চেম্পিয়ন কোন? এৰা পৰলীয়া বাটত আৰনিং কেবাং

প্ৰশান্ত শইকীয়া প্ৰবক্তা, ডায়েট কামৰূপ

Mindus

কণমানি মিছুগু!

চেম্পিয়ন কোন?—নিশ্চয়কৈ সোণোৱালী পদকত চুমা দি প'ডিয়ামৰ আটাইতকৈ ওপৰত থিয় দি থকাজন৷কিন্তু সকলোৱে সেই শীৰ্ষত উপনীত হ'ব পাৰে জানো?অনেক বাধাকো নেওচি এঘড়ী যুঁজ দিয়াজনো আমাৰ দৃষ্টিত চেম্পিয়ন৷যুঁজত নমাৰ আগেয়ে নিজৰ সৈতে যুঁজি জয়ী হোৱাজনো আমাৰ দৃষ্টিত চেম্পিয়ন৷জাপানৰ কণমানি স্কেটব'ৰ্ডাৰ অকাম'ট' মিছুগু৷এইবাৰ অলিম্পিকত শেষ পৰ্যন্ত জয়ী হওঁ হওঁ অৱস্থাত পোন্ধৰ বছৰীয়া মিছুগু বাগৰি পৰিল৷ফ্লিপ কৰিবলৈ গৈ বাগৰি পৰি প্ৰথম স্থানৰ পৰা পোনছাটেই চতুৰ্থ স্থানলৈ অৱনমিত হ'ল৷পদক হেৰুৱাই ভাগি পৰিবৰে কথা!দুখ-বেজাৰত কণমানিজনীৰ অৱস্থা নোহোৱা হ'ল৷পিছে বাকীসকলে মিছুগুক কান্ধত তোলি দাঙি ধৰিলে৷ডিঙিত সোণোৱালী পদক পিন্ধিবলৈ নাপালেও আন আন অভিজ্ঞ প্ৰতিপক্ষক প্ৰায় শেষ পৰ্যন্ত পিছত ৰাখি মিছুগু আচলতে চেম্পিয়নেই৷লগতে সমব্যথাৰে মিছুগুক ওপৰলৈ তোলি ধৰা প্ৰতিজনেই চেম্পিয়ন৷

Olympic Olympic Olympic

প্ৰতিদ্বন্দিতাত আনজনক তোলি ধৰিব পৰাজনো চেম্পিয়ন৷

স্পিড্ জিনৰ প্ৰত্যাহ্বান আৰু ছ্যু বিংছিয়ান

দ্ৰুততম ধাৱক বুলিলে ওছেইন ব'ল্টৰ বাদে আন কাৰোৰে ছবি মনলৈ নাহে!অভিলেখৰ পাছত অভিলেখ গঢ়ি হ্ৰস্ব দূৰত্বৰ স্প্ৰিণ্টৰ ট্ৰেকটো ব'ল্টে একেবাৰে ধ্বংস কৰিয়েই পেলালে!পূৰ্বৰ অথবা এতিয়াৰ কোনো ধাৱকেই ব'ল্টৰ সমান গ্লেমাৰ আৰু অতিমানৱীয় ইমেজ কাহানিও লাভ কৰা নাছিল৷আঁদ্ৰে ডি গ্ৰাছ অথবা লামণ্ট মাৰ্ছেল জেকবছ্?কোন?তেওঁলোকৰ নাম আমি মনত ৰখাৰ প্ৰয়োজন বোধ কৰা নাই?তেওঁলোক মিয়েৰ মৰ্টেলছ!—কিন্তু তেওঁলোকো চেম্পিয়ন৷ট'কিঅ' অলিম্পিকৰ এশ মিটাৰ দূৰত্বৰ দৌৰত জেকবছ্ আৰু দুশ মিটাৰ দূৰত্বৰ দৌৰত গ্ৰাছ চেম্পিয়ন৷ব'ল্টৰ কেৰিয়াৰ দ্বিতীয়াৰ্ধত গ্ৰাছ সদায়ে ব'ল্টৰ পাছত—এক ছেকেণ্ডৰ এশ ভাগৰ মাত্ৰ কেইটামান ভগ্নাংশ সময়ৰ পাছতে গ্ৰাছ!সদ্যসমাপ্ত ট'কিঅ' অলিম্পিকৰ ২০০ মিটাৰ দূৰত্বৰ বিজয়ী ধাৱক আঁদ্ৰে ডি গ্ৰাছ কোনোকালেই অসন্তুষ্ট নাছিল৷নিজৰ সীমাৱদ্ধতাক বুজি গ্ৰাছ আছিল ব'ল্টৰ অতিমানৱীয় প্ৰতিভাৰ প্ৰতি সদায়ে শ্ৰদ্ধাশীল৷কস্মিনকালেও গ্ৰাছে ব'ল্টৰ সৈতে হোৱা প্ৰতিদ্বন্দিতাক মাইকেল জনছন বনাম ড'ন'ভান বেইলীৰ দৰে কদৰ্য ৰূপ দিয়া নাছিল৷সেয়ে আজি অলিম্পিক বিজয়ত দৰ্শকে গ্ৰাছক হিয়া উজাৰি অভিনন্দন দিছে৷—দৰ্শকৰ পৰা মৰম আৰু শ্ৰদ্ধা আদায় কৰিব পৰাজনেই চেম্পিয়ন,তেওঁক আৰু বেলেগে প'ডিয়ামৰ শীৰ্ষস্থান নালাগে!

Olympic

ট্ৰেকত হাঁহিমুখে দুই প্ৰতিদ্বন্দী!

Olympic

প্ৰতিদ্বন্দীৰ প্ৰতি শ্ৰদ্ধাশীলজনেই চেম্পিয়ন!

