আদৰ্শ শিক্ষক হিচাপে অৰবিন্দ চন্দ্ৰ ডেকা

জাহিদুল ৰহমান মণ্ডল কেন্দ্ৰ সমন্বয়ক , কৰৰা শিক্ষা খণ্ড ।

শিক্ষক হিচাপে অৰবিন্দ চন্দ্ৰ ডেকাৰ আছে বিৰল প্ৰতিভা । তেখেত এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল আৰু তেখেতৰ প্ৰতিভাৰে সকলোৰে মন জয় কৰিব পাৰিছে । অৰবিন্দ চন্দ্ৰ ডেকাৰ জন্ম হৈছে ১ ফেব্ৰুৱাৰী,১৯৬২ তাৰিখে কামৰূপ জিলাৰ পাতিদৰং মৌজাৰ বঙ্গালগাওঁত । তেখেতৰ পিতৃৰ নাম স্বৰ্গীয় লোহিত চন্দ্ৰ ডেকা আৰু মাতৃৰ নাম স্বৰ্গীয়া ৰাধিকা ডেকা । তেখেতে বঙ্গালগাও প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে আৰু ১৯৮০ চনত পাতিদৰং বিদ্যাপীঠ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। পুব কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে । বাল্যকালৰ পৰাই তেখেতে সংগীত, বাঁহ-বেতৰ সামগ্ৰী, পেলনীয়া বস্তুৰ পৰা সামগ্ৰী তৈয়াৰ কৰা , কলা শিক্ষা আৰু কলাজ কৰিব পাৰিছিল । সৰু কালৰ পৰা থকা এই প্ৰতিভাৰ ধাৰা অক্ষুন্ন ৰাখি বৰ্তমান ছাত্ৰ-ছাত্ৰী সকলক বিলাবলৈ সক্ষম হৈছে।

অৰবিন্দ চন্দ্ৰ ডেকাই কৰ্ম জীৱনৰ পাতনি মেলে ১৯৯৪ চনত অধ্যক্ষ হেম বৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত । এই চাকৰিটোত বিভাগীয় খেলি মেলিৰ বাবে পিছত প্ৰাথমিক বিদ্যালয়ত তেওঁক নিযুক্তি দিয়ে । তেখেতে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰাৰ লগতে সংগীত, কলা শিক্ষা, ক লাজ, পেলনীয়া সামগ্ৰীৰ বস্তু তৈয়াৰ কৰা আদি শিকোৱাত ব্যস্ত থাকে । তেখেতে কাগজৰ পুতলা, ফুল দানী, তাজমহল , শৰাই , ন ন কৌশলৰে শিকণ সামগ্ৰী তৈয়াৰ কৰা , চৰাই, জীব- জন্তু তৈয়াৰ কৰি প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে । তেখেতে বিভিন্ন বিদ্যালয়ৰ গ্ৰীষ্মকালীন শিবিৰত অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলক সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দি আহিছে। কৰৰা শিক্ষা খণ্ডৰ বিভিন্ন প্ৰশিক্ষণত তেখেতে সামগ্ৰী প্ৰস্তুত কৰা প্ৰশিক্ষণ প্ৰদান কৰিছে। অৰবিন্দ চন্দ্ৰ ডেকা চাৰ পাঠক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল সেই সূত্ৰে তেওঁ এজন সুন্দৰ পাঠক । তেখেতে নাম পৰিবেশন চাই সৰ্ব সাধৰণ লোক আপ্লুত হয় ।

অৰবিন্দ চন্দ্ৰ ডেকা ছাৰে নিজৰ ঘৰখন পৰিপাটিকৈ ৰখাই নহয় তেখেতে কাম কৰা ৪৮১ নং মহিপালকুছি প্ৰাথমিক বিদ্যালয় খনো আটক ধুনীয়া কৈ ৰাখিছে । তেখেতৰ বিদ্যালয় খনতো পেলনীয়া সামগ্ৰীৰ প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ সজাই থোৱা পৰিলক্ষিত হয় । তেখেতে শিক্ষক হিচাপেও কোনো গুণে কম নহয়। তেখেতে শ্ৰেণী কোঠাত আনন্দ দায়ক পাঠদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ প্ৰতি মনোগ্ৰাহী কৰি তুলিবলৈ ন ন কৌশল অবলম্বন কৰে । তেখেতৰ বিদ্যালয়ৰ পৰা প্ৰত্যেক বৰ্ষত এশ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি লাভ কৰি আহিছে । তেখেতে কাম কৰা ৪৮১ নং মহিপালকুছি প্ৰাথমিক বিদ্যালয়ে গুণোৎসবত A+ পাবলৈ সক্ষম হৈছে ।

অৰবিন্দ চন্দ্ৰ ডেকা ছাৰৰ মাজত থকা প্ৰতিভা সমুহৰ বাবে বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠানে সন্মান প্ৰদান কৰিছে । তেখেতক ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মহোদয়ে ২০২০ চনৰ গণতন্ত্ৰ দিবসত কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰিছে । এইজনা ব্যক্তিয়ে অহা ২৮ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে কৰ্মজীৱনৰ সামৰণি মাৰিব ।

তেখেতে প্ৰস্তুত কৰা সামগ্ৰী কিছুমানৰ ফটো সন্নিবিষ্ট কৰা হল। তেখেতে এইবোৰ বাতৰি কাকত আৰু পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত কৰিছে । শিক্ষক জনৰ যোগাযোগ নম্বৰ হল - ৮০১১১২১০১০ ।

Teacher Teacher Teacher Teacher Teacher Teacher Teacher Teacher Teacher Teacher