যুক্তাক্ষৰ শিক্ষণৰ জঁট আৰু সমাধান

প্ৰাণেশ্বৰ গোস্বামী জ্যেষ্ঠ প্ৰবক্তা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ, মিৰ্জা
Paneswar Goswamai

             যুক্তাক্ষৰ শিক্ষণ হ'ল প্ৰাথমিক স্তৰত এক জটিল প্ৰক্ৰিয়া । যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে যুক্তাক্ষৰ জ্ঞান আয়ত্ত কৰিবলৈ অপাৰগ হোৱাই নহয়, তাৰ প্ৰভাৱ শিকন স্তৰত প্ৰতিফলিত হৈ আহিছে । ই পুথিৰ জ্ঞান আহৰণত হেঙাৰ ৰূপে থিয় দিছে ।
            যুক্তাক্ষৰবোৰ আমি ব্যঞ্জনবৰ্ণ সমূহত দেখিবলৈ পাওঁ । ৪০ টা ব্যঞ্জন বৰ্ণৰ কিছুসংখ্যাকে যুক্ত হোৱাৰ সামৰ্থ্যতা থকা বাবে সময়ে সময়ে যুক্তবৰ্ণ ৰূপে প্ৰতিভাত হয় । আখৰবোৰ দৰাচলতে ধ্বনি সংৰক্ষণৰ ছবি মাত্ৰ । তেনেদৰে যুক্তাক্ষৰবোৰ দুটা বা তিনিটা ব্যঞ্জন ধ্বনিৰ ছবিৰ সংমিশ্ৰণত উদ্ভৱ হোৱা এটা নতুন ছবি । যুক্তাক্ষৰ যিমানে বাঢ়িব, সিমানেই ছবিৰ সংখ্যাও বাঢ়িব । গতিকে ছবি ৰূপী যুক্তাক্ষৰবোৰ হৃদয়ঙ্গম কৰিবলৈ গৈ ছাত্ৰ ছাত্ৰীসকল আহুকালত পৰে । পৰবৰ্তী কালত ধ্বনি চিনাক্তকৰণত পিছ পৰি ৰৈ পঠন কৌশল আয়ত্তক প্ৰভাৱিত কৰি তোলে । ফলত ছাত্ৰ ছাত্ৰীসকলে বাক্যৰ অৰ্থ উদঘাটনত ব্যৰ্থ হৈ পৰে ।
             পঠন দক্ষতা আহৰণত যুক্তাক্ষৰৰ জ্ঞান এক অবিচ্ছেদ্য অংগ । সকলোবোৰ যুক্তাক্ষৰৰ পঠন কৌশল একে নহয় । সেয়ে যুক্তাক্ষৰ গঠন আৰু ধ্বনি ৰূপ শিকিবলগীয়া বিষয় । ইয়াৰ মাজতে লুকায় আছে সাহিত্য অধ্যয়নৰ অনুপম স্বাদ ।
             যুক্তাক্ষৰ বাদ দি অসমীয়া ভাষা শিকন হ'ব নোৱাৰে । গতিকে যি পদ্ধতিৰে যুক্তাক্ষৰ শিকিলে ছাত্ৰ ছাত্ৰীসকলে সহজে বুজি পাব আৰু যুক্তাক্ষৰ গঠন কৰি নিজৰ লিখনিত প্ৰয়োগ কৰিব পাৰিব তাৰ এটা লেখ উপস্থাপন কৰা হ'ল ।
             যুক্তাক্ষৰ বহুধৰণে গঠন হ'লেও আমি মাত্ৰ এটা দিশহে আলোচনালৈ আনিছোঁ । সেইটো হ'ল –'ম্' । 'ম্' টো দুটা ভাগত দেখা পাওঁ । এটা 'ম্' স্বয়ম ; আনটো 'ং' ৰূপত । এই বৰ্ণটোৱে ব্যঞ্জন বৰ্ণৰ বিবিধ আখৰৰ লগত লগলাগি নতুন যুক্তাক্ষৰ গঠন কৰে । এই যুক্তাক্ষৰবোৰ গঠন হওঁতে এটা নিয়ম মানি চলে । তাৰে এটা হ'ল ক- বৰ্গৰ (ক, খ ,গ, ঘ, ঙ ) যিকোনো আখৰৰ লগত 'ম্' টো যোগ হ'লে সি যুক্তাক্ষৰত পৰিণত কৰিব । সেই যুক্তাক্ষৰটোৰ হওঁতে 'ম্' ৰ ঠাইত ক- বৰ্গৰ শেষৰ বৰ্ণ 'ঙ' লৈ ৰূপান্তৰিত হ'ব । তলত আমি গাণিতিক প্ৰক্ৰিয়াৰে উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ ।
            চাওক -১)
            'ম্'টো ক- বৰ্গৰ লগত যুক্ত হ'লে, 'ম্' টো 'ঙ্'' হ'বগৈ ।
            উদাহৰণ –
             ক- বৰ্ণ লৈ           খ- বৰ্ণ লৈ           গ -বৰ্ণ লৈ           ঘ- বৰ্ণ লৈ
            ক+ 'ম্' + ক+ ণ           শ + 'ম্'+ খ           স + 'ম্' + গ + ম           স+ 'ম্'+ ঘ
            ক + 'ঙ্' +ক +ণ           শ +'ঙ্' +খ           স +'ঙ্' +গ +ম           স+ 'ঙ্'+ ঘ
            ক+ ঙ্ক + ণ           শ +ঙ্খ স+ ঙ্গ +ম           স + ঙ্খ
            কঙ্কণ           শঙ্খ           সঙ্গম           সঙ্ঘ
            অসমীয়া ভাষাত যুক্তাক্ষৰৰ সৰলীকৰণ কৰাৰ বাবে আজিকালি 'ম্' ৰ "ং" ৰূপটো ব্যৱহাৰ কৰি লিখা হয় । চাওক, কঙ্কণ বা কংকণ , সঙ্গম বা সংগম, শঙ্খ বা শংখ, সঙ্ঘ বা সংঘ ইত্যাদি । তলত কেইটামান উদাহৰণ দিয়া হ'ল –
            ক বৰ্ণৰ-> অঙ্ক, পঙ্কজ, ডাঙ্কোপ ( অংক, পংকজ, ডাংকোপ )
            খ বৰ্ণৰ-> শঙ্খ, শৃঙ্খল ,( শংখ, শৃংখল, )
            গ বৰ্ণৰ-> গঙ্গা , সঙ্গম ,মঙ্গল ( গংগা , সংগম ,মংগল )
            ঘ বৰ্ণৰ –> সঙ্ঘ ,সঙ্ঘাত ( সংঘ , সংঘাত )
            (শিক্ষক সকলে ক-বৰ্গৰ এনে যুক্তাক্ষৰ ছাত্ৰ-ছাত্ৰীক বিচাৰি উলিয়াই লিখিবলৈ দিলে ক-বৰ্গৰ আখৰৰ লগতে যুক্তাক্ষৰ শিকিব পাৰিব ।)

