শ্বহীদ

নিশিতা ডেকা ৪ৰ্থ শ্ৰেণী, বৰগাঁও মিলনজ্যোতি মধ্য ইংৰাজী বিদ্যালয়

হে শ্বহীদ, প্ৰণামো তোমাক
তোমাৰ মহানতাই দেখুৱালে তোমাৰ ইতিহাস ।
হাতত অস্ত্ৰ লৈ হেং-দাং তুলি আহিছিলা আগবাঢ়ি ।
অসম দেশক ৰক্ষা কৰিবলৈ
তেজেৰে লুতুৰি-পুতুৰি
সাহসেৰে আগবাঢ়ি
যাওঁ আমি আগুৱাই ।
দেশ স্বাধীন কৰিবলৈ
দেশৰ কাৰণে জীৱন ত্যাগিম,
তথাপিও আমি হাৰি নাযাওঁ
প্ৰতিপলে দেশক ৰক্ষা কৰিম ।