এতিয়া আহোঁ ছ্যু বিংছিয়ানৰ প্ৰসংগলৈ৷পিছে তাৰো আগতে আৰু এটা প্ৰসংগ আলোচনা কৰি ল'ব লাগিব৷ধাৱক সকলৰ ভিতৰত আফ্ৰিকান মূলৰ ধাৱকসকলেই পৃথিৱীজুৰি কিয় দপদপাই আছে সেই বিষয়ে বিজ্ঞানসন্মত কাৰণ বিছাৰি আমেৰিকান চায়েন্স জাৰ্নেলিষ্ট জন এনটাইনে Taboo: Why Black Athletes Dominate Sports And Why We're Afraid To Talk About It শীৰ্ষক এখন কিতাপ লিখিছে৷

Olympic

কিতাপখনত তেওঁ ক'ব খোজা মূল কথখিনি হ'ল হ্ৰস্ব দূৰত্বৰ স্প্ৰিণ্টত পশ্চিম আফ্ৰিকা মূলৰ ধাৱকসকলৰ সমকক্ষ কোনো নাই৷সেইদৰে দীৰ্ঘ দূৰত্বৰ এনড্যুৰেন্স দৌৰত পূব আফ্ৰিকা মূলৰ এলিট ধাৱকসকলৰ সমকক্ষ আনসকল হৈ উঠিব পৰা নাই৷এইক্ষেত্ৰত যদি নৃগোষ্ঠীয় কাৰণ বিচাৰি বিশ্লেষণ কৰিব লগীয়া হয় আপাত-দৃষ্টিত সেয়া বৰ্ণবৈষম্যমূলক চিন্তা যেন লাগিলেও সেয়াই সত্য!বেছি দূৰলৈ যাবই নালাগে,যোৱা দুহেজাৰ চনৰ ছিডনী অলিম্পিকৰ পৰা বৰ্তমানৰ ট'কিঅ' অলিম্পিকৰ ফাইলনেল পৰ্যন্ত অন্তিম আঠজনৰ শাৰীটো চালেই তাৰ উমান পাব পাৰি৷ট্ৰেকত ধাৱমান এলিট এথলিটসকলৰ মাজত আফ্ৰিকানমূলৰ এথলিটসকল কিয় সদায়ে আগৰণুৱা?তাৰ কাৰণ বিচাৰি বিজ্ঞানে জগৰীয়া কৰিছে মানুহৰ জিনীয় সংৰচনাত থকা ACTN3 নামৰ প্ৰ'টিনবিধক৷কংকাল পেশীৰ তন্তুৰ সংৰচনাত মূখ্য ভূমিকা লোৱা এই প্ৰ'টিনবিধে তীব্ৰবেগেৰে ধাৱমান হোৱাৰ ক্ষেত্ৰত আৰু লগতে এনড্যুৰেন্সৰ ক্ষেত্ৰতো এথলিটসকলৰ প্ৰদৰ্শনত প্ৰভাৱ পেলায়৷Copenhagen Muscle Research Institute ৰ সঞ্চালক Bengt Saltin (world's premier expert in human performance and race)ৰ মতে পৰিৱেশে এথলিট এজনৰ প্ৰদৰ্শনত ২০-২৫ শতাংশতকৈ অধিক অৰিহণা নোযোগায়৷বাকীখিনি নিৰ্ভৰ কৰে জিনীয় সংৰচনাৰ ওপৰত৷একাৰ্থত ধাৱকৰ সফলতাৰ বীজ লুকাই থাকে "in the genes"৷ 'Speed Gene' বুলি অভিহিত হোৱা ACTN3 আফ্ৰিকান মূলৰ ক্ষেত্ৰত অতি কমকৈ উৎপৰিৱৰ্তন হোৱা বাবে এই এথলীটসকলৰ বাবে সেয়া 'এডেড এডভাণ্টেজ'!স্পিড্ জিন নাথাকিলে কোনোকালে 'এলিট্ এথলিট' হ'ব নোৱাৰি বুলি বিজ্ঞানীসকল ঐকমত্যত উপনীত হৈছে৷লেখক এনটাইনে একপ্ৰকাৰৰ ঘোষণাই কৰিছে—"... if you are an Asian or white runner? Forgetaboutit."!কিন্তু এথলিটসকলৰ বাবে জিনীয় সংৰচনাই সকলো নেকি?ইয়াক জানো প্ৰত্যাহ্বান জনাব নোৱাৰি?'Nature vs Nurture' বিতৰ্কৰ কি হ'ব?এথলীট এজনক পৰিৱেশ আৰু সা-সুবিধায়ো জানো গঢ়ি নোতোলে?—এইবোৰ ইছ্যু পুনৰবাৰ সজীৱ কৰি তোলিছে ট'কিঅ' অলিম্পিকত চৈনিক ছ্যু বিংছিয়ানে৷অলিম্পিকৰ এশ মিটাৰ দূৰত্বৰ দৌৰত ছ্যু চেম্পিয়ন নহয় অথবা প্ৰথম তিনিজনৰ এজনো নহয় বৰং ফাইনেলত ছয় নং স্থানত অন্তিমজন ধাৱক৷(ফাইনেলৰ আঠজনৰ মাজৰে গ্ৰেট বৃটেইনৰ ঝাৰ্ণেল হিউজ ফলছ্ ষ্টাৰ্টৰ বাবে ডিছকুৱালিফাই হৈছিল আৰু নাইজেৰিয়াৰ এনক্ এডিগ'কেই হেমষ্ট্ৰিং ইনজুৰিৰ বাবে দৌৰ সমাপ্ত কৰিব পৰা নাছিল৷)কিন্তু ছ্যু চৰ্চালৈ আহিল কিয়?অলিম্পিকৰ এশ মিটাৰ দৌৰত চীনৰ দৌৰবিদজনৰ সফলতাৰ উমান পাবলৈ কেইটামান তথ্য জানি ল'ব লাগিব৷ প'ডিয়ামত স্থান নাপালেও ফাইনেলৰ আঠজনৰ মাজৰে এজন হিচাপে ছ্যুৱে সেইদিনা অভিলেখ ৰচনা কৰিছিল৷ইয়াৰ পূৰ্বে মাত্ৰ এজন এছীয় দৌৰবিদেহে এশ মিটাৰ দৌৰৰ গ্লেমাৰাছ প্ৰতিদ্বন্দিতাৰ ফাইনেল পৰ্যন্ত আগুৱাই যাবলৈ সক্ষম হৈছিল৷সেয়া এটা যুগ পূৰ্বে ১৯৩২-ৰ লছ এঞ্জেলছ অলিম্পিকৰ কথা৷সৌ সিদিনালৈকে অলিম্পিক ফাইনেলত দৌৰা এছিয়াৰ একমাত্ৰ ধাৱক হিচাপে জাপানী স্প্ৰিণ্টাৰ টাকায়'ছি য়ছিঅ'কা এক বিৰল কৃতিত্বৰ অধিকাৰী হৈ আছিল৷তাৰ পাছতে যোৱা টকিঅ' অলিম্পিকৰ ফাইনেলত ছ্যু বিংছিয়ানে ৯.৮৩ ছেকেণ্ড সময়েৰে দৌৰি এছিয়াৰ দ্ৰুততম ধাৱক হিচাপে অভিলেখ গঢ়িলে৷পদক নাপালেও জিনীয় সীমাৱদ্ধতাক প্ৰত্যাহ্বান জনোৱা ছ্যু বিংছিয়ান আমাৰ বাবে চেম্পিয়ন৷