Book

            আধুনিক অসমীয়া ভাষাৰ কিতাপবোৰত আগৰ ছপাৰূপত 'ঙ-গ' ৰ ৰূপটো 'ঙ্গ' ধৰণে দেখিবলৈ পাওঁ । এই ৰূপটো ভুল নহয় । ইয়াৰ কাৰণটো হ'ল- প্ৰথম অৱস্থাত অসমীয়া পুথিসমূহ কলিকতাত মুদ্ৰণ কৰা হৈছিল । অসমীয়া আৰু বঙালী লিপিত সাদৃশ্য থকা বাবে আমাৰ পুথিসমূহ তাতেই প্ৰকাশ হৈছিল । তাৰ লিপিসমূহ আমি অভিন্নভাবে ব্যৱহাৰ কৰি আহিছোঁ । যাৰ বাবে বংগীয় লিপিৰ 'ঙ-গ' টো 'ঙ্গ' হিচাপে আমাৰ পুথিবোৰত প্ৰকাশ পায় । ইয়াৰ উপৰি আমাৰ প্ৰাচীন পুথিসমূহত (সাঁচিপতীয়া) 'ঙ-গ' টো 'ঙ্গ' হিচাপে দেখুওৱা হৈছে । তেনেদৰে 'ঙ-ক' টো 'ঙ্ক' যুক্তাক্ষৰ হিচাপে পাওঁ । সেই হিচাপে আমাৰ লিপি প্ৰস্তুতকৰণটো এই যুক্তাক্ষৰটো অভিন্নভাবে গ্ৰহণ কৰিবলৈ ল'লে । (লিখনিৰ লগত এটা সাঁচিপতীয়া পাতৰ আৰ্হি ৰূপ গাঁঠি দিয়া হ'ল । চাওক- ' গোপিকাৰ সঙ্গে তাৰ......' (চতুৰ্থ শাৰী) । ক্ৰমশঃ অহা সংখ্যাত ।