ট্ৰেকিং জানো আহক, ট্ৰেকিং কৰো আহক

জুলিমা ডেকা

ট্ৰেকিং হল খোজকঢ়াৰ এটা আনন্দপূৰ্ণ অভিজ্ঞতা যত এদিনতকৈ বেছিসময় বিভিন্ন ভিতৰুৱা অঞ্চল, পাহাৰ, পৰ্বত, জংগল আদিৰ প্ৰাকৃতিক দৃশ্য চোৱা, প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে নতুন ঠাই আৱিস্কাৰ কৰা হয়। ট্ৰেকিঙৰ খুব সুন্দৰ আভিধানিক সংজ্ঞা বিছাৰি পালো, যিটো প্ৰকৃত অৰ্থত সঁচা, সেইয়া হল ট্ৰেকিং মেডিটেচনৰ সমাৰ্থক।মেডিটেচনত যেনেকৈ মাথো নিজক উপলব্ধি কৰা যায় ট্ৰেকিংটো পাহাৰ পৰ্বত, প্ৰকৃতিৰ মাজত মাথো নিজক বিছাৰি পোৱা যায়।এয়া যেন এক সাধনা।ট্ৰেকিং দুভৰিৰে পাহাৰ পৰ্বত, পাহৰৰ ভিতৰুৱা গাওঁবোৰৰ মাজেৰে কৰা ভ্ৰমন বা যাত্ৰা। ট্ৰেকিং এক প্ৰকাৰৰ দুঃসাহসিক ক্ৰীড়া। সাধাৰন খেল সমুহতকৈ ট্ৰেকিং কৰিবলৈ অদম্য সাহসৰ প্ৰয়োজন।তাৰ লগে লগে প্ৰয়োজন হয় শাৰিৰীক সুস্থতা, প্ৰৱল ইচ্ছাশক্তি , মানসিক শক্তি আদিৰ।ইয়াত বেলেগ প্ৰতিদ্বন্দি নাথাকে, বা আনক হৰুৱা কথা নাথাকে।ইয়াত নিজেই নিজৰ প্ৰতিদ্বন্দি।

ট্ৰেকিঙেৰ আমাৰ শৰীৰ, মনত সাংঘাটিক যোগাত্মক প্ৰভাৱ পেলায়।কাৰন ই আমাৰ হৃদযন্ত্ৰৰ সক্ষমতা বৃদ্ধি কৰে আৰু সুচাৰুৰূপে তেজ চলাচল কৰাত সহায় কৰে।লগতে ই ৰক্তচাপ কমাই ৰাখে।পৰ্বত বগাব যাওতে আমি খুব বেছিকৈ উশাহ লোৱা প্ৰয়োজন হৈ পৰে, যাৰ বাবে আমাৰ হাওঁফাওঁৰ পৰিসৰ বহল হয় আৰু উশাহ লোৱাত সহায়ক হৈ পৰে।আমাৰ শৰীৰৰ ওজন কমায় আৰু তেজত চুগাৰৰ পৰিমানো এই ক্ৰীড়াই নিয়ন্ত্ৰন কৰি ৰাখে।ট্ৰেকিঙত দুৰত্বটো বেছি লগতে পাহাৰৰ উঠা নমাবোৰত হয়, আৰু হাৰ্টটোৱে বেছিকৈ অক্সিজেন বিছাৰে।যাৰ ফলত শৰীৰৰ মগজু আৰু পেশীবোৰলৈ তেজ চলাচল ভালদৰে হয়।লগতে হৃদযন্ত্ৰৰ পেশীবোৰ সবল হৈ উঠে।ট্ৰেকিঙ জংগল বা পাহাৰত কৰা হয় যত বায়ু বিশুদ্ধ হৈ থাকে , প্ৰদুষন মুক্ত হৈ থাকে আৰু লোকালয়ৰ পৰা বহুত দুৰত হয় আৰু ট্ৰেকাৰ সকলে বিশুদ্ধ বায়ু সেৱন কৰিব পাৰে।

trekking

ট্ৰেকিঙে শৰীৰক সবল কৰি নিৰোগী কৰি ৰখাৰ লগতে মনকো সন্তুলিত কৰি ৰাথে।ই মানসিক চাপৰ পৰা মুক্ত ৰাখে।মানসিক ভাৱে সুস্থ আৰু সবল কৰি মনটোক ৰাখিবলৈ ট্ৰেকিঙে সহায় কৰে। ব্যায়াম কৰাৰ আৰু ওজন কমোৱাৰ বাবে ট্ৰেকিং সকলোতকৈ কম খৰচী আৰু সহজ উপায়। দৈনন্দিন খোজকঢ়াই পুৰনি ৰোগ যেনে ডায়েবেটিচ, এষ্ঠেমা, ষ্ট্ৰোক, আনকি কিছুমান কেঞ্চাৰও উপশম ঘটায় বুলি তথ্যত প্ৰকাশ হৈছে। ট্ৰেকিং আমি ভবা বা উপলব্ধি কৰাতকৈ বহুত বেছি শক্তিশালী, দুঃৰহ ।ই আমাক দুঃচিন্তাৰ পৰা মুক্ত কৰি কামত নিমজ্জিত কৰাত সহায় কৰে, মন মগজুৰ যন্ত্ৰণা উপশম কৰে। আমাক গঠনাত্মক চিন্তা কৰাত সহায় কৰে।ডিপ্ৰেচনৰ পৰা নিজকে মুক্ত কৰাত সহায় কৰে।

