LAC আৰু CLIL : বিদ্যালয়ত ভাষা শিক্ষাৰ দুটি অভিগমন

প্ৰশান্ত শইকীয়া প্ৰবক্তা, ডায়েট কামৰূপ
Prasanta Saikia

"Language-as a constellation of skills...cuts across school subjects and disciplines. Speech and listening, reading and writing are all generalized skills, and children's mastery over them becomes the key factor affecting success at school. In many situations, all of these skills need to used together. This is why it is important to view language education as everybody's concern at school and not as a responsibility of the language teacher alone. "
        ভাষাই আমাৰ চিন্তাৰ বাহক হিচাপে কাম কৰে। আমাৰ মনলৈ অহা সমূহ চিন্তা-চেতনা মূৰ্ত ৰূপত প্ৰকাশ কৰাত ভাষাই সহায় কৰে। অৰ্থাৎ, ভাষা অবিহনে আমাৰ চিন্তাৰ প্ৰক্ৰিয়াটো সম্পূর্ণ অচল হৈ পৰে। ছাত্ৰ-ছাত্ৰীৰ ধাৰণা গঠন আৰু বিকাশ প্ৰক্ৰিয়াত সেয়েহে ভাষাৰ গুৰুত্ব অপৰিসীম বুলি বুজিব পাৰি। ভাষা আৰু চিন্তাৰ প্ৰক্ৰিয়াটোৰ মাজত থকা এনে নিকপকপীয়া সমন্ধৰ বাবেই ভাষাৰ সুদৃঢ় আয়ত্তকৰণে ছাত্ৰ-ছাত্ৰীৰ শিকন প্ৰক্ৰিয়াটোতো সাকাৰাত্মক প্ৰভাৱ পেলায়। সাধাৰণ অৰ্থত ক'বলৈ হ'লে শিশু এটিয়ে শ্ৰৱণ, কথন,পঠন আৰু লিখনত যিমানে দক্ষতা আহৰণ কৰে শিশুটিৰ সিমানেই শিকন প্ৰক্ৰিয়াটোও তৰান্বিত হয়। শ্ৰৱণ, কথন, পঠন আৰু লিখন- ভাষাৰ সৈতে জড়িত এই চাৰি কৌশলৰ দক্ষতাপূৰ্ণ আহৰণৰ ফলত শিশু এটিয়ে শিক্ষকে শিকোৱা আৰু পাঠ্যপুথিত থকা বিষয়বস্তুসমূহৰ ধাৰণাসমূহ সহজতে আয়ত্ত কৰিবলৈ সক্ষম হয়। সেইদৰে, শিশুটিয়ে সেই ধাৰণাসমূহ কথন বা লিখনৰ মাজেৰে সুন্দৰভাৱে প্ৰকাশ কৰাতো সমৰ্থবান হৈ পৰে৷ সেয়েহে, বিদ্যালয়ত ভাষা শিক্ষাৰ ক্ষেত্ৰত সুপৰিকল্পিতভাৱে গুৰুত্ব আৰোপ কৰা উচিত। এই সন্দৰ্ভত বিবেচনাযোগ্য কথাটো হৈছে যে ভাষা শিক্ষণৰ ক্ষেত্ৰত বিদ্যালয়ত কেৱল ভাষাৰ শিক্ষকৰহে দায়িত্ব আছে এনে নহয়, বিদ্যালয়ৰ প্ৰতিটো বিষয়ৰে প্ৰতিজন শিক্ষকেই ছাত্ৰ-ছাত্ৰীৰ ভাষাৰ বিকাশৰ বাবে অহৰহ সচেতন প্ৰচেষ্টা হাতত লোৱাৰ প্ৰয়োজন আছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ ভাষা শিক্ষাৰ এই একমুখী উদ্দেশ্যটোত বিদ্যালয়ৰ সকলো বিষয়ৰে সমূহ শিক্ষকে কেনেদৰে প্ৰচেষ্টা হাতত ল'ব পাৰে তাৰ দুটি অভিগমন (Approach) আজিৰ এই আলোচনাত সম্যকৰূপত আগবঢ়োৱা হ'ল।
LAC কি ?
সাধাৰণতে ভবা যায় যে বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত ভাষা বিষয়ৰ শ্ৰেণীকোঠাতহে ভাষা শিক্ষণ আৰু শিকন সম্ভৱপৰ হৈ উঠে। অৰ্থাৎ, বিদ্যায়তনিক পৰিকাঠামো এটাৰ মাজত মাতৃভাষা বা বিদেশী ভাষা (L1/L2/Foreign language ইত্যাদি) এটা শিকিবলৈ হ'লে ভাষা শিকনৰ সমগ্র প্ৰক্ৰিয়াটো সেই ভাষা বিষয়ৰ শ্ৰেণীকোঠাতে সীমাবদ্ধ হৈ থাকে বুলি সৰ্বসাধাৰণ ধাৰণা এটা প্ৰচলন আছিল। কিন্তু Language Across the Curriculum ( চমুকৈ LAC আৰু ইয়াৰ অসমীয়া ভাষান্তৰ 'ভাষা সমন্বিত পাঠ্যক্ৰম' ) অভিগমনটোৱে এই ধাৰণাটো সমূৰ্ণৰূপে নস্যাৎ কৰি ভাষা শিক্ষণ আৰু শিকনৰ এটা নতুন বিদ্যায়তনিক মাত্রা প্ৰদান কৰিলে। এই LAC অভিগমনটোৱে পূৰ্বৰ ধাৰণাটোক আঁতৰাই আমাক দেখুৱাই দিলে যে ভাষা শিক্ষা কেৱল পাঠ্যক্ৰমত সেই ভাষা শিকিবৰ বাবে নিৰ্ধাৰিত কৰি থোৱা বিষয়টোত (যেনে- অসমীয়া, ইংৰাজী ইত্যাদিত) সীমাবদ্ধ হৈ নাথাকে, এই ভাষা শিক্ষা প্ৰক্ৰিয়াটো
পাঠ্যক্ৰমৰ আন আন  সকলো বিষয় আৰু ক্ৰিয়া-কলাপটো সাঙুৰ খাই থাকে। এইদৰে সমগ্র পাঠ্যক্রমজুৰি সংপৃক্ত হৈ থকা ভাষা শিকনৰ অভিগমনটোক কোৱা হৈছে "ভাষা সমন্বিত পাঠ্যক্ৰম" ( অৰ্থাৎ Language the Across Curriculum) ।
প্ৰায়োগিকভাৱে ভাষা সমন্বিত পাঠ্যক্ৰম  (LAC) ৰ দুটা তাৎপৰ্য আছে -
ক) ঠেক অৰ্থত ই হৈছে ভাষা শিকনৰ এক প্ৰক্ৰিয়া,য'ত ভাষা শিকনৰ ক্ৰিয়া-কলাপ আৰু প্ৰশিক্ষণ ভাষা বিষয়ৰ বাহিৰেও অন্যান্য বিষয়সমূহ ( যেনে- গণিত, বিজ্ঞান, নৃত্য, ক্ৰীড়া ইত্যাদি)ৰ জৰিয়তেও দিবলৈ গুৰুত্ব আৰোপ কৰা হয় (In a narrow sense, LAC refers to the importance of language work and training in language through all non-linguistic subjects.)
