অস্থায়ী অশান্তি

ড° শিৰোমণি ভূঞা মুখ্য সম্পাদক, গুৰুবাৰ্তা, প্ৰবক্তা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান,কামৰূপ

আমেৰিকাৰ বিখ্যাত অধ্যাপক ডেনিছ মিদ'ছ আৰু পৰিৱেশ বিজ্ঞানী ড'নেলা মিদ'ছৰ ১৯৭২ চনত প্ৰকাশিত বহুচৰ্চিত প্ৰতিবেদন 'The Limit to Growth' ৰ সুত্ৰ ধৰি তেওঁলোকে কৈছিল যে যদিহে বিশ্বৰ জনসংখ্যা, উদ্যোগীকৰণ, প্ৰদুষণৰ চলিত ধাৰাৰ কোনো পৰিৱৰ্তন নহয় তেন্তে অহা ১০০ বছৰৰ ভিতৰত বিশ্বৰ বিকাশ সীমিত হৈ পৰিব। এনে পৰিপ্ৰেক্ষিতত স্বয়ং জনসংখ্যা আৰু ঔদ্যোগিক সামৰ্থ্যও হঠাৎ হুৰহুৰকৈ অনিয়ন্ত্ৰিত ৰূপত নিম্নগামী হৈ আহিব। এই কথাষাৰৰ পৰা লক্ষ্য কৰা যায় যে মানৱজাতিয়ে পৰিগ্ৰহণ কৰা জীৱনধাৰা আৰু অসীমিত উদযাপনে নিজৰেই অস্তিত্ব বিপদাপন্ন কৰিবলৈ গৈ আছে। সাম্প্ৰতিক ক'ভিদ পৰিস্থিতিয়েও পৰোক্ষভাবে তাৰেই উমান দিছে। তৎস্বত্বেও আমি মানৱজাতিয়ে উপলব্ধিৰ পৰা বহু দুৰত অৱস্থান কৰি আছো। শেহতীয়া ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় ঘটনাপ্ৰবাহে ইয়াকেই সূচাইছে।

আজিৰ পৰা বহু বছৰ আগতে গোলাঘাট নগৰৰ ৰাজহুৱা বাছ আস্থানৰ ওচৰত এখন গ্ৰন্থ বিপনী আছিল। নাম অস্থায়ী অশান্তি। নামটোৱে খুব আকৰ্ষণ কৰিছিল। শান্তিৰ স্থায়ী আৰু অস্থায়ী ৰূপটোৰ বিষয়ে অমুকাৰ তেতিয়া কোনো ধাৰণা নাছিল । সময়ান্তৰত শান্তি শিক্ষাৰ কথাবোৰ পঢ়িবলৈ লওঁতে এই 'অস্থায়ী অশান্তি' নামটোলৈ বৰকৈ মনত পৰিবলৈ ল'লে। কাৰণ সেই নামটোত শান্তিৰ আৱাহনী আছিল। আমি মানুহবোৰে যিকোনো সমস্যাৰ পৰিত্ৰাণ বিচাৰো। এই পৰিত্ৰাণৰ পৰা আমি শান্তি বিচাৰো। সেয়াই স্বাভাৱিক। কেতিয়াবা কোনো সমস্যাৰ স্থায়ী সমাধান বিচাৰিবলৈ গৈ সফল নহ'লে এক আধৰুৱা বা অস্থায়ী সমাধান সুত্ৰৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰো। বহু প্ৰশাসনীয় তথা মেনেজমেন্টৰ কাম কাজতো এইধৰণৰ কৌশলী স্থিতি অৱলম্বন কৰা দেখা পোৱা যায়। সমস্যাৰ মাজত অশান্তি বিৰাজমান। সমস্যাৰ সমাধান আধৰুৱা বা অস্থায়ী ৰূপত থাকিলে শান্তিৰ পৰিক্ৰমাও আধৰুৱাই হয়। যেনেকৈ আফগানিস্তানত মাৰ্কিন সেনাৰ নিয়ন্ত্ৰণত থাকি প্ৰশাসনত অশুভ শক্তিৰ পৰা