আইতাৰ চোতালত সাধু শুনাৰ মজা

ইংৰাজী ৯/৮/২০২১তাৰিখে বৈদ্যুতিন মাধ্যমৰ জৰিয়তে, কামৰূপ জিলাৰ সমগ্ৰ শিক্ষাৰ উদ্যোগত আৰু ভাৰতী ফাউণ্ডেচনৰ সহযোগত, ১২ আগষ্টত অনুষ্ঠিত হব লগা ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস ( "National library day" )ৰ লগত সংগতি ৰাখি সাপ্তাহিক পঢ়ক পঢ়ুৱাওক অনুষ্ঠান উপলক্ষে ৯/৮/২০২১ তাৰিখে এখনি সাধুকথাৰ কৰ্মশালাৰ আয়োজন কৰা হয়।

" আইতাৰ চোতালত সাধু শুনাৰ মজা " নামেৰে অনুষ্ঠিত হোৱা উক্ত কৰ্মশালা খনৰ উদ্দেশ্য বাখ্যা কৰে কামৰূপ জিলাৰ জিলা আঁচনি বিষয়া সংগীতা গোস্বামীয়ে । তেওঁ উপস্থিত থকা সকলোকে শুভকামনা জনাই আজিৰ নিৰ্দিষ্ট বিষয় সাধুক শিক্ষাৰ এটা কৌশল হিচাবে লৈ সকলো শিক্ষক আৰু অভিভাৱকক আগবাঢ়িবলৈ পৰামৰ্শ দিয়ে। আজিৰ অনুষ্ঠানত জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা মিতালি মহন্ত বাইদেউৰ উপস্থিতিয়ে সকলোকে উৎসাহিত কৰে বুলি তেখেতে উল্লেখ কৰে ।

কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই পুথিভঁৰালৰ প্ৰয়োজনীয়তা সম্পৰ্কে যথেষ্ট কথা কৈ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক নিজৰ নিজৰ বিদ্যালয়ৰ পুথিভঁৰাল চহকী কৰিবলৈ উৎসাহ যোগায়। তেওঁ কয় যে ভাষা শিকাৰ এটা মাধ্যম হব পাৰে সাধুকথা । সেয়ে শুদ্ধ উচ্চাৰণৰ সৈতে শুদ্ধ গাথঁনিৰে সাধু কবলৈ সকলোৱে শিকিব লাগিব। নিজৰ ভাষাৰ উপৰিও অইন ভাষাও শিকি বিভিন্ন কিতাপৰ সোৱাদ লৈ পঢ়াৰ এক আন্দোলন গঢ়ি তুলিব লাগিব।

ভাৰতী ফাউণ্ডেচনৰ বিষয়ববীয়া সকলে আজিৰ এই অনুষ্ঠানত ভাগ লোৱা সকলোকে ধন্যবাদ জনাই কিতাপ এবিধ চলমান যাদুঘৰ বুলি অভিহিত কৰি মোবাইলৰ কুফল সম্পৰ্কে কিছু কথা কয়। কেনেদৰে ছাত্ৰ ছাত্ৰীৰ কল্পনাশক্তি মোবাইলৰ অত্যাধিক ব্যৱহাৰে হ্ৰাস কৰি আনে আৰু কেনেকৈ একোখন ভাল কিতাপে মনবোৰ জীপাল কৰি ৰাখে।

ইয়াৰ পিছত সকলোৰে হিয়াৰ আমঠু, বলিষ্ঠ শিল্পী, হাঁহিৰ ভঁৰাল চেতনা দাসে মৰমৰ ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি এটি ধুনীয়া সাধু কথা ক'লে। চোতালত বহি আইতাৰ মুখৰ সাধু শুনা সেই অতীতক যেন আকৌ এবাৰ উজ্জীৱিত কৰি তেওঁ সকলোকে সন্মোহিত কৰি সাধু শুনাই গ'ল। তেওঁৰ সাধুয়ে ছাত্ৰ ছাত্ৰীৰ মনবোৰ কিছু সময়লৈ মুকলি কৰি ৰাখিলে। তেওঁলোকে আগলৈও এনেদৰে চেতনা আইতাকৰ মুখত সাধু শুনিবলৈ ৰৈ থাকিম বুলি আগ্ৰহেৰে ক'লে।

এই অনুষ্ঠানৰ সৌষ্ঠৱবৃদ্ধি কৰে অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়ত্ৰী অলকা গোস্বামী বাইদেৱে । তেখেতে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি এটা গানৰ মাজেৰে সাধুকথা কয়। তেখেতে কয় যে, সাধু সদাই অংগ- ভংগীৰে কব লাগে, সাধুকথা সুৰীয়া হব লাগে। শ্ৰৱণ আৰু কথনৰ দক্ষতা বৃদ্ধিৰ কাৰণে সাধু উপযুক্ত মাধ্যম বুলি কৈ তেওঁ আমেৰিকাৰ দৰে এখন উন্নত দেশত সাধুৰ প্ৰসাৰতাৰ বিষয়ে কয়।

পুতলা নাচ, মুখা আদিৰ জৰিয়তে সাধুৰ উপস্থাপন কৰা অজন্তা ডেকাই কাগজৰ পুতলাৰ জৰিয়তে কেনেকৈ মনোগ্ৰাহীকৈ সাধু শুনাব পাৰি তাৰে আলম লৈ এটি ধুনীয়া কাহিনী উপস্থাপন কৰি অনুষ্ঠানটো ৰঙীন কৰি তোলে।

ইয়াৰ পিছত কামৰূপ জিলাৰ এগৰাকী শিক্ষয়ত্ৰী মনবিনী দাসে আকৰ্ষণীয় ভাৱে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি এটা সৰু সাধুকথা শুনাই সকলোৰে মন আকৰ্ষণ কৰে।

সাধুকথাৰ কৰ্মশালা খনত অংশগ্ৰহণ কৰি নতুন নতুন কথা শিকিবলৈ সুযোগ পোৱা বাবে কেইবাগৰাকীও অভিভাৱকে উদ্যোক্তা সকলক ভূয়সী প্ৰশংসা কৰি আগন্তুক দিনত এনেধৰণৰ কৰ্মশালাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে।

সৰ্বশেষত কামৰূপ জিলাৰ জিলা আঁচনি বিষয়া চুইটি বেজবৰুৱাই উপস্থিত থকা সকলোৰে শলাগ লয়। এনে এটি অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী সমল ব্যক্তি তথা বিশিষ্ট ব্যক্তিক তেওঁ অন্তৰেৰে কৃতজ্ঞতা জ্ঞাপন কৰে। কৃতজ্ঞতা জ্ঞাপন কৰা হয় অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত অগ্ৰগণি ভূমিকা লোৱা প্ৰাঞ্জলি ভট্ট, গীতাশ্ৰী কলিতা , জেপুলিন দাস, কবিতা দাস , দীনেশ কলিতা , কমলেশ্বৰ ডেকা , সীমান্ত নাজিৰ আদি শিক্ষক শিক্ষয়িত্ৰীয়ে সকলক।লগতে তেওঁ অনুষ্ঠানতো সুন্দৰকৈ আগবঢ়াই নিয়া বাবে ৰাণী শিক্ষা খণ্ডৰ সমল ব্যক্তি জ্বলি ভট্টাচাৰ্যকো ধন্যবাদ জনায়।