টকিঅ' অলিম্পিক ২০২০ত ভাৰত আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০

পৰাশৰ কলিতাৰ খেল সাংবাদিক আৰু ব্লগা
parasharkalita

এজন ক্ৰীড়াবিদৰ জীৱনত এটা ডাঙৰ সপোন থাকে , এই সপোনটো হ'ল বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকত অংশগ্ৰহণ কৰাটো আৰু তাত এটা মেডেল অৰ্জন কৰা । বছৰৰ সপোন, সাধনা, পৰিশ্ৰমৰ অন্তত বহুজনে অলিম্পিকত নিজৰ জীৱনৰ সপোন পূৰণ কৰিবলৈ সুযোগ পায় । অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ পোৱাটোৱে এটা ডাঙৰ কৃতিত্ব এজন ক্ৰীড়াবিদৰ বাবে । কিন্তু যেতিয়া এই অলিম্পিক বাতিল হ'ব লগা হয়, তেন্তে এজন ক্ৰীড়াবিদ, এজন ক্ৰীড়াপ্ৰেমীৰ বাবে তাতকৈ দুৰ্ভাগ্যজনক , দুখ লগা খবৰ আৰু কি হ'ব পাৰে । ক'ভিড ১৯ অতিমাৰীৰ বাবে জাপানৰ টকিঅ' চহৰত ২০২০ চনৰ ২৪ জুলাইৰ পৰা আৰম্ভ হ'ব লগা আৰু ৯ আগষ্টত সামৰণি হব লগা অলিম্পিক ২০২১ চনৰ ২৩জু লাইৰ পৰা ৮ আগষ্টলৈ পিছুৱাই যাব লগা হয় । সেই সময়ত জাপানৰ প্ৰধানমন্ত্ৰী শিনজো আবেই এই কথা স্বীকাৰ কৰিছিল যে ২০২১ লৈ পিছুৱাই যোৱা অলিম্পিক প্ৰতিযোগিতাখন আয়োজন কৰাটো সম্ভৱ হৈ নুঠিবও পাৰে । জাপানৰ সংসদত নিজৰ ভাষণত প্ৰধানমন্ত্ৰী শিনজো আবেগিক হৈ কৈছিল "অলিম্পিক প্ৰতিযোগিতাখন তেতিয়াহে আয়োজন কৰিব পৰা যাব যেতিয়া ইয়াৰ বিৰুদ্ধে পৃথিৱী বিজয়ী হ'ব । মই ভাবোঁ মহামাৰী নিয়ন্ত্ৰণ নহ'লে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰাটো সম্ভৱ হৈ নুঠিব ।" উল্লেখ্য যে ইয়াৰ আগতে ১৯১৬ত জাৰ্মানীৰ বাৰ্লিন চহৰত অনুষ্ঠিত হ'বলগা অলিম্পিক প্ৰথমবাৰৰ বাবে বাতিল কৰিব লগা হৈছিল প্ৰথম বিশ্বযুদ্ধৰ বাবে । দ্বিতীয়বাৰ ১৯৪০, তৃতীয়বাৰ ১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ বাবে । যদিহে জাপানত টকিঅ' অলিম্পিক বাতিল হল হয় তেন্তে টকিঅ' হ'ল হেতেন এনে এখন চহৰ, আৰু জাপান হ'ল হেতেন এনে এখন দেশ য'ত আজিলৈ দুবাৰকৈ অলিম্পিক বাতিল হ'ব লগা হল । কিন্তু সকলো বাধা বিঘিনি, প্ৰত্যাহ্বানক সাহসেৰে মুখামুখি কৰি জাপানে নিৰ্ধাৰিত সময়তকৈ প্ৰায় এটা বছৰ পিছত অনুষ্ঠিত হোৱা টকিঅ' অলিম্পিক ২০২০ সুকলমে ২০২১ৰ ২৩ জুলাইৰ পৰা ৮ আগষ্ট তাৰিখলৈ অনুষ্ঠিত কৰে ।

