মোৰ জাপান ভ্ৰমণৰ কিছু অভিজ্ঞতা

যোগেন চন্দ্ৰ কলিতা অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়
Jogen Kalita

২০১৬, ২০১৮ আৰু ২০১৯ বৰ্ষত কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক, কলেজৰ অধ্যক্ষ, সঞ্চালক, অধিবক্তা, গৱেষক আৰু ছাত্ৰ ছাত্ৰী সহ বিশেষ প্ৰতিনিধিৰ দল লৈ তিনিবাৰকৈ সূৰ্যোদয়ৰ দেশ জাপান ভ্ৰমণৰ নেতৃত্ব দিয়াৰ সুযোগ আৰু সৌভাগ্য মোৰ হৈছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ পাৰমাণৱিক বিভীষিকাৰ পিছত সৰ্বতো প্ৰকাৰে বিধস্ত হৈ পৰা সেইখন জাপান দেশ আজি ৭৫ বছৰ পিছত উন্নয়নৰ শিখৰত উপনীত হৈ গোটেই বিশ্ববাসীক স্তম্ভিত কৰিছে। আজি বিজ্ঞান আৰু প্ৰযুক্তিৰ ন ন উদ্ভাৱনে জাপানৰ অৰ্থনীতি বিশ্বৰ উচ্চ স্থানত উপনীত কৰাইছে।
নিজ চকুৰে দেখা পালো যে অতি অমায়িক, কৰ্মক্ষম আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন এই জাতিটোৱে আজি গোটেই বিশ্ব জয় কৰিবলৈ ওলাইছে। জাপানৰ কেইবা খনো বিশ্ব বিখ্যাত বিশ্ববিদ্যালয় যেনে Tokyo University, Kyoto University, Osaka University, Utshunomiya University, Shibaura Institute of Technology, Ashikaga Institute of Technology আদি কৰি বহু বোৰ উচ্চ শিক্ষা অনুষ্ঠান আমি ভ্ৰমণ কৰিছিলোঁ পূৰ্ব নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি। জাপানত সকলোতে সময় ছেকেণ্ড লৈকে মানি চলা হ'য়।
জাপানত নিৰ্ধাৰিত সময়ত কৈ বেছি আগতে যোৱাটোও তেওঁলোকে ভাল নাপায়। আমাৰ জাপানী ভ্ৰমণ গাইড সকলে সদায়ে মাত্ৰ কেৱল পাঁচ মিনিট আগতহে আমাক University অথবা আন আন অনুষ্ঠানসমূহৰ নিৰ্দ্ধাৰিত স্থানলৈকে লৈ গৈছিল। অতি উচ্চ মানৰ শিক্ষণ প্ৰশিক্ষণ পদ্ধতি, সকলোতে Information communication Technology ৰ প্ৰয়োগ, বিশ্ব মানৰ গৱেষণা, অধ্যাপক, অধ্যাপিকাসকলৰ একাণপতীয়া আৰু নিৰৱ সাধনা প্ৰত্যক্ষ কৰি অভিভূত হৈছিলোঁ। বিশ্ববিদ্যালয় সমূহৰ Laboratory আৰু শ্ৰেণী কোঠা সমূহ প্ৰত্যক্ষ কৰি ছাত্ৰ ছাত্ৰীসকলৰ নিজম নিতাল এক পৰিবেশত, অধ্যয়নৰত অৱস্থাত দেখা পাই তেওঁ লোকলৈ আমাৰ শ্ৰদ্ধা উপজি ছিল। কাৰো আমালৈ আনকি মুৰ ডাঙি চাবলৈকো যেন অৱকাশ নাই। নিজৰ নিজৰ কামক লৈ সকলো ছাত্ৰ ছাত্ৰী, গৱেষক সকল ব্যস্ত হৈ থকা দেখা পালো। আনকি আমাক অধ্যাপক সকলৰ লগত মিটিং