Olympic

দৌৰৰ ট্ৰেকত ছ্যু বিংছিয়ানৰ নৃগোষ্ঠীয় প্ৰত্যাহ্বান!

Olympic

প'ডিয়ামত স্থান নাপালেও ছ্যু বিংছিয়ানে নিজৰ দেশৰ পতাকা লৈ দৰ্শকক অভিবাদন জনোৱা মুহূৰ্তত,এশ মিটাৰ ফাইনেল,টকিঅ' অলিম্পিকত৷

বেছিকৈ ওপৰলৈ উঠাই দিয়া চেম্পিয়ন হিমা দাস!

ছ্যু বিংছিয়ানৰ সন্দৰ্ভত কোৱা কথাখিনিৰ প্ৰেক্ষাপটতে বিচাৰ কৰি চালে ফিনলেণ্ডৰ টাম্পেৰে চহৰত IAAF World U20 Championship-ৰ চাৰিশ মিটাৰ দৌৰত হিমা দাসে সোণৰ পদক লাভ কৰা কথাটো এক চাঞ্চল্যকৰ আৰু অভাৱনীয় খবৰ৷হিমা দাসৰ আছিল অনেক বাধা-বিঘিনি৷আন আন বিশ্বমানৰ এলিট্ এথলিটসকলৰ দৰে সৰুৰে পৰা দৌৰৰ প্ৰশিক্ষণ পোৱা নাছিল৷এলিট্ এথলিটসকলৰ বাবে প্ৰয়োজনীয় স্তৰৰ পুষ্টিৰো সৰুৰে পৰা যোগান ধৰা হোৱা নাছিল৷আমাৰ দেশত সাধাৰণতে যি হয় সেয়াই হিমা দাসৰ ক্ষেত্ৰতো হৈছিল৷আন আন এথলিটসকলৰ দৰে প্ৰতিভাৰ চমকণি দেখি এটা বয়সত দৌৰৰ ট্ৰেকলৈ লৈ অনা হৈছিল৷এই সকলো প্ৰেক্ষাপট বিচাৰ কৰিলে নাইজেৰিয়া মূলৰ বাহৰেইনৰ প্ৰতিদ্বন্দী ছালৱা নাছেৰৰ সমানে সমানে দৌৰি জাকাৰ্টা এছিয়াডত পোৱা ৰূপৰ পদকটো আমাৰ বাবে সোণৰ পদকতকৈ কোনোগুণে কম নহয়৷আন এক দৃষ্টিকোণেৰে ২০১৮ চনত সেইবাৰ হিমা দাস চাৰিশ মিটাৰ দৌৰত এছিয়ান চেম্পিয়নেই;—ছালৱা নাছেৰ জন্মসূত্ৰে নাইজেৰিয়াৰ৷এথলিটসকলৰ বাবে আঘাটপ্ৰাপ্তি সাধাৰণতে হৈ থকা দূৰ্ভাগ্যজনক ঘটনা৷এটা বয়সৰ পাছত ট্ৰেকত দৌৰিবলৈ আৰম্ভ কৰা হিমা দাসৰ ইনজুৰি আমাৰ বাৰে আচৰিত হ'বলগীয়া কথা নহয়৷আগলৈ অলিম্পিকৰ বাবে যোগ্যতা আহৰণ কৰক বা নকৰক, ৱৰ্ল্ড চেম্পিয়নশ্বিপ বা ডাইমণ্ড লীগত পদক পাওক বা নাপাওক ইতিমধ্যেই সকলো বাধা নেওচি হিমা দাসে যিখিনি আহৰণ কৰিলে তাৰ বাবে তেঁৱো আমাৰ চেম্পিয়ন৷এথলীট সকলৰ কেৰিয়াৰ তেনেই চুটি!এটা মেজৰ ইনজুৰিয়ে নিমিষতে শেষ কৰিব পাৰে এটা সম্ভাৱনাময় কেৰিয়াৰ৷বিজ্ঞাপন,স্প'নছৰশ্বিপ,পাব্লিক ইভেণ্টবোৰত এপিয়েৰেন্স আদিৰে তেওঁলোকে আৰ্থিক দিশটো টনকিয়াল কৰাৰ সম্পূৰ্ণ ব্যক্তিগত অধিকাৰ তেওঁলোকৰ আছে ৷ৰাইজে কিদৰে মৰম দিব বা নিদিব সেয়া ৰাইজৰ নিজা দৃষ্টিভংগীগত বিচাৰ৷ইয়াত ওপৰলৈ উঠাই দিয়া বা নমাই দিয়াৰ দৰে অপ্ৰাসংগিক কথাবোৰ বিচাৰলৈ নাহে৷

Hima Das

বিশ্ববাসীক বিস্ময়াভিভূত কৰি টাম্পেৰেত চেম্পিয়ন হিমা দাস৷

আহা ভগাই লওঁ অলিম্পিক স্বৰ্ণ পদক!

