আমাক আৱৰি থকা উভচৰ আৰু সৰীসৃপ!

প্ৰণয় কিশোৰ বৰা ডক্টৰেল গৱেষক, ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, ভুৱনেশ্বৰ, পাৰমাণৱিক শক্তি বিভাগ, ভাৰত চৰকাৰ
PranayKishoreBora

মোৰ মৰমৰ কণমানি বন্ধু বান্ধৱী সকল। মই জানোঁ যে তোমালোকে বৰষুণৰ বতৰত ভেকুলীবোৰে গাই থকা, ক্ৰোকিং (croaking) কৰি থকা শব্দ শুনিছা। আৰু গ্ৰীষ্মকালীন আবেলিবোৰত স্লিডাৰিং (slithering) কৰি থকা সাপবোৰ দেখিছা। তোমালোকে বাৰু কেতিয়াবা এই ধুনীয়া আৰু আকৰ্ষণীয় প্ৰাণীবোৰৰ বিষয়ে ভাবিছানে? আহা মই তোমালোকৰ লগত এই ধুনীয়া প্ৰাণীবোৰৰ বিষয়ে কিছুমান কথা আলোচনা কৰোঁ -

বাৰিষাৰ সময়ত তোমালোকৰ চাৰিওফালে থকা পুখুৰী বা আন জলাশয় (যেনে - পথাৰত জমা হোৱা পানী বা খাল বীল ইত্যাদিত) টোৰ- টোৰাই থকা ভেকুলীবোৰক আমি সাধাৰণতে উভচৰ প্ৰাণী বুলি কওঁ। আৰু গ্ৰীষ্মকালীন ৰ'দৰ দিনবোৰত তোমালোকৰ বাগিছাৰ চাৰিওফালে ঘূৰি ফুৰা সেই দীঘলীয়া আকৃতিৰ সাপবোৰক সৰীসৃপ বুলি কওঁ। এই দুয়োবিধ প্ৰণীক একেলগে হেৰ্পেটফাউনা (Herpetofauna) বুলি কোৱা হয়। ইহঁত আমাৰ চাৰিওফালে থকা পৰিস্থিতিতন্ত্ৰৰ এক অবিচ্ছেদ্য অংশ। ভেকুলীৰ উপৰিও উভচৰ প্ৰাণীবোৰৰ ভিতৰত আছে নেজ থকা চালামাণ্ডাৰ (Salamander) আৰু নিউট (Newt), লগতে ভৰি বা হাতৰ দৰে অংগ নথকা চিচিলিয়ান (Caecilian)। আনহাতে সাপৰ উপৰিও সৰীসৃপবোৰৰ ভিতৰত জেঠী, কাছ আৰু ঘৰীয়াল আদি অন্তৰ্ভূক্ত আছে।

মই ইতিমধ্যে উল্লেখ কৰাৰ দৰে এই দুয়োবিধ প্ৰাণীয়ে আমাৰ চাৰিওফালে থকা পৰিস্থিতিতন্ত্ৰৰ ভিতৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইহঁত পৰিস্থিতিতন্ত্ৰৰ খাদ্যজালৰ ভিতৰত অন্তৰ্ভুক্ত হৈ চিকাৰ আৰু চিকাৰী দুয়োটাৰে ভূমিকা লোৱা দেখা পোৱা যায়। ইয়াৰ দ্বাৰা সিহঁতে পৰিবেশৰ ভাৰসাম্য বজাই ৰাখে।

বাৰিষা এই প্ৰাণীবোৰ সক্ৰিয় হোৱাৰ বাবে উৎকৃষ্ট সময়। কাৰণ ইহঁতৰ কাৰ্য্যকলাপ পৰিবেশৰ উষ্ম তাপমাত্ৰা আৰু গ্ৰীষ্মৰ বৰষুণৰ পৰিণতিত উৎপন্ন হোৱা উচ্চ পৰিমাণৰ আদ্ৰতাৰ (পানীৰ বাষ্প হিচাপে থকা বায়ুত পানীৰ পৰিমাণ) ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে তোমালোকে এই প্ৰাণীবোৰক গ্ৰীষ্ম আৰু বাৰিষাৰ দিনবোৰত সঘনাই দেখা পোৱা। উল্লেখযোগ্য যে এই প্ৰাণীবোৰ এইখিনি সময়তে প্ৰজনন কৰে বা বংশ বৃদ্ধি কৰে। এই প্ৰক্ৰিয়াটোত উভচৰ আৰু সৰীসৃপ দুয়োবিধ প্ৰাণীয়েই কণী পাৰে। যত উভচৰ প্ৰবীবোৰে জেলীৰে (Jelly) আবৰি থকা কণী পানী বা পানীৰ সমীপৰ বোকাত এৰি দিয়ে, আৰু সৰীসৃপ বোৰে সাধাৰণতে বাকলিযুক্ত কণী পাৰি মাটিৰ তলত পুতি থয় (উদাহৰণ স্বৰূপে কাছ বা ঘৰীয়াল)। এনেদৰে কণীৰ জৰিয়তে বংশ বৃদ্ধি কৰা প্ৰণীক ইংৰাজীত অভিপেৰাছ (Oviparous) বুলি কয়। গ্ৰীষ্মৰ সময়ত ইহঁতৰ বৃদ্ধি হোৱা কাৰ্যকলাপ বা একটিভিটি(Activity)ৰ আন এটা কাৰণ হয় যে এই সময়তে দুয়োবিধ প্ৰাণীয়ে নিৰন্তৰ ভাবে খাদ্য সংগ্ৰহ কৰে, যাৰ জৰিয়তে আহৰণ কৰা শক্তি দীৰ্ঘদিনৰ বাবে দেহত জমা কৰি ৰাখে। ইয়াৰ দ্বাৰা ভেকুলী বা সাপবোৰে প্ৰজনন, সন্তান প্ৰতিপালন, আৰু লগতে শীতকালৰ শীতনিদ্ৰাৰ সময়ত জীয়াই থকাত সহায় হয়।