ৰ ক্ষেত্ৰতো কেই মিনিট এজনে কথা ক'ব পাৰিম তাকো ঠিক কৰি দিছিল আৰু প্ৰায় বোৰ মিটিং কেৱল মাত্ৰ ৪০ বা ৫০ মিনিট দৈৰ্ঘ্যৰহে আছিল। Tokyo University, Kyoto University, Osaka University আদিত তেওঁ লোকৰ নোবেল বঁটা বিজয়ী অধ্যাপক অধ্যাপিকা সকলৰ কথা কৈ বৰ গৌৰৱ কৰা দেখা পালোঁ। এই সমূহ বিশ্ববিদ্যালয়ৰ নোবেল বঁটা বিজয়ী সকলৰ আৱিষ্কাৰে আধুনিক পৃথিৱীলৈ যথেষ্ঠ অৱদান আগবঢ়াই আহিছে। আনহাতেদি, জাপানৰ সফল ৰাজনীতিৰ ক্ষেত্ৰ খনলৈও অকল Tokyo University খনৰ পৰাই জাপানৰ বহু কেইজনে প্ৰধান মন্ত্ৰী পদ পৰ্য্যন্ত অধিকাৰ কৰিবলৈ সক্ষম হৈছে।
Tokyo, Osaka, Kyoto, Utshunomiya, Hiroshima আদি জাপানৰ বিভিন্ন চহৰ আৰু নগৰবোৰ ঘূৰি ফুৰি জানিব লৈ মন গৈছিল যে জাপানৰ মানুহ বোৰ কিয় ইমান বেছি ভদ্ৰ আৰু অতি নম্ৰ। সেইদিনা আমাৰ লগত থকা নেপালৰ পৰা গৈ জাপানতে বসবাস কৰা ট্যুৰ গাইড জনে আমাক কলে যে জাপানত স্কুল সমূহত লৰা ছোৱালীক প্ৰথমতে প্ৰায় আঠ বছৰ মান বয়স লৈ কেৱল চৰিত্ৰ গঠন, প্ৰমূল্য বোধ আৰু আচাৰ ব্যৱহাৰৰ কথাহে শিকায়। আনকি আঠ বছৰলৈকে তেওঁলোকৰ কোনো পৰীক্ষা আদিও নহয়। আমাৰ লগতে বহি থকা তেওঁৰ নিজৰ সৰু লৰা জনক সুধি সেই কথাটো তেওঁ খাটাং কৰি ল'লে। স্কুল সমূহত লৰা ছোৱালীক স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিছন্নতা আৰু দেশপ্ৰেমৰ জ্ঞান দিয়া হয়। জাপানৰ মানুহে নিজৰ দেশখনক সকলোতকৈ বেছি ভাল পায়। তেওঁলোকে আন মানুহক বৰ শ্ৰদ্ধা মৰম কৰে কিন্তু সহজতে কাকো বিশ্বাস নকৰে। জাপানত ভাৰতীয় মানুহক বহুত বেছি সন্মান কৰে। জাপানত সকলোৱে নেতাজী সুভাষ চন্দ্ৰ বসুৰ কথা কৈ গৌৰৱ কৰে। আমি এখন স্কুল চাবলৈ গৈ আচৰিত হলো। প্ৰায় ২০০০ মান লৰা ছোৱালী পঢ়া স্কুলখন ইমানেই পৰিপাটি আৰু একেবাৰে শান্ত পৰিৱেশ য'ত এটা কোলাহলৰ শব্দও আমি শুনা নাছিলোঁ। আমাৰ লগতে যোৱা বাইদেউ এগৰাকীয়ে সুধিলে যে তেওঁলোকৰ স্কুল বন্ধ নেকি? আচলতে সেই সময়ত সকলোৱে ক্লাছত ব্যস্ত আছিল। স্কুলৰ প্ৰধান শিক্ষক আৰু কেইজন মানে আমাক এটা সভাকক্ষত বহুৱাই সকলোবোৰ প্ৰজেক্টৰ যোগেদি দেখুৱালে। তেওঁলোকৰ সেই অঞ্চলসমূহত বহু স্কুলৰ বছা বছা শিক্ষকৰ দ্বাৰা ওচৰৰ স্কুল সমূহত পাঠ দানৰ ব্যৱস্থা আছে। সকলোৱে Lesson Plan সহ ক্লাছ সমূহ কৰে। আমি পৰিবেশ সচেতন লৰা ছোৱালীবোৰক মুখত মুখা