৭৫ তম স্বাধীনতা দিৱসৰ ৰেঙণি

জিলা প্ৰশাসনৰ সৌজন্যত তথা সমগ্ৰ শিক্ষা, কামৰূপৰ তত্ত্বাৱধানত পয়সত্তৰ (৭৫) তম স্বাধীনতা দিৱস উপলক্ষে উচ্চ প্ৰাথমিক অৰ্থাৎ 'ক' শাখা (ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ) আৰু মাধ্যমিক পৰ্য্যায়ৰ অৰ্থাৎ 'খ' শাখাত (নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ) ছাত্র-ছাত্রীসকলৰ মাজত এক ৰচনা প্ৰতিযোগিতা আয়োজন কৰা হৈছিল।উচ্চ প্ৰাথমিক পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতাৰ বিষয় আছিল "অসমৰ এজন স্বাধীনতা সংগ্ৰামীৰ বিষয়ে" মাধ্যমিক পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতাৰ বিষয় আছিল "স্বাধীনতা সংগ্ৰামত অসমবাসীৰ ভূমিকা"।

উক্ত প্ৰতিযোগিতা সমূহত প্ৰতিটো শাখা ('ক' আৰু 'খ') ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰতিযোগীসকলক আমিনগাঁওস্থিত ভাস্কৰ বৰ্মা ক্ষেত্ৰত পয়সত্তৰ (৭৫) তম স্বাধীনতা দিৱসত জিলা প্ৰশাসন তথা সমগ্ৰ শিক্ষা, কামৰূপৰ দ্বাৰা পুৰস্কৃত কৰা হয়। উচ্চ প্ৰাথমিক অৰ্থাৎ 'ক' শাখাত প্ৰথম স্থান দখল কৰিবলৈ সমৰ্থ হয় হাজো শিক্ষাখণ্ডৰ অন্তৰ্গত পছৰীয়া কুশল কোৱৰ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী স্মিতা কলিতাই, দ্বিতীয় স্থান দখল কৰে ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত পলাশবাৰী আৰ. বি. এম পি. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ কুলদ্বীপ কলিতাই আৰু তৃতীয় স্থান দখল কৰে ৰঙিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত তৰণী এম. ই. স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ডলিচা কলিতাই। সেইদৰে মাধ্যমিক পৰ্য্যায়ৰ অৰ্থাৎ 'খ' শাখাত প্ৰথম স্থান দখল কৰিবলৈ সমৰ্থ হয় কমলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কলাকুছি সাতগাওঁ হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ প্ৰণয় জ্যোতি দাসে, দ্বিতীয় স্থান লাভ কৰে হাজো শিক্ষাখণ্ডৰ অন্তৰ্গত ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী হিমাক্ষী পাঠকে আৰু তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী নিকিতা ভৰালীয়ে।

MargDarshan MargDarshan

আনহাতে, ইংৰাজী ১৭ আৰু ১৮ এপ্ৰিল ২০২১ ত গুৱাহাটী নেহৰু ষ্টেডিয়ামত আয়োজিত অসমভিত্তিক পইণ্ট ফাইট কিক বক্সিঙ প্ৰতিযোগিতাত ২২ কে জি আৰু ৩৭ কে জি শাখাত বাগটা বি এছ হাইস্কুলৰ ছাত্ৰী ক্ৰমে নিকিতা দাস আৰু ৰিম্পী দাসে স্বৰ্ণ পদক অৰ্জন কৰি কামৰূপ জিলালৈ সু নাম কঢ়িয়াই আনে । যোৱা বৰ্ষত সমগ্ৰ শিক্ষা, কামৰূপৰ তৰফৰ পৰা বিদ্যালয় সমূহত আয়োজিত হোৱা কণ্যা শিশুৰ আত্মৰক্ষাৰ কৌশল প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। তেওঁলোকৰ প্ৰশিক্ষক আছিল মিন্টু কলিতা। সেয়ে জিলা প্ৰশাসন আৰু সমগ্ৰ শিক্ষা, কামৰূপৰ তৰফৰ পৰা ২০২১ বৰ্ষৰ অসম ৰাজ্যিক কিক বক্সিঙ প্ৰতিযোগিতাৰ স্বৰ্ণপদক বিজয়ী নিশিতা দাস আৰু ৰিম্পী দাসলৈ সন্মান প্ৰদৰ্শন কৰা হয়, লগতে প্ৰশিক্ষক মিণ্টু কলিতাকো সম্বৰ্দ্ধনা জনোৱা হয়।

MargDarshan

ইয়াৰোপৰি, "মাৰ্গ দৰ্শন" কামৰূপ জিলাৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সকলৰ প্ৰশাসনিক তথা শৈক্ষিক ব্যবস্থাপনাৰ কৌশল তৰান্বিত কৰাৰ বাবে সমগ্ৰ শিক্ষা কামৰূপে ২০১৮ বৰ্ষৰ পৰা আৰম্ভ কৰা এক কৰ্য্যসূচী । এই কার্যসূচীৰ জৰিয়তে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সকলে তেখেত সকলৰ মণ্ডলৰ বিদ্যালয় তথা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিভাগীয় ভাবে আগবঢ়োৱা সহায় সহযোগিতাৰ উপৰিও নিজাকৈ হাতত লোৱা পদক্ষেপ সমূহ তথ্যনথিভুক্ত কৰি এক প্ৰতিবেদন যুগুতাই উলিয়ায়। এই প্ৰতিবেদন বা খতিয়ানত তেখেত সকলৰ কৰ্মৰাজি প্ৰতিফলিত হয়। যোৱা ২০২০ বৰ্ষৰ ক'ভিড কালীন পৰিস্থিতিত ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক তথা শৈক্ষিক দিশৰ অগ্ৰগতিৰ বাবে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সকলে হাতত লোৱা বিভিন্ন কাৰ্যসূচী সমূহৰ যি নথি প্ৰস্তুত কৰিছে সেয়া জিলা পৰ্য্যায়ত পৰ্যালোচনা কৰি ৭৫ তম স্বাধীনতা দিৱসত তেখেত সকলকো সন্মান জনোৱাৰ ব্যৱস্থা কৰা হয়। এই "মাৰ্গ দৰ্শন" কাৰ্যসূচীত প্ৰথম স্থান অধিকাৰ কৰে হাজো শিক্ষাখণ্ডৰ অন্তৰ্গত বংশৰ মণ্ডলৰ মণ্ডল সমল সমন্বয়ক শ্ৰী গীতাঞ্জলি দাসে, দ্বিতীয় স্থান অধিকাৰ কৰে কৰৰা শিক্ষাখণ্ডৰ অন্তৰ্গত তিতকুছি মণ্ডলৰ মণ্ডল সমল সমন্বয়ক শ্ৰী সিদ্ধাৰ্থ কুমাৰ শৰ্মাই, তৃতীয় স্থান অধিকাৰ কৰে ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বঙৰা মণ্ডলৰ মণ্ডল সমল সমন্বয়ক শ্ৰী কবিতা দাসে।

MargDarshan MargDarshan