অংকীয়া নাটত ভক্তিৰস

কুমাৰিকা গোস্বামী শিক্ষয়িত্ৰী, কামৰূপ জিলা
Kumarika Goswami

ৰস শব্দৰ ব্যুৎপত্তিগত অৰ্থ সংস্কৃতত '' ৰসস্বয়তে অসৌ হতি ৰসা'' ৰূপত পোৱা যায় অৰ্থাৎ যাৰ আস্বাদন কৰা হয়,কিন্তু সাহিত্যত কাব্য পঢ়া,শুনা বা তাৰ ওপৰত অভিনয় উপভোগ কৰোতে যি আনন্দপ্ৰাপ্তি হয় তাকে ৰস বুলি কোৱা হয়।

সৰ্বপ্ৰথম ভৰতমুনিয়ে নিজৰ নাট্যশাস্ত্ৰত ৰসৰ স্বৰূপক স্পষ্ট কৰি কৈছিল যে ৰস সকলো নাট্য উপকৰণৰ দ্বাৰা প্ৰস্তুত কৰা এক ভাবমূলক কলাত্মক অনুভূতি। ৰসৰ কেন্দ্ৰ হৈছে ৰংগমঞ্চ। ভৰতমুনিৰ নাট্যশাস্ত্ৰত আঠবিধ ৰসৰ কথা উল্লেখ কৰিছে সেয়া হ'ল শৃংগাৰ, হাস্য,কৰুণ,বীৰ, ভয়ানক,বীভৎস আৰু অদ্ভুত। পৰৱৰ্তী কালত এই আঠবিধ ৰসৰ লগত শান্ত ৰসকো অন্তৰ্ভুক্ত কৰি নৱৰস কৰা হয়।

এই নৱৰসৰ উপৰিও আৰু এবিধ ৰস আছে,সেইবিধ হ'ল ভক্তিৰস। আমাৰ অংকীয়া নাটসমূহত এউ ভক্তি ৰসৰ প্ৰাধান্য দেখিবলৈ পোৱা যায়। ভক্তিৰস এবিধ স্বতন্ত্ৰ ৰস। ই নৱৰসৰ একেবাৰে উচ্চস্থানত বিৰাজ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট, মাধৱদেৱৰ ঝুমুৰা আদিলৈ জুমি চালে দেখা যায় যে তেওঁলোকৰ সমস্ত গীত ,বাদ্য,নৃত্যই ভক্তিমূলক। শংকৰ মাধৱৰ নাটসমূহত শৃংগাৰ ৰসৰ উপস্থিতি আছে যদিও কথা সুত্ৰৰ মাজে মাজে "কামাতুৰ পুৰষৰ ঐচন অৱস্থা" আৰু "নিৰন্তৰে হৰিবোল হৰিবোল" আদি বাক্য সংযোজন কৰি সিমানতে নৱৰসৰ প্ৰাচুৰ্য হ্ৰাস কৰি ভক্তিৰসত মন অভিভূত হ'বলৈ সঁ‌কিয়াই দিয়ে। অংকীয়া ভাওনাৰ জন্মদাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই কথা ভালকৈ জানিছিল যে জনসাধাৰণৰ অন্তৰত আধ্যাত্মিক চেতনা জাগ্ৰত কৰিবলৈ শ্ৰীকৃষ্ণ বা ৰামনামৰ প্ৰতি অধিক আকৰ্ষণ আৰু মন প্ৰাণ ভক্তিৰসত নিমজ্জিত হ'বলৈ তথা হৃদয় জয় কৰিবলৈ নাট হৈছে উপযুক্ত মাধ্যম। গুৰুজনাই কেইবাবিধো উপাদান একত্ৰ কৰি অংকীয়া ভাওনাত সংযোগ কৰে। তাৰ ভিতৰত প্ৰধানকৈ চাৰিটা উপাদান পৰিস্কাৰ ৰূপত দেখা যায়। সেয়া হ'ল -১) প্ৰাচীন ভাৰতীয় নাট্য শাস্ত্ৰৰ উপাদান ২) বিভিন্ন তীৰ্থ ভ্ৰমণ তথা সাংস্কৃতিক অনুস্থানৰ পৰা পোৱা উপাদান ৩) স্থানীয় প্ৰচলিত পুতলা নাচ বা তৎকালীন সংস্কৃতি কাৰ্যক্ৰমৰ উপাদান ৪) নিজস্ব সৃজনী প্ৰতিভা বিকাশৰ উপাদান । এই সমগ্ৰ উপাদানবোৰে ভাওনাৰ গাম্ভীৰ্য ,আধ্যাত্মিক চেতনা, ভক্তিৰসৰ প্লাৱন আনি দিয়ে।

অংকীয়া নাটৰ কাহিনী পৌৰাণিক আৰু ভক্তিমূলক, ভাগৱত পুৰাণ আৰু ৰামায়ণৰ কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত। কৃষ্ণ ভক্তি আৰু ৰামভক্তিয়েই হ'ল কাহিনীৰ মুলবস্তু। ইয়াত কৃষ্ণ ভক্তিয়েই হ'ল প্ৰধানৰূপত প্ৰতিভাত হোৱা বিষয়। শংকৰদেৱে তেওঁৰ নাট কেইখনত তিনিবিধ ভটিমা যেনে ভগৱৎ বন্দনামূলক বা মংগলাচৰণ ভটিমা,নাটকীয় চৰিত্ৰৰ ভটিমা আৰু মুক্তিমংগল ভটিমা কেৱল দেৱতাৰ স্তুতি কৰিয়েই গোৱা হয়।

অংকীয়া নাটত গায়ন বায়নৰ উপস্থাপনৰ লগে লগে সৰ্বসাধাৰণৰ মনত ভাওনাৰ বিষয়বস্তুৰ প্ৰথম প্ৰকাশ সূচনা হয়। গভীৰ বা গাম্ভীৰ্য পৰিৱেশ সৃষ্টি হয় আৰু নাট্যগৃহত সমবেত প্ৰেক্ষক সকলক অন্তৰ জয় কৰে বা ভক্তিৰসে সকলোকে আপ্লুত কৰে।

গায়ন-বায়নৰ শেষত ভক্তিৰসৰ বিভিন্ন প্ৰকাশ কৰি সূত্ৰধাৰৰ প্ৰৱেশ হয়। সূত্ৰধাৰৰ আংগিক কৰ্মৰাজী আৰু নাট্য বা নাটকীয় বিধিখন পৰিস্কাৰভাবে জনসাধাৰণৰ মাজত মোকলাই দি সূত্ৰধাৰে মনোৰঞ্জন কৰে আৰু জনসাধাৰণৰ মনত ভক্তিৰসৰ সঞ্চাৰ কৰে।

নাটকৰ পৰিণতি প্ৰকাশ কৰে হৰিনামে। নিৰন্তৰে হৰিবোল হৰিবোল ইত্যাদিয়ে আৰু মুক্তিমংগল ভটিমাত হৰিনামৰ মহিমা,প্ৰভাৱ আৰু মুক্তি লাভৰ সন্ধান দিয়ে। এইখিনি মুক্তিকামী সকলৰ বাবে গ্ৰহণীয় । শুদ্ধই হওক বা অশুদ্ধই হওক হৰিনামে সকলোকে উদ্ধাৰ কৰে বুলি আমি বিশ্বাসৰ ধাৰা এটাৰ মাজেদি সদায় আগবাঢ়ি গৈ আছো। এয়া ভক্তি আচাৰ আৰু আধ্যাত্মিক উপলব্ধিৰে এক অংশ।