শিক্ষক দিৱসৰ তাৎপর্য

মৃদুস্মিতা দেৱী প্ৰধান শিক্ষয়িত্ৰী, মেধিপাৰা নিম্ন বুনিয়াদী বিদ্যালয়, ৰাণী শিক্ষা খণ্ড
MridushmitaDevi

" শিক্ষক এডাল মমবাতিৰ দৰে যি নিজে গলি আনক পোহৰ দিয়ে..." ।

" Teachers are born not built .."

শিক্ষক দিৱস হৈছে এনে এটা দিন যিটো দিনত শিক্ষক সকলক তেওঁলোকে সমাজলৈ আগবঢ়োৱা বৰঙণি ৰ বাবে তেওঁলোকৰ প্ৰতি সন্মান জনাই পালন কৰা এটা দিন । বছৰত এটা দিন শিক্ষকসকলৰ সন্মানাৰ্থে উদ্ যাপন কৰা হয়..কোনো এজন স্থানীয় শিক্ষাবিদ তথা মহিয়সী ব্যক্তিৰ লগত সংগতি ৰাখি বিশ্বৰ বহুকেইখন দেশত এই দিৱস পালন কৰা হয় , অৱশ্যে সকলো দেশতে এই দিনটো একে নহয়। বিশ্ব শিক্ষক দিৱস পালন কৰা হয় ৫ অক্টোবৰ তাৰিখে।

আমাৰ ভাৰতবৰ্ষ ত শিক্ষক দিৱস পালন কৰা হয় ৫ ছেপ্তেম্বৰ তাৰিখে। আমাৰ দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি তথা দেশৰ এজন মহান দাৰ্শনিক , পণ্ডিত, শিক্ষাবিদ ড. সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনৰ দিনা এই দিৱস পালন কৰা হয়।

TeachersDay

শিক্ষক সকল হৈছে সমাজৰ ভৱিষ্যত দ্ৰষ্টা। তেখেতসকলৰ জ্ঞান সমৃদ্ধ মহাবাণী আৰু মহান আদৰ্শৰে মহিয়ান হয় একো - একোখন দেশৰ ভৱিষ্যত। শিক্ষক সকল হৈছে জ্ঞান আৰু ত্যাগৰ প্ৰতিমূৰ্তি স্বৰূপ। গতিকে যুগে-যুগে তেওঁলোকক বন্দিত আৰু সমাদৃত বুলি ধৰি অহা হৈছে। গতিকে এইসকল ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে বিশেষ একোটা দিন শিক্ষক দিৱস হিচাপে উদ্ যাপন কৰা হয়।

ড. ৰাধাকৃষ্ণণৰ জন্মদিনটোৱেই শিক্ষক দিৱস হিচাপে বাছি লোৱাৰ কাৰণ হৈছে ..তেখেত আছিল একেৰাহে দাৰ্শনিক পণ্ডিত, শিক্ষাবিদ । সৰুৰেপৰাই অতি মেধাসম্পন্ন এইজন ব্যক্তিয়ে পাছত ভেলোৰ কলেজত আৰু মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। তেখেত দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ উপৰি ১৯৬২ চনত ভাৰতৰ সৰ্বোচ্চ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হৈছিল। বিশ্বই তেওঁক দাৰ্শনিক উপাধি দিছিল তথা বিভিন্ন সময়ত তেখেতৰ কৰ্মৰাজিৰ বাবে তেখেতে বিভিন্ন পুৰস্কাৰেৰে পুৰস্কৃত হৈছিল। ১৯৫৪ চনত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নৰে বিভূষিত হৈছিল।

ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তেই এবাৰ এজন ছাত্ৰই তেখেতৰ জন্মদিনটো পালন কৰিবলৈ অনুমতি বিচাৰিছিল। কিন্তু সিদ্ধ পুৰুষ এই মহান গুণৰ ব্যক্তি গৰাকীয়ে কৈছিল যে " মোৰ জনমদিনটো পালন কৰিব বিছৰা বাবে মই ধন্য, কিন্তু এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই আৰু অধিক আনন্দিত হম.."। তেখেতে কৈছিল , " Teachers should be the best minds in the country". তাৰপিছত ১৯৬২ চনৰপৰা ৫ছেপ্তেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

শিক্ষানুষ্ঠান এখনক অতীজৰে পৰাই এখন উপাসনাথলী বুলি ভাৱি অহা হৈছে। উপাসনাথলীত পৱিত্ৰ মনেৰে প্ৰবেশ কৰি তাৰ প্ৰতিটো জ্ঞান মনোযোগেৰে উপলব্ধি কৰিব পাৰিলেহে প্ৰকৃত অৰ্থত জ্ঞানলাভ হব। বৰ্তমান সময়তো জ্ঞানৰ প্ৰসাৰৰ বাবে বহুতো বিদ্যালয় স্পাপিত হৈছে সেইটো ভাল কথা , কিন্তু প্ৰকৃত অৰ্থত শিক্ষাৰ্থীৰ জ্ঞানলাভ হৈছেনে নাই সেইটো মন কৰিবলগা কথা। তাৰোপৰি বিদ্যালয় সমূহত নতুন প্ৰযুক্তিৰ সা- সুবিধা সমূহৰ ব্যৱহাৰে বিদ্যালয় সমূহৰ শৈক্ষি ক পৰিবেশ বিনষ্ট কৰাও দেখা গৈছে। প্ৰকৃত অৰ্থত শিক্ষাদান প্ৰক্ৰিয়া সফল হব তেতিয়াহে যেতিয়া গুৰু- শিষ্য অৰ্থাৎ শিক্ষক - শিক্ষাৰ্থী ৰ মাজত এটা সু- সম্পৰ্ক গঢ়ি উঠিব। পাঠ্যপুঠিত লিপিবদ্ধ পাঠ্যক্ৰমে আনুস্থানিক শিক্ষাৰ চাহিদাহে পূৰণ কৰে, কিন্তু গুনগত শিক্ষা সম্ভৱ তেতিয়াহে যেতিয়া ছাত্ৰ এজনে সকলো দিশৰ শিক্ষা গুৰুৰপৰা আহৰণ কৰে।

TeachersDay

শিক্ষক দিৱস ৰ দিনটো ড. ৰাধাকৃষ্ণণৰ জন্মদিত পালন কৰাৰ যি পৰম্পৰা , তাৰপৰা আমি শৈক্ষিক দিশতো উৎকৰ্ষ সাধন কৰিব পাৰিম বুলি আশা কৰা হৈছে। শিক্ষা ব্যৱস্থা গতিশীল আৰু শিক্ষক দিৱসৰ প্ৰাসঙ্গিকতাও সদায় থাকিব।