পিন্ধা দেখিছিলোঁ। তেতিয়া অৱশ্যে কৰ'ণা বেমাৰ নাছিল। ইফালে স্কুলৰ শৌচাগাৰবোৰ বিদ্যুৎ প্ৰণালীৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু ইমান চাফা আছিল যে আমি বহুতেই ফটো তুলি আনিছিলোঁ। স্কুলতো তেওঁ লোকৰ সভাবোৰ বৰ চুটি আছিল। একোজন শিক্ষকে মাত্ৰ পূৰ্ব নিৰ্ধাৰিত মতে আঠ বা ন মিনিট মান হে কথা কয়। প্ৰশ্নোত্তৰবোৰ নিৰ্দিষ্ট আৰু বস্তুনিষ্ঠ আছিল। কেতিয়াবা, তেওঁলোকে দোভাষী ব্যৱহাৰ কৰি তেওঁলোকৰ জাপানী ভাষণ ইংৰাজী লৈ অনুবাদ কৰিছিল।

Japan

জাপানত হেনো অপৰাধ প্ৰায় নায়েই। আমাৰ অসমৰ পৰা গৈ Tokyo ত কাম কৰা এগৰাকী বোৱাৰীয়ে আমাক ক'লে যে জাপান ত তেওঁলোক ইমানেই সুৰক্ষিত যে তেওঁ হেনো মাজ নিশাহে অকলে নাইট ৱাক কৰি ভাল পায়। জাপানত আইন অমান্য কোনেও কৰিব নোৱাৰে। সকলোতে প্ৰযুক্তিৰ ব্যৱহাৰ। চাৰিওফালে চি চি টি ভি কেমেৰা দেখা পালোঁ।
আমাৰ ইণ্ডিয়াৰ মানুহে সময় মতে কাম নকৰে বুলি সকলোৱে জানে। গতিকে আমাৰ ট্যুৰ গাইড সকলেও সদায় আমাক আচল সময়ত কৈ এঘণ্টা আগত আমাৰ সময় বুলি জানিব দিয়ে। জাপানত মানুহে পলম কেনেকৈ হৈ বুজি নাপায়। তাত কাৰো পলম হব নোৱাৰে। কেতিয়াবা পলম হোৱা বাবে তেনে কৰ্মচাৰীয়ে আত্ম দংশিত হৈ ভুল পথ গ্ৰহণ কৰাৰো উদাহৰণ আছে।
Hiroshima জাপানৰ অত্যাধুনিক এখন চহৰ। এই খন চহৰ হনচু নামৰ দ্বীপটোত অৱস্থিত। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই চহৰ খন ১৯৪৫ চনৰ ৬ আগষ্ট দিনা আমেৰিকাই সম্পূৰ্ণ ৰূপে ধ্বংস কৰি পেলাইছিল। পাৰমাণবিক বোমাৰ প্ৰচণ্ড প্ৰভাৱত ডেৰ লক্ষ নাগৰিক, কন কন শিশু, বেছি ভাগ ছাত্ৰ ছাত্ৰী নিমিষতে জ্বলি শেষ হৈ গৈছিল। জীৱ জগত, প্ৰাণী আৰু উদ্ভিদ সকলোবোৰ জ্বলি ছাৰ খাৰ হৈছিল। ইয়াৰ প্ৰভাৱত বহু বছৰ লৈকে আৰু বহু লাখ মানুহৰ মৃত্যু হৈ আছিল আৰু তাৰ বিকিৰণৰ প্ৰভাৱ এতিয়াও বিদ্যমান। মই যদিও আগতে জাপান লৈ দুবাৰ কৈ গৈছিলোঁ, হিৰোছিমা যাবলৈ সাহস গোটাব পৰা নাছিলোঁ। যোৱা বছৰ ২০১৯ চনৰ জুলাই মাহত পুনৰ জাপান যাওঁতে আমি প্ৰায় ৩৪ গৰাকী অসমৰ শিক্ষাবিদ এক লগ হৈ পৃথিবীৰ আগশাৰীৰ বিশ্ববিদ্যালয়, টকিও, Osaka, Kyoto আদি University ভ্ৰমণ কৰোঁতে ২৩ জুলাই তাৰিখে হিৰ'চিমা লৈ গৈছিলোঁ। সেই দিনা বতৰটোও কিবা গোমা আছিল। পুৱাৰে পৰা কিন কিনকৈ বৰষুণ দি আছিল। ইফালে আমাৰ সকলোৰে মনবোৰ বৰ গধুৰ। আমাৰ লগতে থকা বাইদেও দুগৰাকীয়ে Hiroshima ৰ কাহিনী বোৰ পঢ়ি আছিল। সদায়ে হাঁহি থকা জাপানী ছোৱালী টুৰ গাইড জনীয়েও সেই দিনা মনটো মাৰি আছিল। আমাৰ যাত্ৰা পথ চোৱাত বহুবোৰ বিভীষিকাৰ কথা তাই বৰ্ণনা কৰিছিল। কেনেকৈ পানী খাবলৈ হাহাকাৰ কৰি হাজাৰ হাজাৰ মানুহ মৰিছিল। Hiroshima চহৰ পোৱাৰ সময়ত নদী এখন দেখুৱাই কলে যে সেই নদীখনতেই হাজাৰ মানুহৰ মৰা-শবোৰৰ উপঙি আছিল বহু দিনলৈ। সমাধিস্থ কৰিবলৈ কোনো মানুহ নাই। মই দেখিলোঁ আমাৰ বাছ খনৰ ভিতৰতো কাৰো বহু সময়লৈ মাত বোল নাই। আমি যেতিয়া Hiroshima চহৰ খনত উপস্থিত হ'লো গৈ তেতিয়া দেখা পালো সেইখন এখন পূৰ্ণ নিৰ্মিত পূৰ্ণাংগ আৰু এখন অতি ব্যস্ত আধুনিক চহৰ। ইমান ব্যস্ত চহৰ যে গতি নাই গতিৰ বাহিৰে। এনেয়ে বাহিৰৰ পৰা একো গম নাপায়। আমি Hiroshima Peace Memorial Park and Museum পালোঁগৈ। পাৰ্কখনত স্মৃতি সৌধ সমূহ দেখিলোঁ। আমি সকলোৱে সেইদিনা বৰষুণত তিতি বুৰিয়ে কিছু ফটো সংগ্ৰহ কৰিলোঁ। মানুহৰ বহুত ভীৰ আছিল তাত। তাৰ পৰা আমি Museumৰ ভিতৰত সোমালোঁ। সংগ্ৰহালয়ত উপস্থাপন কৰা সমলবোৰ, ছবি বোৰ, ভিডিও উপস্থাপন আদিয়ে আমাক সকলোকে ১৯৪৫ ৰ সেই অতি ভয়ানক দিনটোৰ অবৰ্ণনীয় পৰিস্থিতিৰ কথা চকুৰ সন্মুখত দেখুৱাই দিলে। সেইবোৰ চাই আমি সকলোৱে আমাৰ চকুলো ঢাকি ৰাখিব কৰিব নোৱাৰিলোঁ। মই ছবি বোৰৰ ভয়ানক দৃশ্যবোৰ দেখি আনকি ফটো এখনো তুলিব নোৱাৰিলোঁ। মিউজিয়ামৰ ভিতৰত সকলো মানুহেই কেৱল নীৰৱে উচুপি থকাহে দেখিলোঁ। কি ভয়ানক এক পৰিস্থিতি। যেনিয়েই চাও এজনে আনজনৰ গাত সাৱটি ধৰি কান্দিছে মাথোঁ। প্ৰকাণ্ড মিউজিয়ামটোত পৃথিবীৰ সকলো ঠাইৰ মানুহৰে ভিৰ। মই আমাৰ লগৰে দুই এজনক ভিতৰত লগ পালেও, তেওঁলোকৰ চকুলৈ চাব নোৱাৰিলোঁ আৰু একো কথা ক'ব নোৱাৰিলোঁ। কিবা শোকে খুন্দা মাৰি ধৰে। দুঘণ্টা মান সময় সকলো বোৰ চাই চিতি নীৰৱে কান্দি কান্দি ওলাই আহি বাহিৰতে থকা এখন চকিত বহি পৰিলোঁ। কি যে বিভীষিকা। বৰ্ণনা কৰিব নোৱাৰি। অনুভৱ হে কেৱল কৰিব পাৰি। একো একোখন ছবিত প্ৰায় দহ বাৰ জন মানুহ একেলগে জ্বলি থুপ হৈ থকা দৃশ্য। ক'ৰবাত আকৌ শৰীৰৰ পিছৰ অংশ বোৰ নাই। আন এখন ছবিত মাকৰ লগতে কণমানি শিশু জ্বলি থকা দৃশ্য। এখন ছবিত বহু জন মানুহৰ একেলগে মূৰৰ চুলিবোৰৰ দ্বাৰা আঠা লাগি থকাৰ দৃশ্য। আন এখনত গছ গছনি