মোৰ মণ্ডলৰ মহান শিক্ষাগুৰু জনৰ বিষয়ে কিছু কথা

প্ৰাঞ্জলি ভট্ট মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, ৰাণী
PranjaliBhatta

পৃথিৱীৰ সবাতোকৈ মহৎ বৃত্তি শিক্ষকতা ।

"শিক্ষক জন্মে। জোৰকৈ শিক্ষকতা কৰিবলৈ কাকো হেঁচা প্ৰয়োগ কৰিব নোৱাৰি। "

----কথাবোৰ এশ শতাংশই সত্য।

প্ৰথমেই কওঁ, মই ৰাণী শিক্ষা খণ্ডৰ উত্তৰ ভোলাগাওঁ মণ্ডলৰ এগৰাকী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক। মোৰ প্ৰথম আৰু প্ৰধান কাম বিদ্যালয়ৰ শৈক্ষিক অগ্ৰগতিৰ কাৰণে বিভিন্ন কাৰ্য্য সমাপন কৰি বিদ্যালয় সমূহক এক নতুন মাত্ৰা দিবলৈ চেষ্টা কৰা।

ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ বিভিন্ন বিষয়াৰ লগত যোগাযোগৰ সদৰ্থক সম্পৰ্ক ৰক্ষা কৰি শিক্ষা জগতৰ পোহৰমুখী এই যাত্ৰাৰ সহযাত্ৰী হিচাবে চলি আহিছো সৰ্বদাই।

হাতত কলমটো লৈ এই মুহূৰ্তত থমকি ৰৈছো মই । কেনেকৈ লিখো মণ্ডলৰ এগৰাকী ভাল শিক্ষকৰ বিষয়ে। কেনেকৈ মই নিৰ্বাচন কৰো ভাল শিক্ষক নাইবা বেয়া শিক্ষক।

হয়। যি সময়ত প্ৰতিগৰাকী শিক্ষকেই নিজৰ সমস্ত শ্ৰম প্ৰদান কৰি আগুৱাই নি আছে আমাৰ ভৱিষ্যত প্ৰজন্মটোক, তেনেস্থলত মই হয়তো নিৰ্দিষ্ট কোনোবা এগৰাকীক বিশেষ ভাৱে ভাল বুলি কব নোৱাৰিম।

"Teaching is a very noble profession that shapes the character , caliber and future of an individual. If the people remember me as a good teacher , that will be the biggest honour for me."

মহান বিজ্ঞানী এ. পি. জে আব্দুল কালামৰ এই বাক্যখিনিয়ে আমাক বাৰে বাৰে মনত কৰাই দিয়ে শিক্ষকতাৰ গৰিমাৰ কথা। এগৰাকী শিক্ষকে নিজৰ কৰ্ম জীৱনৰ প্ৰভাৱেৰে চিৰদিন অমৰ হৈ থাকে ছাত্ৰ সমাজৰ মাজত। তেনে এগৰাকী শিক্ষক হ'ল চবিন চন্দ্ৰ দাস। 1221 নম্বৰ দলেপৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তেওঁ। নিজৰ সন্তানৰ দৰে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক মৰমেৰে আৱৰি ৰখা এই শিক্ষকজনে এখন ঘৰৰ দৰে, এটা পৰিয়ালৰ দৰে সকলোৰে যতন লয়। নজনাখিনি প্ৰথমতে নিজে শিকি ছাত্ৰ ছাত্ৰীক শিকাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখে তেওঁ। সময়ৰ প্ৰতি সদাই বিশেষভাৱে দায়বদ্ধ এই শিক্ষক গৰাকীয়ে বিদ্যালয়খনৰ লগতে গাঁওখনৰ প্ৰতিজন মানুহৰে হিয়াৰ আপোন।

"A good teacher is like a candle, it consumes itself to light the way for others".

