এজন আদৰ্শ শিক্ষকৰূপে শ্ৰদ্ধাৰ লক্ষীৰাম ৰাভা

গৌৰ চন্দ্ৰ বৰ্মন মণ্ডল সমন্বয়ক, ৰাণী শিক্ষাখণ্ড
GaurChandraBarman

১৯৬১ চনৰ জানুৱাৰী মাহৰ ২৯ তাৰিখে কামৰূপ জিলাৰ ৰাণী শিক্ষাখণ্ডৰ অন্তৰ্গত আন্ধেৰী জুলি গাওঁত জন্ম গ্ৰহণ কৰিছিল এইজনা কৃতি শিক্ষাগুৰুৱে, নাম যাৰ শ্ৰী লাক্ষীৰাম ৰাভা। পিতৃ স্বৰ্গীয় হৰী শিং ৰাভা বৃত্তিত আছিল এজন শিক্ষক আৰু মাতৃ স্বৰ্গীয় প্ৰমিলা ৰাভা আছিল এগৰাকী সফল গৃহিনী।

সৰুৰে পৰা এগৰাকী মেধাৱী ছাত্ৰ ৰূপে পৰিচিত লাক্ষীৰাম ৰাভা পানিচান্দা গাওঁৰ উপৰ দানী মধ্য ইংৰাজী বিদ্যালয়ৰ সহজ-সৰল আৰু আছিল একান্ত বাধ্য ছাত্র। নিজৰ প্ৰখৰ মেধা শক্তিৰ বাবে শ্ৰেণীত সদায় প্ৰথম স্থান প্ৰাপ্তিৰে পাই আহিছিল প্ৰতিবছৰে অকাডেমিক পুৰস্কাৰ। শ্ৰদ্ধাৰ শ্ৰীযুত ধীরেন চন্দ্ৰ দাস আছিল তেখেতৰ এজন আদৰ্শ শিক্ষক, প্ৰাক্তন প্ৰধান শিক্ষক, উপৰ দানী মধ্য ইংৰাজী বিদ্যালয়। তাৰ পিছত তেখেত আজাৰা স্থিত ৰাজধৰ বৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। কিন্তু ১৯৭৯ চনৰ পৰাই অসম আন্দোলনত সক্ৰিয় ভাবে জড়িত হৈ পৰাত তেখেতৰ উচ্চ শিক্ষা অৰ্জনত যতি পৰে। কিছু পৰিমানে প্ৰস্তুতি থকা স্বত্বেও তেখেত P U ফাইনেল পৰীক্ষাত বহিব নোৱাৰিলে কাৰণ সেই বছৰ চৰকাৰে কোনো পৰীক্ষাৰ ব্যৱস্থাই কৰিব পৰা নাছিল প্ৰতিকূল ৰাজনৈতিক তথা অৰ্থসমাজিক পৰিস্থিতিৰ বাবে।

১৯৮৬ চনত অসম আন্দোলন শেষ হৈ উঠাৰ পিছতেই তেখেত বিবাহ পাশত আবধ্য হৈ পৰে শ্ৰীমতী জয়ন্তী ৰাভাৰ সৈতে। যুগ্ম জীৱনৰ ফলশ্ৰুতিত লাভ কৰিলে পুত্ৰ ৰাজকুমাৰ, বৰ্তমান এজন ব্যৱসায়ী আৰু কন্যা বনানী, বৃত্তিত শিক্ষিকা।

চাকৰিত যোগদান কৰে ১৯৯৩ চনৰ ডিচেম্বৰ মাহৰ ১ তাৰিখে ওচৰৰে ৰাঙাপাৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰূপে। দৰমহা আছিল মাত্ৰ ১১৪৫ টকা। একেখন বিদ্যালয়ৰ পৰাই তেখেত যোৱা জানুৱাৰী মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰে আৰু অৱসৰৰ সময়ত তেখেতৰ দৰমহা আছিল ৫৩,০৫৪ টকা।

