মুক্ত শৈক্ষিক সমলৰ ব্যৱহাৰ আৰু উপযোগিতা সম্পৰ্কে চমু আলোকপাত

প্ৰাঞ্জলি ভট্টচি আৰ চি চি, ৰাণী ব্লক
Pranjali Bhatta

১/মুক্ত শৈক্ষিক সমল কিঃ  

       প্ৰথমেই ক'ব লাগিব যে শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত বহু কেইজন শিক্ষাবিদৰ চিন্তাৰ ফচল হ'ল এই মুক্ত শৈক্ষিক সমল। ইংৰাজীত কোৱা হয় OER অৰ্থাৎ Open Educational Resource । এই সমল সামগ্ৰীত " শিক্ষাৰ অধিকাৰ আইন-২০০৯" অনুসৰি জাতি , ধৰ্ম, বৰ্ণ, ভাষা, লিংগ আৰু বিশেষ ভাৱে সক্ষম শিশুকে ধৰি সকলো শিক্ষার্থীৰ প্ৰতি সম আচৰণ দেখুওৱা আৰু সকলোৰে বাবে বাধ্যতামূলক শিক্ষা নিশ্চিত কৰাৰ প্ৰতি দৃষ্টি ৰখা হৈছে। দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰতিটো বিষয়ৰ প্ৰতিটো সাময়িকী অন্তৰ্ভুক্ত কৰি এই সমল সমূহ প্ৰস্তুত কৰি তোলা হৈছে।

২/মুক্ত শৈক্ষিক সমলৰ উদ্দেশ্যঃ

 প্ৰধানতঃ  গুণোৎসৱৰ মূল্যায়নৰ তথ্য অনুধাৱন কৰি দেখা গৈছে যে পঠন আৰু লিখন দুয়োটা কৌশল আহৰণত প্ৰাথমিক বিদ্যালয়ৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰী এতিয়াও যথেষ্ট পিছ পৰি আছে। উপযুক্ত শিকন দক্ষতাৰ অভাৱেই ইয়াৰ মূল কাৰণ হিচাবে চিহ্নিত কৰা হৈছে। সেয়ে বিভিন্ন জন শিক্ষাবিদৰ ধাৰণাৰ ভিত্তিত এই সমস্যাটোৰ স্থায়ী সমাধান হিচাবে মুক্ত শৈক্ষিক সমল  শিক্ষক সমাজৰ কাৰণে উলিয়াই দিয়া হৈছে ।

৩/পঠন কৌশলৰ কাৰণে মুক্ত শৈক্ষিক সমলঃ

 এইবিধ সমলত মূলতঃ পঠন দক্ষতা আহৰণৰ ক্ষেত্ৰত বাধা দিয়া ক্ষেত্ৰ সমূহ চিনি উলিয়াই ছাত্ৰ ছাত্ৰীৰ শিকনত সহায় হোৱাকৈ বিভিন্ন পৰিকল্পনা আৰু ক্ৰিয়া কলাপৰ অনুশীলনত জোৰ দি প্ৰস্তুত কৰা হৈছে। এগৰাকী শিক্ষাগুৰুৱে এই খিনি সমল ভালকৈ অধ্যয়ন কৰিলে প্ৰয়োজনীয় ক্ৰিয়া কলাপৰ লগত ছাত্ৰ ছাত্ৰীক জড়িতকৰণ, বিষয়বস্তুৰ বিস্তৃত জ্ঞান, অভ্যাস অনুশীলন আৰু তাৰ লগে লগে অবিৰত মূল্যায়ন সঠিক ভাৱে কৰিবলৈ সমৰ্থ হব।

৪/ লিখন কৌশলৰ কাৰণে মুক্ত শৈক্ষিক সমলঃ

ভাষা শিকনত লিখন কৌশল অতি গুৰুত্বপূৰ্ণ। সেয়েহে লিখন কৌশলৰ দুৰ্বলতা নোহোৱা কৰিবলৈ পাঠ্যপুথিত থকা ক্ৰিয়া কলাপৰ উপৰিও কিছু নতুন ক্ৰিয়া কলাপ এই
সমল সামগ্ৰীত সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ জৰিয়তে নাইবা এইখিনি আৰ্হি হিচাবে লৈ শিক্ষাগুৰু সকলে নিজাকৈও কিছুমান শিক্ষণ শিকন প্ৰক্ৰিয়া উদ্ভাৱন কৰি শ্ৰেণীকোঠাত ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰিব।

৫/ সামৰণিঃ

শেষত কওঁ যে পঠন আৰু লিখন এই দুটা কৌশল শুদ্ধকৈ আয়ত্ব কৰিব পাৰিলে শিক্ষাৰ মান যথেষ্ট উন্নত হব। শ্ৰৱণ আৰু কথন এই দুটা কৌশল সমকালীন ভাবে শ্ৰেণীকোঠাত চলিয়েই থাকে। সমাজ জীৱনৰ গুৰু দায়িত্ব লৈ আগুৱাই যোৱা একো গৰাকী শিক্ষকৰ সহায় হোৱাকৈ প্ৰস্তুত কৰি তোলা এই মুক্ত শৈক্ষিক সমল খিনি নিশ্চয় যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াত থকা প্ৰতিটো ক্ৰিয়াকলাপ, ক্ষেত্ৰ অধ্যয়ন আৰু প্ৰতিটো অনুশীলনক আৰ্হি হিচাবে লৈ নিজস্ব শিকন শৈলী প্ৰস্তুত কৰিবলৈ যথেষ্ট সহায়ক হব। সেয়ে মই এই চমু লেখাটোৰে সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ - আহকচোন আমি সকলোৱে বিদ্যালয়ত মজুত থকা এই মুক্ত শৈক্ষিক সমলৰ সুবিধাখিনি লৈ আগুৱাই যাওঁ।