মেঘদূত

দিগন্ত কুমাৰ বড়া স্নাতকোত্তৰ শিক্ষক, ভূগোল বিভাগ, ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ (মহানগৰ), দূৰভাষঃ ৯৬১৩৬-৯৬১৪৬

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ আৰু সমগ্ৰ শিক্ষা, কামৰূপ অসমৰ যৌথ উদ্যোগত জিলা শৈক্ষিক অন্তঃকৰণ গোটৰ দ্বাৰা প্ৰকাশিত অনলাইন শৈক্ষিক পত্ৰিকা "গুৰুবাৰ্তা"ৰ ইতিমধ্যে দুটা সংখ্যা প্ৰকাশ হৈছে । প্ৰথম দৃষ্টিতেই দেখিবলৈ পাইছো তিনিমহীয়া শৈক্ষিক আলোচনীখনে শিক্ষা জগতৰ নানান বা-বাতৰি আৰু আলোচনাৰ লগতে গল্প, কবিতা, জ্ঞান-বিজ্ঞান, সংস্কৃতি, ক্ৰীড়া, পৰিৱেশ, ৰং-তুলিকা আদি সকলো ক্ষেত্ৰকে অগ্ৰাধিকাৰ দিছে । আলোচনী খনৰ সম্পাদনাৰ দায়িত্বত শিক্ষাখণ্ডৰ লোকসকল জড়িত হৈ থকাৰ সুবাদত শিক্ষা বিষয়ক লেখাবোৰ উচ্চমানৰ আৰু সময় উপযোগী হৈছে । বিশেষকৈ ক'ভিড সংক্ৰমণৰ জটিল পৰিস্থিতিত সময়ে বিচৰা ধৰণে অনলাইন মাধ্যমেৰে আলোচনী এখনৰ আৰম্ভণি প্ৰশংসনীয় । ইয়াৰ মূলতেই আলোচনী খনৰ লগত জড়িত শিক্ষা বিষয়া, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী তথা সমাজৰ ভিন্নজন ধন্যবাদৰ পাত্ৰ । শিক্ষক-শিক্ষয়িত্ৰী সকল যিদৰে আলোচনীখনৰ লগত জড়িত হৈছে তেনেদৰেই 'অকণিৰ আকাশ' শীৰ্ষক শিতানটিৰ জড়িয়তে অনাগত দিনত বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীক কেনেকৈ জড়িত কৰিব পৰা যায় তাৰ ব্যৱস্থা হাতত ল'ব বুলি আশা কৰিছোঁ‌ ।

ছপা আলোচনী বা অনলাইন আলোচনী দুয়োৰে ক্ষেত্ৰত মনোগ্ৰাহী আৰু জনপ্ৰিয় হোৱাৰ মূল চালিকা শক্তিয়েই হৈছে আলোচনীখনৰ মানদণ্ড আৰু প্ৰকাশৰ সঠিক সময় । মানদণ্ড অবিহনে যিদৰে আলোচনী এখনক পাঠকে আদৰি নলয় একেদৰে প্ৰকাশৰ সময় অনিয়মীয়া হ'লেও পাঠক মোহভংগ হয় । এই দুয়োটা দিশকে সম্পাদনা সমিটিয়ে গুৰুত্বসহকাৰে লোৱাৰ লগতে অনলাইন আলোচনীৰ ক্ষেত্ৰত পাঠক যিহেতু পৃথিৱীব্যাপি থাকে, সেয়ে বিষয়বস্তুবোৰো সৰ্বব্যাপী প্ৰভাৱিত হোৱাতো প্ৰয়োজন । ছপা আলোচনীৰ ক্ষেত্ৰত প্ৰতিটো সংখ্যাৰ বাবে নিৰ্দ্দিষ্ট পৃষ্ঠা সংখ্যা থকাৰ বিপৰীতে ইতিমধ্যে প্ৰকাশিত বহু অনলাইন আলোচনীত প্ৰতিটো সংখ্যাৰ বাবে সুনিৰ্দ্দিষ্ট কলেবৰ নাথাকে যাৰ ফলত লেখকে যিটো সংখ্যাত বেছিকৈ লেখা পঠিয়ায় সেই সংখ্যাৰ কলেবৰ বৃদ্ধি হোৱাৰ বিপৰীতে কিছু কিছু সংখ্যা তেনেই সৰু কলেবৰৰ হয় । যাৰ ফলস্বৰূপে, মানদণ্ডও নিম্নমানৰ হয় । মই ভাৱো, গুৰুবাৰ্তাই এইবোৰ সৰু সৰু কিন্তু গুৰুত্বপূৰ্ণ দিশত নজৰ ৰাখি এক সুস্থ শৈক্ষিক জাগৰণ সৃষ্টি কৰিব । সদৌশেষত, গুৰুবাৰ্তালৈ অভিনন্দন আৰু আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।