২০২০ চনৰ অলিম্পিকত ভাৰতৰ পৰা মুঠ প্ৰায় ১২৭ জন খেলুৱৈয়ে অলিম্পিকত অংশগ্ৰহণ কৰে । অলিম্পিকৰ প্ৰথম দিনটোতে ভাৰতৰ বাবে সুখবৰটো আহে যেতিয়া উত্তৰ- পূব ভাৰত, মণিপুৰৰ জীয়ৰী, পূব ইম্ফলৰ নংপক কাকচিঙৰ ছাইখম মিৰাবাঈ চানুয়ে ভাৰোত্তোলনত টকিঅ' অলিম্পিক ২০২০ ভাৰতৰ হৈ প্ৰথমটো পদক (ৰূপ) জয় কৰে । মিৰাবাঈ চানুয়ে এই ইভেণ্টৰ প্ৰথম ৰাউণ্ড স্নেটছত সৰ্বাধিক ৮৭ কেজি উত্তোলন কৰে আৰু তাৰ পিছত দ্বিতীয় ৰাউণ্ড ক্লীন এণ্ড জাৰ্কত সৰ্বাধিক ১১৫ কে.জি. উত্তোলন কৰি মুঠ ২০২ কে.জি. উত্তোলন কৰি ভাৰতৰ হৈ ৰূপৰ পদক নিশ্চিত কৰে । উল্লেখ্য যে ২০১৬ চনৰ ৰিঅ' অলিম্পিকত প্ৰথম ৰূপ বিজয়ী পি.ভি. সিন্ধুৰ পিছত অলিম্পিক ৰূপৰ পদক বিজয় পৰা দ্বিতীয় মহিলা এথলেট হিচাপে পৰিগণিত হয় মিৰাবাঈ ।

mirabaichanu

ভাৰতৰ হৈ দ্বিতীয়টো মেডেল নিশ্চিত কৰে অসম কন্যা লাভলীনা বৰগোহাঁয়ে । ৰাউণ্ড অৱ ৩২ত বাই লাভ কৰা লাভলীনা প্ৰথম মুখামুখি হয় ৰাউণ্ড অৱ ১৬ত জাৰ্মানীৰ হৈ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা বক্সাৰ নাডিন এপেটজৰ। উক্ত খেলত তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত লাভলীনাই নাডিন এপেটজক ৩-২ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয় । কোৱাৰ্টাৰ ফাইনেলত লাভলীনা চাইনীজ টাইপেৰ চেন নিয়েন চিনৰ মুখামুখি হয় আৰু চেন নিয়েনক ৪-১ ব্যৱধানত পৰাজিত কৰি ভাৰতৰ হৈ দ্বিতীয় এটা পদক নিশ্চিত কৰে । ৪ আগষ্ট তাৰিখে চেমি- ফাইনেলত মুখামুখি হয় বুছেনাজ সুৰমেনেলিনৰ য'ত লাভলীনা ৫-০ ব্যৱধানত পৰাজিত হৈ ভাৰতৰ বাবে ব্ৰঞ্জৰ পদক নিশ্চিত কৰে । উল্লেখ্য যে লাভলীনা হ'ল অলিম্পিকৰ অংশগ্ৰহণকাৰী প্ৰথমজন অসমীয়া, কোৱাৰ্টাৰ ফাইনেলত আৰু চেমি ফাইনেলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল অলিম্পিকত পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া, ভাৰতৰ দ্বিতীয়গৰাকী মহিলা বক্সাৰ আৰু তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ ৷

lovlina

তৃতীয়টো পদক নিশ্চিত কৰে বেডমিন্টনত পি.ভি. সিন্ধুয়ে । গ্ৰুপ পৰ্যায়ত পি.ভি. সিন্ধুয়ে প্ৰথমে বিশ্বৰ ৫৮নং স্থানৰ ইজৰাইলৰ চেনিয়া পলিকাৰপভাক ২১-৭, ২১-১০ ব্যৱধানত আৰু গ্রুপৰ দ্বিতীয়খন খেলত হংকঙৰ চিউং গান ইক ২১-৯, ২১-১৬ ব্যৱধানত পৰাজিত কৰি ৰাউণ্ড অৱ ১৬ত স্থান নিশ্চিত কৰে । ৰাউণ্ড অৱ ১৬ত ডেনমাৰ্কৰ মিয়া ব্লিচফেল্ডক ২১-১৫,২১-১৩ পৰাজিত কৰি কোৱাৰ্টাৰ-ফাইনেলত প্ৰৱেশ কৰে য'ত মুখামুখি হয় বিশ্বৰ ৫নং স্থানৰ খেলুৱৈ জাপানৰ আকানে য়ামাগুচিৰ । য়ামাগুচিকক সিন্ধুয়ে ২১-১৩ আৰু ২২-২০ ব্যৱধানত পৰাজিত কৰে আৰু চেমি-ফাইনেললৈ উত্তীৰ্ণ হয় । কিন্তু চেমি-ফাইনেলত সিন্ধুৰ যি বিজয়ৰ ধাৰা আছিল তাৰ অন্ত পৰে যেতিয়া বিশ্বৰ এক নং স্থানৰ খেলুৱৈ চাইনীজ টাইপেৰ টাই জু ইঙে সিন্ধুক ২১-১৮ আৰু ২১-১২ত পৰাজিত কৰে । অৱশ্যে সিন্ধুৰ সন্মুখত তেতিয়াও সুযোগ আছিল ব্ৰঞ্জৰ পদক জয় কৰা আৰু ব্ৰঞ্জৰ পদকৰ খেলত প্ৰত্যাৰ্পণ কৰি চীনৰ বিং ঝিয়াওক ২১-১৩, ২১-১৫ত পৰাজিত কৰি অলিম্পিকৰ ইতিহাসত বেডমিন্টনত ভাৰতৰ হৈ তৃতীয়টো আৰু নিজৰ দ্বিতীয়টো ব্যক্তিগত মেডেল জয় কৰে ।