খ) আনহাতে, বহল অৰ্থত 'ভাষা সমন্বিত পাঠ্যক্ৰম' (LAC) হৈছে বিদ্যালয়ৰ ভাষা শিক্ষাৰ এক সামগ্রিক আঁচনি, য'ত বিদ্যালয়খনে শিক্ষাৰ্থীসকলক তেওঁলোকৰ জ্ঞাতে বা অজ্ঞাতে কোনো এটা ভাষা (Target language) শিকাবলৈ বিদ্যালয়ৰ সকলো শৈক্ষিক বা বিদ্যায়তনিক বিষয় তথা সহ-পাঠ্যক্ৰমৰ সকলো কাৰ্য-কলাপকে আদি কৰি বিদ্যালয়ৰ সকলো  কাম-কাজৰ মাজেৰে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাবলৈ কাৰ্যপন্থা হাতত লয়। অৰ্থাৎ, যিটো ভাষা শিকাবলৈ লক্ষ্য বান্ধি লোৱা হৈছে সেই ভাষাটো বিদ্যালয়খনৰ সকলো বিদ্যায়তনিক বিষয়সমূহৰ জৰিয়তে শিকাবলৈ যত্ন কৰাৰ উপৰিও বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সকলোধৰণৰ মনো-দৈহিক কাৰ্য-কলাপ, যেনে- প্ৰাতঃসভা, খেলা-ধূলা, বিজ্ঞানাগাৰৰ কাৰ্য-কলাপ, পুথিভঁৰালৰ কাৰ্য-কলাপ, সাংস্কৃতিক ক্ৰিয়া-কলাপ ইত্যাদিৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ জ্ঞাতসাৰে বা অজ্ঞাতে সকলো সময়তে ভাষাটো আয়ত্ব কৰিবলৈ প্ৰস্তুত কৰা ভাষা শিক্ষাৰ বিদ্যায়তনিক অভিগমনটোৱেই হৈছে 'ভাষা সমন্বিত পাঠ্যক্ৰম' (LAC), য'ত সমস্ত পাঠ্যক্ৰমটোতেই ভাষা শিকনৰ উদ্দেশ্য নিহিত হৈ থাকে।
(‘‘In the wider sense it is a concept demanding a comprehensive model of language education as the basis of a whole school language policy. It includes linking all languages as subjects(mother tongue education, foreign language education, second or third language education) and the language dimension in all other subjects.’’)
   'ভাষা সমন্বিত পাঠ্যক্ৰম' -এ ছাত্ৰ-ছাত্ৰীসকলক ভাষা এটা দক্ষতাপূৰ্ণভাৱে শিকাত সহায় কৰে।এই অভিগমনে ছাত্ৰ-ছাত্ৰীসকলৰ শব্দ ভাণ্ডাৰ চহকী হৈ পৰাত প্ৰভূত অৰিহণা যোগায়। কাৰণ এই অভিগমনৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে ভাষা ব্যতিৰেকে পাঠ্যক্ৰমৰ অন্যান্য বিষয়সমূহৰ লগত জড়িত পৰিভাষাসমূহো শিকিবলৈ সুবিধা পায়। উদাহৰণস্বৰূপে, ইংলিছ ভাষাটো শিকিবলৈ 'ভাষা সমন্বিত পাঠ্যক্ৰম' অভিগমনৰ জৰিয়তে যদি ছাত্র-ছাত্ৰীসকলক সুবিধা কৰি দিও তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰমৰ অন্তৰ্গত অন্যান্য বিষয়, যেনে- গণিত, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, নৃত্য বা কোনোধৰণৰ ক্ৰীড়া (ক্ৰিকেট, ফুটবল, ট্ৰেক্ এণ্ড ফিল্ড ইত্যাদি) আদিৰ লগত জড়িত পৰিভাষাখিনিও (Terminology) ইংলিছ ভাষাটোতে শিকিবলৈ সুবিধা পাব। এনে কৰাৰ ফলত সেই ভাষাটোৰ শব্দভাণ্ডাৰে যে চহকী হ'ব তেনে নহয়, ভৱিষ্যতে যদি ছাত্ৰ-ছাত্ৰীসকলে সেই বিষয়বোৰৰ কোনো এটা বিষয় সেই ভাষাতে বিশেষীকৃতভাৱে ( specialisation) অধ্যয়ন কৰোঁ বুলি ভাবে তেতিয়া তেওঁলোকক ই প্ৰভূতভাৱে সহায় কৰিব।