Uperodon systoma. Marbled Baloon Frog

Picture-1: Uperodon systoma. Marbled Baloon Frog

Epicrium garoensis. Garo Hills Caecilian

Picture-2: Epicrium garoensis. Garo Hills Caecilian

তোমালোকে হয়তো লক্ষ কৰিছা যে এই প্ৰাণীবোৰ শীতৰ সময়ছোৱা একেবাৰে কম সক্ৰিয় হৈ পৰে। এই সময়ত উভচৰ আৰু সৰীসৃপ দুয়োবিধ প্ৰাণীয়েই মাটিৰ তলৰ গাঁত বা সুৰংগ ইত্যাদিৰ ভিতৰত সোমাই নিষ্ক্ৰিয় হৈ পৰে। ভাবাচোন, কিয় এই প্ৰাণীবোৰ অকল গ্ৰীষ্মৰ দিনবোৰতহে সক্ৰিয় হয়? ইয়াৰ কাৰণ হল ইহঁত শীতলৰক্তি (cold-blooded) প্ৰাণী। যাৰ অৰ্থ এইটো নহয় যে সিহঁতৰ তেজ শীতল (মনত ৰাখিবা, তেজে শৰীৰৰ তাপ নিয়ন্ত্ৰিত কৰি ৰাখে)। দৰাচলতে ইয়াৰ অৰ্থ এইটোৱে যে ইহঁতৰ শৰীৰৰ তাপ বাহ্যিক তাপৰ উৎস যেনে পাৰিপাৰ্শ্বিক উষ্ণতা আৰু ৰ'দৰ পোহৰৰ তাপৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এইটো বুজিবলৈ তোমালোকৰ বাগিছাৰ গছবোৰত সূৰ্যৰ তাপ লৈ বাছকিং (basking) কৰি থকা তেজপিঁয়া কেইটাৰ কথা মনলৈ আনা। মনত ৰাখিবা আমাৰ দৈনন্দিন কৰা সকলো কামৰ বাবে শৰীৰত এক নিৰ্দিষ্ট তাপ আৰু লাগতিয়াল শক্তিৰ প্ৰয়োজন। সেয়েহে গ্ৰীষ্মৰ দিনবোৰত এই প্ৰাণীবোৰক সাধাৰণতে সঘনাই দেখা পোৱা যায়। সেয়েহে গ্ৰীষ্মৰ দিনবোৰেই ইহঁতৰ বাবে সক্ৰিয় হৈ থাকিব পৰা সময়। ইয়াৰ বাবে আমি শীতৰ সময়ছোৱা এই প্ৰাণীবোৰক সাধাৰণতে দেখা নেপাওঁ।

Calotes versicolor. Oriental Garden Lizard

Picture-3: Calotes versicolor. Oriental Garden Lizard

Daboia russelii. Russell's Viper

Picture-4: Daboia russelii. Russell's Viper

গতিকে পৰৱৰ্তী সময়ত তোমালোকে ইহঁতক দেখিলে দূৰৰ পৰাই সিহঁতৰ আচৰণবোৰ লক্ষ্য কৰিবা। সিহঁতৰ কাৰ্যকলাপবোৰ চাবা। বাৰিষাৰ সন্ধিয়া ইহঁতে কেনেদৰে মাতে, বিজ্ঞানসন্মত ভাবে সেই আচৰণ বোৰ লিখীবা আৰু অধ্যয়ন কৰিবা। ইহঁতে কেনেদৰে চিকাৰ কৰে চাবা আৰু বেলেগ প্ৰাণীয়ে সিহঁতক কেনেকৈ চিকাৰ কৰে লক্ষ্য কৰিবা। মনত ৰাখিবা, উভচৰ বা সৰীসৃপ বোৰক অধ্যয়ণ কৰোঁতে সদায় দূৰৰ পৰা কৰিবা আৰু তোমালোকৰ জ্যেষ্ঠসকলৰ তত্বাৱধানত থাকিবা। গভীৰভাৱে তোমালোকৰ ওচৰে পাজৰে থকা উভচৰ বা সৰীসৃপ বোৰক অধ্যয়ন কৰিলেহে ভৱিষ্যতে তোমালোক একোএকোজন দক্ষ হেৰ্পেট'লজিষ্ট (Herpetologist) হব পাৰিবা।

তোমালোকলৈ মোৰ শুভকামনা।