চুইটি মাহীৰ চিঠি

চুইটি বেজবৰুৱা জিলা আঁচনি বিষয়া , সমগ্ৰ শিক্ষা , কামৰূপ

মৰমৰ অকনিহত

মৰম লবা । আশাকৰো নেদেখাজনৰ কৃপাত তোমালোক সকলোৱে কুশলে আছা । আজি তোমালোকৰ মনৰ বতৰা লবলৈ এটা কথা সুধিব খুজিছোঁ। তোমালোকে এতিয়া কভিডসৃষ্ট পৰিবেশত ঘৰত থাকি শ্ৰেণীৰ পাঠ্যপুথিৰ ওপৰিয়ো আৰু কি কি কিতাপ পঢ়িলা? তোমালোকে পঢ়া আটাইতকৈ ভাল লগা কিতাপ খনৰ বিষয়ে মোলৈ লিখি পঠাবাহত । মই তোমালোকক আজি এটা মজাৰ কাম দিব খুজিছোঁ । তোমালোকে আবেলিৰ আকাশত ডাৱৰৰ ভিন্ন সজ্জা দেখিছানে? চাবচোন । তোমালোকে ডাৱৰে তৈয়াৰ কৰা ভিন্ন চিত্ৰ অংকন কৰি মোলৈ পঠাই দিবা । আটায়ে কুশলে থাকিবা । তোমালোকলৈ দুটি শিশুকবিতা আৰু এটি সাধু লিখি পঠাইছোঁ । সকলোৱে পঢ়িবা দেই । মৰম লবা ।

ইতি

চুইটি মাহী

দুৰসংযোগ নম্বৰ ৭০০২২১০৮৪২