মেঘদূত

আখতাৰা বেগম সহকাৰী শিক্ষয়িত্ৰী, চাংসাৰি বিদ্যাপীঠ হাইস্কুল

প্ৰতি,

মৰমৰ, সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তোমালোকৰ অন্তৰৰ অৱস্থা আমি বাৰুকৈয়ে বুজিছো। ইমান দিনে পৰীক্ষা হোৱাৰ আশাত যি দিন ৰাতি এক কৰি পঢ়িলা ই কেতিয়াও অথলে যোৱা বুলি নাভাবিবা।ইয়াৰ দ্বাৰা তোমালোকৰ জ্ঞানৰ ভাণ্ডাৰ চহকী হৈছে।

ৰাজ্যৰ বৰ্তমান পৰিস্থিতি চাই বিভাগে তোমালোকক পৰীক্ষা অনুস্থিত নকৰাকৈ ফলাফল ঘোষণা কৰি উত্তীৰ্ণ কৰাৰ ব্যৱস্থা কৰিছে। তেনেক্ষেত্ৰত বহু কেইগৰাকী পৰীক্ষাৰ্থীৰ লগত কথা পাতি অনুভৱ কৰিব পাৰিছো তোমালোকৰ অন্তৰৰ কোনোবাখিনিত হয়তো অলপ হলেও আসোঁৱাহ ৰৈ গৈছে। পৰীক্ষা অবিহনে পাছ কৰাৰ কথা তোমালোকৰ বহুতেই সহজভাৱে লব পৰা নাই। ফলাফলক লৈও বহুতৰে আপত্তিও দেখা গৈছে।কিন্তু এইটোৱেই তোমালোকৰ শেষ ফলাফলটো নহয়। এই নম্বৰে যেনেকে তোমালোকৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে ঠিক তেনেকে তোমালোকক কোনোফালৰপৰা আগুৱাই যোৱাত বাধাৰ সৃষ্টিও কৰিব নোৱাৰে। এতিয়াৰপৰা তোমালোকৰ জীৱনৰ নতুন পথ এটাহে মুকলি হল। আগলৈ আৰু বহুদূৰ যাব বাকী। এই বাট অধিক কাইটিয়া।ইয়াত চাই বুজি খোজ কাঢ়িবলৈ সময়ে শিকাব। সেয়েহে নিজকে এতিয়া আৰু অধিক আত্মবিশ্বাসী কৰি গঢ়ি তুলিব চেষ্টা কৰা। আনে ভালেই কলে নে বেয়াই কলে তাক লক্ষ্য নকৰিবা। লোকে ভাল হ'লে যেনেদৰে প্ৰশংসা কৰিব ঠিক তেনেকে সামান্য ভুল হ'লেই আকৌ সমালোচনাও কৰিব। এই কোমল বয়সতে তোমালোকে সেইবিলাক বুজি নাপাবা। সেয়ে হঠাৎ আবেগিক হৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিবা । বৰ্তমানৰ কিছু সামাজিক মাধ্যমৰ লগত এতিয়াই ওতঃপ্ৰোত সম্বন্ধ স্থাপন নকৰিবা। তাত কোনো সমস্যাৰ সমাধান নোপোৱা। বৰং তুমি বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনাহে বেছি।

আমি শিক্ষক শিক্ষয়িত্ৰীসকল তোমালোকৰ লগত জড়িত।কোনো সময়তে কোনো গুণে তোমালোকক নিজৰ সন্তানতকৈ কম নাভাবো।সেয়ে তোমালোকৰ মানসিক অৱস্থা আমি ভালদৰে বুজি পাও।এনেকুৱা বহু ছাত্র ছাত্ৰী দেখিছো যিয়ে আগতে ক্লাছত ভাল ফলাফল দেখুৱাব নোৱাৰিলেও পৰীক্ষাৰ আগৰ বন্ধকেইদিনতে নিজকে বহুখিনি উন্নত কৰি লবলৈ সক্ষম হয়।তেনেক্ষেত্ৰত কিছুসংখ্যক ছাত্র ছাত্ৰীক অনুত্তীৰ্ণ কৰোৱাটো মোৰ বোধেৰে কোনো প্ৰকাৰে সমিচীন হোৱা নাই । তথাপি যি হ'ল হ'ল বাৰু। পৰবৰ্তী সময়ত নিজকে অধিক আগবঢ়াই লৈ যাবা বুলি আশা ৰাখিলো ।

মনত ৰাখিবা , জীৱনত সফল হয় সেইজনেহে যিয়ে নিজকে সকলো পৰিবেশতে খাপ খুৱাই লব জানে। কোনো নম্বৰে তোমালোকক সফল নকৰে । সফল হবা তেতিয়া যেতিয়া নিজকে এগৰাকী সু-শিক্ষিত সু-নাগৰীক হিচাপে প্ৰতিষ্ঠিত কৰি লব পাৰিবা।

শেষত সকলোৰে উজ্বল ভৱিষ্যত কামনা কৰিলোঁ

ইতি
আখতাৰা বেগম
সহকাৰী শিক্ষয়িত্ৰী
চাংসাৰি বিদ্যাপীঠ হাইস্কুল