ভেস্পা – কামৰূপ জিলাৰ শৈক্ষিক উত্তৰণত এক আশাব্যঞ্জক কাৰ্যসূচী

অপুৰ্ব ঠাকুৰীয়া কামৰূপ জিলা শিক্ষা বিষয়া

বিদ্যালয় এখনৰ উত্তৰণত যিবোৰ কাৰকে অন্যতম ভূমিকা লয় তেনে কাৰকবোৰৰ ভিতৰত পৰ্যাপ্ত আন্তঃগাঠনি, প্ৰশিক্ষিত শিক্ষক, নিয়মিত পাঠদান, ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ, প্ৰয়োজনীয় পাঠ্যপুথিৰ ব্যৱস্থা, বিদ্যালয় পৰিচালনা সমিতিৰ সক্ৰিয়তা, পিতৃ-মাতৃ, অভিভাৱকৰ সহযোগিতা আদিয়েই প্ৰধান | কোৱা বাহুল্য যে এনেবোৰ সা-সুবিধা বা কাৰকৰ অভাৱত ভালেমান বিদ্যালয়ে আশানুৰূপ ফলাফল দেখুওৱাত ব্যৰ্থ হয় | অৱশ্যে সীমিত সুবিধাৰ মাজত থাকিও দুই-এক বিদ্যালয়ে উন্নত ফলাফল দাঙি ধৰাৰ উদাহৰণ আছে | সেয়া ব্যতিক্ৰম বুলি কলেও ভুল নহ'ব |

আমাৰ ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহৰ আন্তঃগাঠনি তথা শিক্ষকৰ পৰ্যাপ্ততা অইন ভালেমান ৰাজ্যৰ তুলনাত সন্তোষজনক যদিও বৰ্তমানৰ পৰিবৰ্ত্তিত পৰিস্থিতিলৈ চাই ইয়াৰ উন্নীতকৰণৰ প্ৰয়োজন আছে | বিশেষকৈ প্ৰশিক্ষিত আৰু বিষয়ভিত্তিক শিক্ষকৰ প্ৰয়োজন বহু সংখ্যক বিদ্যালয়তে আছে | চৰকাৰৰ আশাসুধীয়া প্ৰচেষ্টাত নিযুক্তি প্ৰক্ৰিয়া চলি আছে যদিও বছৰে বছৰে বুজন সংখ্যক শিক্ষকে অৱসৰো গ্ৰহণ কৰিব লগীয়া হৈছে | ফলত বহু বিদ্যালয়ে সময়ে সময়ে শিক্ষক বিহীন সমস্যা এটিৰ সন্মুখীন হ'ব লগা হয় |

বিদ্যালয় সমূহৰ আন্তঃগাঠনিৰ অৱস্থাও তথৈবচ | ভালে সংখ্যক বিদ্যালয়ৰ গৃহবোৰ পুৰণি | এনে গৃহৰ সঠিক মেৰামতি বা পুনৰ নিৰ্মাণৰ প্ৰয়োজন আছে| শিক্ষা বিভাগে সীমিত পুঁজিৰে বিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়নৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও সৰহ সংখ্যক বিদ্যালয়ৰে তেনে উত্তৰণৰ প্ৰয়োজন আছে | তাৰোপৰি পুথিভঁৰাল, পৰীক্ষাগাৰ, শৌচাগাৰ, ছাত্ৰ-ছাত্ৰীৰ জিৰণী কোঠা, খেলৰ বাবে সা-সুবিধা আদিৰ অভাৱ ভালেমান বিদ্যালয়ত বিৰাজমান | কোৱা যুগুত যে পৰিকল্পনা থাকিলেও পৰ্যাপ্ত পুঁজিৰ অভাৱত এনেবোৰ কামৰ সকলোখিনি আৰু এক নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰি তোলাটো সম্ভৱপৰ হৈ নুঠে | তাৰোপৰি, বিদ্যালয় পৰিচালনা সমিতিৰো অংশগ্রহন সকলো বিদ্যালয়তে আশানুৰূপ নহয় |