হাজাৰ-বিজাৰ এথলীট আহে অলিম্পিক সপোন পূৰ কৰিবলৈ৷অনেক চেম্পিয়ন হয়, অনেকৰে সপোন পূৰণ হয়৷কিন্তু দৰ্শকৰ মনত ৰৈ যায় তাৰে কেইজনমান চেম্পিয়ন,চিৰকাললৈ৷অলিম্পিকৰ ইতিহাসত সৰ্বকালৰ বাবে খোদিত হৈ ৰ'ব কাটাৰৰ মুটাজ বাৰ্ছিম আৰু ইটালীৰ জিয়ানমাৰ্ক' টাম্বেৰী৷এক ঐতিহাসিক ক্ষণত টকিঅ' অলিম্পিকৰ হাই জাম্পত দুয়োজনে সন্মত হৈছিল স্বৰ্ণপদক ভগাই ল'বলৈ৷২.৩৭ মিটাৰ উচ্চতাৰ জাম্প মৰা দুয়োজনৰে সমুখত অলিম্পিক চেম্পিয়ন হ'বলৈ এটাই পথ আছিল শেষ বাৰৰ বাবে একোটাকৈ জাম্প৷কাটাৰৰ এথলিট বাৰ্চিমে বিষয়ববীয়াজনক সোধিলে দুয়োজনে স্বৰ্ণপদক ভগাই ল'ব পাৰিনে৷"ইট ইজ পছিবল!" বুিল বিষয়ববীয়াজনে ক'বলৈকে পালে কি নাপালে পলকতে ইটালীৰ টাম্বেৰীয়ে মূৰ দুপিয়াই সন্মতি জনাই আবেগত বাৰ্ছিমক সাৱটি ধৰিলে৷দৰ্শক এক মুহূৰ্তৰ বাবে স্তব্ধ হৈ উল্লাসত ফাটি পৰিল৷ এই ঘটনাটো সদ্যহতে সকলোৰে মুখে মুখে৷দুয়োজন এথলিটে এবাৰ সোঁৱৰাই দিলে প্ৰতিযোগিতা সদায়ে শীৰ্ষস্থান প্ৰাপ্তিৰ বাবেই নহয়৷সময়ত সমানে ভগাই ল'ব পৰাজনো আচল চেম্পিয়ন৷এই দুয়োজন চেম্পিয়নৰে কেৰিয়াৰ আঘাটে জুৰুলা কৰা৷সম্ভৱতঃ টকিঅ'ই আছিল দুয়োৰে বাবে অলিম্পিক চেম্পিয়ন হোৱাৰ শেষ সুযোগ৷দুয়োজনে স্বৰ্ণপদক ভগাই লৈ সেইদিনা আচলতে ক্ৰীড়াসুলভ মানসিকতাক পুনৰবাৰ চেম্পিয়ন ৰূপে প্ৰতিষ্ঠা কৰিলে৷টাম্বেৰীৰ প্ৰসংগত আৰু এটা কথা উল্লেখ কৰিব লাগিব৷হাই জাম্পৰ এই ঐতিহাসিক ক্ষণৰ প্ৰায় পোন্ধৰ মিনিটমানৰ পাছতে ইটালিৰে লামণ্ট মাৰ্ছেল জেকবছ্ এশ মিটাৰ দৌৰৰ চেম্পিয়ন হ'ল৷সুখে নধৰা হিয়াৰে টাম্বেৰীয়ে তেওঁকো সাৱটি অভিবাদন জনালে৷—সেইদিনা অলিম্পিক ট্ৰেক এণ্ড ফিল্ডৰ ষ্টেডিয়ামত দৰ্শকে ছ্যু বিংছিয়ান,আঁদ্ৰে ডি গ্ৰাছ,জেকবছ্,টাম্বেৰী,বাৰ্ছিমহঁতৰ সুখত সুখী হৈ এবুকু সন্তুষ্টিৰে ঘৰমুৱা হ'ল৷সেইদিনা প্ৰকৃতেত চেম্পিয়ন হ'ল—স্প'ৰ্টছ আৰু স্প'ৰ্টছমেন স্পিৰিট৷

Olympic Olympic Olympic Olympic

ইতিহাস ৰচনা কৰি দুই এথলিট৷

পদকৰ ৰঙে নিৰ্ধাৰণ কৰে জানো চেম্পিয়ন কোন?

ৱৰ্ল্ড চেম্পিয়নশ্বিপত মেৰী কম ছবাৰকৈ চেম্পিয়ন৷লণ্ডন অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ গৰাকী সমগ্ৰ বিশ্ববাসীৰ বাবে লিভিং লিজেণ্ড৷তেওঁৰ অলিম্পিক স্বৰ্ণজয়ৰ সপোন পিছে সপোন হৈয়ে ৰৈ গ'ল৷ৰিঅ' অলিম্পিকৰ বাবে কুৱালিফাই কৰাত ব্যৰ্থ হোৱাৰে পৰা টকিঅ' অলিম্পিকত পৰাজয়ে সেই সপোন ইমানতে ইতি পেলালে৷৩৮ বৰ্ষীয় মেৰী কমক International Boxing Association চমুকৈ AIBAৰ নিয়ম মতে চল্লিছৰ পাছত বক্সিং ৰিঙত নামিবলৈ দিয়া নহ'ব৷পেৰিছ অলিম্পিকলৈকে মেৰী কমে সেই বয়সসীমা অতিক্ৰম কৰিব৷পিছে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম নহ'ল বুলিয়েই মেৰী কমৰ লিজেণ্ডেৰী ষ্টেটাছ বা চেম্পিয়ন ষ্টেটাছত দাগ লাগিবনে? প্ৰথনতে মেৰী কমৰ অলিম্পিক যাত্ৰাৰ প্ৰেক্ষাপটতো জানি লওঁ আহক৷২০১২ চনৰ লণ্ডন অলিম্পিকত পোনপ্ৰথম বাৰৰ বাবে মহিলা বক্সিং অন্তৰ্ভুক্ত কৰা হয়৷তাকো তিনিটা ৱেইট কেটেগ'ৰিৰ বাবে য'ত কম ৱেইট কেটেগ'ৰিসমূহ অন্তৰ্ভুক্ত কৰা হোৱা নাই৷সেই বাবে মেৰী কমে পূৰ্বৰ ৪৬কেজি আৰু ৪৮ কেজি ৱেইট কেটেগ'ৰিৰ পৰা ৫১ কেজিৰ ফ্লাইৱেইট কেটেগ'ৰিলৈ নিজকে উন্নীত কৰিবলগীয়া হয়৷এই সালসলনিয়ে বক্সাৰৰ কেৰিয়াৰত সাংঘাটিক প্ৰভাৱ পেলায়৷অপ্ৰতিৰোধ্য মেৰী কমেও অলিম্পিক স্বৰ্ণপদক স্বপ্নৰ সন্ধানত এই কম্প্ৰ'মাইজ কৰিবলগীয়া হয়৷ তিনটাকৈ সন্তানৰ মাতৃ মেৰী কমৰ সংগ্ৰামময় জীৱনটোৰ কথাও সকোলোৰে জ্ঞাত৷টকিঅ' অলিম্পিকৰ পৰাজয়ৰ পাছত মেৰী কমে দৃঢ়াতৰে কৈ উঠিছিল তেওঁ এতিয়াই অৱসৰ নলয়৷অলিম্পিক পদকৰ ৰংটো যিয়েই নহওঁক বা মেৰী কমৰ অলিম্পিক স্বৰ্ণজয়ৰ অপূৰ্ণ সপোনটোৰ যিয়েই নহওঁক আমাৰ দেশৰ শ্ৰেষ্ঠতম চেম্পিয়নসকলৰ মাজতে বক্সিং জগতৰ লিভিং লিজেণ্ড মেৰী কমৰ স্থান৷প্ৰতিপক্ষৰো শ্ৰদ্ধা আদায় কৰিবলৈ সক্ষম হোৱা মেৰী কম কেতিয়াও হাৰ মানিব নোখোজা মানুহৰ ছবিৰে আমাৰ চেম্পিয়ন৷

