ল'ৰালিৰ খেল ধেমালি

আলাউদ্দিন আহমেদ খণ্ড সমল ব্যক্তি, কমলপুৰ

শৰীৰ আৰু মনৰ উৎকৰ্ষ সাধনৰ কাৰণে খেল-ধেমালিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । শিশু অৱস্থাৰ পৰা ল'ৰা-ছোৱালীয়ে বিভিন্ন ধৰণৰ খেলাৰ প্ৰতি আকৃষ্ট হয় । অভিভাৱক সকলেও ল'ৰা-ছোৱালীক খেলা ধূলাৰ বাবে উত্সাহিত কৰা দেখা যায় । ইয়াৰ কাৰণ হ'ল ,দৈহিক বিকাশ আৰু সু-স্বাস্থ্যৰ অধিকাৰী হৈ নিজৰ লগতে সমাজ আৰু দেশৰ হিত সাধন কৰা ।

প্ৰচলিত খেলসমূহৰ কিছুমান উল্লেখ কৰা হ'ল- দৌৰ,ফুটবল ,কুকুৰা যুঁজ ,ভলীবল, ভেকুলী জাপ ,দীঘল জাপ,ওখ জাপ ,ৰচি টনা,মাৰ্বল, হাও, দঁৰিয়া ,কাবাডী, লাটুম,ধোপ, লুকা-চুৰি,পানীত ডুব মৰা ,সাঁতোৰ,চকীত বহা,পানী পাৰ ,চকলেট খোৱা,বেজীত সূতা ভৰোৱা,কচু-গুটি, দাং গুটি,মল্ল যুদ্ধ ,পাঞ্জা ,কলহ ভঙা, উঠা-বহা, কল গছ বগোৱা, কুট্ কুট্ ,হাথা খেলা,গোল্লা খেলা বাঘ-বল ,পইচা খেলা ইত্যাদি । কালৰ সোঁতত ইয়াৰে কিছু খেল বিলুপ্তিৰ পথত আৰু কিছুমান বৰ্তমানলৈ চলি আছে ।

আগৰ দিনৰ প্ৰায় ল'ৰা-ছোৱালীয়ে উল্লখিত খেল সমূহৰ লগত চিনাকি আৰু কিছু পৰিমাণে জড়িত আছিল ।আবেলি বিদ্যালয়ৰ পৰা আহি খেলত অংশগ্ৰহণ কৰাটো, প্ৰত্যেক ল'ৰা -ছোৱালীৰ নিত্য নৈমিত্তিক কৰ্তব্যৰ লেখীয়া আছিল । ইয়াৰ দ্বাৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ গঢ়লৈ উঠিছিল আৰু বিভিন্ন ক্ষেত্ৰত প্ৰতিভা বিকাশৰ সুযোগ পাইছিল |