pvsindhu

ব্যক্তিগত ইভেন্টৰ কথা আৰু যদি কবলৈ যাওঁ তেন্তে মল্লযুদ্ধৰ ফ্ৰিষ্টাইলৰ ৫৭ কেজি শাখাত ভাৰতৰ ৰবি কুমাৰ ডহিয়াই ১/৮ ফাইনেলত কলম্বিয়াৰ টাইগ্ৰেৰোছ আৰবানো আৰু ১/৪ ফাইনেলত বুলগেৰিয়াৰ জিঅ'ৰজি ভেলেণ্টিনোভক পৰাজিত কৰি চেমি ফাইনেলত স্থান অর্জন কৰে আৰু চেমিত কাজাখাস্থানৰ নুৰইছলামক ভিক্টৰী বাই ফলৰ জৰিয়তে পৰাজিত কৰি ফাইনেলত স্থান নিশ্চিত কৰে । ফাইনেলত ৰুচ অলিম্পিক কমিটিৰ খেলুৱৈ জাভুৰ উগুৱেভৰ হাতত পৰাজিত হৈ ৰবি কুমাৰ ডহিয়াই ৰূপৰ পদক অৰ্জন কৰে ।

ravikumar

মল্লযুদ্ধৰ ফ্ৰীষ্টাইল ৬৫ কেজি শাখাৰ চেমি ফাইনেলত বজৰং পুনিয়া আজাৰবাইজানৰ ৩‌ বাৰৰ বিশ্ব চেম্পিয়ন হাজি আলিভৰৰ হাতত ৫-১২ ব্যৱধানত পৰাজিত হয় ৷ ইয়াৰ আগতে ১/৮ ফাইনেলত বজৰং পুনিয়াই কিৰ্গিস্তানৰ আৰজনাৰ আকমটালাইভ আৰু ১/৪ ফাইনেলত ইৰাণৰ মৰ্টেজা চেকাক ভিক্টৰী বাই ফলৰ জৰিয়তে পৰাজিত কৰি চেমি-ফাইনেলত প্ৰবেশ কৰিছিল ৷ ব্ৰঞ্জৰ পদকৰ খেলত বজৰঙে কাজাখস্তানৰ প্ৰতিদ্বন্দীক ৮-০ ব্যৱধানত পৰাজিত কৰি ব্ৰঞ্জৰ পদক জয় কৰে ।

bajrang

ভাৰতীয় হকীৰ স্বৰ্ণিল ইতিহাসৰ কথা আমি সকলোৱে শুনিছোঁ । কিন্তু নৱপ্ৰজন্মৰ বহুজনেই এই ইতিহাস দেখিবলৈ সৌভাগ্য হোৱা নাছিল । টকিঅ' অলিম্পিক ২০২০ত ভাৰতীয় পুৰুষ হকী দলে গ্রুপত প্ৰথমে নিউজিলেণ্ডক ৩-২ব্যৱধানত পৰাজিত কৰে । ২য় খন খেলত অষ্ট্ৰেলিয়াৰ হাতত ৭-১গলৰ ব্যৱধানত বিধস্ত হয় যদিও তাৰ পিছত ক্ৰমে স্পেইনক ৩-০, আৰ্জেন্টিনাক ৩-১, জাপানক ৫-৩ ব্যৱধানত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনক ৩-১ ব্যৱধানত পৰাজিত কৰি ৪৯ বছৰ পিছত অলিম্পিকৰ চেমি-ফাইনেলত স্থান নিশ্চিত কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে ১৯৮০ চনত ভাৰতীয় দলে স্বৰ্ণ জয় কৰিছিল যদিও সেইবাৰ চেমি-ফাইনেল খেল অনুষ্ঠিত হোৱা নাছিল । ৰাউণ্ড ৰবীন ফৰ্মেটত হোৱা প্ৰতিযোগিতাখনত প্ৰথম আৰু দ্বিতীয় স্থানৰ দলে ফাইনেলহে খেলিছিল । চেমি-ফাইনেলত বেলজিয়ামৰ হাতত ৫-২ ব্যৱধানত পৰাজিত হোৱাৰ পিছত ব্ৰঞ্জৰ পদকৰ খেলত জাৰ্মানীক ৫-৪ ব্যৱধানত পৰাজিত কৰি ৪১ বছৰ পিছত ভাৰতীয় পুৰুষ হকী দলে অলিম্পিকত পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।