শিশুৰ (বা ছাত্র-ছাত্ৰীৰ) ধাৰণা গঠন আৰু ধাৰণাৰ বিকাশৰ সৈতে ভাষাৰ ওতপ্ৰোত সম্বন্ধ আছে। ভাষাই চিন্তাৰ বাহক হিচাপে কাম কৰে। ভাষা অবিহনে চিন্তা প্ৰক্ৰিয়াটো অসম্পূৰ্ণ। সেয়েহে শিশু এটাই ভাষা এটা যিমানে সলসলীয়াকৈ ক'বলৈ, পঢ়িবলৈ আৰু লিখিবলৈ শিকিব সি সিমানে প্ৰখৰভাৱে চিন্তা কৰিবলৈ শিকিব আৰু এনেদৰেই কোনো বিষয়ৰ ধাৰণা গঠন আৰু তাৰ বিকাশ সিমানেই প্ৰখৰভাৱে হ'ব। 'ভাষা সমন্বিত পাঠ্যক্ৰম'- ৰ দৃষ্টিভংগীৰে যদি এই কথাখিনি বিচাৰ কৰি চাও তেতিয়া দেখিম যে- ধৰা হওঁক অসমীয়া ভাষাতে- যদি শিশু এটাই বিজ্ঞানৰ পৰিভাষাসমূহ নাজানে তেনেহ'লে শিশুটিয়ে বিজ্ঞানৰ পাঠত থকা ধাৰণাসমূহ বুজি পোৱাত অসুবিধা পাব আৰু সেই ধাৰণা কথিত বা লিখিত কোনোটো ৰূপতে প্ৰকাশ কৰিবলৈ সক্ষম নহ'ব। আৰু ভৱিষ্যতে সেই ধাৰণাৰ কোনোধৰণৰ বিকাশ নহ'ব তথা সেই সম্বন্ধীয় লেখা- মেলাবোৰ পঢ়িলেও বুজি নাপাব। আপুনি ক্রিকেট খেলাৰ সৈতে জড়িত পৰিভাষাসমূহ নজনাকৈ ক্রিকেটৰ ধাৰাভাষ্য শুনি কিবা বুজি পাবনে ? কথাটো ঠিক তেনেধৰণৰ। অৰ্থাৎ 'ভাষা সমন্বিত পাঠ্যক্ৰমে' ভাষা এটা আয়ত্ত কৰিবলৈ পাঠ্যক্রমৰ সমস্ত বিষয় আৰু ক্ৰিয়া-কলাপৰ মাধ্যমেৰে ভাষা শিকনৰ লগত জড়িত প্ৰক্ৰিয়াসমূহৰ দুৱাৰ মুকলি কৰি দিয়ে, য'ত বিষয় এটা শিকাৰ সমান্তৰালভাৱে ভাষা শিকা প্ৰক্ৰিয়াটোও চলি থাকে।
'ভাষা সমন্বিত পাঠ্যক্ৰম'-এ ভাষা বিষয়ৰ শ্ৰেণীকোঠাত ভাষা শিক্ষাৰ লগতে শৈক্ষিক বিষয়সমূহ তথা সহ-পাঠ্যক্ৰমৰ কাৰ্য-কলাপৰ জৰিয়তেও ভাষা শিকন প্ৰক্ৰিয়াটো সমস্ত পাঠ্যক্ৰমজুৰি সাঙুৰি লোৱাৰ বাবে গুৰুত্ব আৰোপ কৰে। পাঠ্যক্ৰমৰ সমস্ত ক্ৰিয়া-কলাপত ছাত্ৰ-ছাত্ৰীৰ ভাষিক সক্ৰিয়তাৰে অংশগ্রহণৰ দ্বাৰা ভাষা শিক্ষাৰ বিদ্যায়তনিক অভিগমনটোৱেই হৈছে 'ভাষা সমন্বিত পাঠ্যক্ৰম' ।
'ভাষা সমন্বিত পাঠ্যক্ৰম'ৰ লক্ষ্য :-
‘‘Each school should have an organized policy for language across the curriculum, establishing every teacher's involvement in language and reading development throughout the years of schooling. ’’(The Bullock Report, 1975)
'ভাষা সমন্বিত পাঠ্যক্ৰম' ধাৰণাটো বিকাশ ঘটিছিল যোৱাটো শতিকাৰ সত্তৰ দশকৰ শেষাৰ্ধত অৰ্থাৎ আশী দশকৰ প্ৰথমৰ ফালে। বিদ্যালয়সমূহত ভাষা শিক্ষাৰ এক সামগ্রিক আঁচনি হিচাপে 'ভাষা সমন্বিত পাঠ্যক্ৰম' অভিগমনটোৰ বীজ অংকুৰিত হৈছিল গ্ৰেট বৃটেইনত । School Language Policy হিচাপে 'ভাষা সমন্বিত পাঠ্যক্ৰম' এ আনুষ্ঠানিক স্বীকৃতি লাভ কৰিছিল Bullock Report (যাৰ শিৰোনাম আছিল 'A Language for Life') ৰ জৰিয়তে।Bullock Report(1975) ত পৰামৰ্শ দিয়া হৈছিল যে সমগ্র পাঠ্যক্ৰমজুৰি ভাষা শিকনৰ বাবে প্ৰতিখন বিদ্যালয়ৰে এক সু-সংগঠিত আঁচনি থকা উচিত য'ত ছাত্ৰ-ছাত্ৰীসকলৰ ভাষা তথা পঠনৰ বিকাশৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত কটোৱা সমগ্র বছৰ কেইটাত প্ৰতিটো বিষয়ৰে প্ৰতিজন শিক্ষকেই সক্ৰিয়তাৰে আগভাগ লোৱা উচিত। অৰ্থাৎ, ভাষা বিষয়ৰ ব্যতিৰেকেও পাঠ্যক্ৰমৰ আন আন বিষয়সমূহলৈকেও ভাষা শিক্ষাৰ ধাৰণাটো সম্প্ৰসাৰিত হৈ আছে আৰু সকলো বিষয়ৰ শিক্ষকেই সচেতনতাৰে তথা সু-পৰিকল্পিতভাৱে পাঠ্যক্ৰমৰ সকলো বিষয় আৰু কাৰ্য-কলাপৰ মাজেৰে ছাত্ৰ-ছাত্ৰীৰ ভাষা শিক্ষা আৰু তাৰ বিকাশৰ বাবে যথোচিত কাৰ্যপন্থা হাতত ল'ব লাগিব। এই Bullock Report (1975) - ৰ মাজতে 'ভাষা সমন্বিত পাঠ্যক্ৰম' (LAC) -ৰ লক্ষ্য স্পষ্ট হৈ পৰিছে।
