ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস উদযাপনৰ প্ৰতিবেদন

কাশ্মীৰী দাস মণ্ডলী সমল কেন্দ্র সমন্বয়িকা-আগডলা (ক),কৰৰা শিক্ষা খণ্ড, কামৰূপ

১২আগষ্ট, বৃহস্পতিবাৰ, ২০২১চন, ভাৰতৰ প্ৰখ্যাত গ্ৰন্থাগাৰ বিশেষজ্ঞ এছ. আৰ. ৰংগনাথন যি ভাৰতৰ গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃ স্বৰূপে খ্যাত সেইজনা মহান মনিষীৰ ১২৮তম জন্ম বাৰ্ষিকী তথা নেচনেল লাইব্রেৰীয়ানচ্ ডে। সেয়ে সেই বিশেষ দিনটোত সমগ্ৰ শিক্ষা কামৰূপৰ সৌজন্যত আৰু ভাৰতী ফাউণ্ডেচনৰ সহযোগত জিলা পৰ্যায়ত ভাৰ্চুৱেল মাধ্যমত বিয়লি ৪বজাৰ পৰা পুথিভঁৰাল দিৱস উদযাপন কৰা হয়। মুখ্য অতিথি, বিশিষ্ট অতিথি, বিদ্যালয় সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা মিছন সমন্বয়ক, জিলা আঁচনি বিষয়া, ভাৰতী ফাউণ্ডেচনৰ কৰ্মকৰ্তা আৰু বিভিন্ন বিদ্যালয়ৰ পৰা উপস্থিত থকা ছাত্র-ছাত্ৰী সকলক আদৰণি সম্ভাসন জনাই অনুষ্ঠান মুকলি কৰে সমল ব্যক্তি মাননীয়া জ্বলী ভট্টাচার্য বাইদেউযৱে। তেখেতে পদ্মশ্রী এছ. আৰ. ৰংগনাথনৰ কথা সোঁৱৰি আজিৰ দিনটোৰ তাৎপর্য বাখ্যা কৰে। ইয়াৰ পাছতে অসম সংগীত পৰিবেশন কৰে হাজোৰ ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ কণ-কণ ছাত্র-ছাত্ৰী সকলে।

অসম সংগীতৰ অন্তত সভাৰ উদ্দেশ্য বাখ্যা কৰে জিলা আঁচনি বিষয়া মাননীয়া সংগীতা গোস্বামী বাইদেউৱে। সভাত আদৰণি ভাষণ প্রদান কৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা মিছন সমন্বয়ক শ্ৰদ্ধাৰ অপূর্ব ঠাকুৰীয়া ছাৰে। তেখেতে প্ৰথমে উপস্থিত অতিথি সকলৰ লগতে ছাত্র-ছাত্ৰী সকলক আদৰণি সম্ভাষন জনায় আৰু ব্যক্ত কৰে যে কিদৰে 'পঢ়ক আৰু পঢ়ুৱাওঁক' অভিযানৰ জৰিয়তে জিলাখনত বিদ্যালয় সমূহত হাতেলিখা আলোচনী, প্ৰাচীৰ পত্রিকা আৰু সাধুকথাৰ মেল আদিৰ জৰিয়তে ছাত্র-ছাত্ৰী সকলৰ মাজত এটা বৃহত্তৰ অধ্যয়ন বা পঢ়াৰ পৰিবেশ গঢ়ি তুলিবলৈ প্ৰয়াস কৰি থকা হৈছে। লগতে গ্ৰন্থাগাৰে আমাৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্রত সহায় কৰিব পাৰে তাৰ চমু বাখ্যা ধৰি অনুষ্ঠানৰ সফলতা কামনাৰে ভাষণৰ অন্ত পেলায়। ইয়াৰ পিছত ভোগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্রেণীৰ ছাত্ৰী সাগৰিকা কলিতাই তেওঁৰ প্ৰিয় গ্ৰন্থ 'The Discovery of India'ৰ লেখক আৰু গ্ৰন্থ খন সম্পর্কে চমু বৰ্ণনা দিয়ে। পৰৱৰ্তী কাৰ্যসূচীত জ্বলী ভট্টাচার্য বাইদেউৱে আজিৰ মুখ্য অতিথি বিশিষ্ট লেখক তথা কথাছবি নিৰ্মাতা, পদ্মশ্রী সূৰ্য হাজৰিকা দেৱৰ অসমৰ সাহিত্য- সাংস্কৃতিক জগতত তেখেতৰ মহান অৱদান, কৰ্মৰাজীৰ সফলতা আৰু গৰিমাৰ চমু আভাস দি তেখেতৰ বহুমূলীয়া ভাষণ আগবঢ়াবলৈ অনুৰোধ জনায়। গ্ৰন্থাগাৰ বিশেষজ্ঞ এছ.আৰ.ৰংগনাথনৰ প্ৰতি সন্মান জনাই হাজৰিকা দেৱে নিজৰ বক্তব্যত কয় পৃথিৱীৰ বৃহৎ-বৃহৎ আৰু বিখ্যাত পুথিভঁৰাল সমূহত তেখেতে লাভ কৰি অহা প্ৰত্যক্ষ অভিজ্ঞতা সমূহ, ইংৰাজী BOOK শব্দ টোৰ অন্তৰ্নিহিত অৰ্থ, গ্ৰন্থ আৰু গ্ৰন্থাগাৰৰ সম্পর্ক, জন্ম তথা সংৰক্ষণ সম্পর্কে। পৃথিৱীৰ প্ৰাচীনতম আৰু বৃহত্তম ন মহলীয়া, ৯০ লাখ গ্ৰন্থ সম্বলিত নালন্দা বিশ্ববিদ্যালয়ৰ গৌৰৱময়ী ইতিহাসৰ পৰা আৰম্ভ কৰি বৰ্তমান যুগৰ আধুনিক আৰু বৃহত্তম গ্ৰন্থাগাৰসমূহ, আমেৰিকাৰ ৱাছিংটন ডি. চি. ত থকা লাইব্রেৰী কংগ্রেছ, ব্ৰিটিছ লাইব্রেৰী, বোষ্টন লাইব্রেৰী আদিৰ বিষয়ে তেখেতে সুন্দৰ বৰ্ণনা দি যায়। অতি আকৰ্ষণীয় ভাৱে নিজৰ সাৰুৱা ভাষণেৰে ন-ন কথা জানিব দি উপস্থিত সকলকে আপ্লুত কৰাৰ লগতে গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হয়। তেখেতে অতি দুখ ব্যক্ত কৰে যে পুথি অধ্যায়ন আৰু সংৰক্ষণৰ ক্ষেত্রত পৃথিবীৰ অন্যান্য দেশৰ তুলনাত ভাৰত আজিও বহুতো পিছপৰি আছে। তেখেতে অসম তথা সমগ্র ভাৰততে গ্ৰন্থ আৰু গ্ৰন্থাগাৰ আন্দোলন গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে বুলি মত পোষণ কৰে। তেখেতে পৃথিৱীৰ প্ৰাচীনতম গ্ৰন্থ চীন দেশৰ 'ডায়মণ্ড সূত্র' ৰ কথা উল্লেখ কৰি কয় যে অসমৰ পণ্ডিত কুমাৰ লীলা ভট্টৰ গ্ৰন্থ সমুহ তুলনামূলকভাৱে তাতোকৈ অধিক পুৰণি অথচ আমাৰ অসচেতনতাৰ বাবেই আমাৰ এই গৌৰৱ আমি বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা নাই, তাতকৈ দুখৰ কথা কি হব পাৰে? এনেদৰে উপস্থিত সকলোৰে মনত এক নতুন চিন্তাৰ উদ্ৰেক ঘটাই তেওঁ অনুষ্ঠানৰ উদ্দেশ্য সফল কৰি তোলে। ইয়াৰ পাছত ভাষণ প্রদান কৰে বিশিষ্ট অতিথি শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক দেৱে। তেখেতে উল্লেখ কৰে যে এটা জাতিৰ সভ্যতাৰ প্ৰতীক হ'ল সেই দেশৰ লাইব্রেৰী সমূহ। এই ক্ষেত্রত তেওঁ বৃটিছ আৰু আমেৰিকান সকলৰ জ্ঞানৰ প্ৰতি থকা পিপাসাৰ কথা দোহাৰে। তেখেতে চান ফ্ৰান্সিছ বেকনৰ গ্ৰন্থ সম্পর্কে থকা মূল্যবান টোকাৰ কথা উল্লেখ কৰি গ্ৰন্থ অধ্যায়ন সম্পর্কে নিজস্ব দৃষ্টিভংগী দাঙি ধৰে। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি ভাষণ প্রদান কৰে বিশিষ্ট অতিথি অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মাননীয় শ্ৰী যুত অসীম কৃষ্ণ ডাঙৰীয়াই। গ্ৰন্থাগাৰ সম্পর্কে তেওঁ কয় যে গ্ৰন্থাগাৰ হ'ল অতীত, বৰ্তমান আৰু ভবিষ্যতৰ যোগসূত্র স্থাপনৰ এক সামাজিক সংস্থা। তেওঁ মত পোষণ কৰে যে ছাত্র ছাত্র-ছাত্ৰী সকলৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ হ'লে প্ৰথমে অভিভাৱক আৰু শিক্ষক সকলে নিজে কিতাপ পঢ়িব লাগিব। অন্যথা ছাত্র-ছাত্ৰী সকলক আমি মোবাইলৰ দুষ্প্রভাৱৰ পৰা আঁতৰাই ৰাখিব নোৱাৰিম। তেখেতে এছ. আৰ. ৰংগনাথনৰ জীৱনীটো বিদ্যালয়ৰ পাঠ্যপুথিত অন্তর্ভুক্ত কৰিব লাগে বুলিও মত প্ৰকাশ কৰে। লগতে এই মহান ব্যক্তি জনৰ গ্ৰন্থাগাৰ বিজ্ঞান সম্পর্কে থকা পাঁচটা নীতিৰ কথাও উল্লেখ কৰে। তেখেতে বৰ্তমান ক'ভিড পৰিস্থিতিৰ ঋণাত্মক দিশ সমূহৰ মাজতো পৰিলক্ষিত হোৱা ধনাত্মক দিশটোৰ কথা কয় যে আজিৰ পৰিস্থিতিত এচাম মানুহে বন্ধ কোঠাত আকৌ কিতাপ হাতত তুলি ল'বলৈ বাধ্য হৈছে। বৰ্তমান পৰিস্থিতিত ছাত্র-ছাত্ৰী সকলৰ যি ক্ষতি হোৱা পৰিলক্ষিত হৈছে সেয়াহে অধিক ভয়াবহ মহামাৰী ৰূপে পৰিগণিত হ'ব। এনেদৰে অতি সাৰুৱা ভাষণেৰে আজিৰ অনুষ্ঠানটি সাফল্য মণ্ডিত কৰি তোলে। তেখেতৰ ভাষণৰ অন্তত সপোনৰ পুথিভঁৰাল সম্পর্কে চমু বৰ্ণনা দিয়ে কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ নৱম শ্রেণীৰ ছাত্ৰী চেহনাজ চৌধুৰীয়ে। শেষত ভাৰতী ফাউণ্ডেচনৰ তৰফৰ পৰা দু-আষাৰ ব্যক্ত কৰে শ্ৰী যুত মুকুট কলিতা দেৱে। সৰ্বশেষত সকলোকে ধন্যবাদ জানাই শলাগৰ শৰাই আগবঢ়ায় জিলা আঁচনি বিষয়া মাননীয়া চুইটি বেজবৰুৱা বাইদেউৱে আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি আজিৰ অনুষ্ঠানৰ সফল সামৰণি পেলোৱা হয়।

Bornali Bornali Bornali Bornali