দলৈতোলা সমল কেন্দ্ৰৰ এজন শিক্ষাগুৰুৰ কথাৰে

শ্ৰী কল্পনা হালৈ ব্যক্তি সমল কেন্দ্ৰ সম্বন্বয়ক, শিক্ষা খণ্ড:হাজো,সমল কেন্দ্ৰ:দলৈতোলা, কামৰূপ

মই শ্ৰী কল্পনা হালৈ ব্যক্তি সমল কেন্দ্ৰ সম্বন্বয়ক হিচাবে দায়িত্ব লোৱা ৫ মাহ চলি আছে।এই পাঁচ মাহত মোৰ সমল কেন্দ্ৰৰ অন্তৰ্গত দহ(১০)খন বিদ্যালয়ৰ প্ৰায় প্ৰতি গৰাকী শিক্ষা গুৰুৱে মোক সম্পূৰ্ণ ভাৱে সহায় সহযোগিতা আগবঢ়াই আহিছে। এই খিনিতে মই এগৰাকী শিক্ষা গুৰুৰ বিষয়ে চমুকৈ ক'ব বিচৰিছো,যি গৰাকী শিক্ষা গুৰুৱে মোৰ লগতে নিজেও তেখেতেৰ বিদ্যালয় খনৰ বাবে ১০০ শতাংশ দি নিজৰ দায়িত্ব পালন কৰি আহিছে। তেখেত হৈছে মোৰ সমল কেন্দ্ৰৰ অন্তৰ্গত শনিয়াদী কাছুমাৰা বিদ্যালয়ৰ সহ: শিক্ষয়িত্ৰী শ্ৰী যুতা মৌচুমী ৰায়চৌধুৰী বাইদেউ। তেখেত এগৰাকী শিক্ষাদান দিয়া শিক্ষা গুৰুৰ লগতে নিজৰ বিদ্যালয়ৰ ল'ৰা-ছোৱালীৰ মাতৃৰ দায়িত্বও নিষ্ঠাৰে পালন কৰি আহিছে। তেখেতে শিক্ষাৰ্থী সকলক বিদ্যালয়ত চ'ক পেঞ্চিল নাথাকিলেও নিজে ক্ৰয় কৰি পাঠদান অব্যাহত ৰাখে যাতে তেওঁলোকৰ পঢ়াত কোনো বাধা আহি নপৰে। ইয়াৰ উপৰিও সুন্দৰ আকৰ্ষণীয় কাৰ্য্য- প্ৰত্ৰ প্ৰস্তুত কৰি দিয়ে যাৰ ফলত শিক্ষাৰ্থী সকলৰ পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ি আহে। ইয়াৰ লগতে শিক্ষাৰ্থী সকলৰ শাৰীৰিক মানসিক দিশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন খেল ধেমালিৰ আয়োজন কৰে আৰু পুৰষ্কাৰ দিয়াৰ ব্যৱস্থাও কৰে। তেখেত এগৰাকী সু-গায়িকা আৰু শিক্ষাৰ্থী সকলক গান ৰ সু-প্ৰশিক্ষণ দিয়াৰ যোগেদি শিক্ষাৰ্থী সকল বহু খিনি উপকৃত হৈছে। ইয়াৰ উপৰিও তেখেতে এগৰাকী সু-লেখিকা।তেখেতৰ বিভিন্ন লেখা আমাৰ সকলোৰে জ্ঞাত ই আলোচনী 'জ্ঞানম 'ত প্ৰকাশ পাইছে, মনপৰশা সুন্দৰ কবিতা, গল্প, অণু গল্প , প্ৰবন্ধ আদি নিয়মীয়াকৈ বিভিন্ন আলোচনী ,ই -মাধ্যমতো প্ৰকাশ পাইছে।

তেখেত এগৰাকী কৰ্মদক্ষ, নিষ্ঠাবান আৰু আদৰ্শ শিক্ষা গুৰু যি গৰাকীয়েই বিভিন্ন কঠোৰ পৰিস্থিতিৰ মাজেৰে নিজৰ দায়িত্ব কৰ্তব্যসমূহ পালন কৰি আহিছে। কিয়নো তেখেতে দৈনিক প্ৰায় ২ কি'লোমিটাৰ কেঁচা পথ অতিক্ৰম কৰি বিদ্যালয়লৈ অহা যোৱা কৰে। সদৌ শেষত মই তেখেতেৰ সু-স্বাস্থ্য আৰু উজ্জ্বল ভবিষ্যত কামনা কৰিছো।