কামৰূপ জিলাৰ চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহো এনে সমস্যাৰ পৰা মুক্ত নহয় | প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ প্ৰায় ২২৫০ সংখ্যক বিদ্যালয়ৰ এক বুজন সংখ্যক স্বাধীনতাৰ আগে-পাছে স্থাপন হোৱা জ্ঞ| ইয়াৰে প্ৰায় সংখ্যক বিদ্যালয়ে শতবৰ্ষ অতিক্ৰম কৰি Heritage বিদ্যালয় হোৱাৰ গৌৰৱ অৰ্জন কৰিছে ত| কাজেই এনে বিদ্যালয় সমূহৰ আন্তঃগাঠনি সম্পূৰ্ণ বা আংশিক উন্নয়নৰ একান্ত প্ৰয়োজন হৈ পৰিছে | তাৰোপৰি, শিক্ষাৰ মাধ্যমৰ ভিন্নতা, আওঁহতীয়া ঠাইৰ বিদ্যালয় আদি কেতবোৰ কাৰণৰ বাবে কিছু সংখ্যক বিদ্যালয়ত শিক্ষকৰ অভাৱ এক দীৰ্ঘদিনীয়া সমস্যা হিচাপে চিহ্নিত হৈছে |

অৱশ্যে অকল চৰকাৰী পুঁজিৰ ওপৰতে ভৰষা কৰি নাথাকি স্থানীয়ভাৱে এনে কিছু সমস্যা নিৰাময়ৰ ব্যৱস্থা কৰিব পাৰিলে ভাল | এনে ক্ষেত্ৰত অৱসৰী ব্যক্তি আৰু সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগ এক সুগম পথ হ'ব পাৰে | অভিজ্ঞতাৰে পুষ্ট কৰ্মঠ অৱসৰী ব্যক্তিয়ে স্বেচ্ছাই শিক্ষা প্ৰদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি বিশেষকৈ শিক্ষকৰ সমস্যা থকা বিদ্যালয়ৰ এক মহৎ উপকাৰ সাধিব পাৰে | তেনেদৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নিজে শিক্ষা গ্ৰহণ কৰা বিদ্যালয়লৈ পাৰ্যমানে আৰ্থিক বা আন সা-সুবিধা প্ৰদান কৰাৰ মাধ্যমেৰে বিদ্যালয়খনৰ আন্তঃগাঠনি উন্নয়নত হাত উজান দিব পাৰে | প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয় অনুদানেৰে বহু বিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়ন হোৱাৰ নজিৰ আমাৰ এই জিলাতে আছে |

এনেবোৰ দিশ বিবেচনা কৰি তথা শৈক্ষিক উন্নয়ন প্ৰক্ৰিয়াক এক গতি প্ৰদান কৰাৰ উদ্দেশ্যে অৱসৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ শিক্ষামূলক সেচ্ছাসেৱা, চমুকৈ 'ভেস্পা' (Voluntary Educational services of Pensioners and Alumni – VESPA) শীৰ্ষক এক আশাব্যঞ্জক কাৰ্যসূচী কামৰূপ জিলাত ৰূপায়নৰ দিহা কৰা হয় চ| কটন মহাবিদ্যালয় (এতিয়া বিশ্ববিদ্যালয়)ৰ অৱসৰী শিক্ষক তথা বিশিষ্ট শিক্ষাবিদ ডঃ পান্নালাল গোস্বামী সমন্বিতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহৰ আয়োজিত এক অনুষ্ঠানত তদানীন্তন জিলা উপায়ুক্ত কমল বৈশ্য দেৱে ১১ নভেম্বৰ,২০১৯ তাৰিখে শুভাৰম্ভ কৰা এই কাৰ্যসূচীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে | কোৱা যুগুত যে সমগ্ৰ শিক্ষা, কামৰূপৰ প্ৰত্যক্ষ তত্বাৱধানত ৰূপায়িত এই কাৰ্যসূচীয়ে জিলাখনৰ শৈক্ষিক উত্তৰণত এক আশাৰ বতৰা কঢ়িয়াইছে | এই প্ৰসংগত কামৰূপ জিলাৰ জিলা মিচন সমন্বয়কৰ কাৰ্যালয়ে এক পত্ৰযোগে সকলো শিক্ষানুৰাগী অৱসৰী ব্যক্তি তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক এনে সেৱা আগবঢ়াবলৈ গোহাৰি জনাই এটি টোকাও প্ৰেৰণ কৰিছে | উল্লেখ্য যে VESPA কাৰ্যসূচীৰ অধীনত নিন্মোক্ত বিষয়বোৰ সামৰি লোৱা হৈছে-

