয় যদিও প্ৰকৃততে আমাৰ দেশখন যুক্তৰাষ্ট্ৰ আৰু এককেন্দ্ৰিক শাসন ব্যৱস্থাৰ সংমিশ্ৰণ।ভাৰতৰ সংবিধান নিৰ্মাতাসকলে দুয়োটা শাসন ব্যৱস্থাৰপৰা দেশখনৰ সৰ্বাংগীন উন্নয়নৰ লগতে দেশত একতা আৰু সংহতি সুদৃঢ় কৰিবলৈ প্ৰয়োজন হোৱা উপাদানসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিল।সংবিধান প্ৰণেতাসকলৰ মনোবৃত্তি নিশ্চিতভাৱে দেশৰ কল্যাণৰ হকে আছিল।কিন্তু বহুক্ষেত্ৰত সংবিধান প্ৰণেতাসকলৰ প্ৰকৃত উদ্দেশ্য কাৰ্যকৰী নহয়।বিশেষকৈ কেন্দ্ৰত শাসনাধিষ্ঠ ৰাজনৈতিক দলে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে ক্ষমতাৰ অপপ্ৰয়োগ কৰিব পাৰে।সংবিধানৰ ৩৫৬ নং অনুচ্ছেদৰ মতে ভাৰতৰ কোনো অংগ ৰাজ্যত শাসন ব্যৱস্থাত বিশৃংখল অৱস্থাৰ সৃষ্টি হ'লে কেন্দ্ৰই ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব পাৰে।এই ক্ষেত্ৰত কেন্দ্ৰই পক্ষপাতিত্বমূলক ভূমিকা গ্ৰহণ কৰিব পাৰে।

সি যিয়েই নহওক, ভাৰতৰ সংবিধান প্ৰণেতাসকলে এককেন্দ্ৰিক আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ যি সংমিশ্ৰণ ঘটাইছে সেইয়াই ভাৰতৰ বাবে উপযুক্ত বুলি প্ৰমাণিত হৈ আহিছে আৰু আগলৈও হৈ থাকিব।