বিজ্ঞান শিকনৰ প্ৰক্ৰিয়াসমূহ

ডেইজী গগৈ জ্যেষ্ঠ প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ, মিৰ্জা
Daisy Gogoi

বিজ্ঞান বিষয়টো হৈছে হাতে কামে কৰি শিকা বিষয় |শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ক্ৰিয়াকলাপত সক্ৰিয়ভাৱে জড়িত কৰাই বিজ্ঞান পাঠ্যপুথিৰ পাঠত থকা অৰ্হতাসমূহ আহৰণ কৰিবলৈ সুবিধা প্ৰদান কৰিব লাগে |ছাত্ৰ-ছাত্ৰীসকলে যিহেতু ব্যস্ত হৈ থাকিবলৈ ভাল পায়,গতিকে শিক্ষকে তেওঁলোকক বিজ্ঞান শিকনৰ বাবে প্ৰয়োজনীয় বিভিন্ন অভিজ্ঞতা অৰ্জন কৰিবলৈ সুবিধা প্ৰদান কৰিব লাগে |
বিজ্ঞানৰ জ্ঞান আহৰণৰ বাবে নাইবা বিজ্ঞান শিকনৰ বাবে কিছুমান নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে |এই প্ৰক্ৰিয়াসমূহ হ'ল – পৰ্যবেক্ষণ, শ্ৰেণীবিভাজন, পৰীক্ষা-নিৰীক্ষা, জোখ-মাখ, তথ্য সংগ্ৰহ, তথ্য বিশ্লেষণ আৰু সিদ্ধান্ত গ্ৰহণ |পাঠৰ অৰ্হতাৰ লগত সামঞ্জস্য ৰাখি শিক্ষকে আগতিয়াকৈ পৰিকল্পনা কৰি এই প্ৰক্ৰিয়াবোৰৰ সহায়ত পাঠদান কাৰ্য প্ৰদান কৰা প্ৰয়োজন |
পৰ্যবেক্ষণ (Observation) :- বিজ্ঞান শিকনৰ প্ৰক্ৰিয়াসমূহৰ ভিতৰত পৰ্যবেক্ষণেই আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া |এই প্ৰক্ৰিয়া পঞ্চ ইন্দ্ৰিয়ৰ সহায়ত কৰা হয় |চকু, কাণ, নাক, ছাল আৰু জিভা এই পঞ্চ ইন্দ্ৰিয়ৰ সহায়ত যেতিয়া কোনো বস্তু বা ঘটনা নিৰীক্ষণ কৰা হয়, তাক পৰ্যবেক্ষণ কৰা বুলি কোৱা হয় |বস্তু এটা সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবৰ বাবে কেতিয়াবা চকু, কেতিয়াবা নাক আৰি কেতিয়াবা একাধিক ইন্দ্ৰিয় ব্যৱহাৰ কৰিবলগীয়া হয় |উদাহৰণস্বৰূপে পৰিৱেশত থকা বিভিন্ন বস্তুৰ আকাৰ, আকৃতি, বৰণ, পৰিৱেশত ঘটি থকা ঘটনা চকুৰে চাই চিনাক্ত আৰু বৰ্ণনা কৰিব পাৰি | শব্দ চিনাক্তকৰণৰ বাবে কাণ, গোন্ধ চিনাক্তকৰণৰ বাবে নাক ব্যৱহাৰ কৰা হয় |মিঠা, তিতা, টেঙা, কেহা আদিৰ সোৱাদ জিভাৰ বাহিৰে আন কোনো ইন্দ্ৰিয়ই চিনাক্ত কৰিব নোৱাৰে |সেইদৰে গৰম, ঠণ্ডা, মিহি, খহতা আদিৰ চিনাক্তকৰণৰ বাবে ছালৰ প্ৰয়োজন |ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰাই পৰ্যবেক্ষণ কৌশলৰ বিকাশ সাধন কৰাব লাগে |বিজ্ঞান শিকনৰ অন্যান্য প্ৰক্ৰিয়া যেনে:- জোখ-মাখ, পৰীক্ষা-নিৰীক্ষা, শ্ৰেণীবিভাজন আদিৰ বাবে পৰ্যবেক্ষণৰ নিতান্ত প্ৰয়োজন |
শ্ৰেণীবিভাজন (Classification):- নিৰ্দিষ্ট ধৰ্ম নাইবা গুণৰ ভিত্তিত প্ৰাণী, উদ্ভিদ, পদাৰ্থ, বস্তু আদি প্ৰনালীবদ্ধভাৱে সজাই বিভিন্ন গোট বা শ্ৰেণীত বিভক্ত কৰা প্ৰক্ৰিয়াই হ'ল শ্ৰেণীবিভাজন |পাঠৰ লগত সংগতি ৰাখি পৰিৱেশত থকা উদ্ভিদ,প্ৰাণী, ফুল, পাত, বীজ আদি ছাত্ৰ-ছাত্ৰীসকলক পৰ্যবেক্ষণ কৰিবলৈ দি শ্ৰেণীবিভাজন কৰিবলৈ দিব লাগে|ইয়াৰ উপৰি দ্ৰৱণীয়তা,স্বচ্ছতা,তৰল বস্তু,ওপঙি থকা,ডুব যোৱা আদি পদাৰ্থৰ বিভিন্ন ধৰ্ম পৰ্যবেক্ষণ আৰু পৰীক্ষা-নিৰীক্ষা কৰিবলৈ দি ছাত্ৰ-ছাত্ৰীক শ্ৰেণীবিভাজন কৰিবলৈ শিকাব লাগে |
