মেঘদূত

গীতা গগৈ সহ: শিক্ষয়িত্ৰী, ৩০০নংভুৰাপাৰা প্ৰাথমিক বিদ্যালয়।ৰামপুৰ

গুৰুবাৰ্তা আলোচনীখনৰ দ্বিতীয় সংখ্যা পঢ়ি খুব ভাল লাগিল।আলোচনী খনত প্ৰকাশ পোৱা প্ৰতিটো শিতান সুন্দৰ আৰু মনোগ্ৰাহী হৈছে।আলোচনী খনত জঢ়িত সকলোলৈকে আন্তৰিক অভিনন্দন জনালোঁ। কোভিদ সৃষ্ট পৰিবেশত ছাত্ৰ ছাত্ৰীৰ শিক্ষা অবিৰত ৰাখিবৰ বাবে শিক্ষক শিক্ষয়িত্ৰী সকলে ভবিষতে কেনেদৰে যত্নপৰ হব লাগিব , সেই বিষয়ে গুৰুত্ব প্ৰদান কৰা হৈছে। হাপ্পিনেছ ক্লাছ"Happiness Class" শীৰ্ষক প্ৰবন্ধটো পঢ়ি বৰ ভাল লাগিল।আগন্তুক দিনবোৰত আমাৰ ৰাজ্যৰ বিদ্যালয় সমূহত তেনেকুৱা পদক্ষেপে নিশ্চয় এক সুন্দৰ ফলাফল প্ৰদান কৰিব।

গুৰুবাৰ্তা আলোচনী খনৰ অহা সংখ্যা সমূহত আমাৰ জিলাৰ ছাত্ৰ ছাত্ৰীৰ মনৰ কথা(কোভিড কালত পঢ়া শুনা আৰু অসুবিধা সমূহ) প্ৰকাশ পোৱা কৈ এটি শিতান ৰাখিব পাৰে।