সাময়িক মুক্তি সম্ভৱ হৈছিল যদিও এই শান্তি স্থায়ী নহ'ল। দোহা চুক্তিৰ আধাৰত মাৰ্কিন সেনা প্ৰত্যাহাৰ কৰাৰ লগে লগেই সেই দেশখনত পুনৰ কি পৰিস্থিতি সৃষ্টি হ'ল সেয়া সৰ্বজনবিদিত। এইবোৰ আন্তৰ্জাতিক বিষয়ত বহু জনা নজনা তুঁ‌হজুই থাকে যিবোৰ আমি সাধাৰণতে কুটনৈতিক বিষয় হিচাপে অবিদিত হৈ ৰও। অৱশ্যে ইমানখিনি সমস্যাৰ মাজতো ভাৰত চৰকাৰে উক্ত দেশৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰি অনাৰ ক্ষেত্ৰত সাফল্য অৰ্জন কৰাৰ কথাটো উল্লেখযোগ্য। যি কি নহওক এই জ্ঞাত উদাহৰণটোৰে স্থায়ী শান্তি আৰু অস্থায়ী শান্তিৰ বিষয়টোৰ আন কেতবোৰ দিশহে উল্লেখ কৰিব বিচৰা হৈছে। আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শান্তি শিক্ষাৰ দিশটো অধিক গতিশীল ৰূপত উপস্থাপন কৰাৰ প্ৰয়োজন আহি পৰিছে। পৰিস্থিতিতন্ত্ৰৰ সমতুল অৱস্থা ৰক্ষাৰ বাবে আমি প্ৰতিনিয়ত প্ৰকৃতিমুখীৰ হোৱাৰ লগে লগে শান্তিমুখী হোৱাৰো প্ৰয়োজন। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বাতাৱৰণত যিবোৰ অশান্তিৰ প্লাৱন উঠিছে সেইবোৰৰ কাৰণ বিচাৰ কৰিলে দেখা যায় যে মানৱ জাতিৰ মাজত আগ্ৰাসনমূলক কাম কাজ, উপলব্ধিহীন প্ৰতিযোগিতা আৰু হিংসাই মূল কাৰণ লাগিলে প্ৰেক্ষাপট বা ঘটনাপ্ৰৱাহ যিয়েই নহওক। এনে অৱস্থাত পৰিস্থিতিতন্ত্ৰক আমি সামাজিকভাবেও নিৰ্মম আঘাত হানি আছো।গান্ধীজীৰ আদৰ্শৰ অন্যতম পৰিগ্ৰহণকাৰী নেলছন মাণ্ডেলাৰ দেশত এতিয়া মাণ্ডেলাই দেখি যোৱা স্বপ্নৰ অৱক্ষয় কেনেকৈ হৈছে সেই খবৰ সকলোৱে আমি পাইছো। ইয়াৰ কাৰণো মুলতঃ ক্ষমতাকেন্দ্ৰীক বাদ বিবাদ আৰু আগ্ৰাসনমূলক। স্বয়ং গান্ধীজীৰ নিজ দেশতে অহিংসাৰ মূলমন্ত্ৰ আগত লৈ স্থায়ী শান্তি আমি প্ৰতিষ্ঠা কৰিব পৰা নাই। শান্তি নাথাকিলে বিকাশ বাধাগ্ৰস্ত হ'বই। ফলত জনসংখ্যা অনুপাতে বিকাশত বাধা, সামাজিক আৰু পৰিৱেশৰ প্ৰদূষণ আদিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাবে ঋণাত্মক পৰিণাম আমাৰ আগত তুলি ধৰিছে। তেনেহ'লে এই লেখাৰ প্ৰাৰম্ভতে উল্লেখ কৰা বিকাশৰ সীমিত অৱস্থাটোলৈ আমি গৈ থকা নাইনে। তেন্তে উপায় কি। ইয়াৰ বাবে আমি যি প্ৰজন্মক গঢ়ি আছো বা নিজে যিধৰণে