মোৰ আদৰ্শ শিক্ষক "মালী" দেৱ

দেৱজিৎ দাস চি আৰ, চি,চি, ৰামপুৰ ব্লক
DebajitDas

আদৰ্শ শিক্ষক / শিক্ষয়িত্ৰী বুলিলে মোৰ মানস পৰ্দাত এনে এখন ছবি মূৰ্ত্ত হৈ উঠে - যিজন ব্যক্তি পিন্ধনত মাৰ্জিত ৰুচি সম্পন্ন, বিদ্যালয় পৰিচালনাত শৃংখলাবদ্ধ, সময়ৰ ক্ষেত্ৰত সদা সচেতন, নিজৰ কৰ্মত নীয়মানুবৰ্তি, সহ-কৰ্মীৰ লগত বজ্ৰ সম ব্যক্তিত্বসম্পন্ন যদিও সূহৃদয়বান, "School to Community" আৰু "Community to School" ৰূপায়ণৰ ক্ষেত্ৰত সুপৰিকল্পিত আৰু দূৰ-দৃষ্টিসম্পন্ন কৰ্মসূচী প্ৰস্তুত আৰু ৰূপায়ন, বিদ্যালয় আৰু কাৰ্য্যালয়ৰ মাজত সু-সম্পৰ্ক ৰক্ষা কৰোঁতা - এনে এগৰাকী ব্যক্তিৰ এখন ছবি।

Award Award Award Award

বিভিন্ন প্ৰতিযোগিতাত বঁটা প্ৰাপ্ত শিক্ষাৰ্থীসকল

ওপৰত উল্লেখ কৰা এনে গুণ সম্পন্ন মোৰ নিজৰ আদৰ্শ শিক্ষকগৰাকী হ'ল - শ্ৰীযুত মন্টু কুমাৰ মালী। মালি দেৱে ১৯৮৮ চনত দক্ষিণ পান্টান জনজাতীয় এম, ই বিদ্যালয়ত যোগদানৰে শিক্ষকতা জীৱনৰ পাতনি মেলিছিল। পিছলৈ ১৯৯১ চনত দখলা মজলীয়া বিদ্যালয়লৈ বদলি হৈ আহি বৰপেটা জিলাৰ হাউলীত ১ বছৰীয়া নৰ্মাল শিক্ষক প্ৰশিক্ষণ গ্ৰহণ কৰে। পিছলৈ ২০১৫ চনত সাতপখলী মজলীয়া বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে। ১৯৮৮ চনৰ পৰা সঞ্চিত কৰি অহা বিভিন্ন অভিজ্ঞতাক মূলধন হিচাপে লৈ বিদ্যালয়খন এখন শ্ৰেষ্ঠ বিদ্যালয় হিচাপে গঢ় দিয়াত মনোনিৱেশ কৰিছিল। লগত আছিল এদল সুদক্ষ সেনানী সদৃশ তেওঁৰ সহ: শিক্ষক/ শিক্ষয়িত্ৰী।

EducationalTour

শিক্ষা মূলক ভ্ৰমণ

এই সকলো মূলধনক সাৰথি কৰি বিদ্যায়তনিক তথা সহ-বিদ্যায়তনিক দুয়োটা দিশৰ বিকাশৰ বাবে আৰু ছাত্ৰ-ছাত্ৰীৰ সমগ্রিক বিকাশৰ বাবে যৎপৰনাস্তি চেষ্টা অব্যাহত ৰাখিছিল। সমাজক জঢ়িতকৰণ কৰা, সহকৰ্মীসকলক নিয়মানুবৰ্তি কৰা, সময়ানুবৰ্তি কৰা, নিজেও প্ৰতিটো কাৰ্যসূচীত যোগদান কৰা, সকলোৰে লগত সু-সম্পৰ্ক ৰক্ষা কৰা, মধ্যাহ্ন ভোজনৰ সঠিক ৰূপায়ন, বিদ্যালয় অনুদানৰ সঠিক ব্যৱহাৰ, বিদ্যালয় পুথভঁৰাল সূপৰিকল্পিত ভাৱে সজ্জিতকৰণ ও ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ব্যৱহাৰ কৰা আদিত মনোনিৱেশ কৰিছিল। এই ক্ষেত্ৰত তেখেতৰ ব্যক্তিত্বই সহকর্মী সকলৰ পৰা যথেষ্ঠখিনি আদায় কৰিব পাৰিছিল। বিদ্যালয়ৰ সকলো তথ্য সঠিক ভাৱে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত তেখেতৰ পাৰদৰ্শিতা মানিবলগীয়া।