Olympic

টকিঅ'ত পৰাজয়ৰ পাছত প্ৰতিপক্ষ ইংগ্ৰিট্ ভেলেন্সিয়াই ওপৰলৈ তোলি ধৰিলে মেৰী কমৰ হাত৷

Olympic

বিজয়ী প্ৰতিপক্ষৰ প্ৰতি বিজিতজনৰ হাঁহিমুখে অভিনন্দন৷

Olympic

ডাউন বাট নট আউট!—পুনৰ বক্সিং ৰিঙত নমাৰ প্ৰতিশ্ৰুতিৰে মেৰী কম৷

এইবাৰ অলিম্পিকত জিমনাষ্ট্ ছিম'ন বাইলছৰ 'নাম প্ৰত্যাহাৰ বিতৰ্ক'ই তোলপাৰ লগালে৷'সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ' বা Greatest of All Time(G.O.A.T) অভিধাটো আমাৰ বাবে গ্ৰহণযোগ্য হ'ব নোৱাৰে৷এটা সময়ৰ সৈতে আন এক সময় আৰু পৰিৱেশ-পৰিস্থিতি-প্ৰতিদ্বন্দিতাৰ তুলনা অনৰ্থক সময় অপব্যয়৷নিজা নিজা সময়ত খেলুৱৈ সকলৰ পৰিৱেশ-পৰিস্থিতি-প্ৰতিদ্বন্দিতা,প্ৰযুক্তি আৰু ইছ্যুবোৰো বেলেগ বেলেগ৷আজি যি আছে সেয়া কাইলৈ নতুনে পৰিৱৰ্তন আনিব—সেইটোৱেই নিয়ম৷নতুনক পুৰণিৰ সৈতে বা পুৰণিক নতুনৰ সৈতে তুলনা কৰা নাযায়৷কিন্তু ছিম'ন বাইলছৰ ক্ষেত্ৰত সকলোৱে কৈ উঠিল—এয়াই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জিমনাষ্ট!বিশেষকৈ মেডিয়াত তাৰ ঢৌ বৰকৈ বিয়পি পৰিল—টকিঅ' অলিম্পিক ছিম'নৰ বাবে লিটমাছ টেষ্ট!উনৈশটা ৱ'ৰ্ল্ড চেম্পিয়নশ্বিপ গ'ল্ড মেডেল আৰু চাৰিটাকৈ ৰিঅ' অলিম্পিকৰ গ'ল্ড মেডেল বিজয়ী 'ম'ষ্ট ডেকে'ৰেটেড্' চেম্পিয়ন জিমনাষ্ট্ ছিম'ন বাইলছে জিমনাষ্ট্ পৃথিৱীখনত নতুনকৈ প্ৰমাণ কৰিবলৈ একোকে নাছিল৷কিন্তু সকলোৱে কৈ উঠিল ট'কিঅ' অলিম্পিকত যদি ৰিঅ'ৰ পুনৰাবৃত্তি ঘটাব পাৰে কোনোকালে ভংগ নোহোৱা অভিলেখ ৰচনা কৰি ছিম'ন বাইলছ হৈ পৰিব গজ্গজীয়া 'সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ'!ৰিঅ' অলিম্পিকৰ পাছতে ছিম'ন বাইলছ জিমনাষ্টিকৰ পৃথিৱীৰ পৰা কিছুদিন স্বনিৰ্বাসনত আছিল!মন আৰু শৰীৰৰ ঐকিক প্ৰচেষ্টাৰে জিমনাষ্টিক এক অপূৰ্ব পৰিৱেশ্য কলা য'ত সামন্যতম অমোনোযোগিতাই ঘটাব পাৰে সাংঘাটিক অঘটন৷ৰিঅ' অলিম্পিকত ফৰাছী জিমনাষ্ট্ ছমিৰ আইটৰ মাজতে দুডোখৰ হোৱা ভৰিৰে ভয়াবহ দৃশ্যটো মনত আছেনে?অপৰাজেয় উদ্যমেৰে তেতিয়াই ছমিৰ আইটে কৈছিল টকিঅ' অলিম্পিকত তেওঁ পুনৰ অংশগ্ৰহণ কৰিব৷অদম্য মানৱীয় উদ্যমৰ প্ৰভিভূ হিচাপে টকিঅ' অলিম্পিকত দেখা গ'ল ছমিৰ আইটক৷পদক জয় কৰিব নোৱাৰিলেও সীমাহীন উদ্যম আৰু সাহসৰ চিনাকিৰে তেঁৱো এজন চেম্পিয়ন৷

Olympic

ৰিঅ' অলিম্পিকৰ ভয়াবহ ছবিৰে ছমিৰ আইট!

