বন সংৰক্ষণ আৰু আনুসংগিক কিছু কথা

মণ্টু মহন্ত বিভাগীয় মুৰব্বী তথা সহযোগী অধ্যাপক, পাণ্ডু মহাবিদ্যালয়, গুৱাহাটী-১১

ধাৰণা : সাধাৰণ দৃষ্টিত আমাৰ চকুৰ আগত থকা সেউজীয়া বৃক্ষ সমুহৰ সমষ্টিয়েই আমাক বন বননিৰ ধাৰণা দিয়ে । যদি এখন ঠাইৰ বননিৰ পৰিমাণ কমি যায় তেনেহ'লে স্বাভাবিক ভাবেই আমি অলপ হ'লেও সতৰ্ক হওঁ । একো কৰিব নোৱাৰিলেও ইজনে সিজনৰ লগত কথা পাতোঁ বা আলোচনা কৰোঁ যে "এসময়ত ইয়াত এখন বননি আছিল" ।

প্ৰয়োজন: আন্তৰ্জাতিক বিদ্বৎ সমাজৰ দ্বাৰাই হিচাপ কৰি ঠিক কৰা হৈছে যে এখন দেশৰ ন্যূনতম ৩৩% মাটিকালি অৰণ্যৰে ঢকা হ'লে দেশখনৰ জনসাধাৰণৰ ওপৰত প্ৰাকৃতিক ভাৱে প্ৰয়োজনীয় অম্লজান আৰু বায়ুমণ্ডলৰ আৰ্দ্ৰতা সহনক্ষম অৱস্থাত থাকে । ইয়াতকৈ বেছি হ'লেতো ভালেই, যদি নহয় তেনেহ'লে সেই ঠাইবোৰত মানুহ থাকিব নোৱাৰিবই নেকি ! পাৰিব, পিছে প্ৰাকৃতিক সমতুলতা ব্যাঘাত হ'ব । সেয়েহে পৃথিৱীৰ সকলো দেশেই চৰকাৰী ভাৱে নাইবা ব্যক্তিগত খণ্ডৰ জৰিয়তে হ'লেও বননি ৰক্ষাৰ আপ্ৰাণ চেষ্টা চলাই আছে ।

বননি কমাৰ কাৰণ কি ?

আমাৰ দৰে দেশবোৰত বননি কমাৰ কাৰণবোৰৰ ভিতৰত প্ৰথমতেই জনবিস্ফোৰণকেই কোৱা যায় । কাৰণ জনসংখ্যা বাঢ়িলে মানুহৰ খাদ্য, বাসস্থান আৰু অন্যান্য সকলো জৈৱিক ক্ৰিয়া কলাপৰ বাবে মুকলি ঠাইৰ প্ৰয়োজন হ'বই । গতিকে পূৰ্বে মানৱকূলৰ দ্বাৰা অব্যৱহৃত বননিৰ ওপৰত বৰ্ধিত জনসংখ্যাৰ চকু আগতেই পৰিব ।

ইয়াৰ উপৰিও অৰণ্যৰ সম্পদ সমূহৰ ওপৰত আদিম যুগৰে পৰা মানুহৰ এক ধৰণৰ লোলুপ দৃষ্টিৰ বাবেই অৰণ্য ধ্বংসৰ কাৰণ হৈছেগৈ ।

বৰ্ধিত নগৰীকৰণো ইয়াৰ অন্যতম কাৰণ ।

সৰ্বোপৰি প্ৰকৃতাৰ্থত শিক্ষিত লোকৰো অৰণ্য সংক্ৰান্তত লক্ষ্যণীয় ভাৱে 'মাথাবেথা' কম বাবেই দূৰ দূৰণিত অৰণ্য ধ্বংসই আমাৰ একো অপকাৰ নকৰে ধৰণৰ এক নেতিবাচক মনোবৃত্তিয়ে অৰণ্য ধ্বংসকাৰী সকলক পৰোক্ষভাৱে সহায় কৰা যেন লাগে ।

পৰিত্ৰাণৰ উপায় ?

সঁচা অৰ্থতে অৰণ্য প্ৰেমী ওলাব লাগিব । এই ক্ষেত্ৰত আমি ভাগ্যবান যে যাদৱ পায়েঙৰ দৰে "অৰণ্য মানৱ" আমাৰ ৰাজ্যতে আছে । তেখেতৰ দৰে সুদীৰ্ঘ কাল বননি সৃষ্টিত জীৱন পাত কৰিব নোৱাৰিলেও থকাখিনিকে বচাই অতি আৱশ্যক নহ'লে বননিৰ সৰু গুল্ম এজোপাৰো ক্ষতি নকৰোঁ বুলি শপত লৈ যদি আগবাঢ়িব পৰা যায় তেনেহ'লে স্বত:স্ফূৰ্ত ভাৱে অৰণ্য সৃষ্টি হ'বলৈ শতিকা লাগিলেও এতিয়াৰ যি অৱস্থা তাতকৈ অধ:পতিত নহ'ব ।

আন কি কি ব্যৱস্থা আছে ?

সদায় এটা কথা মনত ৰাখিব লাগিব যে আমাৰ সাধাৰণ দৃষ্টিৰ অন্তৰালতো এখন ক্ষুদ্ৰজীৱ জগত ইয়াতেই এই ধৰাতেই আছে । সেইখন হ'ল অণুজীৱৰ জগত । সেইখন জগতৰ বিভিন্ন জীৱই মাটি, পানী আৰু বায়ুত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বন বননি, অৰণ্যৰ সকলো জীৱকূলক সকলোৰে অলক্ষিতে থাকি প্ৰয়োজনীয় উপাদানবোৰ গ্ৰহণ, বৰ্জন কৰাৰ উপযোগী কৰি ৰাখিছে । গতিকে আমাৰ দৃষ্টিৰ আঁৰত থকা হ'লেও সেইসকলৰ প্ৰতিও সজ্ঞানে ক্ষতি কৰাৰ পন্থা অৱলম্বন কৰিব নালাগে । অৰ্থাত যিকোনো প্ৰদূষণ হ'ব পৰা কামৰ পৰাই নিজকে পাৰ্যমানে আঁতৰাই ৰাখিব লাগে ।

আশাবোৰ কি কি ?

যদি এজন মহান যাদৱ পায়েঙে নিজৰ জীৱন কালত এখন নিজান অৰণ্যৰ সৃষ্টি কৰিব পাৰে তেনে আমি আটায়ে ধ্বংসৰ পৰা বিৰত থাকি আমাৰেই আগন্তুক বংশধৰ সকলক সুৰক্ষিত ভৱিষ্যত দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব নোৱাৰাৰ একো কাৰণ নাই বুলি ভাৱোঁ ।