গঢ় লৈ উঠিছো তাত শান্তি শিক্ষাৰ বীজমন্ত্ৰ আমি অধিক প্ৰগতিশীলভাবে ৰোপন কৰিব লাগিব। এই যাত্ৰা শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰাটো বেছি জৰুৰী। প্ৰাপ্তিৰ দৌৰত দৌৰি থাকোতে উপলব্ধিৰ বাটটো হেৰাই যোৱা কথাটো সমগ্ৰ বিশ্বতে অনুভৱ হোৱাটোও সময়ৰ দাবী। এইখিনিতে বুদ্ধদেৱৰ কথা মনলৈ আহে।

বুদ্ধদেৱৰ দৰ্শন আৰু শিক্ষাৰ প্ৰধান তত্ত্বকথাই দুখ নিবৃত্তি আৰু আত্মজাগৃতিক প্ৰতিনিধিত্ব কৰে। বৌদ্ধ প্ৰতীকীবাদৰ উৎসস্বৰূপ ধৰ্মচক্ৰই আমাৰ জীৱন যাত্ৰাৰ বাবে আগবঢ়াই থৈ গৈছে অষ্টমাৰ্গৰ এক অমল সন্ধান। এয়া আত্মজাগৃতিৰে আঠটা বাট। তাৰ ভিতৰত হ'ল শুদ্ধ বোধ, শুদ্ধ বক্তব্য,শুদ্ধ জীৱিকা, শুদ্ধ মননশীলতা, শুদ্ধ চিন্তা, শুদ্ধ কাৰ্য, শুদ্ধ চেষ্টা আৰু শুদ্ধ মনোযোগ। জীৱনৰ সাফল্য মানে আমি বাহ্যিক দৃষ্টিৰে যি বুজো বা দেখো তাৰ দ্বাৰা দুখ নিবৃত্তিৰ বাবে পৰম শান্তিৰ পথ আমি নাপাবও পাৰো। বস্তুবাদী প্ৰয়োজনক নস্যাৎ নকৰাকৈ যদি ক'বলৈ যাও তেন্তে দেখিম যে সময়ান্তৰত অনুভৱ কৰা আত্মসন্তুষ্টিয়ে আমাক আন কেতবোৰ পৰিক্ৰমাত বা প্ৰসংগত বিচ্ছিন্নতাবোধৰ সৈতেহে চিনাকি কৰাই দিয়ে। সেয়ে এই কথাবোৰ খুবেই আপেক্ষিক। কিন্তু পৰম শান্তিৰ পথটোত কোনো আপেক্ষিকতাই আমনি কৰিব নোৱাৰে। তেন্তে আমি জীৱনৰ পৰা কি বিচাৰো। তাতেই আৰম্ভ হয় দুখ নিবৃত্তি আৰু আত্মজাগৃতিৰ যাত্ৰা। ৰাজ পৰিয়ালৰ সন্তান গৌতম বুদ্ধই জীৱনৰ জৰা ব্যাধিৰ প্ৰকৃত ছবিখন দেখি জ্ঞান আৰু উপলব্ধিৰ চিন্তন কৰিবলৈ বাধ্য হৈছিল। তাৰ পৰাই পৃথিৱীৰ সবাতোকৈ চৰ্চিত অহিংস নীতি আৰু দৰ্শনৰ যাত্ৰাটো আৰম্ভ হৈছিল। উল্লেখযোগ্য যে আমাৰ ভাৰতবৰ্ষৰ হাজাৰ বছৰ পুৰণি সনাতন সভ্যতাৰ মাজত পৰিশুদ্ধতা, সংস্কাৰ আৰু প্ৰমূল্যবোধৰ জাগৰণেও আমাক অমল শান্তিৰ পথ পৰিক্ৰমা দেখুৱাই আহিছে। এতিয়া এই সকলোবোৰ সামৰি আমি আগবঢ়াৰ সময় সমাগত। প্ৰকৃতাৰ্থত আমি পৰম শান্তিৰ পৰা ক্ৰমাৎ আতৰি আহি আছো। আমি যি অশান্তিৰ সন্মুখীন হৈ আছো। এয়া অস্থায়ী হওক। মানৱ সমাজলৈ স্থায়ী শান্তি ঘুৰি আহক। এয়াই কামনা। তাৰ বাবে আমাৰ শ্ৰেণীকোঠাবোৰৰ পৰা শান্তিৰ পাঠ অধিক উচ্চাৰিত হোৱাৰ প্ৰয়োজন আহি পৰিছে।