প্ৰেৰণাদায়ক শিক্ষক আৰু শিক্ষাৰ জ্যোতি

পৰেশ বৈশ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
Paresh Baishya

শিক্ষকতা এনে এটা বৃত্তি , যিয়ে অন্য বৃত্তিক সৃষ্টি হোৱাৰ প্ৰেৰণা যোগায় । আচলতে শিক্ষাৰ এক আমোঘ শক্তি আছে । এই শক্তিয়ে  গোটেই পৃথিৱীখনকে নতুন ৰূপ দিব পাৰে বা পৃথিৱীৰ স্বৰূপ সলনি কৰি দিব পাৰে । গতিকে এনে এক শক্তিশালী ব্যৱস্থাৰ অংশীদাৰ হিচাপে শিক্ষক সমাজে জনগণৰ  কল্যাণৰ হকে স্মৰণীয় বৰঙণি যোগাব পাৰে ।
      প্ৰেৰণা দায়ক শিক্ষকৰ অন্যতম গুণ হল ছাত্ৰ -ছাত্ৰীক কৌতুহলী কৰা আৰু জ্ঞানৰ অন্বেষণৰ বাবে প্ৰেৰণা যোগোৱা ।  শিক্ষকে এই ক্ষেত্ৰত কম্পাছৰ দৰে কাম কৰে । ছাত্ৰ -ছাত্ৰীৰ উৎসুকতা , জ্ঞান আৰু প্ৰজ্ঞাক জাগ্ৰত কৰাত শিক্ষকে বৰঙনি যোগায় । প্ৰেৰণাদায়ক  শিক্ষকে নিজে সোধা প্ৰশ্নৰ কিমানবোৰ উত্তৰ ছাত্ৰই ভালদৰে  দিব পাৰিছে তাত সন্তোষ প্ৰকাশ নকৰে , বৰঞ্চ তেওঁ ছাত্ৰজনক এনে কিছুমান প্ৰশ্ন কৰাৰ বাবে অনুপ্ৰাণিত কৰিব বিচাৰে যিবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁৰ বাবে কঠিন হয়।
Williams Arthur Ward  ৰ ভাষাত :
' The mediore teachers tells 
The good teacher explains 
The superior teachers demonstrates 
The great teachers inspires '
আন এটা কথা প্ৰেৰণাদায়ক শিক্ষকৰ ক্ষেত্ৰত সদায় প্ৰযোজ্য । প্ৰেৰণাদায়ক শিক্ষকে ছাত্ৰ ছাত্ৰীক তথাকথিত পাঠ্যপুথিৰ  পূৰ্বৰ্নিৰ্ধাৰিত খিনিকে নিশিকাই ,কেনেকৈ শিকিব লাগে তাকেহে শিকায় । ছাত্ৰ ছাত্ৰীৰ মনত কৌতুহল জগাই তোলে আৰু পিছত পাঠৰ ওপৰত বা জীৱন পৰিক্ৰমাৰ লগত জড়িত আন বিষয়ৰ ওপৰত প্ৰশ্ন সুধিব পৰা এক মানসিকতাৰ গঢ় দিয়ে । তেনে শিক্ষকে কেৱল পাঠ্যক্ৰমৰ বিষয়বস্তুকেই  নিশিকাই , বৰঞ্চ জীৱনৰ প্ৰকৃত লক্ষ্যত উপনীত হব পৰাকৈ দীক্ষা দিয়ে । 
     সাম্প্ৰতিক সময়ত আমাৰ শিক্ষা-ব্যৱস্থাত সৰহ সংখ্যক ব্যক্তিয়েই নম্বৰত  গুৰুত্ব বেছি দিয়া দেখা যায় । প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত নম্বৰৰ প্ৰতিযোগিতাই অশুভ ৰূপ ধাৰণ কৰিছে । সাধাৰণ শিক্ষকে এই প্ৰতিযোগিতাৰ পিছে পিছে দৌৰিছে , নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত । কিন্তু প্ৰকৃত প্ৰেৰণাদায়ক শিক্ষকে শিক্ষাৰ্থীক কেৱল নম্বৰৰ পিছে পিছে দৌৰিবলৈ নিশিকাই , তেওঁলোকক একো একোজন ভাল মানুহ হ'বলৈহে অনুপ্ৰাণিত কৰে । 
      প্ৰকৃতাৰ্থত ক'বলৈ গ'লে প্ৰেৰণাদায়ক শিক্ষকে শিক্ষাদান ব্যৱস্থাত নিজকে একোখন সাঁকো হিচাপে লয় । সেই সাঁকোৰে ছাত্ৰ-ছাত্ৰীক অতিক্ৰম কৰিবলৈ সহায় কৰে, পিছলৈ ছাত্ৰক নিজকে সাঁকো হিচাপে নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত কৰে । অৰ্থাৎ শিক্ষাৰ্থীসকলক জীৱন নৌকা সুপৰিকল্পিতভাবে বোৱাই দিয়াৰ প্ৰেৰণাদায়ক মন্ত্ৰণা শিক্ষকে দিয়ে । 
     প্ৰেৰণাদায়ক শিক্ষকৰ দ্বাৰা অনুপ্ৰাণিত হৈ প্ৰসিদ্ধ  উদ্যোগপতি ৰতন টাটা ই দেশবাসীক কৈছে - Don't educate your children to be rich , Educate them to be happy ,  so when they grow up they will know the value of things, not the price .
     প্ৰেৰণাদায়ক শিক্ষকে আমাক নেতিবাচকতাৰ পৰা  আঁতৰাই ৰাখিবলৈ প্ৰয়াস কৰে ।সমূহীয়া প্ৰয়াসক অভিনন্দন জনাবলৈ অনুপ্ৰাণিত কৰে । গোটেই শিক্ষা ব্যৱস্থাই যে এক সমূহীয়া প্ৰয়াসৰ ফল তাক অনুধাৱন কৰিবলৈ শক্তি দিয়ে । তেওঁলোকে বিচাৰে এখন মানুহৰ সমাজ, হৃদয়বান মানুহৰ সমাজ । শেষত প্ৰেৰণাদায়ক এচাম শিক্ষকৰ দ্বাৰা অনুপ্ৰাণিত হৈ নতুন প্ৰজন্মৰ এগৰাকী শিক্ষাৰ্থীৰ মনৰ কথাৰে আলোচনাৰ সামৰণি মাৰিলো 
"Alone I can say 
Together we can talk
Alone I can smile 
Together we can laugh 
Alone I can enjoy 
Together we can celebrate 
This is the beauty of school's education. "