পৰীক্ষা-নিৰীক্ষা (Experimentation):- পৰীক্ষা-নিৰীক্ষাৰ অবিহনে বিজ্ঞান শিক্ষা সম্পূৰ্ণ নহয়| ছাত্ৰ-ছাত্ৰীসকলক ব্যক্তিগত নাইবা দলগতভাৱে কম খৰচী শিক্ষণ-শিকন সামগ্ৰী ব্যৱহাৰ কৰি পৰীক্ষা-নিৰীক্ষা কৰাই পাঠদান কাৰ্য আগবঢ়াই নিব লাগে |এনে প্ৰক্ৰিয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে এটা পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ কি কি সঁজুলিৰ প্ৰয়োজন, পৰীক্ষা এটা কেনেদৰে শৃঙ্খলাবদ্ধভাৱে সম্পন্ন্ কৰিব লাগে,পৰীক্ষা কৰি পোৱা ফলাফলসমূহ কেনেদৰে লিপিবদ্ধ কৰিব লাগে,এই প্ৰয়োজনীয় কথাবোৰ শিকিবলৈ সুবিধা পায়| পাঠত থকা কথাবোৰ নিজেই কৰি সত্যতা প্ৰমান কৰিবলৈ সুবিধা পোৱাৰ ফলত বিজ্ঞান বিষয়ৰ প্ৰতি আকৰ্ষিত হয় আৰু শিকা কথাবোৰ স্থায়ীভাৱে মনত ৰৈ যায় |
জোখ-মাখ (Measurement):- বিজ্ঞান শিকনৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া হৈছে জোখ-মাখ | ছাত্ৰ-ছাত্ৰীক শুদ্ধ পদ্ধতিৰে জোখ-মাখ ল'বলৈ শিকাব লাগে |বস্তুৰ দীঘ, প্ৰস্থ আৰু উচ্চতা জুখিবলৈ কি কি সজুঁলিৰ প্ৰয়োজন, কেনেদৰে শুদ্ধ পদ্ধতিৰে জোখ ল'ব লাগে, কি একক ব্যৱহাৰ কৰিব লাগে, জোখ-মাখৰ দ্বাৰা এই দৰকাৰী কথা শিকিবলৈ সুবিধা পায় |বস্তুৰ ভৰ,শৰীৰৰ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা সজুঁলি আৰু একক জানি লৈ ছাত্ৰ-ছাত্ৰীয়ে দৈনন্দিন জীৱনত প্ৰয়োগ কৰিবলৈ সমৰ্থ হ'ব পাৰে |
তথ্য সংগ্ৰহ আৰু তথ্য বিশ্লেষণ (Data collection and Data analysis):- বিজ্ঞান শিকনৰ এটা উল্লেখযোগ্য প্ৰক্ৰিয়া হৈছে তথ্য সংগ্ৰহ আৰু তথ্য বিশ্লেষণ| ইয়াৰ বাবে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ ওচৰতে থকা ফাৰ্ম, নাৰ্চাৰী নাইবা বাগিছালৈ ক্ষেত্ৰ অধ্যয়নৰ উদ্দেশ্যে লৈ যাব পাৰে |ছাত্ৰ-ছাত্ৰীসকলে কৃষি পদ্ধতি, কৃষি কাৰ্যত ব্যৱহৃত সঁজুলি, খেতিত কি সাৰ প্ৰয়োগ কৰা হৈছে,উৎপাদনৰ পৰিমান কিমান আদি বিভি্ন্ন তথ্য শিক্ষকৰ সহায়ত কিদৰে লিপিবদ্ধ কৰিব লাগে শিকিব পাৰে |ছাত্ৰ-ছাত্ৰীসকলে লিপিবদ্ধ কৰা তথ্যসমূহ কেনেদৰে নিৰ্দিষ্ট গোটত সজাই লৈ প্ৰণালীবদ্ধভাৱে উপস্থাপন কৰিব লাগে,এই সকলো কথা শিকিব পাৰে |ইয়াৰ ফলত ছাত্ৰ-ছত্ৰীসকলে পৰিৱেশত দেখা উদ্ভিদ,প্ৰাণী আৰু অভিভাৱকৰ লগত অন্যান্য ঠাই ভ্ৰমণ কৰিলে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰাৰ লগতে তথ্যসমূহ সুন্দৰকৈ বিশ্লেষণ কৰিবলৈ শিকিব|
সিদ্ধান্ত গ্ৰহণ (Decision making):- বিজ্ঞান শিক্ষাত শুদ্ধ সিদ্ধান্ত গ্ৰহণ এক দৰকাৰী প্ৰক্ৰিয়া |পৰ্যবেক্ষণ,শ্ৰেণীবিভাজন,পৰীক্ষা-নিৰীক্ষা,জোখ-মাখ,তথ্য সংগ্ৰহ,তথ্য বিশ্লেষণ আদিৰ ফলাফলৰ ভিত্তিত শুদ্ধ সিদ্ধান্ত ল'ব পৰাটো এক দৰকাৰী দক্ষতা |শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকে কৰা অভ্যাসন কাৰ্যৰ ফলাফলৰ ভিত্তিত শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ শিকাব লাগে |
ওপৰত উল্লেখিত প্ৰক্ৰিয়াসমূহৰ সহায়ত শিক্ষকে পাঠদান কৰিলে বিজ্ঞান পাঠদান কাৰ্য ফলপ্ৰসু হ'ব |ছাত্ৰ-ছাত্ৰীসকলেও সক্ৰিয়ভাৱে পাঠৰ আদান-প্ৰদান কাৰ্যত অংশ গ্ৰহণ কৰি উপকৃত হ'ব পাৰিব |