স্বাধীনতা সেনানী

অংশুমান বনিয়া পঞ্চম শ্ৰেণী, বৰগাঁও মিলনজ্যোতি এম. ই.স্কুল,কৰৰা শিক্ষা খণ্ড

বৃটিছৰ বিৰুদ্ধে বলেৰে
পৰাধীন ভাৰতীয়ই যুজিলে
জন্মস্বত্ব স্বাধীনতা বিচাৰি
অসংখ্যজনে দিলে দেশৰ বাবে
প্ৰাণ আহুতি মায়া-মমতা ত্যাগ কৰি |
অলেখজন দেশপ্ৰেমিক আৰু
অহিংসা নীতিত অটল
মহাত্মা গান্ধীয়ে ধৰিছিল
স্বাধীনতা সংগ্ৰামৰ গুৰি |
অহিংস নীতিৰ মনোবলেৰে
পৰক্ৰমী বৃটিছে পৰাজয়
বৰণ কৰি আমাৰ ভাৰতবৰ্ষ
১৯৪৭ চনৰ ১৫ আগষ্টত
বৃটিছমুক্ত হিচাপে স্বাধীনতা
লাভ কৰি মাৰে জয়ৰ শেষ হাঁহি |
হে মহান শ্বহীদ স্বাধীনতা সংগ্ৰামী
ইতিহাসৰ পাতত আৰু প্ৰতিজন
ভাৰতীয়ৰ হৃদয়ত জিলিকি আছে দেশপ্ৰেমৰ বাবে কৰা সংগ্ৰামৰ কাহিনী
আপোনাকৰ স্মৃতি সুৱৰি
প্ৰণিপাত জনাইছোঁ আমি |