Olympic

টকিঅ' অলিম্পিকত অদম্য ছমিৰ আইট৷

পুনৰ ছিম'ন বাইলছৰ প্ৰসংগলৈ উভতি যাওঁ৷এসময়ত আমেৰিকান জিমনাষ্টিকৰ টীম ডাক্টৰ লেৰী নাছেৰৰদ্বাৰা যৌন নিৰ্যাতনৰ বলি হোৱা ছিম'ন বাইলছ পুনৰ ২০১৮ চনত জিমনাষ্টিকৰ প্ৰতিদ্বন্দিতাৰ জগতখনলৈ ঘূৰি আহিল৷টকিঅ' অলিম্পিকৰ দলীয় প্ৰতিযোগিতাৰ ফাইনেলৰ ভ'ল্টত 'twisties' অনুভৱ হোৱা বাবে প্ৰতিযোগিতা আধাতে এৰি দলৰ আন সদস্যসকলক প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ দিয়ে ছিম'ন বাইলছে৷কি এই 'টুইষ্টিজ্'? জিমনাষ্টিকছৰ পৰিভাষাত যেতিয়া জিমনাষ্ট সকলে মেণ্টেল ব্লক্ অনুভৱ কৰে সেয়াই টুইষ্টিজ্—য'ত শৰীৰ আৰু মন এক হৈ প্ৰদৰ্শন কৰাত অসুবিধা হয়৷৷শূণ্যত জপিয়াই কাৰচাজি প্ৰদৰ্শন কৰি থকা অৱস্থাত মেণ্টেল ব্লকে স্পেচ আৰু ডাইমেনশ্যনৰ ধাৰণাশূণ্য কৰি শৰীৰৰ নিয়ন্ত্ৰণ নোহোৱা কৰিব পাৰে৷এনে সময়ত জিমনাষ্ট এজন পাৰ্ফৰমেন্সৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ এক সাংঘাটিক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে৷ছিম'ন বাইলছৰ প্ৰসংগত এই কাৰণতে উদাহৰণ হিচাপে ছমিৰ আইটৰ প্ৰসংগ টানি অনা হৈছিল৷শ্ৰেষ্ঠ জিমনাষ্ট হিচাপে ছিম'নাই প্ৰতিদ্বন্দিতাৰ পৰা নিজকে আঁতৰাই ৰাখি আন দলীয় সদস্যসকলৰ পাৰ্ফৰমেন্সৰ বাবে আগবঢ়াই দি দৃঢ়তাৰে কয় যে এনে পৰিস্থিতিত তেওঁ দলক বিপদত পেলাই পদকৰ পৰা বঞ্চিত কৰিব নোৱাৰে আৰু দলৰ সতীৰ্থসকলে তেওঁতকৈ ভাল প্ৰদৰ্শন আগবঢ়াব বুলি তেওঁৰ সম্পূৰ্ণ আস্থা আছে৷সেই ফাইনেলত আমেৰিকা চিৰন্তন প্ৰতিদ্বন্দী ৰাছিয়ান জিমনাষ্টসকলৰ সৈতে প্ৰতিদ্বন্দিতাত হাৰিল৷মানসিক কাৰণত ফাইনেলত নাম প্ৰত্যাহাৰ কৰা বাবে ছিম'ন বাইলছক নানান অপমানজন বিশেষণেৰে আখ্যা দিয়া হ'ল—দলৰ প্ৰয়োজনৰ সময়ত পলাই দিয়া পলৰীয়া,দুৰ্বল,স্বাৰ্থপৰ,আৰু ক'ত কি!অৱশ্যে এটা অংশই ছিম'ন বাইলছৰ সাহসী সিদ্ধান্তক আদৰণি জনালে৷অলিম্পিকৰ দৰে মজিয়াত 'মেণ্টেল হেল্থ'ৰ প্ৰসংগটো উত্থাপন কৰি বিষয়টোৰ গুৰুত্ব সকলোকে অনুধাৱন কৰিবলৈ দিয়া বুলিও বহুতেই সমৰ্থন আগবঢ়ালে৷ছিম'ন বাইলছৰ নিজৰ ভাষাতে—"I say put mental health first. Because if you don't, then you're not going to enjoy your sport and you're not going to succeed as much as you want to. So it's OK sometimes to even sit out the big competitions to focus on yourself, because it shows how strong of a competitor and person that you really are — rather than just battle through it." আচলতে জিমনাষ্টিকছৰ জীৱনটোত ছিম'ন বাইলছে যিমানবোৰ চমৎকাৰ ক্ৰীড়া নৈপুন্য প্ৰদৰ্শন কৰিলে তাৰ ভিতৰত অলিম্পিকত নাম প্ৰত্যাহাৰ কৰাটোৱেই আছিল আটাইতকৈ নিপুনতম চমৎকাৰ ক্ৰীড়া প্ৰদৰ্শন!মানসিক স্বাস্থ্যৰ ইছ্যুটো ৰাজহুৱাকৈ সাহসিকতাৰে উত্থাপন কৰি বাইলেছে সকলোৰে বাবে যি বাৰ্তা প্ৰেৰণ কৰিলে তাৰ বাবে তেওঁ আমাৰ আদৰ্শ চেম্পিয়ন৷কিছুদিনৰ পাছত পুনৰ টকিঅ' অলিম্পিকত ইনডিভিজুৱেল বেলেন্স বীম শাখাত ছিম'ন বাইলছ প্ৰতিদ্বন্দিতাত নামে আৰু ব্ৰঞ্জৰ পদক লাভ কৰে৷জীৱনৰ ২৫ টাকৈ মেজৰ স্বৰ্ণ পদক এফালে আৰু এই ব্ৰঞ্জৰ পদকটো আনফালে—ছিম'ন বাইলছে নিশ্চয়কৈ এই পদকটোকে বেছি মৰমেৰে সাৱটি ৰাখিব৷এই পদকটোৱে সকলোকে সোঁৱৰাই ৰাখিব প্ৰতিকুল পৰিস্থিতিত কিদৰে চেম্পিয়ন খেলুৱৈ এজনে অতি কষ্টৰে ব্ৰঞ্জৰ পদক এটা আৰ্জিবলগীয়া হৈছিল৷—এই পদকটো নোপোৱা হ'লেও ছিম'ন বাইলছ আমাৰ মাজত সদায়ে চেম্পিয়ন হিচাপেই পৰিগণিত হৈ ৰ'লহেঁতেন৷