হাবি বননি দুৰ দুৰণিলৈকে জ্বলি ছাৰ খাৰ হোৱা ছবি। ভিডিও যোগে এনে বহু কাহিনী দেখুৱাই থকা দেখিলোঁ। অলপ চালেই গাটো বেয়া লাগি যায়। চিঞৰি চিঞৰি কান্দি দিবৰ মন যায়। মই এটা সময়ত দুয়োটা চকুৰে বাট নেদেখা হলো। ঠিক কৰিলোঁ যে আৰু চাব নোৱাৰি। বুকুখন একেবাৰে ফাটি যাব খুজিছিল। বাহিৰলৈ ওলাই আহি এখন চকিত বহি পৰিলোঁ। এজনী ছোৱালী আহি মোৰ দুৰৱস্থা দেখি ওচৰৰ পানী খাব পৰা মেচিনটো আৰু টেবুলত ৰাখি থোৱা ৰেজিষ্টাৰ বহি খন দেখুৱাই দিলে। সততে হাঁহি মাৰি সম্ভাষণ কৰা সেই ছোৱালীজনীয়ে মোক এটা শব্দও নকলে। মই থিয় হৈ বহি খনৰ মেলি থোৱা পৃষ্ঠা টোত লিখিলোঁ। No more war in future. Let us work for world Peace. সেইদিনা আমাৰ সকলোৱে তাতেই একেলগে আমি জাপানৰ মাটিত সেই মৃতক সকলৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। কেৱল সময়হে এই সকলোবোৰৰ সাক্ষী হৈ ৰ'ল। এনে বোৰ কাৰণতে হয়তো জাপানৰ মানুহবোৰ বৰ বেলেগ ধৰণৰে নিজক আৰু নিজৰ দেশ খনক সকলোতকৈ বেছি ভাল পোৱা হ'ল। তেওঁ লোকে বিধ্বস্ত জাপান দেশখন পুণৰ নিৰ্মাণ কৰি আজি বিশ্বৰ ছুপাৰ পাৱাৰৰ সমানে থিয় দি আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক অ'বামাই তেওঁৰ কাৰ্যকালত হিৰচিমাত উপস্থিত হৈ বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছিল।
জাপানৰ বিশ্ববিখ্যাত হচিকো নামৰ কুকুৰটোৰ আবক্ষ মূৰ্তি দেখিলোঁ। আমাৰ জাপান ভ্ৰমণৰ সময়ত আমি এদিন চাবলৈ গলো প্ৰভু ভক্তিৰ বিৰল নিদৰ্শন বিশ্ব বিখ্যাত Hachiko নামৰ কুকুৰটোৰ জন্মভূমি। শিবুয়া জাপানৰ এখন অতি অত্যাধুনিক বাণিজ্যিক চহৰ। জাপানৰ এই চহৰ খনতে পৃথিবীৰ আটাইতকৈ ব্যস্ত দুটা ৰেল ষ্টেচন, চিনযুকু ষ্টেচন আৰু চিবুয়া ষ্টেচন অৱস্থিত। এই বাণিজ্যিক কেন্দ্ৰৰ জনসংখ্যা প্ৰায় ২২ লাখ মান হ'ব। ইয়াতেই বিখ্যাত হাছিকো নামৰ কুকুৰটোৰ সকলোৰে মন আকৰ্ষণ কৰা সঁচা কাহিনীটোৰ জন্ম হৈছিল। ১৯২৩ চনৰ পৰা জাপানৰ ট'কিঅ ইম্পেৰিয়াল ইউনিভাৰ্চিটিৰ কৃষি বিভাগৰ অধ্যাপক ইও এনো ইছাবুৰাৰ লগত হাসিকো নামৰ কুকুৰ টো এই সিবুয়া ষ্টেচন লৈ নিতৌ আহিছিল তাৰ মালিকক আগবঢ়ায় থ'বলৈ। একেদৰে সদায় সন্ধিয়া সময়ত হাচিকো পুনৰ সেই ৰেলষ্টেচনলৈ আহে আৰু মালিকক ঘৰলৈ সদায় আগবঢ়াই লৈ যায়। দুয়ো এনেদৰে একেলগে অহা যোৱা কৰি থাকিলে বহু বছৰলৈকে। কিন্তু