পখিলা

Ashmita Das Class II, 1259 No Muwamari LPS

অ' পখিলা অ' পখিলা
তোমাৰ পাখি লাহী দুখিলা,
ফুলৰ মৌ চুহি চুহি
ক'ৰ পৰা আহিলা ।।

ফুটফুটিয়া ৰঙা নীলা ৰং
ক'তনো পালা,
সাজি কাঁচি আজি দেখোন
ৰাজকুমাৰী হ'লা ।।

মোৰ সৰু ফুলনিত
আছে বহু ফুল,
ৰঙা নীলা ফুলবোৰ দেখি
যাবা নেকি ভোল ।।