হাতে কামে কৰি বিজ্ঞান শিকো আহা

ৰমেন্দ্ৰ মেধি শিক্ষা বিষয়া, আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী
RamenMedhi

পৰীক্ষা নং - ১

এডাল প্ৰায় ৫ - ৰ পৰা ১০ চে.মি. ওখ আৰু ৫ চে.মি. মান ব্যাসৰ ঘূৰণীয়া কাঠৰ টুকুৰা লোৱা। এতিয়া ঘূৰণীয়া কাঠৰ টুকুৰাটোৰ কেন্দ্ৰৰ মাজেৰে প্ৰায় ৫ মি.মি. ব্যাসৰ এটা ফুটা কৰা। এই ধৰণৰ কাঠৰ ববিন কাপোৰ চিলাই কৰা দোকানত বিছাৰিলেও পোৱা যাব পাৰে। এইবাৰ ববিনৰ ব্যাসৰ কিছু ডাঙৰ জোখৰ ডাঠ কাৰ্ড এখন ঘূৰণীয়াকৈ কাটি লোৱা। এতিয়া এটা আলপিন কাৰ্ডৰ কেন্দ্ৰৰ মাজেৰে সুমুৱাই তাক কাৰ্ডৰ লগত উলম্ব অৱস্থাত ৰাখা। আহা এতিয়া এটা পৰীক্ষা কৰি চাওঁ।

GyanBigyan

কাৰ্ডখনত লাগি থকা আলপিনটো ববিনৰ ফুটাৰ মাজত সুমুৱাই গোটেই সঁজুলিটো উলম্ব অৱস্থাত ৰাখি ওপৰৰ ফুটাৰ মাজেৰে মুখেৰে কিছু সময় ধৰি অতি বেগত ফুৱাই থাকা। কি লক্ষ্য কৰিছা? আচৰিত ! ইমান বেগত ফুৱাই থকা স্বত্বেও কাৰ্ডখন পৰি যোৱা নাই।

GyanBigyan

ববিনৰ মাজেৰে ফুৱাই দি থকা সময়ত, ববিন আৰু কাৰ্ডখনৰ মাজৰ চাৰিওফালে অতি বেগেৰে বায়ু ওলাই যায়। এই বায়ু উচ্চ বেগত ওলাই যোৱা বাবে, বাৰ্নলিৰ সূত্ৰ অনুসৰি ববিন আৰু কাৰ্ডৰ মাজত বায়ু গতিৰ লম্ব দিশত বায়ুৰ চাপ কমি যায় আৰু ফলত চাৰিওকাষৰ বায়ুমণ্ডলৰ চাপে কাৰ্ডখনক তলৰ পৰা হেঁচা দি নপৰাকৈ ধৰি থাকে।

পৰীক্ষা নং - ২

এইবাৰ এটা টুপি আৰু এটা প্লাষ্টিকৰ ফোপোলা বল লৈ (টেবুল টেনিছ বল ললেও হ'ব) একেধৰণৰ পৰীক্ষা কৰি চোৱা। টুপিটো তলমুৱাকৈ ৰাখি বলটো টুপিৰ একেবাৰে ভিতৰৰ মুখত লগাই ওপৰৰ ফুটাৰ মাজেৰে অতি বেগত মুখেৰে কিছু সময় ধৰি ফুৱাই থকা। কি লক্ষ্য কৰিছা ? আচৰিত ! এইবাৰো ইমান বেগত ফুৱাই থকা স্বত্বেও বলটো পৰি যোৱা নাই। আগৰ ববিন আৰু কাৰ্ডৰ উত্তৰটোৰ নিচিনা ইয়াৰ উত্তৰটো ও একে নহয় নে ?

GyanBigyan

বাৰ্নলিৰ উপপাদ্যত কোৱা হৈছে যে, এক আদৰ্শ তৰল পদাৰ্থৰ প্ৰবাহত তাৰ গতি শক্তি, স্থিতি শক্তি আৰু চাপ শক্তিৰ যোগফল স্থিৰ হয়। গতিকে তৰলৰ গতি বৃদ্ধি হোৱাৰ লগে লগে তাৰ স্থিতি শক্তি বা চাপ শক্তি হ্ৰাস পায়।