নিষ্ঠুৰ নিয়তিৰ হাতত ১৯২৫ চনৰ ২১ মে তাৰিখে আকস্মিক ভাবে অধ্যাপক গৰাকীৰ মগজুৰ ৰক্তক্ষৰণ হৈ কৰ্ম স্থলীতে মৃত্যু হৈছিল। সেই দিনা অধ্যাপকগৰাকী ষ্টেচনলৈ উভতি নাহিল। কিন্তু সেই চাৰি ঠেঙীয়া জন্তুটো ষ্টেচনতে গোটেই দিন ৰৈ থাকিল তাৰ মালিক উভতি আহিব বুলি। তাৰপিচত প্ৰত্যেক দিনাই হসিকো নামৰ কুকুৰটো সন্ধিয়া আহি চিবোয়া ষ্টেচনত তাৰ মালিক উভতি অহাৰ বাবে ৰৈ থকা সকলোৱে দেখা পালে। সেই কুকুৰটো ৯ বছৰ কাল একেৰাহে প্ৰত্যেক দিনাই তাৰ ঘৰ আৰু ষ্টেচনৰ মাজত অহা যোৱা কৰি আছিলে । ১৯৩২ চন মানৰ পৰা সকলো মানুহে কুকুৰটোৰ এনে আচৰণ বেছিকৈ প্ৰত্যক্ষ কৰিছিলে আৰু গোটেই জাপানতে সেয়া এক আকৰ্ষণৰ মূলবিষয় হৈ পৰিছিল। পিছলৈ মানুহে তাৰ বাবে কিবা কিবি খোৱা বস্তু আদি আনি সেই ৰৈ থকা সময় খিনিত তাক খাব দিয়ে। প্ৰায় ৯ বছৰ ৯ মাহ ১৫ দিন প্ৰত্যেক দিনাই এনেকৈয়ে তাৰ মৃত্যুৰ দিনলৈকে তাৰ মালিক উভতি আহিব বুলি সিবোয়া ষ্টেচনত আহি ৰৈ থকা হসিকোৰ ১৯৩৫ চনৰ ৮ মাৰ্চ তাৰিখে মৃত্যু হয়। প্ৰভু ভক্তিৰ এই বিৰল নিদৰ্শন সজীৱ কৰি ৰাখিবৰ বাবে জাপানৰ চৰকাৰে ১৯৩৪ চনত শিবোয়া ষ্টেচনত হসিকোৰ এটি ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ কৰি হাশিকোৰ প্ৰভু ভক্তিৰ নিদৰ্শন বিশ্বৰ আগত দাঙি ধৰিছে। পিছলৈ ১৯৮৭ ত Hachiko Monogatari, the tale of Hachiko আৰু ২০০৯ চনত Hachi: a dog's tale আদি বহু কেইখন চিনেমাও তৈয়াৰ হল। জাপানৰ চৰকাৰে মৃত্যুৰ পিছত হাছিকোৰ ষ্টাফ বনাই সংগ্ৰহালয় ত ৰাখি থৈছে। পৃথিবীৰ সকলো দেশৰ হাজাৰ হাজাৰ মানুহে আজি সেই Hachiko ৰ ব্ৰঞ্জৰ মূৰ্ত্তিটোৰ ওচৰত এখন ফটো উঠাৰ বাবে প্ৰচণ্ড ভীৰ লগোৱা দেখা যায়। আমি সকলো অবাক হ'লো যেতিয়া আমিও এখন ফটো উঠিবৰ বাবে হাজাৰ হাজাৰ মানুহৰ মাজত বহু সময় অপেক্ষা কৰিব লগা হৈছিল। কুকুৰ সঁচাকৈ বৰ প্ৰভুভক্ত। আমি সকলোৱে এই প্ৰজাতিটোৰ যত্ন ল'ব লাগে।
মোৰ এই জাপান ভ্ৰমণটো আছিল এটা শৈক্ষিক কামৰ অংশ। এই কামৰ জৰিয়তে যিখিনি দেখিলো আৰু শিকিলোঁ সেইখিনি এই লেখাৰ জৰিয়তে ৰাইজৰ আগত প্ৰকাশ কৰিলোঁ। কামৰূপ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু সমগ্ৰ শিক্ষাই জিলাখনৰ শিক্ষক,ছাত্ৰ-ছাত্ৰীক লৈ 'গুৰুবাৰ্তা' প্ৰকাশৰ যি মহৎ উদ্দেশ্য সাধন কৰিছে , সেয়া সফল হওক, তাৰেই কামনা কৰিছোঁ।