১) অৱসৰী ব্যক্তি বা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয় সমূহত মুলত বিদ্যায়তনিক দিশত সেৱা আগবঢ়াব পাৰে | এনে কিছু বিদ্যায়তনিক সেৱা হ'ল – ভাষা, গনিত, বিজ্ঞান, পৰিৱেশ বিজ্ঞান আদি বিষয় সমুহত পাঠদান, শিকন-শিক্ষণ সঁজুলি প্ৰস্তুতকৰণত শিক্ষকক সহায় কৰা, দফা পঠন ইত্যাদি |

২) লগতে সহ-বিদ্যায়তনিক দিশ, যেনে- কলা শিক্ষা, খেল-ধেমালি, নাঁচ. গান. সাধুকোৱা, আকস্মিক বক্তৃতাৰ অনুষ্ঠান আয়োজন আদিতো সেৱা আগবঢ়াব পাৰে |

৩) যিবোৰ অঞ্চলত বিদ্যালয় সমূহৰ লগত ৰাইজৰ অংশগ্ৰহণ বা সহযোগিতা কম বা নাই তেনে বিদ্যালয় সমূহত সন্মানীয় অৱসৰী ব্যক্তিসকলে সংযোগ স্থাপনৰ বাবে সমন্বয়কৰ ভূমিকা ল'ব পাৰে |

৪) যিবোৰ অঞ্চলত বিদ্যালয় বহিৰ্ভূত শিশু আৰু বিশেষভাৱে সক্ষম শিশু আছে, তেনে শিশুসকলক বিদ্যালয়মুখী কৰাৰ বাবে আৰু শিশু সকলে পাব লগা শিক্ষা আৰু সুবিধা অৰ্জনত অৱসৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে আগভাগ ল'ব পাৰে |

৫) ছাত্ৰ-ছাত্ৰী সকলে উপকৃত হ'ব পৰা বিভিন্ন শিক্ষামূলক অনুষ্ঠান বিদ্যালয়খনত অনুষ্ঠিত কৰাত দিহা-পৰামৰ্শ দিয়া বা পথ প্ৰদৰ্শক হ'ব পাৰে |

৬) উপৰোক্ত সন্মানীয় ব্যক্তিসকলে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে বা আন্তঃগাঠনি উন্নয়নৰ বাবে দান-বৰঙণি দিব দিলে বিদ্যালয়খন উপকৃত হ'ব|

৭) বিদ্যালয় সমূহত আয়োজিত গ্ৰীষ্মকালীন শিৱিৰ আদি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলক সহ-বিদ্যায়তনিক দিশত পাৰ্গত কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে|

৮)গুনোৎসৱ বা তেনে কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ শিকন ঘাটি চিনাক্ত হোৱাৰ পিছত নিদানমূলক ব্যৱস্থা ল'ব পাৰে |

৯) ছাত্ৰ-ছাত্ৰীৰ গৃহকাৰ্যৰ ক্ষেত্ৰত অভিভাৱক, পিতৃ-মাতৃৰ সহযোগিতা নিশ্চিত কৰিবলৈ উদগনিমূলক ব্যৱস্থা ল'ব পাৰে |

১০) বিদ্যালয় উন্নয়ন পৰিকল্পনাৰ যোগেদি ৰূপায়িত কাৰ্যসূচী সমূহত নিজকে জড়িত কৰি বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নত অৰিহণা যোগাব পাৰে |

কোৱা নিস্প্ৰয়োজন যে 'ভেস্পা' কাৰ্যসূচীৰ যথাযথ ৰূপায়নে জিলাখনৰ শৈক্ষিক উন্নয়নত যে এক বিশেষ গতি প্ৰদান কৰিব সেয়া ধুৰূপ | এই ক্ষেত্ৰত অৱশ্যে সংশ্লিষ্ট সকলোৱে আগবাঢ়ি আহিব লাগিব আৰু শিক্ষামূলক স্বেচ্ছাসেৱাৰে শিক্ষাৰ্থীৰ শৈক্ষিক উত্তৰণত হাত-উজান দিব লাগিব |