EnvironmentDay

বিশ্ব পৰিবেশ দিৱস উদযাপন

মালীদেৱৰ নেতৃত্বত এই সুদক্ষ সেনাণী বাহিনীয়ে কৰা কৰ্মৰ ফলশ্ৰুতিতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে সহ-বিদ্যায়তনিক ক্ষেত্ৰত বিভিন্ন পৰ্যায়ত স্বীকৃতি লভিবলৈ সমৰ্থ হৈছে। এতিয়ালৈ অনুষ্ঠিত হোৱা "গুনোৎসৱ"ৰ প্ৰথমটোত আৰু দ্বিতীয়টোত "A+"গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল।

Yoga

অতিথি যোগ প্ৰশিক্ষকৰ দ্বাৰা যোগ প্ৰশিক্ষণৰ শিবিৰ

২০২০ চনৰ জানুৱাৰী মাহত এই প্ৰশংসনীয় যাত্ৰাপথৰ সামৰণি ঘটাই নিয়মানুসৰি মালীদেৱে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও, তেখেতে আৰম্ভণি কৰা এই যাত্ৰাপথ তেখেতৰ অনুজসকলে এতিয়াও মসৃণভাৱে আগবঢ়াই নি আছে। বিদ্যালয়ৰ এই সুনাম ধ্বজা এতিয়াও সগৌৰবেৰে উৰি আছে; বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত মৃগেন্দ্ৰ কলিতাদেৱৰ নেতৃত্বত। তাতে উল্লেখনীয় ৰহণ চৰাইছে সহ: শিক্ষয়িত্ৰী জেপুলিন দাসৰ নেতৃত্বত হোৱা "Art and Craft" ৰ কৰ্মৰাজি, সহ-বিদ্যায়তনিক দিশত হোৱা কৰ্মৰাজি , যথেষ্ট সংখ্যক E-Content, পাঠ্যপুথি প্ৰস্তুত কৰা আদি কৰ্মৰ জৰিয়তে। জেপুলিন দাসৰ এই কৰ্মৰাজিয়ে সাতপাখলী মজলীয়া বিদ্যালয়ৰ শিৰ আৰু গৌৰৱান্বিত কৰিছে।

SahityaSabha

অসম সাহিত্য সভা শুৱালকুছি অধিবেশনত প্ৰদৰ্শিত বিদ্যালয়ৰ হাতে লিখা আলোচনী

এই যাত্ৰা অব্যাহত থকাৰ কামনা কৰি মোৰ আদৰ্শ শিক্ষক শ্ৰীযুত মণ্টো কুমাৰ মালীদেৱৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Library

বিদ্যালয়ৰ পুথিভঁৰালৰ পৰিচলাত প্ৰভাৱিতহৈ গুণউৎসৱৰ বহিঃ মূল্যায়কৰ দ্বাৰা বিদ্যালয়ৰ পুথিভঁৰাললৈ অনুদান

Exibition

বিদ্যালয়ত আয়োজন হোৱা শিক্ষণ-শিকন সামগ্ৰীৰ প্ৰদৰ্শনী

Projects Projects

শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত বিভিন্ন সামগ্ৰী

independenceday

স্বাধীনতা দিৱস উদযাপন