'ভাষা সমন্বিত পাঠ্যক্ৰম' অভিগমনটো কালক্ৰমত কেৱল বৃটেইনতে সীমাবদ্ধ হৈ নাথাকিল আৰু সময়ৰ লগে লগে এই ধাৰণাটোৰ সৈতে নতুন নতুন সম্পৰীক্ষণ কিছুমান সংলগ্ন হৈ গৈ থাকিল। কিন্তু সময়ৰ কষটি শিলত 'ভাষা সমন্বিত পাঠ্যক্ৰম'ৰ মূল নীতিটো অলৰ-অচৰ হৈ ৰ'ল। সেয়া হ'ল -LAC focuses on the importance of language in and for school education, for all subject-matter learning, across the whole curriculum. অৰ্থাৎ, 'ভাষা সমন্বিত পাঠ্যক্ৰম'-এ বিদ্যালয়ৰ শিক্ষা প্ৰক্ৰিয়াত ভাষা শিকনৰ বাবে সকলো বিষয় সাঙুৰি সমগ্র পাঠ্যক্ৰম জুৰি ভাষা শিক্ষাৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 'ভাষা সমন্বিত পাঠ্যক্ৰম'ৰ মূল লক্ষ্যও এয়ে।
ভাৰতবৰ্ষতো National Curriculum Framework,2005-এ ভাৰতৰ শিক্ষা ব্যৱস্থাটোত 'ভাষা সমন্বিত পাঠ্যক্ৰম'ৰ গুৰুত্ব অনুধাৱন কৰি এনেদৰে কৈছিল যে ‘Language as a constellation of skills, carriers of thoughts, transmitter of culture and marker of identity cuts across school subject and academic disciplines'. দক্ষতাৰ ঔজ্জ্বল্য, চিন্তাৰ বাহক, সংস্কৃতিৰ সৰবৰাহ আৰু আত্ম পৰিচায়ক হিচাপে ছাত্ৰ-ছাত্ৰীৰ ভাষাৰ বিকাশৰ বাবে বিদ্যালয়ৰ সকলোবোৰ বিষয় সামৰি ভাষা শিক্ষাৰ প্ৰয়োজনীয়তা আছে। NCF,2005-এ এনেদৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত 'ভাষা সমন্বিত পাঠ্যক্ৰম'ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
'ভাষা সমন্বিত পাঠ্যক্ৰম'ৰ উদ্দেশ্য :-
‘‘Unless there is a school language and learning policy across the curriculum there will be wastage of effort.’’
-Swann Report (Education for All)
'ভাষা সমন্বিত পাঠ্যক্ৰম'-এ ভাষা শিকনৰ বাবে এক উপযুক্ত পৰিৱেশ ৰচনা কৰি দিয়ে। ছাত্র-ছাত্ৰীসকলে ভাষা শিকিবৰ বাবে প্ৰায়োগিক পৰিৱেশৰ প্ৰয়োজন। 'ভাষা সমন্বিত পাঠ্যক্ৰম' অভিগমনে ভাষিক কৌশল সমূহ আয়ত্ব কৰিবলৈ এই প্ৰায়োগিক পৰিৱেশ বিদ্যালয়ত সৃষ্টি কৰি দিয়াটোৱেই 'ভাষা সমন্বিত পাঠ্যক্ৰম'ৰ উদ্দেশ্য। ইয়াৰ সৈতে দুটা প্ৰধান কাৰণ সংপৃক্ত হৈ আছে- এটা হৈছে 'ধাৰণাত্মক সাক্ষৰতা' (Conceptual Literacy) আৰু আনটো হৈছে 'বিষয়গত যোগ্যতা' (Discourse Competence) । যেতিয়াই ভাষাৰ সহায়ত সু-স্পষ্টভাৱে চিন্তা কৰিবলৈ সক্ষমতা লাভ কৰা যায়, তাকে 'ধাৰণাত্মক সাক্ষৰতা' বা Conceptual Literacy বোলা হয়। আনহাতে প্ৰাসংগিক বিষয় এটা আলোচনা কৰিবলৈ বা কথা-বতৰাত ভাগ ল'বলৈ যি ভাষিক কৌশলৰ দক্ষতাৰ (Linguistic Skills) প্ৰয়োজন হয় সেয়া কোনো ভাষাত যদি আয়ত্ব কৰিব পৰা হয় তাকে নামাকৰণ কৰা হৈছে 'বিষয়গত যোগ্যতা' (Discourse Competence)। এই দুই ধাৰণা ইটো সিটোৰ সৈতে সাঙুৰ খাই আছে আৰু একেলগে এই দুই ধাৰণাৰ সমন্বয়ত সৃষ্টি হৈছে আন এটি ধাৰণা। সেয়া হৈছে 'শৈক্ষিক বা বিদ্যায়তনিক সাক্ষৰতা'। অৰ্থাৎ কোনো এজন ব্যক্তিক তেতিয়াহে বিদ্যায়তনিক ভাৱে সাক্ষৰ বুলি ক'ব পৰা যায়, যেতিয়া তেওঁ ভাষাৰ সহায়ত আউল নলগাকৈ চিন্তা কৰিব পৰাৰ লগতে কোনো প্ৰাসংগিক বিষয়ৰ আলোচনা বা কথা-বতৰাত সেই ভাষাত সক্ৰিয়ভাৱে অংশ ল'বলৈ সক্ষম হয় । 'ভাষা সমন্বিত পাঠ্যক্ৰম'-এ বিদ্যালয়ৰ পাঠ্যক্রমৰ সকলো বিষয় সাঙুৰি ভাষা শিকনৰ জৰিয়তে এই 'শৈক্ষিক বা বিদ্যায়তনিক সাক্ষৰতা' আহৰণৰ বাবে ছাত্ৰ-ছাত্ৰীক বাট মুকলি কৰি দিয়ে।