নিজে জ্বলি অহৰহ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক পোহৰৰ বাট দেখুৱা শিক্ষক মই দেখিছোঁ। তেওঁলোকৰ প্ৰচেষ্টা, তেওঁলোকৰ উদ্যমৰ মই শলাগ লৈছো। সমগ্ৰ বিদ্যালয়ৰ সৰ্বাংগীন উন্নতি সাধন কৰিবলৈ তেওঁলোকে অহৰহ ন ন চিন্তাৰে বিদ্যালয় খনৰ আন আন শিক্ষক সকলকো অনুপ্ৰাণিত কৰি আহিছে। তেনে শিক্ষক হ'ল স্বৰ্গীয় ৰামমোহন শিশু বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণ কান্ত দাস , বৰহেৰামডো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলক দাস আৰু দলেপৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰঞ্জিত দাস।

ছাত্ৰ ছাত্ৰীৰ লগত আত্মীয়তা গঢ়ি পাঠৰ বিষয়ৰ লগত সমাজ জীৱনক সংপৃক্ত কৰি পাঠদান কৰিব জানে আজিৰ প্ৰজন্মৰ কিছুমান নতুন শিক্ষকে। মৰমেৰে ছাত্ৰ ছাত্ৰীৰ সমস্ত নঞৰ্থক মনোভাব আঁতৰাই এটা পৰিৱেশ গঢ় দিব জানে এওঁলোকে। প্ৰকৃতাৰ্থত গুণগত শিক্ষাৰ ধাৰাটো বিদ্যালয়ত আগবঢ়াই নিয়া এনে কেইজনমান শিক্ষক হ'ল গড়গাৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জয়ন্তী পাল আৰু ভাগ্যশ্রী দাস, মেধিপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৃদুস্মিতা দেৱী, বৰহেৰামডো প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী প্ৰনিতা দাস, নলগাওঁ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দেৱজিত দাস আৰু শিকাৰহাটী আঞ্চলিক হাইস্কুলৰ সহকাৰী শিক্ষক হেমন্ত কলিতা, হিমাক্ষী দেৱী।

"Teaching is the profession that teaches all other professions. "

এজন শিক্ষকে সকলো বৃত্তিধাৰী লোকৰ সৃষ্টি কৰি সমাজখনৰ দায়িত্ব লয়। সময়োপযোগী সকলো সমল গোটাই এজন শিক্ষকে ছাত্ৰ ছাত্ৰীক মানসিক খাদ্যৰ যোগান ধৰে। যিকোনো সময়ত ছাত্ৰ ছাত্ৰীৰ কাৰণে সহায়ৰ এখন হাত আগবঢ়াই থোৱা এই শিক্ষক সকলে অতি ধৈৰ্যৰে ছাত্ৰ ছাত্ৰীৰ সমস্যা নিজৰ বুকুত সামৰি থব জানে। তেনে কেইজনমান শিক্ষক হ'ল শিকাৰহাটী আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী তিলোত্তমা দাস, তাতিবামা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক হিতেশ চন্দ্ৰ দাস আৰু সানপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক সুনীল কুমাৰ ঠাকুৰীয়া।

শেষত মই নাম উল্লেখ নকৰা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ মোৰ সেৱা জনালোঁ। এটা সৰু লেখাত ইমানবোৰ কথা সামৰি লোৱা সম্ভৱ নহয়। সেয়ে হয়তো মই তেওঁলোকৰ নাম ইয়াত উল্লেখ কৰিব পৰা নাই কিন্তু এইটো এশ শতাংশই সত্য যে প্ৰতিগৰাকী শিক্ষকৰ সন্মিলিত প্ৰচেষ্টা অবিহনে এখন বিদ্যালয় তথা ছাত্ৰ ছাত্ৰ সকল সফলতাৰ দিশেৰে কেতিয়াও বাট বুলিব নোৱাৰে। সেয়ে পুনৰ সকলোকে নিজৰ বৃত্তিৰ প্ৰতি থকা হেঁপাহ সদাই অক্ষুন্ন ৰাখি আগুৱাই যাবলৈ শুভকামনা জনালোঁ।

ধন্যবাদ