চুইটি মাহী লৈ চিঠি

শ্ৰী অমন কুমাৰ দাস শ্ৰেণী :পঞ্চম, বিদ্যালয়:৩০০নং ভুৰাপৰা প্ৰাথমিক বিদ্যালয়, শিক্ষা খণ্ড: ৰামপুৰ

শ্ৰদ্ধাৰ চুইটী মাহী,                                                                                     ভুৰাপাৰা ২০-০৭-২০২১
কাৰ্যবাহী সম্পাদিকা,
গুৰু বাৰ্তা ( বৈদ্যুতিন আলোচনী)

          পোন প্ৰথমে মোৰ সেৱা গ্ৰহণ কৰিব। ঈশ্বৰৰ কৃপাত আমি কুশলে আছোঁ।আশা কৰোঁ আপোনাৰো মঙ্গল।
যিহেতু বৰ্তমান সমগ্র বিশ্বৰ লগতে আমাৰ অসমতো কভিড -১৯ অতি মাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে আৰু বিদ্যালয়
বন্ধ আছে গতিকে আমাৰ লিখা -পঢ়া ভাল দৰে আগবাঢ়িব পৰা নাই।স্কুলৰ ছাৰ- বাইদেৱে দিয়া ঘৰুৱা কাম বোৰ
মা -দেউতাৰ  সহায় লৈ কৰি আছোঁ। খেল-ধেমালি,ফুৰা - চকা একেবাৰে বন্ধ। গতিকে আবেলি সময়ত দেউতাৰ
লগত বাগিচাত কাম কৰি কটাই আছোঁ। আমি পঢ়াশালি লৈ যাব নোৱাৰা বাবে মনত বৰ দুখ পাইছোঁ। আশা
কৰোঁ অহা মাহত আমাৰ বিদ্যালয় খুলিব আৰু পঢ়া  শুনা আগবাঢ়িব লগতে আমাৰ মনত আনন্দ ঘূৰি আহিব।
শেষত পুনৰ সেৱা জনাই সামৰণি মাৰিলো।

ইতি
আপোনাৰ মৰমৰ
শ্ৰী অমন কুমাৰ দাস।
শ্ৰেণী :পঞ্চম
বিদ্যালয়:৩০০নং ভুৰাপৰা প্ৰাথমিক বিদ্যালয়।
শিক্ষা খণ্ড: ৰামপুৰ