'ভাষা সমন্বিত পাঠ্যক্ৰম'ৰ আন এটা উদ্দেশ্য হ'ল ছাত্ৰ-ছাত্ৰীৰ ভাষিক দক্ষতা বৃদ্ধি কৰা আৰু তাৰ দ্বাৰা গুণগত মানসম্পন্ন শিকনৰ ফলাফল লাভ কৰা । ভাষা আৰু চিন্তন প্ৰক্ৰিয়াৰ মাজত এক গভীৰ সম্পর্ক আছে। ভাষাই চিন্তাৰ বাহক হিচাপে কাম কৰে। ভাষা অবিহনে চিন্তন প্ৰক্ৰিয়াটো কল্পনা কৰাই অসম্ভৱ।
সেয়েহে শিশু এটাই (বা ছাত্ৰ-ছাত্ৰী এজনে) ভাষা এটা যিমানে সলসলীয়াকৈ ক'বলৈ, পঢ়িবলৈ আৰু লিখিবলৈ শিকিব সি সিমানে প্ৰখৰভাৱে চিন্তা কৰিবলৈ শিকিব আৰু এনেদৰেই কোনো বিষয়ৰ ধাৰণা গঠন আৰু তাৰ বিকাশ সিমানেই প্ৰখৰভাৱে হ'ব। অৰ্থাৎ ভাষাৰ সৈতে শিকন প্ৰক্ৰিয়াটোৰ গভীৰ সম্পৰ্ক আছে। সেয়েহে পাঠ্যক্রমৰ বিভিন্ন বিষয়বোৰৰ শব্দভাণ্ডাৰ, পৰিভাষা আদি আয়ত্তকৰণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা উন্নত মানবিশিষ্ট শিকনৰ ফলাফল লাভ কৰিব পৰা যায়, সেই উদ্দেশ্য 'ভাষা সমন্বিত পাঠ্যক্ৰম'ত নিহিত হৈ আছে।
LAC ৰ আন এটা উদ্দেশ্য হৈছে যে ছাত্ৰ-ছাত্ৰীসকলে যাতে ভাষাৰ উদ্দেশ্যপূর্ণ ব্যৱহাৰ কৰিবলৈ শিকে। শৈক্ষিক জীৱনত তথা বৃত্তিমূলক কাম -কাজত বিভিন্ন সময়ত প্ৰয়োজন মতে ছাত্ৰ-ছাত্ৰীসকলে যাতে ভাষাটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই দক্ষতা আহৰণ কৰাত সহায় কৰাটোৱেই LAC -ৰ আন এক উদ্দেশ্য। অৰ্থাৎ, ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক জীৱনৰ লগতে বৃত্তিমূলক কাম -কাজত ব্যাখ্যাকৰণ, ৰিপ'ৰ্টিং , সংজ্ঞা প্রদান, যুক্তি প্ৰদান, সমৰ্থন কৰা, বৰ্ণনাকৰণ, মূল্যায়ন ইত্যাদি উদ্দেশ্যসমূহত য'ত যেনেধৰণৰ ভাষাৰ প্ৰয়োজন সেই ভাষাটো উদ্দেশ্যপূর্ণ ব্যবহাৰ কৰাত যাত তেওঁলোকে দক্ষতা আহৰণ কৰিব পাৰে সেয়াই হৈছে LAC- ৰ আন এটি উদ্দেশ্য।
ছাত্ৰ-ছাত্ৰীসকলে যাতে ভাষাটোত মনৰ ভাৱ সু-স্পষ্টভাৱে প্ৰকাশ কৰাৰ লগতে নিখুঁতভাবে যুক্তিপূর্ণ ভাৱে ব্যবহাৰ কৰিবলৈ শিকে, সেয়া 'ভাষা সমন্বিত পাঠ্যক্ৰম'ৰ  এটি উদ্দেশ্য ।
ছাত্ৰ-ছাত্ৰীৰ স্ব-শিকন (Self learning) প্ৰক্ৰিয়াটোত যাতে সহায় হয় সেয়া LAC- ৰ আন এটি উদ্দেশ্য। ভাষা এটি ভালদৰে আয়ত্ব কৰি ল'ব পাৰিলে ছাত্ৰ-ছাত্ৰীসকলে সেই ভাষাত প্ৰকাশিত পাঠ সমলবোৰ স্ব- পঠনৰ জৰিয়তে কাৰো সহায় নোলোৱাকৈ নিজে নিজেই বিষয়বোৰ শিকি-বুজি ল'ব পাৰে।
সাম্প্রতিক সময়ত কোনো শৈক্ষিক বিষয়কে একক হিচাপে পঢ়িব নোৱাৰি। বিভিন্ন বিষয়বোৰৰ ইটো- সিটোৰ মাজত আন্তঃসম্পর্কৰ জাল ৰচনাৰ জৰিয়তে বৰ্তমান বিদ্যায়তনিক শিক্ষাৰ চৰিত্ৰ হৈ পৰিছে আন্তঃবিষয়ক ( Interdisciplinary) তথা সংহত (Integrated) ধৰণৰ। LAC -এ এই আন্তঃবিষয়ক দক্ষতা আহৰণত সহায় কৰে।
আমি যেতিয়া শৈশৱৰ পৰা মাতৃভাষা এটা জানো তেতিয়া ভাষা শিকাৰ প্ৰক্ৰিয়াটো সচেতনভাৱে নকৰোঁ। অৰ্থাৎ ভাষাটো আমি গম নোপোৱাকৈয়ে আত্মস্থ কৰি লও। এই প্ৰক্ৰিয়াটোক ভাষা আহৰণ (Language Acquisition) বোলা হয়। আনহাতে আমি যেতিয়া নতুন ভাষা এটা শিকোঁ তেতিয়া শব্দবোৰ সজ্ঞানে মনত ৰাখিবলৈ চেষ্টা কৰোঁ, উচ্চাৰণ শৈলীৰ প্ৰতিও মনোযোগী হৈ পৰোঁ। এনেদৰে ভাষা শিকাৰ প্ৰক্ৰিয়াটোক কও "ভাষা শিকন" (Language Learning) । ভাষা এটা আত্মস্থ কৰাৰ প্ৰক্ৰিয়াটো ভাষা শিকন প্ৰক্ৰিয়াতকৈ তুলনামূলকভাৱে মসৃণ আৰু সহজ ভাষা শিকাৰ বাবে LAC -এ এইদৰে মসৃণভাৱে ভাষা শিকাৰ এক বাতাৱৰণ ৰচনা কৰি দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সাম্প্ৰতিক সময়ৰ গোলকীয় প্ৰেক্ষাপটত সমাজ জীৱন হৈ পৰিছে বহুভাষিক তথা মিশ্ৰ সাংস্কৃতিক সমাজ। এনেধৰণৰ বহুধা মিশ্ৰিত সমাজ ব্যৱস্থাত মাতৃভাষাৰ ব্যতিৰেকেও আন ভাষা LAC- ৰ দ্বাৰা আহৰণ কৰিব পাৰিলে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত দক্ষতাৰে কাম কৰিবলৈ সহজ হৈ পৰে। 'ভাষা সমন্বিত পাঠ্যক্ৰম'ৰ ই আন এক গুৰুত্বপূর্ণ উদ্দেশ্য।
ভাষা সমন্বিত পাঠ্যক্ৰম কাৰ্যকৰীকৰণৰ সমস্যাসমূহ : -
পৰম্পৰাগত শিক্ষা ব্যৱস্থা এটাৰ পৰম্পৰাগত শ্ৰেণীকোঠাত 'ভাষা সমন্বিত পাঠ্যক্ৰম' কাৰ্যকৰী হোৱাকৈ প্ৰয়োগকৰণত বহুতো সমস্যাৰ মুখামুখী হ'বলগীয়া হয়। সাধাৰণতে সন্মুখীন হ'বলগীয়া এনে কিছু সমস্যাৰ বিষয়ে নিম্নলিখিত স্থানত উল্লেখ কৰা হ'ল -
(ক) শিক্ষকৰ পৰম্পৰাগত দৃষ্টিভংগীৰ সমস্যা : প্ৰথাগত ব্যৱস্থা এটাৰ মাজেৰে প্ৰচলিত হৈ অহা শিক্ষকক লৈ 'ভাষা সমন্বিত পাঠ্যক্ৰম' অভিগমন থাওকতে প্ৰয়োগ কৰাতো সদায়ে এক উদ্বেগজনক সমস্যা হিচাপে দেখা দি আহিছে। পৰম্পৰাগত দৃষ্টিভংগীৰ সালসলনি ঘটোৱাটো সহজ নহয়। ইয়াৰ ফলস্বৰূপে বিদ্যালয়ত 'ভাষা সমন্বিত পাঠ্যক্ৰম'ৰ সকলো শিক্ষকৰ সমিলমিলেৰে একক উদ্দেশ্যৰ কাম কৰাৰ বাবে যি সু-সংহত সহযোগিতাৰ প্ৰয়োজন হয়, সময়ত সেয়া হৈ নুঠাত সমস্যাৰ সৃষ্টি হয়।
(খ) সু- প্ৰশিক্ষিত শিক্ষকৰ অভাৱ : ভাষা শিকনৰ উদ্দেশ্য সন্নিহিত 'ভাষা সমন্বিত পাঠ্যক্ৰম' বিদ্যালয়সমূহত সফলকাম কৰি তুলিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত দক্ষ শিক্ষকৰ প্ৰয়োজন। বহু সময়ত এনে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱত কাৰ্যকৰী হোৱাকৈ 'ভাষা সমন্বিত পাঠ্যক্ৰম' বিদ্যালয়সমূহত সফলভাৱে প্ৰয়োগ কৰাত সমস্যাই দেখা দিয়ে।
(গ) সু-স্পষ্ট নিৰ্দেশনাৰ অভাৱ : বিদ্যালয়সমূহত 'ভাষা সমন্বিত পাঠ্যক্ৰম' কেনেদৰে কাৰ্যকৰী হোৱাকৈ প্ৰয়োগ কৰা হ'ব সেই সম্পর্কে সুস্পষ্ট নিৰ্দেশনাৰ অভাৱতো সমস্যাৰ সৃষ্টি হয়।
(ঘ) উপযুক্ত সমলৰ অভাৱ : বিদ্যালয়ত LAC প্ৰয়োগৰ জড়িয়তে ভাষা এটা শিকাৰ বাবে পুথিভঁৰালত যথেষ্ট সেই ভাষাৰ সমলৰ উপৰিও দৃশ্য-শ্ৰাৱ্য সমলৰ অভাৱ বিদ্যালয়সমূহত সততে দৃষ্টিগোচৰ হয়। লাগতিয়াল তথা উপযুক্ত সমলৰ অভাৱেও সেয়েহে LAC বিদ্যালয়সমূহত সফল প্ৰয়োগৰ ক্ষেত্ৰত হেঙাৰ হিচাপে দেখা দিয়ে।
(ঙ) দায়ৱদ্ধতাৰ অভাৱ : এক cross -curriculum approach হিচাপে সকলো বিষয়ৰে শিক্ষকসকলক সামৰি বিদ্যালয়সমূহত LAC প্ৰয়োগ কৰা হয়। সেয়েহে এই অভিগমনৰ সফলতা -বিফলতাৰ খতিয়ান ল'বৰ বেলিকা কোনো বিষয়ৰে শিক্ষক প্ৰধানতঃ দায়ৱদ্ধ নহয়। LAC- ৰ ই এক ত্ৰুটি হিচাপে বিবেচনা কৰা হয়।
(চ) গৱেষণাৰ অভাৱ : প্ৰায়োগিক অভিগমন হিচাপে আমাৰ দেশৰ বিদ্যালয়সমূহত LAC -ৰ প্ৰয়োগ সম্পর্কে যিমান গৱেষণা আৰু আলাপ-আলোচনাৰ অৱকাশ আছিল সেই পৰিমাণে হোৱা নাই। ইয়াৰ ফলত এই অভিগমনৰ প্ৰয়োগৰ ক্ষেত্ৰত থকা সমস্যাসমূহ বহুলভাৱে চৰ্চা হোৱা দেখা পোৱা নাযায়। সমস্যাসমূহ আলোচনাৰ জৰিয়তে সমাধানৰ বাট বিচাৰিলেহে LAC কাৰ্যকৰী হোৱাকৈ বিদ্যালয়সমূহত প্ৰয়োগ কৰিব পৰা যায়।
(ছ) শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন : আমাৰ বিদ্যালয়সমূহত যি প্ৰথাগত শিক্ষা ব্যবস্থা চলি আছে সেয়া LAC প্ৰয়োগ কৰিব পৰাকৈ থাওকতে সলনি কৰিব পৰাটো সহজ নহয়। অৰ্থাৎ আমাৰ দেশৰ শিক্ষা ব্যৱস্থা এতিয়াও LAC -ৰ দৰে অভিগমন প্ৰয়োগ কৰিব পৰাকৈ সাজু নহয়। সেয়েহে আমাৰ দেশত LAC -ৰ সফল উদ্দেশ্যপূৰ্ণ প্ৰয়োগৰ বাবে আমাৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱর্তনৰ প্ৰয়োজন
আছে।
CLIL কি ?
Content and Language Integrated Learning  চমুকৈ CLIL -ৰ অসমীয়া ভাষান্তৰ হ'ব 'বিষয়বস্তু আৰু ভাষাৰ সংহত শিকন'। সাধাৰণ অৰ্থত CLIL হৈছে শিক্ষণ শৈলীৰ  এনে এক অভিগমন য'ত ছাত্ৰ-ছাত্ৰীসকলে কোনো বিষয়ৰ বিষয়বস্তুৰ বিষয়ে শিকাৰ সমান্তৰালভাৱে ভাষাটোও শিকি থাকে। এই অভিগমনত বিষয়বস্তু আৰু ভাষাৰ শিকন দুয়োটাই ইটো-সিটোৰ পৰিপূৰক হিচাপে একে সময়তে কাম কৰি থাকে । অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে বিষয়বস্তুৰ জ্ঞান লাভ কৰাৰ লগে লগে ভাষাটোও শিকি গৈ থাকে। তেওঁলোকে কোনো বিষয়বস্তুৰ বিষয়ে জানিবলৈ কৰা অধ্যয়ন , আলোচনা আদিৰ বাবে শিকিব খোজা ভাষাটোৰ সহায়ত সেই অধ্যয়ন, আলোচনা কৰাৰ ফলত বিষয়বস্তুৰ শিকন আৰু ভাষাৰ শিকন এই দুয়োটা প্ৰক্ৰিয়া একেলগে সম্পাদন হৈ গৈ থাকে। একাৰ্থত ক'বলৈ হ'লে শিকিব খোজা ভাষাটোৰ মাধ্যমত বিষয়বস্তুৰ অধ্যয়ন কৰাৰ ফলত 'বিষয়বস্তুৰ শিকন' আৰু 'ভাষাৰ শিকন' দুয়োটা প্ৰক্ৰিয়া সমান্তৰালভাৱে সংঘটিত হৈ থকা বাবে ই এক 'সংহত শিকন' হৈ পৰে।

Fig-1

                                 
Fig1:Learners process and use language to acquire new knowledge and skills and as they do so they make progress in both language and subject area content.

'Content and Language Integrated Learning’ অভিধাটো পোন প্ৰথম বাৰৰ বাবে Prof. David Marsh (1994) -এ ব্যৱহাৰ কৰিছিল। তেওঁ CLIL-ৰ ব্যাখ্যা আগবঢ়াইছিল এনেদৰে 'Content and Language Integrated Learning refers to a situation where subjects, or parts of subjects, are taught through a foreign language with dual-focused aims, namely the learning of content and the simultaneous learning of a foreign language'. অৰ্থাৎ, CLIL-ৰ জৰিয়তে আমি কোনো বিষয় বা বিষয়বস্তু শিকোঁ, সেই শিকন প্ৰক্ৰিয়া শিকিব খোজা ভাষাটো (Target language)- ৰ মাধ্যমত কৰোঁ যাতে বিষয়বস্তু শিকাৰ লগতে ভাষাটোও সমান্তৰালভাৱে শিকাৰ দ্বৈত উদ্দেশ্য সফল হয়। উদাহৰণস্বৰূপে, আমি যদি ভূগোল নাইবা পদার্থ বিজ্ঞান কোনো এটা বিষয় শিকিব খোজোঁ লগতে ইংলিছ ভাষাটোও শিকিব খুজিছোঁ, তেনেহ'লে সেই বিষয়টো যদি ইংলিছ ভাষাৰ মাধ্যমত শিকোঁ তেতিয়া বিষয়টো শিকাৰ লগতে ভাষাটোও শিকাৰ ক্ষেত্ৰত অগ্রগতি লাভ কৰিম।

 

Fig-2


Fig : 2 Diagram showing the interrelationship between Language Learning, Subject/Content Learning and CLIL. Language and Content are equals in defining and achieving the learning objectives.

CLIL  অভিগমনত L1 (সাধাৰণ অৰ্থত মাতৃভাষা) ভাষাটোৰ বাহিৰে শিকিব খোজা আন এটা ভাষাৰ মাধ্যমত এনে এক কৌশলপূৰ্ণতাৰে বিষয়বস্তু শিকাৰ ব্যৱস্থা কৰা হয় যে ছাত্ৰ-ছাত্ৰীসকলে বিষয়বস্তু শিকা কথাটোত মনোযোগ দিওতে পাহৰি যায় যে লগতে ভাষাটোও শিকি আছে।এনেদৰে ভাষা শিকাৰ এক মসৃণ পথ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তৈয়াৰ কৰা হয়।বিষয়বস্তু শিকাৰ লগতে ভাষা শিকাৰ দ্বৈত উদ্দেশ্য নিহিত হৈ থকা বাবে CLIL-ক ‘Dual focused Education’ বুলি অভিহিত কৰা হৈছে।
CLIL-ৰ মূল নীতিসমূহ :-
১) প্ৰসংগিকভাৱে ভাষা শিকন
২)স্বতঃস্ফূৰ্তভাৱে ভাষা শিকন
৩)অভিৰোচনৰ দ্বাৰা ভাষা শিকন

১) প্ৰসংগিকভাৱে ভাষা শিকনঃ- বিষয়বস্তুৰ অধ্যয়ন আৰু আলোচনাৰ প্ৰসংগত ভাষাটো ব্যৱহাৰ কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলে ভাষাটোৰ শব্দবিলাকৰ লগতে খণ্ডবাক্য, জতুৱা-ঠাঁচ আদিৰ অৰ্থ, ব্যৱহাৰ আদি কি প্ৰসংগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে সহজতে বুজিব পাৰে।বিষয়বস্তু শিকাৰ প্ৰয়োজনত শব্দবোৰ, খণ্ডবাক্য, জতুৱা-ঠাঁচ ইত্যাদি ব্যৱহাৰ কৰিবলগীয়া হয় বাবে সেয়া ছাত্ৰ-ছাত্ৰীৰ মনত স্থায়ীভাৱে ৰৈ যায়।সেয়েহে কোৱা হয় যে  CLIL-ত Students learn the words, phrases and concepts as they need them.There is direct context in which the word becomes useful, vivid and alive.
২) স্বতঃস্ফূৰ্তভাৱে ভাষা শিকনঃ- শিশু এটিয়ে যেনেদৰে স্বতঃস্ফূৰ্তভাৱে প্ৰথম ভাষাটো শিকে সেই একেই প্ৰক্ৰিয়া এটা CLIL-ত প্ৰয়োগ কৰিবলৈ প্ৰযত্ন কৰা হয়। বিষয়বস্তু শিকাৰ সমান্তৰালভাৱে ভাষাটোও শিকাৰ প্ৰক্ৰিয়াটোত CLIL-ত ব্যাকৰণগত ভুল আদিৰ ভীতি আঁতৰাই ভাষা শিকন প্ৰক্ৰিয়াটোক এক স্বতঃস্ফূৰ্ত ৰূপ দিবলৈ প্ৰয়াস কৰা হয়।
৩) অভিৰোচনৰদ্বাৰা ভাষা শিকনঃ- কোনো উদ্দেশ্য সাধনৰ বাবে ব্যক্তিৰ মনত উৎসাহ-উদ্দীপনা আৰু কৰ্মস্পৃহা জগাই তোলা কাৰ্যই হৈছে অভিৰোচন । অভিৰোচনে শিক্ষণ স্বতঃস্ফূৰ্ত কৰি তোলে। CLIL-এ ভাষা এটা শিকাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সহজাত অভিৰোচন জগাই তুলিবৰ যত্ন কৰে। বিষয়বস্তু শিকাৰ স্বাৰ্থত (অৰ্থাৎ ই এক অভিৰোচন)ছাত্ৰ-ছাত্ৰীয়ে ভাষাটো শিকাৰ প্ৰতি আগ্ৰহী হৈ উঠে।
ইউৰোপীয়ান শিক্ষা ব্যৱস্থাত জনপ্ৰিয়তা লাভ কৰা CLIL-ৰ শ্লোগানটি হৈছে-‘Using language to learn, learning to use language.’ অৰ্থাৎ, সংক্ষেপে CLIL হৈছে বিষয়বস্তু শিকিবলৈ ভাষাৰ ব্যৱহাৰৰ জৰিয়তে ভাষাটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ শিকন।
LAC আৰু CLIL—এই দুই অভিগমনৰ সফল প্ৰয়োগৰদ্বাৰা ছাত্ৰ-ছাত্ৰীৰ ভাষা শিকন প্ৰক্ৰিয়াটোক মনোগ্ৰাহী কৰি তুলিব পাৰি।বিশেষকৈ আমাৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত মাতৃভাষাটোৰ লগতে ইংলিছ ভাষাটো শিকাৰ প্ৰয়োজনত এই প্ৰচেষ্টা সফলকাম কৰি তুলিবলৈ হ’লে পৰিকল্পিত পাঠ্যক্ৰমৰ সহায়ত প্ৰথাগত দৃষ্টিভংগীক জাৰি-জোকাৰি প্ৰশাসনীয় পৰ্যায়ৰ পৰা শিক্ষকসকললৈকে সকলোৱে দলীয় ঐক্যৰে কাম কৰিবই লাগিব।


সহায়ক গ্ৰন্থপঞ্জী :

1. Kolodziejska, Ewa and Simpson, Stuart (Ed.): Language Across the Curriculum :Network Processing and Material Production in an International Context
2. Vollmer, Helmut Johannes, Language Across the Curriculum : A Way Towards Plurilingualism.
3. Course material for B.Ed (course 4), Tamil Nadu Teachers Education University.-Language Across the Curriculum .
4. Course material for B.Ed, Bharathidasan University, Tiruchirappalli : Language Across Curriculum
5.IGNOU B.Ed Study Material, BES 124 - Language Across Curriculum.