LakhiramRabha

শান্ত - শিষ্ট্য এইজন মহান শিক্ষকৰ শিকন প্ৰক্ৰিয়া এক ব্যতিক্ৰমী আৰু নিজাববীয়া কৌশলেৰে সমৃদ্ধ। শিক্ষকীয়া কালৰ বিভিন্ন সময়ত পোৱা শিক্ষামূলক প্ৰশিক্ষণবোৰকই সমল হিছাপে লৈ নিজা কৌশলেৰে ছাত্র-ছাত্ৰী সকলক শিক্ষাদান কৰি বহুতো শিক্ষাৰ্থীক উপকৃত কৰিছিল। তেখেতৰ বহুতো কীৰ্ত্তি মান শিক্ষাৰ্থী পৃথিৱীৰ বহু ঠাইত জিলিকি আছে আজিৰ দিনত।

তেখেতৰ সমনীয়া বন্ধুবৰ্গৰ তালিকাত আছে বহুনাম আৰু তাৰ ভিতৰত আছে বৰ্তমানৰ সজ্জানপৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী সুভন চন্দ্ৰ বড়ো আৰু শ্ৰী অৰুণ বড়ো দেৱ, অৱসৰ প্ৰাপ্ত বেংক বিষয়া।

তেখেতক অতিকৈ প্ৰভাৱিত কৰা সাহিত্যিক গৰাকী আছে সত্যনাথ বৰাদেৱ আৰু যিখন কিতাপে তেখেতক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰিছিল সেইখন হ'ল মহাত্মা গান্ধীৰ লিখা "মোৰ সত্য অন্যেষণৰ কাহিনী"। বেছিভাগ সময় কিতাপ পঢ়ি ভাল পোৱা এইজন শিক্ষকৰ আছিল গণিতৰ প্ৰতি অগাধ ভালপোৱা । বিভিন্ন সময়ত মণ্ডল তথা খণ্ড পৰ্য্যায়ৰ প্ৰশিক্ষণৰ সময়ত প্ৰদৰ্শন কৰা গাণিতিক কলা কৌশলৰ বাবে তেখেতক ৰাণী শিক্ষা খণ্ডৰ গণিতৰ যাদুকৰ বুলিও অভিহিত কৰা হৈছে। অৱসৰ ৰ অন্তিম দিনলৈকে সন্মিলনীৰ কাম-কাজ সুচাৰুভাৱে পৰিচালিত কৰা ৰাভাদেৱ আমাৰ অতিকৈ শ্ৰদ্ধেয় আৰু বৰেণ্য ব্যক্তি।

ওচৰতে থকা ৰাণী শিক্ষাখণ্ডৰ কাৰ্য্যালয়ৰ লগতো আছিল তেখেতৰ এক নিবিড় সম্পৰ্ক। বিদ্যালয় ছুটীৰ পিছতেই প্ৰায় সদায় আহিছিল এখেত অফিচলৈ বুলি সকলোকে মাত একাষাৰ দিবলৈ। প্ৰতিজন ব্যক্তিৰ লগত এখেতৰ সম্পৰ্ক আছিল অতি আপোনমনা । কোনোদিনেই কেতিয়াও কাৰো লগত খঙ অথবা মতভেদ নথকা এইজন শিক্ষাগুৰু ৰাণী শিক্ষাখণ্ডৰ তথা সমাজখনৰ বাবে এজন সমল ব্যক্তি। অৱসৰৰ পিছত ৫ বছৰীয়া নাতি ল'ৰা শ্ৰীমান কৌস্তাৱ ৰাভাৰ লগত উমলী- যামলি সময় অতিবাহিত কৰাৰ লগতেও সমাজৰ প্ৰতি দায়বদ্ধতা ৰক্ষা কৰিবলৈ তেখেত আজি অংগীকাৰবদ্ধ । তেখেতৰ অৱসৰীয়া জীৱন সুখময় হওঁক, সদায় সুস্বাস্থ বজায় থাকক আৰু নেদেখাজনৰ ওচৰত তেখেতৰ দীৰ্ঘায়ূ তথা তেখেতৰ লগতে পৰিয়াল বৰ্গৰ সদা কুশল-মংগল কামনাৰে ।