পৰিৱৰ্তনৰ মন্ত্ৰ

দীনেশ চন্দ্ৰ কলিতা খণ্ড সমল ব্যক্তি ,হাজো

"আমাৰ সৰ্বাঙ্গীণ উন্নতিৰ কাৰণে আমি পৰিৱৰ্তন আনিব....তাৰ বাবে আমি নিজকে পৰিৱৰ্তন কৰিব লাগিব ....."।

শিক্ষক – মহাশয়, পৰিৱৰ্তনৰ কথা সকলোৱে কয় আৰু প্ৰায়ে শুনা যায় এইটো কি ইমান সহজ কাম নেকি ?

প্ৰশিক্ষক- হয়, নিজে বিচাৰিলে সহজ !

শিক্ষক- বুজা নাই ?

প্ৰশিক্ষক- আমি যদি অন্তৰৰ পৰা বিচাৰো আমি সহজে কৰিব পাৰোঁ , যদি বিভিন্ন অজুহাত দেখুৱাই আঁতৰি থাকিব বিচাৰো তেতিয়া ই কঠিন হৈ পৰে আৰু অসম্ভৱ হৈ পৰিবও পাৰে ।

শিক্ষক – দুই এজনে প্ৰকৃত পৰিৱৰ্তন বিচাৰিলে সমাজৰ ,বিদ্যালয়ৰ পৰিৱৰ্তন সম্ভৱ হ'বনে ? পৰিবেশৰ বিভিন্ন কাৰকে বাধাৰ সৃষ্টি কৰিব পাৰে !

প্ৰশিক্ষক – আপাত দৃষ্টিত চাবলৈ গলে এইটো সচাঁ কথা । ধৰক, আপুনি শিক্ষাৰ উন্নতিৰ কাৰনে পৰিৱৰ্তন আনিব বিচাৰিছে , আপোনাৰ সহকৰ্মী সকলে বিচৰা নাই আৰু বিভিন্ন অজুহাত দেখুৱাই আপোনাক সহযোগ কৰাৰ সলনি বিভিন্ন উপায়ে বাধাৰ সৃষ্টিহে কৰিছে । ছাত্ৰ-ছাত্ৰীয়ে ঘৰত অধ্যয়ন নকৰে আৰু অভিভাৱক সকলো সচেতন নহয় যাৰ বাবে আপুনি বিচৰা ধৰণে আগবাঢ়িব পৰা নাই । পৰিয়ালৰ সমস্যাবোৰতো আছেই ।

শিক্ষক – হয় ,আপুনি ঠিকেই ধৰিছে !

প্ৰশিক্ষক –আপুনি পৰিৱৰ্তন হ'বওঁ নোৱাৰে, আনিবও নোৱাৰে কাৰণ আপুনি দুৰ্বল, আপুনি শক্তিশালী হব লাগিব।

শিক্ষক- মানে চাৰ , দুৰ্বল ? শক্তিশালী ?

প্ৰশিক্ষক – আপুনি পৰিবৰ্তন আনিব বিচাৰিছে, আপুনি তেতিয়ালৈ দুৰ্বল যেতিয়ালৈ আনৰ উপৰত নিৰ্ভৰ কৰে । আপোনাৰ পৰিৱৰ্তন তেওঁলোকৰ হাতত, আপুনি পৰিৱৰ্তন আনিব পাৰিব যদিহে শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ-ছাত্ৰী ,অভিভাৱক সকলোৱে আপুনি বিচৰা ধৰণে পৰিবৰ্তন হয় । তেওঁলোক যেতিয়ালৈ পৰিবৰ্তন নহয় আপোনাৰো পৰিৱৰ্তনৰ সপোন বাস্তৱ নহয়, সেয়েহে আপুনি দুৰ্বল । আপুনি শক্তিশালী হব, যেতিয়া আপুনি অন্যৰ পৰিৱৰ্তনৰ উপৰত নিৰ্ভৰ নকৰি মনতে প্ৰতিজ্ঞা কৰি অন্যই যি কৰে কৰক ; কিন্তু মই পৰিৱৰ্তনৰ কাৰনে কাম কৰি যামেই আৰু ছাত্ৰ ছাত্ৰী সহকৰ্মী তথা অভিভাৱকৰো পৰিৱৰ্তন আনিমেই , আপুনি পাৰিবই কাৰণ আপুনি শক্তিশালী অৱস্থাত আছে ।তেনেকৈ যদি সকলোৱে ভাৱে পৰিৱৰ্তন কি কঠিন হৈ থাকিব ? আপুনি সৰু কালতে পঢ়া জ্ঞানী চৰাইৰ গল্পটো মনত আছেনে ?