hockey

ভাৰতৰ হৈ প্ৰায় ১৩ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই নিৰজ চোপ্ৰাই । ৪ আগষ্টত এথলেটিকছৰ পুৰুষৰ জেভলিন থ্ৰৰ কোৱালিফিকেচনৰ গ্ৰুপ এত নীৰজ চোপ্ৰা, প্ৰথম এটেম্পত ৮৬.৬৫মিটাৰ জেভলিন থ্ৰ কৰে আৰু প্ৰত্যক্ষ ভাৱে গ্ৰুপত ১নং স্থানত থাকি ফাইনেলত স্থান লাভ কৰে ৷ ৭ আগষ্টত অনুষ্ঠিত হোৱা ফাইনেলত নীৰজ চোপ্ৰাই প্ৰথম এটেম্প: ৮৭.০৩ মিটাৰ, ২য় এটেম্প: ৮৭.৫৮ মিটাৰ, ৩য় এটেম্প ৭৬.৭৯ মিটাৰ, ৪র্থ এটেম্প বাতিল, ৫ম এটেম্প বাতিল, ৬ষ্ঠ এটেম্প: ৮৪.২৪ মিটাৰ সর্বমুঠ বেষ্ট ২য় এটেম্প: ৮৭.৫৮ মিটাৰ জেভলিন দলিয়াই আৰু ট্ৰেক এণ্ড ফিল্ড ইভেন্টত অলিম্পিকত ইতিহাসত, আৰু স্বাধীন ভাৰতৰ এথলেটিকছৰ ইতিহাসত প্ৰথম পদক (স্বৰ্ণ পদক) আৰু ব্যক্তিগতভাৱে ২০০৮ চনত অভিনৱ বিন্দ্ৰাৰ পিছতে অলিম্পিকত ২য় জন ব্যক্তিগতভাৱে স্বৰ্ণ বিজেতা ভাৰতীয় হোৱাৰ সন্মান অৰ্জন কৰে নীৰজ চোপ্ৰাই ।

nirajchopra

উল্লেখ্য যে এইবাৰ ভাৰতে বিশেষকৈ তিনিটা ইভেন্টত অন্তিম মুহূৰ্তত পদক পোৱাৰ পৰা বঞ্চিত হয় । ভাৰতীয় মহিলা হকী দল, পুৰুষৰ ফ্ৰী ষ্টাইলৰ ৮৬ কেজি শাখাত চেমিফাইনেলত দীপক পুনিয়া আৰু গল্ফত অদিতি অশোক অন্তিম দিনটোত পদক লাভৰ পৰা দূৰৈত থাকি চতুৰ্থ স্থানত নিজৰ অভিযান সমাপ্ত কৰে ।

অলিম্পিকত এয়া ভাৰতীয় দলৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন । ইয়াৰ আগতে ২০১২ চনৰ অলিম্পিকত দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জ মুঠ ৬টা পদকেৰে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছিল ভাৰতীয় দলে ।

পৰম্পৰাগত ভাৱে ভাৰতত ক্ৰীড়া পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নহয় বুলি ভবা হয়। ইয়াক এতিয়াও বহুত অভিভাৱকে পাঠ্যক্ৰম বহিৰ্ভূত হিচাপেহে গণ্য কৰে । পিছে সময়ৰ লগে-লগে এনে ভাবধাৰাৰ পৰিৱৰ্তন ঘটিছে আৰু পৰিৱৰ্তন ঘটিছে শিক্ষা নীতিৰো। ভাৰতৰ শেহতীয়া শিক্ষা নীতিয়ে (ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০) এইক্ষেত্ৰত পৰিবৰ্তনৰ সূচনা কৰিব বুলি আশা কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন শিক্ষা নীতিৰ এইক্ষেত্ৰত স্পষ্টভাৱে মত পোষণ কৰিছে যে ক্ৰীড়া হ'ব পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত এক সন্মানজনক বিষয় , যিটো এক আশাৰ বতৰা। জানিবলৈ পৰা মতে নতুন শিক্ষা নীতিৰ অধীনত উচ্চ শিক্ষা আৰু ক্ৰীড়া বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠান স্থাপন কৰা হ'ব । যদিহে ভাৰতৰ এই ধাৰা অব্যাহত থাকে, তেন্তে অনাগত দিনত অলিম্পিক লগতে অন্য বহু প্ৰতিযোগিতাত ভাৰতীয় দলে দমনীয় প্ৰদৰ্শন কৰিব বুলি আমি আশা কৰিব পাৰোঁ ।