trekking

ট্ৰেকিং কৰা ব্যক্তি সকল সাধাৰন মানুহতকৈ কিছু ব্যতিক্ৰমী চিন্তাধাৰৰ হয়।তেওঁলোক কষ্টসহিষ্ণু আৰু জীৱনৰ যিকোনো প্ৰত্যাহ্বান লবলৈ সক্ষম হৈ উঠে।কাৰণ ট্ৰেকিং জংগল বা অৰণ্যৰ মাজত হয় অথবা পাহাৰ পৰ্বতত হয়।পাহাৰ বা পৰ্বতত একেৰাহে ট্ৰেকিং কৰিবলৈ হলে প্ৰথমে নিজকে শাৰিৰীক আৰু মানসিকভাৱে প্ৰস্তুত কৰি লব লাগে।যাৰ বাবে বিভিন্ন ব্যায়াম অনুশীলন কৰা আৱশ্যক হৈ পৰে।যিকোনো জটিল পৰিস্থিতিৰ মুখামুখি হবলৈ নিজকে মানসিকভাৱেও প্ৰস্তুত কৰি লব লগা হয়। সেইবাবে ট্ৰেকিঙে মানুহক শাৰিৰীক আৰু মানসিকভাৱে শক্তিশালী কৰি তোলে। ট্ৰেকিঙে ব্যক্তিগত জীৱনত বহুত প্ৰভাৱ পেলায়।নিজকে কেনেকৈ পৰিচলনা কৰিব লাগে, কেনেকৈ এটা ভাল জীৱনৰ পৰিকল্পনা কৰিব পাৰি সেই শিক্ষা ট্ৰেকিঙে দিয়ে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ এই যে ট্ৰেকিঙে সময়ৰ সঠিক ব্যৱহাৰৰ শিক্ষা দিয়ে।লগতে পৰিপাটিতাৰ শিক্ষাও দিয়ে।ট্ৰেকিঙে প্ৰকৃতিৰ লগত সহৱস্থান কৰিবলৈ শিকায়। জীৱনৰ সমস্যা বা জটিল সময় ত কেনেকৈ পৰিস্থিতিৰ লগত মোকাবিলা কৰিব লাগে সেই শিক্ষা দিয়ে ট্ৰেকিঙে।

trekking

ই মানুহৰ আত্মবিশ্বাস বঢ়ায় আৰু স্বাস্থ্য সচেতনতা বঢ়ায়, নিজকে যিকোনো পৰিৱেশ পৰিস্থিতত সুস্থিৰতাৰে সহৱস্থান কৰাত সহায় কৰে।মানুহৰ মন কলাসুলভ কৰে, গঠনমুলক চিন্তাধাৰা বৃদ্ধি কৰে।

trekking

ট্ৰেকিঙে পৰিয়ালৰ মাজত কটকটিয়া বান্ধোনৰ সৃষ্টি কৰে।এজন পৰিয়ালৰ সকলো সদস্যই ট্ৰেকিঙত ভাগ লব পাৰে, যাৰ ফলত পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ লগত থকা বান্ধোনবোৰ গাঢ় হৈ পৰে।প্ৰকৃতিৰ মাজত মানুহৰ মনবোৰ সুন্দৰ হৈ পৰে।প্ৰকৃতি আৰু নিজক বুজিবৰ বাবে ট্ৰেকিং এক উত্তম পন্থা।

