সাম্প্ৰতিক সময়ত নীতি শিক্ষাৰ প্ৰয়োজনীয়তা

মনদীপ দাস ডায়েট কামৰূপ
Mandip Das

বৰ্তমান সমাজ ব্যৱস্থাত সকলোতকৈ চিন্তনীয় আৰু স্পৰ্শকাতৰ বিষয়টোৱে হৈছে আমাৰ শিক্ষা ব্যৱস্থা আৰু ইয়াৰ লগত জড়িত কিছুমান আনুসংগিক বিষয়বস্তু ‍। শিক্ষাৰ আলোকমুখী যাত্ৰাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্যেই হৈছে সমাজৰ সৰ্বাংগীন উন্নয়নৰ‌ উদ্দেশ্যে ব্যক্তি বিশেষৰ সুপ্ত প্ৰতিভাক জাগৰিত কৰি সু সংস্কৃতিৱান কৰি তোলা । এনে উদ্দেশ্যৰে পৰিচালিত হৈ অহা আমাৰ শিক্ষা ৱ্যবস্থাৰ সফলতা- বিফলতা পৰিমাপ কৰি আত্মতৃপ্তি লাভ কৰাৰ সময়তেই অলক্ষিতে এটি বিষয় বহুক্ষেত্ৰত সঠিক ৰূপে বিকশিত হোৱা দেখা নাযায় । সেয়াই হল নৈতিকতা বা Moral Value । সেই বাবেই হয়তো উচ্চশিক্ষাৰ চাৰ্টিফিকেট বা মানপত্ৰ অধিকাৰী হোৱাৰ পিছতো কোনো ‌কোনো ব্যক্তি সমাজ,পৰিয়াল-পৰিজনৰ বাবে অপ্ৰিয় হৈ পৰে আৰু সেইক্ষেত্ৰত শিক্ষানুষ্ঠানখনে বিকশিত কৰিব নোৱাৰা ব্যক্তি বিশেষৰ নৈতিক দিশৰ বিকাশৰ অনগ্ৰসৰতাই প্ৰধানভাৱে জগৰীয়া হোৱা দেখা যায় ।
নৈতিক শিক্ষা প্ৰাচীন কালৰে পৰা আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ অভিন্ন অংগ। ভাৰতীয় প্ৰাচীন শিক্ষা ব্যৱস্থা সমগ্ৰ প্ৰণালীটোৱেই নীতিগত শিক্ষা আৰু ‌আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল । সাম্প্ৰতিক সময়ৰ দ্ৰুত পৰিৱৰ্তনমুখী , ক্ষীপ্ৰতাৰে ভৰা তথ্য প্ৰযুক্তিৰ ব্যাপক সমাহাৰৰ যুগত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা যথেষ্ট বৃদ্ধি পাইছে। অন্যথা তথ্য প্ৰযুক্তিয়েএই যুগত দিকভ্ৰষ্ট কৰিব পাৰে । সমাজত ব্যাপক হাৰত দেখা দিয়া অন্যায় , অবিচাৰ আৰু নৈতিক স্খলন প্ৰতিৰোধৰ বাবে স্কুলীয়া স্তৰতেই ছাত্ৰ-ছাত্ৰীক নৈতিক জ্ঞান দিয়াটো অপৰিহাৰ্য ।নৈতিকতাই মৰম, স্নেহ , ভাতৃত্ববোধ , সততা , সদাচাৰ আদি গুণবোৰ বিকশিত কৰে ।
আমি শিশু কালৰে পৰা ল'ৰা-ছোৱালীক বৃত্তিমুখী , কাৰিকৰী শিক্ষাৰ লগত নৈতিক শিক্ষা প্ৰদান কৰাটো অত্যন্ত আৱশ্যকীয় ‌। এটি শিশু ঘৰখনৰ পিছতেই পঢ়াশালিৰ মজিয়াখনতেই জীৱনৰ ‌গুৰুত্বপূৰ্ণ সময়খিনি অতিবাহিত কৰে৷ গতিকে ঘৰখন বা বিদ্যালয় সমূহৰ সামূহিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল শিশুৰ বৌদ্ধিক, মানসিক , চাৰিত্ৰিক আৰু নৈতিক বিকাশ ।
নৈতিক শিক্ষাই সুস্থ আৰু শুদ্ধতাৰ সঠিক মূল্যবোধৰ ভাৱ মনত জগাই তোলিব পাৰে । শিশুৰ মনত নৈতিক চেতনা জগাই তোলিবৰ বাবে ধৰ্ম নিৰপেক্ষ ভাৱে ভক্তি মূলক গীত-মাত , দৈনিক ৱ প্ৰাৰ্থনা আদিৰ কাৰ্যসূচী ‌অৰ্ন্তভূক্ত কৰিব লাগে । ছাত্ৰ-ছাত্ৰী সকলে জীৱন প্ৰণালীত নৈতিক শিক্ষা যাতে সহজভাৱে প্ৰয়োগ কৰিব পাৰে তেনেকুৱা কৰা উচিত । সাধুকথা, চিনেমা আদি নীতিশিক্ষাৰ মাধ্যম হ'ব পাৰে ।
নৈতিক শিক্ষাৰ অৱক্ষয়ে সমাজত হিংসা, হত্যা , জেষ্ঠ্যৰ প্ৰতি অসন্মান , অসংযত ৱ্যবহাৰ , বিবেকহীন , দয়াহীন আৰু আত্মকেন্দ্ৰীক কৰি তুলিছে । নৈতিক শিক্ষাৰ বাস্তৱিক আৰু ব্যৱহাৰিক প্ৰয়োগৰ দ্বাৰা সমাজত ভ্ৰাতৃত্ববোধ , দয়া , কৰুণা, শ্ৰদ্ধা , পাৰিবাৰিক আৰু সামাজিক দায়বদ্ধতা সমাজত প্ৰতিষ্ঠা কৰিব পৰা যায়। সেয়ে নীতি শিক্ষাৰ পাঠ্যক্ৰমক শিক্ষাৰ বিভিন্ন স্তৰত অন্তৰ্ভুক্ত কৰি সমাজক মূল্যবোধ আৰু নীতি জ্ঞানৰ বেশভূষাৰে পুনৰ উজ্জীৱিত কৰা উচিত ।