Olympic

ক্ৰীড়া বিশ্বত অসূৰ্যস্পশ্যা বিষয় 'মানসিক স্বাস্থ্য'ক আগ্ৰাধিকাৰ ছিম'ন বাইলছৰ৷

Olympic

ছিম'ন বাইলছৰ প্ৰতি দলীয় সতীৰ্থৰ সমমৰ্মিতা৷

এৰা-পৰলীয়া আলিবাটত আৰনিং কেবাং

আমাৰ অসমীয়াত এষাৰ কথা আছে—পকা আমৰ বেলিকা কুঁজা মহা ওলাল!অৰ্থাৎ সফলতাৰ অনেক পিতৃ, বিফলতা নিথৰুৱা অনাথ হেন!ফোন কল,ভিডিঅ' কল,টেক্সট্ মেছেজ, সম্বৰ্দ্ধনা জনাই সফলতাৰ কৃতিত্বত সকলোৱে অংশ হ'ব খোজে৷কিন্তু যাত্ৰাপথৰ সময়চোৱাত আমি চেম্পিয়নসকলক চিনিব পাৰোঁনে?নে অলিম্পিকৰ দৰে ক্ৰীড়া সমাৰোহ আহিলে আমাৰ দেশত ক্ৰীড়াক লৈ ঘূঘুয়া জ্বৰ উঠে,পাছত সকলো নিৰুত্তাপ-নিৰুদ্বেগ হৈ পৰে৷মৰিগাঁৱৰ চাৰণ বিলত কেনয়িং-কায়াকিং কৰিবলৈ ল'ৰাহঁতে উন্নতমানৰ ইকুইপমেণ্ট্ বিচাৰি আশা পালি ৰৈ আছে৷আমি কি দিব পাৰিছো?—এনে পৰিস্থিতিত তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আঞ্চলিক পৰ্যায়ত যি অলপ-অচৰপ সফলতা লাভ কৰি ( বা নকৰিলেও) অদম্য উৎসাহেৰে বুকুত সপোন এটা বান্ধি লৈ কেনয়িং-কায়াকিঙৰ দৰে স্পৰ্টছ এটা ভাল পাই পেলাইছে তেওঁলোকো আমাৰ বাবে চেম্পিয়ন৷যদি কোনোবাই ভাবিছে যে আন্তঃগাঁথনি অবিহনেও ক্ৰীড়া সংস্কৃতি এটা গঢ় দিব পাৰি সেয়া মিছা৷সাধাৰণতে আঘাটপ্ৰাপ্তিৰ উচ্চ সম্ভাৱনা থকা খেলবোৰৰ বাবে সুৰক্ষামূলক ব্যৱস্থাপনাৰ লগতে ওচৰতে উন্নততৰ চিকিৎসা ব্যৱস্থা থাকিব লাগিব৷প্ৰশিক্ষক লাগিব,প্ৰশিক্ষণ কেন্দ্ৰ লাগিব৷তথ্যবোৰ আদান-প্ৰদান হ'ব লাগিব৷স্প'নছৰ লাগিব৷চেম্পিয়ন গঢ়িবলৈকে দেশে দেশে চেন্টাৰ অভ্ এক্সছেলেন্স ফৰ স্পৰ্টছ গঢ় লৈ উঠিছে৷সেইবোৰ আধুনিকতম প্ৰযুক্তিৰে ষ্টেট্ অভ্ আৰ্ট৷এনে পৰিপ্ৰেক্ষাত প্ৰতিটো খেলৰ প্ৰতিদ্বন্দিতাই হৈ পৰিছে বিজ্ঞান আৰু প্ৰযুক্তিগতভাৱে তথ্যপুষ্ট —প্ৰতিদ্বন্দিতাত কোনে কেনেকৈ এখোজ আগুৱাই থাকিব পাৰে তাৰে প্ৰতিযোগিতাত গৱেষণা,চিন্তা-চৰ্চাৰ ওৰ নাই৷কিন্তু আমাৰ দৰে পৰিৱেশত খেলুৱৈসকলৰ ভাত-কাপোৰৰ সমস্যাৰে জোৰা নমৰে!—এনে ক্ষেত্ৰত আন প্ৰতিদ্বন্দিৰ সৈতে হোৱা প্ৰতিদ্বন্দিতা 'ফেয়াৰ প্লে' বুলি ক'ব পাৰিনে?ক্ৰীড়া জগতত সকলোৱে সমানে প্ৰতিযোগিতাৰ বাবে পূৰ্বপ্ৰস্তুতিৰ সময়ত সমমানৰ সুযোগ পাইনে?লৰ ধৰিবলৈ আৰম্ভনিৰ আঁচডাল সকলোৰে বাবে একেইনে?কোনে জানে কোনজন খেলুৱৈয়ে কি ধৰণৰ প্ৰতিকুল পৰিস্থিতিক প্ৰতিহত কৰি আজি আমি দেখা পৰ্যায়ত উপনীত হৈছে?প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই খেলুৱৈ এজনে যেতিয়া নিজকে জয় কৰি আহে তেনে প্ৰতিজন খেলুৱৈ আমাৰ বাবে চেম্পিয়ন৷

