প্ৰাথমিক পৰ্যায়ত শিশুৰ মৌখিক ভাষা বিকাশত (Oral language development) শ্ৰেণীকোঠাত শিক্ষকৰ ভূমিকা

মঃ মজাফৰ আলী ৰাজ্যিক প্ৰালোচক, শিক্ষক প্ৰশিক্ষণ বিভাগ,সমগ্ৰ শিক্ষা অসম
Majafar Ali

             শ্ৰৱণ, কথন, পঠন আৰু লিখন প্ৰতিগৰাকী শিশুৰ ভাষা বিকাশৰ প্ৰাথমিক চৰ্ত। ভাষাৰ বিকাশ অবিহনে আন আন বিষয়ৰ শিকন কেতিয়াও আশাব্যঞ্জক নহয়। সেয়েহে প্ৰতিজন শিক্ষকে শিশুৰ ভাষা বিকাশত প্ৰাথমিক স্তৰৰ আৰম্ভণিৰ পৰাই গুৰুত্ব প্ৰদান কৰিব লাগে। বহুক্ষেত্ৰত দেখা যায় শিশুৰ পঠন দক্ষতা যথাযথ নহয়। প্ৰাথমিক স্তৰৰ আৰম্ভণিতে শিশুৱে বাক্য, দফা আদি পঢ়ি বুজি নাপালে পৰবৰ্তী পৰ্যায়ত শিশুৱে যিকোনো বিষয়ৰ জ্ঞান আহৰণত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।
             পঠন আৰু লিখনৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত শিশুৰ মৌখিক ভাষাৰ বিকাশৰ গুৰুত্ব অপৰিসীম। এইটো প্ৰায়ে পৰিলক্ষিত হয় যে প্ৰায়বোৰ বিদ্যালয়ত শিশুৰ মৌখিক ভাষাৰ বিকাশত গুৰুত্ব দিয়া নহয়। ফলত শিশু এগৰাকীৰ শ্ৰৱণ-বোধ ( listening comprehension), কথনৰ(speaking) প্ৰয়োজনীয় বিকাশ সাধন নহয়৷ ঘৰখনৰ উপৰিও শ্ৰেণীকোঠাৰ বাহিৰে আৰু ভিতৰে শিশুৰ মৌখিক ভাষাৰ বিকাশ সাধন কৰিব পাৰি। এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত বিভিন্ন উপায়েৰে শিশুৰ মৌখিক ভাষাৰ বিকাশ সাধন কৰিব পাৰে। তলত শিশুৰ মৌখিক ভাষা বিকাশৰ বাবে ল'ব পৰা কেইটামান উপায় বা ক্ৰিয়া-কলাপ সংক্ষেপে আলোচনা কৰা হ'ল-
             ক) শ্ৰেণীকোঠাটো ছপা-সমৃদ্ধশীল(Print-rich) হ'ব লাগে । অৰ্থাৎ শ্ৰেণীকোঠাটো শিশুৰ বয়সোপযোগী বিভিন্ন চাৰ্ট, কাৰ্ড আদিবোৰ আঁৰি থব লাগে যাতে শিশুৱে সেইবোৰ লক্ষ্য কৰি সমনীয়া/লগৰীয়াৰ লগত কথা পাতিব পাৰে।
             খ) শিশুৱে নিজে ভালপোৱা, দেখা-শুনা কথাবোৰ আনৰ আগত কৈ খুবেই আনন্দ লাভ কৰে। সেয়েহে শিক্ষকে শ্ৰেণীকোঠাত এনেকুৱা পৰিৱেশ এটি সৃষ্টি কৰিব লাগে যাতে প্ৰতিগৰাকী শিশুৱে লাজ, ভয়, সংকোচ আঁতৰাই স্বতঃস্ফূর্তভাৱে যিকোনো কথা প্রকাশ কৰিব পাৰে।
             গ) কথোপকথন(Conversation) মৌখিক ভাষাৰ বিকাশৰ আন এক গুৰুত্বপূৰ্ণ ক্ৰিয়া-কলাপ। শিক্ষকে জনা বা শিশুৰ পৰিচিত পৰিৱেশ সামৰি প্ৰস্তুত কৰা পাঠ বা পাঠ্যপুথিত থকা পাঠৰ জৰিয়তে কথোপকথনক সুবিধা দি মৌখিক ভাষাৰ বিকাশ সাধন কৰিব পাৰে। ইয়াৰোপৰি তেওঁলোকে ভালপোৱা, দেখা-শুনা আদি বিষয়তো কথা পাতিবলৈ উৎসাহিত কৰিব পাৰে।
             ঘ) ওমলা গীত, নিচুকনি গীত আদি শিশুৰ প্ৰিয়। সেয়েহে শিক্ষকে নিজে শ্ৰেণীকোঠাত গোৱাৰ লগতে শিশুকো এই গীতবোৰ গাবলৈ দিব লাগে।
             ঙ) শিশুৱে সাধু শুনিবলৈ আৰু ক'বলৈ ভাল পায়। ই শিশুৰ এক স্বাভাবিক প্ৰবৃত্তি। শিক্ষকসকলে শ্ৰেণীকোঠাত শিশুসকলক সাধু শুনোৱাৰ লগতে তেওঁলোককো নিজৰ ভাষাত সাধু কোৱাৰ সুবিধা দিব লাগে। ইয়াৰ জৰিয়তে শিশুৰ মৌখিক ভাষাৰ বিকাশ হয়।
             চ) শ্ৰেণীকোঠাত শিশুৰ উপযোগী চিত্র বা ছবি দেখুৱাই শিশুসকলক ক'বলৈ দিও মৌখিক ভাষাৰ বিকাশ সাধন কৰিব পাৰে।
             ছ) শিশুৰ মৌখিক ভাষা বিকাশৰ বাবে শ্ৰেণীকোঠাত শিক্ষকে ছবি পাঠ বা ছবিৰ কাহিনীৰো সহায় ল'ব পাৰে।
             জ) কিছুমান পাঠত শিশুৱে অভিনয় কৰিব পৰা সুবিধা থাকে। গতিকে শিক্ষক গৰাকীয়ে শিশুবোৰক ইয়াৰ পৰা বঞ্চিত কৰিব নালাগে। পাঠৰ উপৰিও শিশুসকলক তেওঁলোকে ভালপোৱা বা দেখা কোনো দিশৰ ওপৰত অভিনয় কৰাৰ সুবিধাকণ দিব লাগে। যিকোনো অভিনয় কৰি বা অভিনয় চাই শিশুৱে সোনকালে শিকিব পাৰে আৰু শিশুৰ মৌখিক ভাষাৰ বিকাশত যথেষ্ট সহায়ক হয়।
             ওপৰত উল্লিখিত উপায়সমূহৰ উপৰিও শিক্ষকে শিশুৰ মৌখিক ভাষা বিকাশৰ বাবে শ্ৰেণীকোঠাত নিজাববীয়াকৈ আন আন উপায় অৱলম্বন কৰিব পাৰে। মাথোন মনত ৰাখিব লাগিব যাতে এটা শ্ৰেণীকোঠাত প্ৰতিটো শিশুৱে প্ৰতিটো ক্ৰিয়া-কলাপতে সমূৰ্ণ অংশ লয়। কিয়নো মৌখিক ভাষাৰ বিকাশ অবিহনে শিশুৰ পঠন দক্ষতা আশাব্যঞ্জক নহয়।
             ওপৰোক্ত সকলোবোৰ ক্ৰিয়া-কলাপবোৰ সমাধানৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰী সকলে মূখ্য ভূমিকা ল'ব লাগে।