ছাত্ৰ-ছাত্ৰীৰ বাবে ভূগোল অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু কেৰিয়াৰ

দিগন্ত কুমাৰ বড়া স্নাতকোত্তৰ শিক্ষক, ভূগোল বিভাগ, ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ (মহানগৰ), দূৰভাষঃ ৯৬১৩৬-৯৬১৪৬
Diganta Kumar Bora

ভূগোলৰ জ্ঞান অবিহনে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান বন্ধ কোঠাৰ পৰিসৰৰ দৰেই সীমিত । আমি প্ৰত্যেকেই আমাৰ চৌপাশটোৰ বিষয়ে সামান্যতম হ'লেও জানো আৰু জানিবলৈ আগ্ৰহী । চৌপাশটোৰ বিষয়ে জানিবলৈ আমাক আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নাই । সেয়ে, শিক্ষিত কিম্বা অশিক্ষিত প্ৰতিজন ব্যক্তিৰেই চৌপাশ সম্পৰ্কে জ্ঞান থাকে । যাক আমি পাৰিৱেশিক জ্ঞান বুলি কওঁ‌ ।

ভূগোলৰ বিষয়বস্তুৰ কথা আহিলেই পৰিৱেশৰ কথাওঁ‌ আহে । ভূগোল বিষয়টোৱে বিশেষকৈ অধ্যয়ন কৰে পৃথিৱী আৰু মানুহৰ সম্পৰ্কৰ বিষয়ে । সেয়ে ভূগোল অধ্যয়নৰ কথা আহিলেই চৌপাশৰ জলবায়ু, ভূ-প্ৰকৃতি, অৰ্থনীতি, সমাজ, সংস্কৃতি আদি সকলোবোৰ দিশেই অন্তৰ্ভুক্ত হয় ।

সাধাৰণতে ভূগোল বুলিলে আমাৰ মনলৈ পাহাৰ-পৰ্বত, নদ-নদী, সাগৰ-মহাসাগৰ, দেশ-বিদেশ আদিৰ কথাই আহে । কিন্তু ভূগোল অধ্যয়নৰ ই এটা ভাগহে । ইয়াৰ উপৰিও মানৱৰ আচৰণ, জনসংখ্যা, জীৱিকা, পৰিবহন, পৰিকল্পনা আদিকে ধৰি অজস্ৰ ভাগ ভূগোল বিষয়ৰ পৰিসৰৰ অন্তৰ্ভুক্ত ।

আমি যি বিষয়েই অধ্যয়ন নকৰোঁ‌ কিয়, ই প্ৰত্যক্ষ কিম্বা পৰোক্ষ ভাৱে মানুহ আৰু প্ৰকৃতিৰ লগতেই সম্পৰ্কিত । সেয়ে কিবা প্ৰকাৰে হ'লেও ভূগোল প্ৰতিটো বিষয়ৰ লগতেই সম্পৰ্কিত ।

দৈনন্দিন জীৱনৰ প্ৰতিটো খোজতেই ভূগোলৰ জ্ঞান অপৰিহাৰ্য । জলবায়ু অধ্যয়নৰ বাবে ভূগোল, দুৰ্যোগ প্ৰশমনৰ বাবে ভূগোল, গাঁ‌ও বা নগৰ উন্নয়নৰ বাবে ভূগোল, জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ভূগোল, দেশৰ উন্নয়নৰ বাবে ভূগোল, পৰিবহন আৰু যোগাযোগৰ উন্নতিৰ বাবে ভূগোল, সৌৰজগত বা বিশ্ববহ্মাণ্ডৰ তথ্য আহৰণৰ বাবে ভূগোল । মুঠতে সকলো ক্ষেত্ৰতেই কেবল ভূগোলৰেই ব্যৱহাৰ ।

বৰ্তমানে বাঢ়ি অহা যান-বাহন, কল-কাৰখানা আদিৰ বাবে নানান পাৰিৱেশিক সমস্যাই দেখা দিছে । এই সমস্যাসমূহ সমাধানৰ বাবে পৰিৱেশ শিক্ষা অপৰিহাৰ্য । যাৰ বাবে ভূগোলৰ অন্যতম গুৰুত্বপূৰ্ণ ভাগ পৰিৱেশ ভূগোলৰ গুৰুত্বও দিনক দিনে বাঢ়িবলৈ লৈছে । ইয়াৰ লগতে সাঙোৰ খাই আছে প্ৰাকৃতিক দুৰ্য্যোগ সমূহ ।