শিক্ষক- হয়, খেতিয়কৰ ধাননিত বাহ সাজি পোৱালি জগোৱা চৰাই কেইটাৰ কাহিনীটো । খেতিয়ক আৰু তেওঁৰ পুতেকে ধানখিনি চপোৱাৰ বাবে আনৰ (গাৱৰ বা সম্বন্ধীয় লোকৰ) সহায় বিচাৰি থকা সময়ত মতা চৰাইটোৱে মাইকী চৰাইজনীক ধাননিডৰা এৰি যোৱাৰ আৱশ্যকতা নাই বুলি আশ্বাস দিছিল ; কিন্তু যেতিয়াই খেতিয়কে সিদ্ধান্ত সলনি কৰি নিজে পুতেকৰ লগত চপোৱাৰ সিদ্ধান্ত ল'লে, মতা চৰাইটোৱে ধাননিৰ পৰা পোৱালিসহ আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিল।

প্ৰশিক্ষক – হয় ,গল্পটোৰ নীতি শিক্ষা সেইটোৱে আছিল আনৰ ওপৰত নিৰ্ভৰ কৰিলে বিচৰা ফলাফল পোৱা নাযাবওঁ পাৰে আৰু যিটো নিজে চেষ্টা কৰিলে নিশ্চিন্তে সহজে কৰিব পৰা যায় ।

শিক্ষক- ইয়াৰ বাবে নিজে পৰিবৰ্তন হোৱা জৰুৰী নে ?

প্ৰশিক্ষক- হয় , হজৰত মহম্মদৰ মিঠাই খোৱা গল্পটো নিশ্চয় মনত আছে । তেওঁ যেতিয়ালৈ নিজে মিঠাই খোৱা অভ্যাস পৰিত্যাগ কৰা নাছিল , তেওঁ লৰাজনকো মিঠাই নাখাবলৈ উপদেশ দিয়া নাছিল । নিজৰ বেয়া অভ্যাস পৰিত্যাগ কৰিলেহে অন্যক আমি উপদেশ দিব পাৰিম ।

শিক্ষক–অন্য সহ শিক্ষক সকলক বা অভিভাৱক সকলৰ ব্যৱহাৰৰ পৰিৱৰ্তন কাৰণে একো কৰিব নালাগিব নে ?

প্ৰশিক্ষক – হয়, ঠিক কথাই কৈছে । সোণৰে তৈয়াৰী জাহাজ খনৰ কাহিনীতো মনত আছেনে ? জাহাজ খনৰ তলিখন সোণৰে নিৰ্মাণ কৰা হৈছিল যাতে বহু দিনলৈ নষ্ট নহয় । জাহাজখনে যাত্ৰীসকলক লৈ যাত্ৰা আৰম্ভ কৰিছিল । যেতিয়া জাহাজ খন মাজ সাগৰ পাইছিল, জাহাজখনত যাত্ৰা কৰে দুষ্ট প্ৰকৃতিৰ লোক কেইজনমানে সোণ উলিয়াবলৈ খন্দা আৰম্ভ কৰি দিছিল । জাহাজ খনত বহুতো ভাল মানুহো আছিল তেওঁলোকে ভয়ত বা জামালাত কিয় পৰো বুলি ভাৱি এই কামত বাধা দিয়া নাছিল । এটা সময়ত জাহাজৰ তলিত ফুটা হৈছিল আৰু ভিতৰত পানী সোমাই জাহাজ ডুবি সকলো যাত্ৰীৰ মৃত্যু হ'ল । আমাৰ সমাজ খনৰো অৱস্থা জাহাজখনৰ যাত্ৰী সকলৰ নিচিনাই হব ; যদিহে আমি ভাল মানুহখিনিয়ে বেয়া মানুহখিনিৰ বেয়া কামত বাধা নিদিওঁ বা তেওঁলোকক ভাল পথলৈ ঘুৰাই অনাৰ চেষ্টা নকৰো আমিও হয়তো সকলোৱে একেলগে ডুবিব লাগিব ।

শিক্ষক – বুজিছোঁ, নিজৰ লগতে আনৰো ধনাত্মক পৰিৱৰ্তনৰ কাৰণে আমি চেষ্টা কৰা উচিত, নহ'লে জাহাজৰ যাত্ৰীসকলৰ নিচিনা অৱস্থা আমাৰো হব পাৰে !

প্ৰশিক্ষক – নিশ্চয় , কিন্তু ইয়াৰ বাবে পূৰ্ব চৰ্ত হ'ল স্ব-পৰিৱৰ্তন !