অসমৰ দ্বিতীয়গৰাকী এভাৰেষ্ট আৰোহী তথা যি গৰাকী অসম সু সন্তানে এতিয়ালৈ ৫খন মহাদেশৰ সৰ্ব্বোচ্চ শিখৰ আৰোহন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে সেই গৰাকী অসম সন্তান পৰ্বতাৰোহী মনীষ কুমাৰ ডেকাৰ মতে পৰ্বত আৰোহন আৰু ট্ৰেকিংৰ মাজত কিছু পাৰ্থক্য আছে।তেখেতৰ মতে পৰ্বত আৰোহন অত্যন্ত কঠিন যাক সকলো শ্ৰেণীৰ লোকে কৰিব নোৱাৰে।কিন্তু ট্ৰেকিং সকলো শ্ৰেণীৰ লোকে কৰিব পাৰে।বেছি কম বয়সীয়া আৰু বয়সীয়াল মানুহৰ বাবে পৰ্বতাৰোহন কৰাটো কিছু সমস্যাই দেখা দিয়ে কিন্তু ট্ৰেকিং সকলো শ্ৰেণীৰ লোকৰ বাবে সহজসাধ্য।পৰ্বতাৰোহনৰ বাবে যথেষ্ঠ বেছি টকা আৰু সময় খৰচ হয়, কিন্তু ট্ৰেকিংত সিমানখিনি সময় বা টকা খৰচ নহয়।তেখেতেৰ মতে ট্ৰেকিঙে শাৰিৰীক মানসিক উপযোগিতা বহুত। শাৰিৰীক স্বাস্থ্য, মানসিক স্বাস্থ্যৰ লাভালাভৰ লগতে ট্ৰেকিঙত এনে কিছুমান সাংঘাটিক মনোমোহা প্ৰাকৃতিক দৃশ্য দেখিবলৈ পোৱা যায় যে যি দৃশ্য সাধাৰন ভ্ৰমন ত দেখা পোৱা নাযায় আনকি পৰ্বতাৰোহনটো তেনে দৃশ্য দেখিবলৈ পোৱা নাযায় বুলি এভাৰেষ্ট বিজয়ী গৰাকীয়ে উল্লেখ কৰে। তেখেতৰ মতে অসমত ট্ৰেকিঙৰ যথেষ্ঠ সুবিধা আছে।যিহেতু অসমখন হিমালয়ৰ পাদদেশত অৱস্থিত আৰু ইয়াৰ দাঁতিকাষৰিয়া পাহাৰবোৰত ট্ৰেকিংৰ যথেষ্ঠ সুবিধা আছে। ইয়াৰ ওপৰি অসমখন অভয়াৰণ্য, সংৰক্ষিত বণাঞ্চলৰে পৰিপূৰ্ণ।সেইবাবে ইয়াত জংগল ট্ৰেকিংৰ যথেষ্ঠ সুবিধা আছে।মাথো কিছুমান বনাঞ্চলত চৰকাৰী ভাৱে অনুমতি নিদিয়াৰ বাবে কিছু অসুবিধা আছে আৰু কিছুমান ঠাইত চৰকাৰী অনুমতি লৈ ট্ৰেকিং কৰিব পাৰি। ‌‌IIE গুৱাহাটিৰ চিনিঅৰ প্ৰজেক্ট অ'ফিচাৰ তথা অসমৰ এগৰাকী পৰ্বতাৰোহী হেমন্ত ৰাভাই শিশুসকল শিক্ষাত ট্ৰেকিঙৰ গুৰুত্ব সম্পৰ্কত কিছু মন্তব্য কৰে।তেখেতে কয় যে ট্ৰেকিং কিছুমান নীতি নিয়মৰ মাজেৰে কৰা হয়।ট্ৰেকিং কৰা সময়ত নিয়মানুৱৰ্তিতাৰ আৰু পৰিপাটিতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়, যাৰ বাবে শৈশৱতে যদি ট্ৰেকিঙ কৰোৱা হয় শিশুসকল নিয়মানুৱৰ্তী আৰু পৰিপাটি হবলৈ শিকে আৰু নিজৰ জীৱনটোক সুন্দৰকৈ পৰিচালিত কৰিবলৈ শিকে।ট্ৰেকিং যিহেতু এক প্ৰত্যাহ্বানযুক্ত খেল, সেয়েহে শিশু সকলে ট্ৰেকিং কৰাৰ ফলত জীৱনৰ যি কোনো প্ৰত্যাহ্বনৰ মুখামুখি হব পৰাকৈ সাহসী হৈ উঠে।পৰ্বত আৰোহন কৰা বা ট্ৰেকিং কৰা আৰু জীৱনৰ পাহাৰ বগোৱা একেই কথা। তেখেতে ইয়াকো কয় যে পশ্চিমীয়া দেশসমূহত একেবাৰে শিশু অৱস্থাতে বিদ্যালয়সমূহত মাহত এদিন বা দুদিন শিশুসকলক মা দেউতাকৰ পৰা দুৰত ট্ৰেকিঙ কৰিবলৈ লৈ যায় যাতে শিশুসকলে ট্ৰেকিংৰ পৰা বাস্তৱ জীৱনৰ কিছু অভিজ্ঞতা লাভ কৰে, আত্মবিশ্বাসী, স্বনিৰ্ভৰশীলতা, পৰিপাটিতা, নিয়মানুৱৰ্তিতা আদি জ্ঞান লাভ কৰিব পাৰে। ট্ৰেকিঙে শিশুসকলৰ ব্যক্তিত্বৰ বুনিয়াদ গঠন কৰে।