অলিম্পিকৰ ফিল্ডত মহিলাৰ ডিছকাছ থ্ৰ'ৰ ফাইনেল চলি আছে৷ভাৰতীয় এথলিট কমলপ্ৰীত কৌৰ টিভিৰ পৰ্দাত ভাহি উঠিল৷কোনেও গম ধৰিব নোৱাৰাকৈ হঠাতে ইংৰাজীত ধাৰাভাষ্যকাৰজনে কৈ উঠিল—ভাৰতত ছোৱালীবোৰৰ বিয়াই 'টপ প্ৰায়'ৰিটি'!তেনে পৰিস্থিতিত ট্ৰেক্ এণ্ড ফিল্ডৰ ফাইনেল এটিত ভাৰতীয় এগৰাকী মহিলাই প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো এটা ডাঙৰ কথা,কমলপ্ৰীতৰ প্ৰথম পচন্দ ক্ৰিকেট আছিল ইত্যাদি৷এনে এটি অতি সাধাৰণীকৃত ভাষ্যৰে ধাৰাভাষ্যকাৰজনে কিধৰণে প্ৰশংসা কৰিলে নে কি কৰিলে তৎ ধৰিব নোৱাৰিলো!সেইটো যি কি নহওক কমলপ্ৰীতে ফাইনেল পৰ্যন্ত আগুৱাই পি টি ঊষা, অঞ্জু ববী জ'ৰ্জৰ দৰে এটা সপোন আমাকো দেখুৱাবলৈ সক্ষম হৈছে৷অৱশেষত কমলপ্ৰীত ষষ্ঠ স্থানত ৰয়৷একেদৰে গ'ল্ফত চতুৰ্থ স্থানত অদিতি অশোক৷এনেদৰে অনেকৰ মাজত ব্যতিক্ৰম হিচাপে ওলাই অহা পথিকৃৎ খেলুৱৈসকলো আমাৰ বাবে চেম্পিয়ন৷

Olympic

১৯৮৪-ৰ লছ এঞ্জেলছ অলিম্পিকত ৪০০মি হাৰ্ডলছত ছেকেণ্ডৰ এশভাগৰ এভাগ সময়ৰ ব্যৱধানত ব্ৰঞ্জৰ পদকৰ বঞ্চিত পি টি ঊষা৷

Olympic

এথেন্স অলিম্পিক(২০০৪)-ৰ লং জাম্পত পঞ্চম স্থানত অঞ্জু ববী জ'ৰ্জ৷

Olympic

ট'কিঅ' অলিম্পিকত আশাৰ সঞ্চাৰ কৰা পথিকৃৎ চেম্পিয়ন ডিছকাছ থ্ৰ'ৱাৰ কমলপ্ৰীত কৌৰ৷

চেম্পিয়ন খেলুৱৈ এজনৰ যাত্ৰা পথত সহযোগিতা আগবঢ়োৱা প্ৰতিজন ব্যক্তিয়ে নিজেই একো একোজন চেম্পিয়ন—এই কথা প্ৰমাণ কৰিলে টকিঅ' অলিম্পিকৰ ৰৌপ্য পদক বিজয়ী ভাৰোত্তোলক মিৰাবাই চানুৱে৷অনুশীলনৰ বাবে স্প'ৰ্টছ একাডেমীলৈ পঁছিশ কিলোমিটাৰৰো অধিক বাট বাটকুৰি বাই যাবলগীয়া হোৱা মিৰাবাই চানুক বাটতে পাই ট্ৰাক ড্ৰাইভাৰসকলে তোলি নিছিল৷সেই কথা নাপাহৰি এতিয়া মিৰাবাই ছানুৱে ট্ৰাক ড্ৰাইভাৰসকলক মাতি আনি কৃতজ্ঞতা জ্ঞাপন কৰি সন্মান যাঁচিলে৷সফলতাৰ খ্যাতিত আপোনপাহৰা নহৈ জীৱনত কৃতজ্ঞতাৰ চানেকি দেখুওৱা এনে প্ৰতিজন খেলুৱৈয়ে একো একোজন আদৰ্শবান চেম্পিয়ন৷

Olympic

প্ৰশিক্ষণৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা ট্ৰাক ড্ৰাইভাৰসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন মিৰাবাই চানুৰ৷

Olympic

সূৰ্যোদয়!—তাকে জানিবা আমাৰ কাৰ্বি ভাষাত আৰনিং কেবাং!বোকাই-পানীয়ে জোৱোৰা খোৱা খলা-বমা আলিবাটটোতে সৌ সিদিনা বেলি ওলাল!সেইটো লাভলিনাৰ ঘৰলৈ বুলি ওলোৱা-সোমোৱা কৰা বাট৷লাভলিনাৰ অলিম্পিক যাত্ৰা আৰু পদক বিজয়ী সপোন পূৰণৰ কাহিনীটো এতিয়া দুনাই কাকো ক'ব নালাগে,সকলোৱে জানিছে!বেকেটামুৱা বাটটো পকী হ'ল৷পিছে অতদিনে এলাগী হৈ দীঘল দি পৰি থকা আপচু বাটটোৱে জানিছিল অলিম্পিক প'ডিয়াম অভিমুখী যাত্ৰা এটাৰ কথা৷সেই যাত্ৰাৰ সহযাত্ৰী হৈ বাটটোৱে নিজেই এটা পৰিক্ৰমা অতিক্ৰম কৰি হৈ পৰিল ভাৰতীয় ক্ৰীড়া জগতৰ এটা প্ৰতীকস্বৰূপ—এটি স্প'ৰ্টছ ইনছিগনিয়া!এইটো তেনেই এৰা-পৰলীয়া বাট৷তেনে এক পংকাকুল বাটেৰেই প্ৰায় প্ৰতিজন ভাৰতীয় খেলুৱৈৰ অবিৰাম যাত্ৰা৷যেতিয়াই আমাৰ দেশৰ এজন খেলুৱৈয়ে সেই বাটেৰে খেলপথাৰলৈ বুলি ওলাই যায় তৎ মুহূৰ্ততে তেওঁ হৈ পৰে নিজগুণে চেম্পিয়ন৷তেনে খেলুৱৈয়ে খেলপথাৰত প্ৰতিপক্ষৰ সৈতে যুঁজি প্ৰমাণ দিবলৈ একো নাথাকে৷ইতিমধ্যেই আচল ৰণৰ তেওঁলোক বিজয়ী ৰণুৱা৷যদি ৰণত প্ৰতিপক্ষক ঘটুৱাব পাৰিছে তেনেহ'লে সেইটো পকী পথটোৰ দৰে—আৰু দহোজনলৈ বুলি এটা মজবুত মাৰ্গ৷