স্বাধীনতাৰ সোণালী দুৱাৰ

ভাৰতী কলিতা অধ্যক্ষা, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ আৰু জিলা শৈক্ষিক অন্তঃকৰণ গোট (DACG)

প্ৰিয় সম্পাদক, গুৰুবাৰ্তা
Education is the key to unlock the golden door of freedom.

'গুৰুবাৰ্তা' নামটোৰে শিক্ষককেন্দ্ৰিক (Teacher centric) শিক্ষাৰ অৱধাৰণাক সূচোৱা নাই, বৰঞ্চ আজিৰ আধুনিক শিক্ষা পদ্ধতিয়ে পোষকতা কৰা সংগঠনবাদ তথা ছাত্ৰ- ছাত্ৰীকেন্দ্ৰিক শিক্ষাৰ ধাৰণাৰে কৰা জ্ঞান,বোধ আৰু প্ৰয়োগৰ বিস্তাৰণ কৰাৰ এক সুগম্য পথকহে প্ৰতিনিধিত্ব কৰিছে। এই বাৰ্তাপথ একীভূত নহয়, ই অংশগ্ৰহণমূলক শৈক্ষিক আলোচনাৰ মঞ্চহে। 'শ্ৰদ্ধাৱান লভতে জ্ঞানম'- কথাষাৰিত সুস্পষ্ট হৈ থকা মূল্যবোধ আৰু নিষ্ঠাৰ ধাৰণাক অধিক নেতৃত্বশীল ৰূপত তুলি ধৰাৰ নিমিত্তেই এই 'গুৰুবাৰ্তা'। সেয়ে এই প্ৰস্তাৱনা সংখ্যাৰ 'গুৰুবাৰ্তা' খনৰ দুয়োখন প্ৰচ্ছদত ক্ৰমে পুৰাতন অৱস্থাৰ পৰা আজিৰ প্ৰগতিশীল ধাৰণাৰ উৎপৰিৱৰ্তনৰ কথাবোৰে এক জাগৃতি হৈ ধৰা দিছে। গান্ধীজীয়ে শিক্ষাৰ তৎকালীন লক্ষ্য আৰু সৰ্বশেষ লক্ষ্যৰ এক বহল দৃষ্টিভংগীক উনুকিয়াই দিছিল। তেওঁ কৈছিল, 'Literacy itself is not education. Literacy is not the end of education, not even the begining' ; তেন্তে কি? শিক্ষা হ'ল জীৱনৰ অন্তৰীণ উপলব্ধিক সাৰ্থকতাৰে উদ্ভাসিত কৰি তুলিব পৰা এক গভীৰতাৰ পৰিবাহক। এই শিক্ষাই চিন্তাৰ স্বাধীনতা আনে। প্ৰকৃত স্বাধীনতা আৰু স্বনিৰ্ভৰশীলতাৰ সোণালী দুৱাৰ হ'ল আমাৰ শিক্ষা। অধ্যাপক আৰ আৰ টমাছে কৈছে 'Education must teach to have a proper outlook in life' - এনে সন্ধিতেই জীৱন বীক্ষা অভিধাটোৰ প্ৰসংগ ভাস্বত হৈ উঠে। শিক্ষাই ৰুচিবোধক নিয়ন্ত্ৰণ কৰে। ব্ৰিটিছৰ শিক্ষা ব্যৱস্থাত ব্ৰিটিছ বিষয়া লৰ্ড মেকলেই শিক্ষাক নতুন ৰূপত প্ৰৱৰ্তন কৰাৰ কামত প্ৰবৃত্ত হৈছিল। তেওঁৰ এই শিক্ষা প্ৰণালী বিভিন্ন প্ৰকাৰে সমালোচিত হৈছিল। শিক্ষা এক গোলকীয় পৰিধিৰ বস্তু য'ত স্থানীয় সংস্কৃতি আৰু মূল্যবোধৰ সুনিৰ্দিষ্ট গুৰুত্ব আছে। সেয়ে স্থানীয় সমলৰ উপযোগিতাৰে যুগৰ দৌৰত উন্মোচিত হোৱা আন্তৰ্জাতিক পৰিক্ষেত্ৰৰ ভাল কামসমূহ বাছি উলিয়াই শিক্ষাক পৰিপুষ্ট কৰিব পাৰি। পুৰণি দিনৰ গুৰুগৃহৰ শিক্ষাৰ পৰা ব্ৰিটিছ আমোলৰ শিক্ষালৈকে আৰু এতিয়া ভাৰ্ছুৱেল সংযোগৰ দ্বাৰা উদযাপিত শিক্ষালৈকে বহু বিশ্লেষণৰ মাজেৰে আমি আহি এক জংছনত উপস্থিত হৈছো। এনে সন্ধিক্ষণত আমাৰ বহুতো কাম কৰিব লগা আছে। নতুন স্বাভাৱিকতা (new normal) বুলি আকোৱালি লোৱা নতুন প্ৰযুক্তিগত শিক্ষা বিস্তাৰণৰ আহিলাই আমাৰ বাবে জ্ঞানৰ উপলব্ধতা সহজ কৰি তুলিছে। তাৰ লগে লগে আমাক লাগিব সামাজিকীকৰণ আৰু মূল্যবোধৰ কৰ্ষণ। মূল্যবোধসম্পন্ন শিক্ষাৰে উদ্ভাসিত সমাজ এখনে প্ৰগতিশীল বাতাৱৰণক সুস্থতা আৰু সুস্থিৰতাৰে সংবদ্ধ কৰি ৰাখে। এনে বিষয়সমূহ আমাৰ দৈনন্দিন চিন্তন আৰু প্ৰয়োগৰ অংশস্বৰূপ। তাৰ বাবে আমাৰ শিক্ষকসকলকো লাগিব আলোচনাৰ এক সহজ মাধ্যম, মনৰ ভাব প্ৰকাশৰ এক আনুষ্ঠানিক মঞ্চ। একেদৰে এই চিন্তাক ছাত্ৰ ছাত্ৰীৰ সৈতে সংযোজিত কৰি জ্ঞান বোধ আৰু প্ৰয়োগৰ পুষ্টি বৰ্ধন কৰাৰ নিমিত্তেই এই ই -আলোচনীখন আৰম্ভ কৰা হৈছে। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ (DIET Kamrup) আৰু সমগ্ৰ শিক্ষাৰ প্ৰতিজন সভ্যৰ বাবে এক উমৈহতীয়া মঞ্চ হৈছে গুৰুবাৰ্তা। ডায়েট কামৰূপে চৰকাৰী নীতি নিৰ্দেশনাৰ আধাৰত জিলাখনৰ স্কুলীয়া শিক্ষাৰ তত্বাৱধানৰ নিমিত্তে প্ৰশাসনৰ লগত সহযোগিতা আগবঢ়াই আহিছে। শিকাৰু, শিক্ষক, প্ৰশাসন আৰু প্ৰশিক্ষণ তথা গৱেষণা - এই ৫ টা অংশ এটা বৃহৎ ছাতিৰ তলত একেলগ হৈ কাম কৰাৰ ক্ষেত্ৰত কামৰূপ জিলাত এক নতুন শক্তি প্ৰাণ পাই উঠিছে। এই বৃহৎ ছাতিটোৰ তলত সন্মিলিত বিভাগীয় শৈক্ষিক মঞ্চখন হৈছে জিলা শৈক্ষিক অন্তঃকৰণ গোট (District Academic Core Group)। এই গোটৰ বিকেন্দ্ৰীকৃত শাখা হ'ল শিক্ষাখণ্ড ভেদে থকা খণ্ড শৈক্ষিক অন্তঃকৰণ গোটসমূহ (Block Academic Core Group)। এই গোটসমূহৰ ভাৰপ্ৰাপ্ত শৈক্ষিক তত্বাৱধায়ক হ'ল আমাৰ ডায়েটৰ পৰা নিয়োজিত একো একোজন শৈক্ষিক বিষয়া । খণ্ড শিক্ষা বিষয়া, সমল ব্যক্তি, ক্লাষ্টাৰ সমন্বয়ক আদিৰে এই BACG সমূহৰ কৰিবলগা অনেক কাম আছে। ছাত্ৰ ছাত্ৰীৰ সামূহিক উৎকৰ্ষ সাধনৰ বাবে এই সমূহ কাৰ্য প্ৰণালীৰ তত্বাৱধানৰ ক্ষেত্ৰত জিলা আৰু খণ্ড পৰ্যায়ৰ শিক্ষা বিষয়াসকলে আমাৰ জিলাত যথেষ্ট কাম সমাপন কৰিছে। সেয়ে এনে এটা দলীয় প্ৰচেষ্টাৰ অফুৰন্ত শক্তিৰে দীপ্তিমন্ত হৈ আমি আগবঢ়াৰ সময় এয়া। ইয়াৰ বাবে বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তিসকলৰ সৈতে উমৈহতীয়া জ্ঞান চৰ্চাৰ সাঁকো গঢ়িবলৈ 'গুৰুবাৰ্তা'ক আমি সাজু কৰি তুলিছোঁ‌। আশা ৰাখিছো আমি আগবাঢ়ি যাব পাৰিম।

আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অপাৰ সম্ভাৱনা আছে। যিসকলে 'I am Kalam' নামৰ চিনেমাখন চাইছে, তেওঁলোক সেই চাহ দোকানত কাম কৰা কণমানি কালামৰ হেপাহ আৰু সম্ভাৱনাৰ সৈতে পৰিচিত। আমাৰ নিজৰ নিজৰ পৰিক্ষেত্ৰত এনে বহু হেপাহ আৰু সম্ভাৱনাময় সন্তানক আমি শিক্ষক সমাজে আগবঢ়াই নিয়াৰ বাবে নেতৃত্ব ল'ব লাগিব। তদুপৰি ইতিমধ্যে প্ৰত্যন্ত আৰু কম সুবিধাৰে নিজৰ সম্ভাৱনাক ফুটাই তোলা আমাৰ মানৱ সম্পদসমূহক বিচাৰি উলিয়াই তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত কৰিব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীক।

A success story itself is a staircase for another success.

সদৌশেষত 'গুৰুবাৰ্তা'ৰ জন্মক্ষণৰ সৈতে জড়িত সম্পাদনা সমিতি সমন্বিতে সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ‌। আমাৰ প্ৰচেষ্টা সফল হওক!