অঞ্চলবিশেষ অধ্যয়ন কৰা আঞ্চলিক ভূগোল ভাগটিৰ গুৰুত্বও অপৰিসীম । উদাহৰণস্বৰূপে, আমি যদি অসমৰ ভূগোল সম্পৰ্কে আলোচনা কৰো তেন্তে আমি অসমৰ ভূ-প্ৰকৃতি, জলবায়ু, মাটি, জনসংখ্যা, পৰিবহন, বজাৰ, অৰ্থনীতি, কৃষি, উদ্যোগ, সংস্কৃতি, সামাজিক দিশ আদি সকলো ভাগৰেই অধ্যয়ন কৰিব লাগিব । ইয়াৰ পৰা সহজেই অনুমেয় যে, ভূগোলৰ ব্যৱহাৰ আৰু ভূগোলবিদৰ প্ৰয়োজনীয়তা ।

সাম্প্ৰতিক সময়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিষয়বস্তুৰ গুৰুত্বৰ সমান্তৰালভাৱে গুৰুত্ব দিয়া এটা দিশ হৈছে কেৰিয়াৰ । অধ্যয়ন কৰা বিষয়টোৰ ভৱিষ্যৎ কেৰিয়াৰ কেনে হ'ব সেই লৈ সকলো ছাত্ৰ-ছাত্ৰীয়েই কম-বেছি পৰিমাণে চিন্তিত । আমি এজন ভূগোলৰ শিক্ষক তথা অনুৰাগী হিচাপে এই কথা ন দি ক'ব পাৰো যে ভূগোল অধ্যয়নে ভৱিষ্যতৰ কেৰিয়াৰৰ দুৱাৰ মুকলি কৰি দিব । আমি যদি ভাৰতীয় লোকসেৱা আয়োগ, অসম লোকসেৱা আয়োগ বা অন্য ৰাজ্যৰ লোকসেৱা আয়োগে অনুস্থিত কৰি অহা পৰীক্ষা সমূহলৈ মন কৰো, ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰ সমূহে বিভিন্ন বিভাগৰ বাবে আয়োজন কৰা নিয়োগ বিষয়ক পৰীক্ষা সমূহলৈ মন কৰো তেন্তে দেখিম যে ভূগোল বিষয়ৰ পৰা যথেষ্ট সংখ্যক প্ৰশ্ন অন্তৰ্ভুক্ত হয় । অৰ্থাৎ, পাঠ্যক্ৰম সমূহত ভূগোল বিষয়টোক গুৰুত্ব দিয়া হয় ।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, শিক্ষা বিভাগ, UNDP ৰ বিভিন্ন আঁ‌চনিসমূহ, প্ৰতিৰক্ষা বিভাগ, প্ৰশাসন, UNICEF, দূৰ সংযোগ (Remote Sensing) ৰ বিভিন্ন ভাগসমূহ,কৃত্ৰিম উপগ্ৰহৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰসমূহ,নগৰ পৰিকল্পনাৰ বিভিন্ন আঁ‌চনিসমূহ, লোকপিয়ল বিভাগ, নদী বান্ধ, পৰিৱেশ সুৰক্ষা আদিকে ধৰি অন্যান্য বহুতো বেচৰকাৰী ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুবিধা ভূগোল অধ্যয়নে আগবঢ়ায়। একাগ্ৰতা আৰু মনোবল অটুট থাকিলে মহাকাশ গৱেষণাৰ দৰে গুৰুত্বপূৰ্ণ শিতানতো গৱেষণা তথা নিয়োজনৰ সুযোগ ভূগোল অধ্যয়নে আনি দিব পাৰে। সেয়ে ভূগোল বিষয়টিৰ গুৰুত্ব অনুধাৱন কৰি আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ কোমল বয়সতেই বিষয়টিৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে।