শিক্ষণ - শিকন প্ৰক্ৰিয়াত সাধুকথাৰ ভূমিকা

হিমালিনী বেজবৰুৱা প্ৰবক্তা, জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ
Hemalini Bezbarua

            শৈশৱত পৰিয়ালৰ নিকটতম ব্যক্তিসকল যেনে - মা- দেউতা, ককা-আইতাৰ মুখেৰে শুনিছিলো বিভিন্ন ৰসাল সাধুকথা। অন্তৰ চুই যোৱা সেই সাধুকথাবোৰ এতিয়াও জল-জল পট-পটকৈ মনত পেলাও। সময়ৰ দ্ৰুত পৰিবৰ্তনৰ লগে লগে সকলো পাহৰি গ'লেও কিন্তু কিছুমান সাধুকথাই আমাৰ মনত সাঁচ বহুৱাই থৈছে। আজিও আমি শৈশৱৰ সেই সাধুবোৰ পাহৰি যোৱা নাই। শৈশৱৰ কোমল মনৰ মাতিৰ চপৰাত যেন সেই ৰসাল, জয়াল সাধুবোৰ সাঁচ বহি যায়। এই সাধুবোৰ হৈছে শিক্ষণ-শিকন প্ৰক্ৰিয়াত ব্যবহৃত এক কলা, যি কলাই শ্ৰেণীকোঠাত ছাত্র-ছাত্ৰীৰ মন অভিৰোচিত কৰাৰ লগতে মনোগ্রাহী কৰি তোলে।
            প্রাথমিক পৰ্যায়ত সাধুকথা শুনা আৰু কোৱা অতি গুৰুত্বপূর্ণ। কাৰণ ছাত্র-ছাত্ৰী সকলে যি শুনে, যি দেখে তাৰ পৰা ব্যক্তিগত জীৱনত এটা ধনাত্মক দিশৰ সৃষ্টি হয়। শিশুসকলে নিজে শুনা সাধুবোৰ পুনৰ নিজৰ ভাষাত বৰ্ণনা কৰিব চেষ্টা কৰে আনৰ আগত । যাৰ ফলত তেওঁলোকে অৰ্থ সমূহ বুজাৰ ওপৰিও ঘটনা সমূহ ভালদৰে বুজি উঠে। আৰু মনোযোগৰ লগতে শ্ৰৱণ-কথন কৌশলৰো বিকাশ হয়, কল্পনা শক্তিৰ উদ্ৰেক ঘটে। কল্পনাৰে বিভিন্ন অভিজ্ঞতা সমূহ ব্যক্ত কৰিব পাৰে। সাধুকথা কোৱাৰ ফলত ছাত্র-ছাত্ৰী সকলৰ ভাষাৰ কৌশল সমূহ বিকাশৰ লগতে উচ্চাৰণৰো পৰিৱৰ্তন ঘটে। শিশুৰ জীৱন গঢ়াত, চৰিত্ৰ গঠনত মনোযোগ আকর্ষণ কৰাত সাধু কথাৰ ভূমিকা অপৰিসীম। ছাত্র-ছাত্ৰীৰ সু-চিন্তাৰ, সু-ব্যক্তিত্বৰ অধিকাৰী কৰি তোলাতো সাধুকথাৰ ভূমিকা গুৰুত্বপূর্ণ। অকল যে ভাষা শিকনতহে সাধুকথাৰ প্ৰয়োজন তেনেকুৱা নহয়। ভাষা বিষয়ৰ ওপৰিও অন্য বিষয়সমূহ যেনে - গণিত, বিজ্ঞান আদি বিষয়সমূহো আমি ৰসাল ভাবে সাধুকথাৰ মাজেৰে শিকাই ছাত্র-ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব পাৰি। কিন্তু ইয়াৰ বাবে শিক্ষক সকলৰ কিছুমান আছুতীয়া প্ৰস্তুতিৰ দৰকাৰ। সাধুকথা কোৱাৰ কিছুমান মন কৰিবলগীয়া কথা তলত উল্লেখ কৰা হ'ল -
            ১/ উপযুক্ত শিক্ষণ-শিকন সামগ্ৰী ব্যৱহাৰ কৰি প্ৰাসংগিক পাঠৰ ওপৰত ভিত্তি কৰি নিজেকে প্ৰস্তুত কৰি ল'ব লাগে, যাতে সম্পূর্ণ সাৱলীল ভাৱে ফলদায়ক কৰিব পাৰে।
            ২/ সাধুকথা কওঁতে সদায় সহজ সৰল ভাষা ব্যবহাৰ কৰিব লাগে যাতে ছাত্র-ছাত্ৰীয়ে বুজি পায়।
            ৩/ এটা অতি দৰকাৰী কথা হ'ল সাধুকথা কওঁতে প্ৰস্তুত কৰা পৰিৱেশটো নাটকীয় হোৱাটো দৰকাৰ।
            ৪/ সুৰ মিলাই সাধু ক'লে বা সাধুৰ সংলাপ সমূহ বাস্তব জীৱনৰ লগত মিলাই ক'লে সাধুবোৰ অতি মনোগ্রাহী হয়।
            ৫/ সাধু কোৱাৰ সময়ত সদায় উপযুক্ত আবেগ যেনে- মৰম-ভালপোৱা, খং-ৰাগ, ঘৃণা, আনন্দ, ভাগৰ আদি স্পষ্টভাবে প্ৰকাশ কৰিব লাগে।
            ৬/ সাধুকথা কওঁতে সদায় অংগী-ভংগী বা মুখৰ ভাৱ-ভংগীৰে প্ৰকাশ কৰাতো অতি দৰকাৰী।
            ৭/ কোনটো শব্দত বেছি জোৰ দিব লাগে বা কোনটোত কম জোৰ দিব লাগে বা সুৰৰ ভিন্নতা অনুসৰি সাধু ক'লে ছাত্ৰ - ছাত্রীয়ে অধিক আমোদ পায়।
            ৮/ সাধুকথাৰ উপস্থাপন যাতে ফলপ্ৰসূ হয় তাৰবাবে শব্দ, শব্দাংশ বা বাক্যাংশ অতি অৰ্থপূৰ্ণভাৱে পঢ়িব বা ক'ব লাগে।
            ৯/ বাৰে বাৰে ব্যবহাৰ হোৱা শব্দবোৰ শুদ্ধভাবে উচ্চাৰণ কৰিব লাগে।
            ১০/ সাধু কোৱাৰ আগত শিক্ষক সকলে সদায় আগতীয়া প্ৰস্তুতি কৰি সাধুবোেৰ সাৱলীল ভাৱে ক'ব লাগে যাতে ছাত্র-ছাত্ৰীয়ে বুজি পায় আৰু ছাত্র-ছাত্ৰীৰ বয়স অনুযায়ী উপযুক্ত সাধু প্ৰস্তুত কৰি ক'ব লাগে।
            শিক্ষক সকলে ভাষা শিক্ষণৰ লগতে অন্যান্য বিষয়ৰ শ্ৰেণীকোঠাত শ্ৰেণীসমূহ মনোগ্রাহী কৰি তুলিবলৈ বা অভিৰুচিত কৰিবলৈ বিভিন্ন উৎসৰ যেনে- ব্যক্তিগত জীবনী, দূৰদৰ্শন, বাতৰিকাকত, লোককথা পৰম্পৰাগত ভাবে শুনি অহা সাধু সমূহ ব্যৱহাৰ কৰিব পাৰে। শিক্ষকসকলে ছাত্র-ছাত্ৰীৰ আগত নীতিমূলক আৰু ধনাত্মক সাধুহে উপস্থাপন কৰা উচিত।
            সাধুকথা সাহিত্যৰ এটা বিশিষ্ট বিভাগ। সাধুকথাৰ জৰিয়তে নীতি-আদৰ্শ, মৰম-ভালপোৱাৰ ভাৱ ফুটি উঠে। অসমৰ সাধু সমূহ কিছুমান জীৱ-জন্তুৰ ওপৰত ৰচনা কৰা, কিছুমান আকৌ অলৌকিক, কিছুমান ৰসাল আৰু খুহুতিয়া, কিছুমান প্ৰকৃতিৰ নানা ঘটনাৰ ওপৰত ৰচিত আৰু কিছুমান নীতি-আদৰ্শৰ ওপৰত আধাৰিত।
            শিক্ষণ- শিক্ষন প্ৰক্ৰিয়াত এই সাধু সমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ভাষা শিকাৰ ক্ষেত্ৰতেই নহয় অন্যান্য বিষয়ৰ ক্ষেত্রতো এই সাধু সমূহ ক'ব পাৰি। শিশুৰ বৌদ্ধিক, আৱেগিক,সামাজিক বিকাশৰ ক্ষেত্রতো এই সাধু সমূহৰ অৱদান উল্লেখযোগ্য। সেইবাবে সাধুৱে অতীতৰে পৰা পৰা এতিয়ালৈকে শিক্ষণ-শিকন প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে।