অকণিহঁ‌তৰ আলোচনী 'মৌচাক'ৰ সম্পাদক ড° শান্তনু তামুলীৰ সৈতে সাক্ষাৎকাৰ

সাক্ষাৎগ্ৰহণকাৰীঃ ড° মণ্টু কুমাৰ বড়া, সহকাৰী অধ্যাপক, জাজী হেমনাথ শৰ্মা মহাবিদ্যালয়,শিৱসাগৰ
Santanu Tamuli

প্ৰশ্ন : ১) শিশুৰ মানসিক বিকাশ সাধনৰ দিশটোৰ সৈতে আপুনি দীৰ্ঘদিন জড়িত । শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে শিক্ষাৰ ক্ষেত্ৰত কি বাস্তৱ সন্মত ব্যৱস্থা থাকিব লাগে বুলি ভাৱে ?

শান্তনু তামুলী :- আচলতে বিদ্যায়তনিক বা বিদ্যালয়ৰ যিটো শিক্ষা ব্যৱস্থা সেয়া নিৰ্দিষ্ট কিছুমান পাঠ্যক্ৰমৰ ভিত্তি কৰি শিক্ষা প্ৰদান কৰা হয় । একেবাৰে প্ৰাথমিক অৱস্থাৰ পৰা শেষলৈকে । দেখা যায় যে আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰি যি নিৰ্দিষ্ট বিষয় শিকোৱা হয় -সেই বিষয়বস্তু বিলাক কমেও দহ বছৰ মানলৈকে বিশেষ সালসলনি হোৱা দেখা নাযায় । আজি কালি প্ৰচেষ্টা চলিছে যে, প্ৰতি ৫ বছৰৰ বা তেনেকুৱা এটা সময়ৰ ভিতৰত পাঠ্যপুথি সলনি কৰিব পাৰি নেকি ? কাৰণ আজিকালি দেখা গৈছে যে দৈনন্দিন জীৱনটো ইমান সঘনাই পৰিবৰ্তন আহিছে যে সেই পৰিবৰ্তনৰ লগত খাপ খোৱাকৈ শিক্ষা ব্যৱস্থাক যদি আমি আগবঢ়াই নিব বিচাৰোঁ , তেতিয়া পাঠ্যক্ৰমটো বাস্তৱ দক্ষতাৰ/অৰ্হতাৰ যি প্ৰয়োজন সেই বিলাকক প্ৰাধান্য দিব লগা হয় । এই ক্ষেত্ৰত মই ভাবো যে কেৱল পাঠ্যপুথিক নিৰ্ভৰ কৰিয়ে সকলো ধৰণৰ পৰিৱেশৰ লগত খাপ খোৱাকৈ আগবঢ়াৰ পৰিবেশ আমাৰ ইয়াত নাই । লাহে লাহে দেখা গৈছে যে জ্ঞান আহৰণৰ বাবে পাঠ্যপুথিগত জ্ঞানৰ লগতে দক্ষতা আহৰণৰো প্ৰয়োজনীয়তা আহি পৰিছে । এই দক্ষতা বিকাশ আৰু পাঠ্যপুথি নিৰ্ভৰ শিক্ষা- এই দুয়োটাৰ মাজত সামঞ্জস্য ৰক্ষাৰ বাবে পাঠ্যক্ৰমত সেই সুবিধাৰ অন্তৰ্ভুক্ত হ'ব লাগে । অৰ্থাৎ পাঠ্যপুথিত যি সমূহ কথা থাকে বাস্তবিকতে হাতে কামে কৰি পৰা সেই জ্ঞানখিনি যিখিনি জ্ঞান দিয়া হৈছে , সেইখিনি বাস্তৱ জীৱনত ব্যৱহাৰ কৰিব পৰা সুবিধা থাকেনে নাথাকে-বৰ্তমান শিক্ষা ব্যৱস্থাত তেনে এটা পৰিবৰ্তনৰ প্ৰয়োজনীয়তা আছে ।


প্ৰশ্ন ২) আপুনি জড়িত হৈ থকা বিষয় প্ৰসঙ্গতে মই কথাটো অৱতাৰণা কৰিছোঁ ।
শিশু সাহিত্যৰ সমান্তৰালভাৱে নতুন আৱিষ্কাৰৰ যোগেদি বিজ্ঞান-মানসিকতা গঢ়াত বা বিজ্ঞান চিন্তাৰ জনপ্ৰিয় কাৰণত আপুনি নিজে জড়িত হৈছে । সেই হিচাপে আপুনি ৰাইজৰ স্বীকৃতিও লাভ কৰিছে । বৈজ্ঞানিক মানসিকতা শিশু শিক্ষা আৰু বাস্তৱিকতে আমাৰ সমাজত দেখা সমস্যা এই তিনিওটাৰ ভিতৰত সামঞ্জস্য ৰাখি যদি মানসিক উত্তৰণৰ বাবে বৈজ্ঞানিক মানসিকতাত গুৰুত্ব দিব লাগে বুলি যদি ভাবে , তেনেহ'লে তাক কাৰ্য্যকৰী কৰিবলৈ কি পদক্ষেপ ল'ব লাগিব বুলি ভাৱে ?

শান্তনু তামুলীঃ প্ৰকৃততে যদি আমি শিশুৰ কথা ভাবো তেন্তে আমাৰ দৃষ্টিভংগী সলনি কৰিবৰ হ'ল আৰু এই সলনিৰ বাবে সাহিত্য, বিজ্ঞান যিয়েই নহওক, সকলোতে কেৱল এটা বিষয়ৰ প্ৰসংগ জড়িত হৈ নাথাকে। বিষয় বৈচিত্ৰ্য আৰু আন্তঃসম্পৰ্ক দৃষ্টিৰে কথাবোৰ ভবা উচিত। একেলগে চাব পৰা দৃষ্টিভংগী এটা আমি তৈয়াৰ কৰিব লাগে। এটি শিশুৱে পৰিৱেশৰ লগত খাপ খাই ডাঙৰ হয়। তেনেক্ষেত্ৰত তেওঁলোকক শিক্ষা দিওতে বিজ্ঞান বেলেগ হৈ নাথাকে, সাহিত্য বেলেগ হৈ নাথাকে, সকলোবিলাক সমন্বয়তে আমি আচলতে এটা জ্ঞান কৰোঁ। এই জ্ঞান বিজ্ঞানসন্মত হোৱাটোত গুৰুত্ব পোৱা উচিত। দৃষ্টিভংগীবিলাক সৰুৰে পৰাই বস্তুবোৰৰ কি ,ক'ত ,কিয়, কেনেকৈ ইত্যাদিবোৰ চাবলৈ শিকাব লাগে। প্ৰকৃত সত্য জানিবলৈ তেওঁলোকক সাহস আৰু প্ৰেৰণা দিব লাগে।আগ্ৰহ জন্মাব পৰাটো বৰ ডাঙৰ কথা। আমাৰ চৌপাশে শিশুৱে যি বস্তু দেখা পাই, সেইবোৰৰ সৈতে জ্ঞানভাণ্ডাৰটোক সম্পৰ্কিত কৰি তাৰ কাৰণ বা কাৰকসমূহ সঠিক ভাবে শিশুক কৈ দিব পাৰিলে তেওঁলোকৰ দৃষ্টিভংগীত যুক্তিবাদী চিন্তা, বিজ্ঞানসন্মত মানসিকতা গঢ় লয়। এনেক্ষেত্ৰত বিজ্ঞান বেলেগকৈ শিকোৱাৰ দৰে হৈ নুঠে। ই এক স্বাভাৱিক গতিৰে আগবাঢ়ে। বিজ্ঞান দৈনন্দিন জীৱনৰ পৰা পৃথক নহয়। আমাৰ সমাজত দৃষ্টিভংগীটো শিকোৱাৰ ক্ষেত্ৰত কিছু দুৰ্বলতা আছে বা শিকোৱা নহয়। মই প্ৰথম মৌচাক প্ৰকাশ কৰিছিলোঁ। তেতিয়া মৌচাকত বিজ্ঞানৰ কথাবোৰো সমানে দিবলৈ যত্ন কৰিছিলোঁ। তেতিয়াও দেখা পাইছিলোঁ‌ যে ল'ৰা ছোৱালীহঁ‌তে বিজ্ঞানৰ কথাবোৰ সমান আগ্ৰহেৰে পঢ়ে। আন এটা কথা কওঁ। এজন শিশু আৰু অভিভাৱকজনৰ মাজৰ বয়সৰ পাৰ্থক্য থাকিব পাৰে কিন্তু জ্ঞান চৰ্চাৰ ক্ষেত্ৰত পাৰ্থক্য ৰখাটো উচিত নহয়। কিন্তু তেনে অৱস্থাত জ্যেষ্ঠজনে শিশুহঁ‌তক শিকাওতে বোধগম্য হোৱাকৈ শিকাব লাগে। জ্ঞানলাভৰ কোনো নিৰ্দিষ্ট বয়স নাই, কিন্তু সকলোৰে শিকাৰ গতিটো বেলেগ বেলেগ। এখন আলোচনীৰ জৰিয়তে সেই কামটো কৰোঁতে সকলো শিশুৰ মনস্তত্বক আগত লৈ কৰিব লাগে। সেই কাৰণে মই অভিভাৱক আৰু শিশুৰ প্ৰসংগটো টানি আনিছোঁ‌। একেটা কথাকে অভিভাৱকেও নিজৰ শিশুটোৰ শিকন গতিৰ লগত মিলাই শিকন কাৰ্য কৰিবলৈ চেষ্টা কৰিব লাগে। শিক্ষকৰ ক্ষেত্ৰতো একেই কথা। জ্ঞানৰ প্ৰভেদ বয়সৰ প্ৰভেদৰ লগত একে নহয়। শিশুৱে নিজৰ ধৰণে কথাবোৰ শিকে। তেওঁলোকৰ প্ৰকাশভংগী বেলেগ হ'ব পাৰে, কিন্তু জ্ঞান হয়টো একেখিনিয়েই হ'ব পাৰে। এনে কথাবোৰতে শিশু সাহিত্যৰ আশ্ৰয় ল'ব লগা হয়। শিশু সাহিত্য এক সহজ পদ্ধতি।সাধুকথাৰ মাধ্যমেৰে নীতিশিক্ষাৰ কথা আমি জানো। এই যে নীতিশিক্ষাৰ কথা কৈছো। আগৰ সময়ত নীতিশিক্ষাৰ লগে লগে বিজ্ঞান শিক্ষা দিয়াৰ সামঞ্জস্যটো কম আছিল।মোৰ কথা হ'ল যে নীতিশিক্ষাটো বিজ্ঞান আছে আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰেই নীতিশিক্ষা দিব লাগে।সাধুৰ মাজতো বৈজ্ঞানিক দৃষ্টিভংগী থাকিব পাৰে। এই কথাবোৰ চাবলৈ শিশুহঁ‌তক শিকাব লাগে। বিজ্ঞানসন্মত বিষয় এটাত বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পাছতো উত্তৰসমূহ একে ধৰণৰ হয় আৰু ই এটা সত্য হিচাপে প্ৰতিষ্ঠা হয়।এই সত্য শুদ্ধ দিশটো বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্ধাৰণ কৰা হয়। গতিকে তেনেকুৱা কথাবোৰ সুন্দৰকৈ উপস্থাপন কৰিবলৈ যথেষ্ট অনুশীলন কৰি শিশুৰ সহজবোধ্য কৰিব লাগে। যিকোনো কথাৰ উত্তৰ লাভৰ পিছতো শিশুৰ উৎসুকতা থাকিব পাৰে। যি উৎসুকতাৰে এজন বিজ্ঞানীয়ে ন ন গৱেষণা কৰে। কল্পনা আৰু বৈজ্ঞানিক যুক্তিসিদ্ধতা আদিবোৰ মানৱ মনত এটা আনটোৰ লগত সম্পৰ্কিত। কল্পনা এটাৰ পৰা বৈজ্ঞানিক দৃষ্টিভংগীৰে সত্য, শুদ্ধ বা অশুদ্ধ বিচাৰৰ প্ৰক্ৰিয়াটো এটা শিশুমনত লাহে লাহে আৰম্ভ হয়। সেয়ে সাহিত্য আৰু বিজ্ঞান একেলগে আগবঢ়াই নিব লগা হয়।শিশু সাহিত্যই কল্পনাৰ ভেটিটো নিৰ্মাণ কৰে। তেনে অৱস্থাত বৈজ্ঞানিক কথা বতৰা যোগ দিলে শিশুৰ দৃষ্টিভংগীত এক ধৰণৰ নতুন পোহৰ পৰে। দুয়োটাৰ মাজত সমন্বয় স্থাপন কৰি নতুন নতুন আৱিষ্কাৰ হয়। আজিকালি শিকাৰ ব্যৱস্থা বঢ়াৰ লগে শিশুৰ শিকন গতিটো কিছু প্ৰভাৱ পৰিছে। বহু বস্তু সহজেই শিশুৱে শিকি পেলাই, বুজি পায়। প্ৰযুক্তি, বাতাৱৰণ আদিবোৰ এইক্ষেত্ৰত এক কাৰকস্বৰূপ। এতিয়া বস্তুবোৰ খুবেই user friendly। শিশুৱে এইবোৰ ব্যৱহাৰ কৰি খুব ভাল পায়। তাৰ লগে লগে এইবোৰৰ সৃষ্টি প্ৰক্ৰিয়াৰ আঁ‌ৰৰ কথাবোৰ ল'ৰা ছোৱালীৰ কৌতূহলৰ বিষয় হৈ উঠে। কোনোৱে কোনোৱে কেৱল ব্যৱহাৰটোকে গুৰুত্ব দিয়ে। এনে Technology package বোৰৰ ভিতৰৰ কথাবোৰ, গৱেষণাবোৰ ল'ৰা ছোৱালীক জনাব লাগে। তেতিয়াহে নতুন বস্তু সৃষ্টি বা কৰি চোৱা, ভাবি চোৱা আদি কথাবোৰে শিশু মনত সাৰ পাই উঠে। এই কামবোৰৰ বাবে আমি কাষ চপাই অনাৰ কামবোৰত লাগিব লাগে। মৌচাক আৰু নতুন আৱিষ্কাৰৰ জৰিয়তে এই কথাবোৰতে গুৰুত্ব দি অহা হৈছে ইমান বছৰে। এই কামবোৰ আগবঢ়াই নিয়াৰ প্ৰয়োজন আছে আৰু থাকিব।


প্ৰশ্ন ৩) আমি আমাৰ শৈশৱকালটোত মৌচাক, নতুন আৱিষ্কাৰৰ জৰিয়তে এটা পৃথক পৰিবেশ দেখা পালো । আজিও যেতিয়া ৰবীন্দ্ৰ নাথ গোস্বামীৰ চিচিটুৰ কাহিনীৰে কিতাপখন প্ৰকাশ হোৱাৰ খবৰ পাইছোঁ - তেতিয়া সংগ্ৰহৰ বাবে এটা আগ্ৰহ জন্মিছে । আপোনাৰ 'ইলেকট্ৰনিক নামৰ ল'ৰাটো' কিতাপখনত থকা আকৰ্ষটো এতিয়াও আছে । সেই উৎসুক'তা, আগ্ৰহ জন্ম দিও তাৰ যোগেদি আমাৰ প্ৰজন্মটো আগবাঢ়ি যোৱাৰ যিটো আধাৰ - তাৰ নিৰ্মাণত আপোনালোকৰ ভূমিকা যথেষ্ট । আপুনি নিজে সেই সময়ত পোৱা যিখিনি শিশু এতিয়া তেওঁলোক আগুৱাই গৈ বিভিন্ন ক্ষেত্ৰত জড়িত হৈছে বা তেওঁলোকেও একোখন ক্ষেত্ৰক আগুৱাই নিবও পাৰিছে । আপুনি নিজে ইয়াক লৈ কেনেধৰণৰ সন্তুষ্টি প্ৰকাশ কৰিব বিচাৰে যে -মৌচাক, নতুন আৱিষ্কাৰে একো একোটা প্ৰজন্মক সেই পৰ্য্যায়লৈ আগবঢ়াই নিলে ? আৰু আপুনি কিমান সফল বুলি ভাবে ?

শান্তনু তামুলীঃ এই কথা নিৰ্দিষ্ট মাপকাঠীৰে জুখিব নোৱাৰো। ভাবিব পাৰো কিন্তু সঠিক জোখমাখ এটা লৈ কৈ দিয়াটো কঠিন। আজিৰ দিনত এই কথাটো আৰু জটিল। এতিয়া নতুন কথা শিকাৰ অলেখ ব্যৱস্থা আহি গৈছে ,সেই অনুসাৰে নতুন প্ৰজন্মৰ ওচৰত মাধ্যম বহুত। তেনে অৱস্থাত সাহিত্যৰ মাজেদি আমি কৰি থকা কামখিনি কিমানদুৰ প্ৰভাৱপূৰ্ণ ৰূপত আগবাঢ়িব সেয়া একে আষাৰে কৈ দিব নোৱাৰি। বিশেষকৈ অসমীয়া ভাষাত নিৰ্দিষ্ট পৰিসৰত আমিও বহু বেছি প্ৰযুক্তিৰ ব্যৱহাৰ কৰি অধিক প্ৰভাৱশালী ৰূপত ওলাই অহাত অসুবিধা কিছু আছে। ধৰি লওক, এটা সৰু ল'ৰাই টিভিটোত সকলো বস্তু ৰঙীন ৰূপত দেখি আছে, তেনে অৱস্থাত শিশুৰ মন আকৰ্ষণ কৰিব পৰাকৈ সকলো সুবিধা থকা মাধ্যমটোৰ প্ৰতি আদৰ বৃদ্ধি পোৱাটোৱেই স্বাভাৱিক। আমাৰ আলোচনীখনত সেই সুবিধাবোৰ বিশেষকৈ শিশু মনৰ কল্পনা বা আকৰ্ষণৰ সকলোখিনি প্ৰয়োজন পুৰাব পৰাকৈ আমি দিব পৰা নাই। দ্বিতীয়তে উচ্চ প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰিব পৰাকৈ আৰ্থিক দিশো সিমান সৱল হৈ নাথাকে। তৃতীয়তে প্ৰিণ্ট মেডিয়াত কাৰীকৰীভাবে দক্ষ মানুহৰ সংখ্যা বৃদ্ধি কৰাটো আমাৰ স্থানীয় পৰিৱেশত দৰকাৰ হৈ পৰিছে। উদাহৰণ স্বৰূপে মই যদি আমাৰ আলোচনীত খুব ভাল লগাকৈ কমিকছ এটা সজাব লাগে। কিন্তু এনে কামৰ বাবে দক্ষ শিল্পীৰে অভাৱ। এটা গল্পক এখন খাপ খোৱা ছবিৰে illustrate কৰিবলৈও ঠাইতে পোৱাকৈ পাকৈত শিল্পীৰ অভাৱ। কেৱল আমাৰ বুলিয়েই নহয়। আন বহুতৰে। সেয়ে মই আমি কৰি থকা কামৰ পৰা সন্তুষ্ট বুলি দাবী নকৰো। চেষ্টা কৰি গৈছো। ভৱিষ্যতেও কৰিম। আৰ্থিক সৱলতাও লাগিব এইক্ষেত্ৰত। আলোচনী কিনি পঢ়া পঢ়ুৱৈৰ সংখ্যা ব্যাপক হাৰত কমি গৈছে। আমাৰ যিহেতু পঢ়ুৱৈ সমাজ অকণিহঁ‌তক লৈয়ে মুলতঃ গঠিত। তেনে অৱস্থাত শিশুৰ আগ্ৰহৰ ধৰণ কৰণো সময়ৰ লগে লগে সলনি হৈ থাকে। সেয়ে এনে আলোচনী আগবঢ়াই নি থকাটো এটা প্ৰত্যাহ্বানমূলক কাম। শিশু আলোচনীৰ পঢ়ুৱৈ বয়সৰ লগে লগে অলপ অলপকৈ আতৰি যায়। আকৌ নতুন শিশু যোগ হয়। অষ্টম শ্ৰেণীলৈকে এক নিৰ্দিষ্ট পঢ়ুৱৈৰ গোট থাকে, তাৰ পিছত এই গোটসমূহ বেলেগ বেলেগ ধৰণে গুছি যায়। তাৰ মাজত অসমীয়া ভাষাৰ পঢ়ুৱৈ কমি যোৱাটোও এক তাৎপৰ্যপূৰ্ণ দিশ। আমি অসমীয়া ভাষাৰ আলোচনী এখন পঢ়িৱৰ বাবে আকৰ্ষণ বৃদ্ধিৰ ভিন্ন পদ্ধতি অৱলম্বন কৰো । ইয়াত অভিভাৱকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ আলোচনীখন অভিভাৱকে কিনি দিলেহে অকণিহঁ‌তে পাব। এই যে কিনি পঢ়োৱাৰ মানসিকতা আমি বৃদ্ধি কৰিব লাগিব। অৰ্থাৎ আমি নিত্য নতুন অভিভাৱক সৃষ্টি কৰিব লাগিব। এতিয়া বৰ ভাল অৱস্থাত নাই। এয়াই সঁ‌চা কথা।


প্ৰশ্ন ৪) সেই একে প্ৰসঙ্গতে মাতৃভাষা ভাষাৰ শিক্ষা – এই প্ৰসংগত আপুনি কি ক'ব বিচাৰিব ? এতিয়া নতুন 'শিক্ষা নীতি' হৈছে । মাতৃভাষাৰ শিক্ষাৰ প্ৰসংগত বিভিন্ন কথাৰ উত্থাপন হৈছে । আমাৰ শিক্ষা ব্যৱস্থাত মাতৃভাষা -শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা হৈছে ,মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা পোনপটীয়াকৈ স্বীকাৰ কৰিব লাগিব । আপুনি কি ক'ব বিচাৰে ?

শান্তনু তামুলীঃ আমি দীৰ্ঘদিনে এই কথাটোৰ ওপৰতে গুৰুত্ব প্ৰদান কৰি আহিছোঁ‌। শিশুৱে জন্মসুত্ৰে পোৱা ভাষাটো সবাতোকৈ আপোন ভাব প্ৰকাশৰ মাধ্যম। গতিকে এই মাধ্যমেৰে আগবঢ়াতো অতি দৰকাৰী।


প্ৰশ্ন ৫) ভাষা মাধ্যমৰ কথা পাতি থাকোঁতে আৰু এটা কথা মোৰ মনলৈ আহিছে । শিক্ষাৰ মাধ্যমটোও এটা বেলেগ কথা আৰু জ্ঞানৰ মাধ্যমটোও এটা বেলেগ কথা । আমি এতিয়া নতুন নতুন কথাৰ লগত জড়িত হৈ আছো । আমি যিটো উদ্দেশ্যত আজি কথা পাতি আছো সেয়া, এখন ই- আলোচনীৰ(E- Magazine) সৈতে জড়িত । আপোনালোকেও এতিয়া মৌচাকৰ পৰিয়ালে মৌচাকক ডিজিটেলী(Digitally) উপলব্ধ কৰি ৰাখিবৰ বাবে ডিজিটেল প্লেটফৰ্মত(Digital Platform) সংৰক্ষণৰ বাবে ব্যৱস্থা লৈছে । এইটোৱে পদ্ধতিবোৰৰ সলনি কৰিছে । এই সমূহেও জ্ঞান বিস্তাৰত অভূতপূৰ্ব ভাৱে সঁহাৰি যোগাইছে । পাঠ্যপুথি, সাহিত্য এই সমূহত এই ডিজিটেল মঞ্চ বা ইলেকট্ৰনিক মাধ্যমসমূহে কি ধৰণৰ প্ৰভাৱ পেলাইছে বুলি আপুনি ভাৱে ? পৰিবৰ্তনটোক স্বীকাৰ কৰি বৈ লাগিব । এই পৰিবৰ্তনৰ মাজত থাকিও আগৰ পদ্ধতি বা মান আগবঢ়াই নিবলৈ আমি কি পদক্ষেপ ল'ব লাগিব ? আমি এতিয়া কিতাপৰ ৰূপটোক ধৰক সলনি কৰিছোঁ - কাগজৰ পৰা এটা ডিজিটেল ৰূপলৈ ।

শান্তনু তামুলীঃ ডিজিটেল এটা পদ্ধতি। ই কিতাপ পত্ৰ সংৰক্ষণৰ এক সুবিধা। ডিজিটেল মাধ্যম সম্পৰ্কত আমি বিভিন্ন জটিল যুক্তিলৈ নগৈ খুব সাধাৰণ ভাবে যদি আমি কওঁ যে ডিজিটেল মাধ্যম বা পদ্ধতি, গেজেট ইত্যাদি সকলো তথ্য বা জ্ঞান সংৰক্ষণৰো মাধ্যম। আমি তথ্য সংৰক্ষণৰ বাবে লগা ঠাইৰ অভাৱ কমাই আনিছো। শৈক্ষিকেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক আমাক জ্ঞানভাণ্ডাৰ হাতৰ মুঠিত লৈ যোৱাৰ সুবিধাটো এই ডিজিটেল মাধ্যমসমূহে দিছে। সময়ত লাগতিয়াল তথ্য বিচাৰি উলিয়াবলৈ সুগম উপায় এটা দিছে। Physically কিতাপ এখন লৈ ফুৰিবলৈ যদি অসুবিধা হৈছে সেই অসুবিধা ডিজিটেল ব্যৱস্থাই নিশ্চয়কৈ এতিয়া কমাই পেলাইছে। ডিজিটেলৰ মূল উপকাৰিতা হিচাপে মই এই কথাটোকে ক'ব খোজো। আমাৰ মৌচাকখনৰ কথাকে কওঁ। আজি বছৰ বছৰ ধৰি মৌচাক প্ৰকাশ পাই আহিছে। এই সমগ্ৰ সংগ্ৰহ নষ্ট নোহোৱাকৈ ৰখা আৰু প্ৰয়োজন অনুসাৰে লুটিয়াই চোৱাৰ সুবিধা ডিজিটেল ব্যৱস্থাৰ জৰিয়তে সক্ৰিয় কৰি ল'ব পৰা গৈছে। ডিজিটেল লাইব্ৰেৰীৰ কথাটো সেয়ে বৰ গুৰুত্বপূৰ্ণ।ব্যৱহাৰৰ কাৰণে ডিজিটেল ব্যৱস্থা সুবিধাজনক কিন্তু উৎপাদনৰ কথালৈ যদি আহে, তেন্তে কিছুমান পুৰণি বস্তুৰ গুৰুত্ব সদায় আছে।বহুতে কয় যে কাগজ নাইকিয়া হৈ যাব, লিখা বা ছপা নাইকিয়া হৈ যাব। কথাটো তেনে নহয়। ডিজিটেল অৱস্থালৈ যোৱাৰ বাবে ফাউণ্ডেশ্যনটো সেই পুৰণি সৰু সৰু কামবোৰৰ পৰাই আৰম্ভ হয়।এটা শিশুৱে বৰ্ণমালা শিকে। সংখ্যাৰ ধাৰণা শিকে। এই শিকাৰ পৰ্যায়বোৰত আমি non-digital অভ্যাসবোৰ বাদ দি কেৱল digital অভ্যাসলৈ পোনে পোনে গুছি যাব নোৱাৰো। কাৰণ শিশুৰ কেতবোৰ ধাৰণা যেনে চুই চোৱা, আকাৰ আকৃতি নিৰ্দ্ধাৰণ কৰা, আঁ‌কি চোৱা, লিখা, পেশীগত কাৰ্য ইত্যাদি একেবাৰে basic. এইখিনিক উপেক্ষা কৰি শিশুৰ মানসিক বা সামগ্ৰিক বিকাশৰ কেৱল ডিজিটেল ব্যৱস্থাৰে কৰিব নোৱাৰি বা কৰা উচিতো নহয়।শিশু মগজু আৰু হাতৰ গোটেই শাৰীৰিক ব্যৱস্থাটো যদি সক্ৰিয়ই নহয়, তেন্তে কাইলৈ শিশুটোৱে দেখোন ডিজিটেল ব্যৱস্থাত কামেই কৰিব নোৱাৰিব। চকুৰে চোৱা, মুখেৰে কোৱা, হাতেৰে লিখা, মনত পেলোৱা আদিবোৰটো ডিজিটেল হৈ নাযায়। এইবোৰ স্বাভাৱিক আৰু প্ৰাকৃতিকভাবে শিশুৰ বিকাশৰ পৰ্য্যায়। এই ফাউণ্ডেশ্যনটো থাকিলেহে এটা শিশুৱে পৰৱৰ্তী সময়ত ডিজিটেল ব্যৱস্থালৈ যাবলৈ সুবিধা হ'ব। গতিকে ডিজিটেল ব্যৱস্থা যআমাৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে যদিও আধাৰশিলাটো non digital য়েই হয়। এইটো সহজে সলনি কৰিব নোৱাৰি।যিকোনো সৃষ্টিৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াটোত চিন্তন, দৰ্শন, পঢ়া, অনুভৱ কৰা আদিবোৰটো ডিজিটেলী হৈ নাযায়। ডিজিটেল বস্তুটো program নিৰ্ভৰ। সেই প্ৰগ্ৰামো আমি মানুহৰ প্ৰাৰম্ভিক হাতৰ আৰু মনৰ কামৰ পৰাই উদ্ভৱ হোৱা। সেয়ে ডিজিটেল ব্যৱস্থা বা পুৰণি ব্যৱস্থাবোৰ সম্পূৰ্ণভাবে এটা আনটোৰ সৈতে সম্পৰ্কিত। আকৌ কৈছো নিজ হাতে লিখা, চুই চোৱা, আঁ‌কি চোৱাবোৰ শেষ হৈ নাযায়। এটা সঁ‌চা যে কাগজৰ ব্যৱহাৰ হ্ৰাস পাইছে, কাগজৰ ঠাইত ইলেক্ট্ৰনিক গেজেটে ঠাই পাইছে। কিন্তু কাগজৰ ব্যৱহাৰ শেষ হৈ নাযায়, ৰং তুলিকা শেষ হৈ নাযায়। এইবোৰ আধাৰৰ বস্তু।একেদৰে মুদ্ৰণ ব্যৱস্থাটোৰো ব্যৱহাৰ হৈয়ে থাকিব। কিতাপ এখন হাতত লৈ কৰা অনুভৱটোকো আমি এৰাই চলিব নোৱাৰো। এয়া এক আমাৰ অনন্য আমোদস্বৰূপ। পৰিৱৰ্তনবোৰ হোৱাটো স্বাভাৱিক কিন্তু সম্পূৰ্ণভাবে আমাৰ আধাৰখিনি এৰি চলাটো সহজসাধ্য নহয়। প্ৰজন্মভেদে এই আমেজসমূহ লোৱাৰ ক্ষেত্ৰত পাৰ্থক্য অহাটোও সঁ‌চা।শেহতীয়াকৈ নতুন প্ৰজন্মই যিহেতু ডিজিটেল যুগটোৰ পৰাই বহু কথাৰ আৰম্ভ কৰিছে। কিন্তু তাৰ আগৰ প্ৰজন্মসমূহৰ ক্ষেত্ৰত কথাটো একে নহয়। তদুপৰি ডিজিটেল মাধ্যমৰ ক্ষেত্ৰত বহু আইনী অসুবিধাও আমি লক্ষ্য কৰোঁ। যি কি নহওক, প্ৰযুক্তিৰ অবিৰাম গতি আৰু যুগভেদে প্ৰজন্মৰ মাজত সমলৰ গ্ৰহণযোগ্যতা সলনি হৈ গৈ থাকে। মৌচাক, নতুন আৱিস্কাৰো এই পৰিৱৰ্তনশীলতাৰ পৰা বাদ পৰি নাযায়। তাৰ মাজতে ছপা মাধ্যমৰ আমেজটোক আমি পাহৰি গ'লে নহ'ব।


প্ৰশ্ন ৬) বেছি দীঘলীয়াকৈ আৰু কথা নাপাতোঁ , শেষত আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ। আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানত দীৰ্ঘ দিনে বিজ্ঞান গৱেষণা আদিৰ লগত জড়িত হৈ থাকিলে । এগৰাকী সঞ্চালক পৰ্য্যায়ৰ বিজ্ঞানী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিলে । সেই সময়ৰ অভিজ্ঞতা- মৌচাক, নতুন আৱিষ্কাৰৰ জৰিয়তে সাহিত্য, বিজ্ঞান, শিক্ষা এই কেইটা দিশৰ লগত জড়িত । শিক্ষা যিটো সমাজৰ এক গুৰুত্বপূৰ্ণ অংগ । শিক্ষাৰ লগত সমাজ ৰাজনীতি, অৰ্থনীতি সকলো জড়িত । কিন্তু সাম্প্ৰতিক যিটো পৰিবেশ আৰু পৰিস্থিতি – ৰাজনৈতিক কথা অৰ্থনৈতিক চিন্তা এইবোৰ শিক্ষাক ক'ৰবাত পৃথক কৰি ৰাখিছে নেকি ? শিক্ষা অৰ্থত শৈক্ষিক পৰিবেশ নিৰ্মাণত আন আনুষঙ্গিক বিষয়বোৰে আন্তঃসম্পৰ্ক ৰক্ষা কৰাত সফল হৈছে বুলি ভাবেনে ?

শান্তনু তামুলীঃ সেই ক্ষেত্ৰত মই ক'ব বিচাৰো যে ৰাজনৈতিক কথা বা অৰ্থনৈতিক চিন্তাত কেতবোৰ দুৰ্বল দিশ আছে। কিন্তু আমি যদি আনফালেদি চাওঁ যে ৰাজনৈতিক বা অন্যান্য দিশবোৰত যেনেকৈ কিছু সংখ্যাক লোকে বিভিন্ন প্ৰকাৰে কাম কৰি আছে তেনেকৈ শিক্ষাৰ দিশত একানপতীয়াকৈ আমি কিমানে কাম কৰিছোঁ‌, সেইটো লক্ষণীয়। আমি শিক্ষাৰ ক্ষেত্ৰত সিমান গুৰুত্ব আৰোপ কৰা নাই বা নকৰো। তেওঁলোকে যেনেকৈ ৰাজনীতিৰ এটা উদেশ্য চকুৰ আগত লৈ কাম কৰিছে। ভালেই হওক বা বেয়াই হওক কিন্তু সেই অনুসাৰে শিক্ষা ক্ষেত্ৰত আমি তীব্ৰভাবে লক্ষ্য নিৰ্দিষ্ট হৈ কাম কৰা নাই। অৰ্থনীতিৰ ক্ষেত্ৰতো নিৰ্দিষ্ট ৰোডমেপ আছে কিন্তু শিক্ষাৰ ক্ষেত্ৰখন ইমান বহল যে নিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰাটোৱেই এটা টান কাম। অথচ শিক্ষাৰ ক্ষেত্ৰতে এক বুজন সংখ্যক মানুহ নিয়োজিত হৈ আছে। আমাৰ immediate লক্ষ্যটো কি হ'ব বা আজিৰ পৰা দহ বছৰ পিছৰ লক্ষ্যটো কি সেইটো আমি থিৰ কৰিব পৰা নাই। আচলতে বিভিন্ন সময় সাপেক্ষ নিৰ্দিষ্ট কৰ্ম প্ৰণালী শিক্ষাক্ষেত্ৰত প্ৰতিটো স্তৰত লাগিব।আমি সেই অৱস্থাটোলৈয়ে নহাটো চিন্তনীয়। চিন্তা কৰাৰ বাবে মানুহ আছে। কিন্ত চিন্তাবোৰ সংগঠিত হোৱা নাই। মই প্ৰথমেই কৈছো যে এখন পাঠ্যপুথি সলনি হওতেই বহুত বছৰ লাগে। তাৰ মানে এই জ্ঞান সম্প্ৰসাৰণৰ কামটোত বহুত সময় লাগে। পাঠ্যক্ৰম অনুসাৰে পাঠ্যপুথি প্ৰণয়নৰ পদ্ধতিও সলনি কৰিব হ'ল নেকি! সেয়াও আলোচনাৰ বিষয়।কিন্তু এইযে পাঠ্যক্ৰমত কি অন্তৰ্ভুক্ত কৰিম না নকৰিম আদি বিষয়বোৰ এটা নিয়মীয়া কাম। এইটো নিৰ্দিষ্ট বিৰতি বৰ্ষ ৰাখি কৰা কাম নহয় । দৈনন্দিন এনে ধৰণৰ সংযোজন বিয়োজনৰ অৱকাশ আহে। নিশ্চয়কৈ ৰাজনৈতিক, অৰ্থনৈতিক আদি বিভাগসমূহে শিক্ষাক কেন্দ্ৰ হিচাপে লৈ লোৱা নাই অৰ্থাৎ শিক্ষাক প্ৰতিটো বিভাগীয় কাথামোৰ ভিতৰুৱা কৰি ল'ব লাগিব। শিক্ষা এইবোৰৰ পৰা বিছিন্ন নহয়। কিন্তু সেই ৰাজনৈতিক, অৰ্থনৈতিক ক্ষেত্ৰৰ মানুহবোৰে শিক্ষাত কি ধৰণে সহায় কৰিব, সেয়াও অনিশ্চিত হৈয়ে থাকি যায়। মানে সৱ বেলেগ বেলেগ ভাবেৰেই চলি যায়। আচলতে কিন্তু সেইটো হ'ব নালাগে। শেহতীয়াকৈ কৰ'ণা পৰিস্থিতিলৈ যদি চোৱা যায় তেন্তে দেখা পাম যে কৰ'ণাৰ পিছত দেশৰ পৰিস্থিতি পুণৰ স্বাভাৱিকভাবে জাগ্ৰত কৰিবলৈ ৰাজনীতি, অৰ্থনীতি অন্যান্য সমাজনীতিত যিমান জোৰদাৰ পৰিস্থিতি দেখা গৈছে কিন্তু শিক্ষাত এই তৎকালীন প্ৰচেষ্টাৰ হাৰ বহুতেই ক'ম। স্কুল খোলাৰ দিনৰ অনিশ্চয়তা,পৰীক্ষা সম্পৰ্কীয় অনিশ্চয়তা আদি অনেক ক্ষেত্ৰতেই শিক্ষাৰ ক্ষেত্ৰত জড়তা বা আনুষংগিক বাধা ওলাই পৰে। শিক্ষা ব্যৱস্থাটো কেৱল পাৰ কৰি চলাই নিব পৰা ব্যৱস্থা এটা নহয়। প্ৰতিটো অধ্যয়ন ফলাফলৰ গুৰুত্বৰ সাপেক্ষে আৰু আহৰণৰ গতিৰ আধাৰতহে শিক্ষা ব্যৱস্থাৰ গতি নিয়ন্ত্ৰিত হয়। সমস্যাৰ তলেৰে বা সমস্যা এটা জাপ মাৰি অতিক্ৰম কৰিব পৰা সুবিধা শিক্ষা ব্যৱস্থাত বহুতেই উলিয়াই লয়। সেইটো অযুক্তিকৰ আৰু অদুৰদৰ্শী কাম। মই ভাবো যে কৰ'ণাৰ সময়ত আমাৰ শৈক্ষিক লোকচানৰ বাবে বৰ বেয়া ধৰণৰ ভৱিষ্যৎ প্ৰভাৱ এটা অহা দুই তিনিবছৰত আমি ভুগিব লগা হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ফেৰ মাৰিবলৈ লোৱাসকলে তেনেস্থলত শিকন ঘাটি বা Learning gapৰ বাবে সমস্যাত পৰিব। কেৱল পৰীক্ষাত পাছ কৰাটোৱেইটো শেষ কথা নহয়। মূল জ্ঞান,কৌশল আৰু প্ৰয়োগ আদিবোৰ এৰাব নোৱাৰা কথা। মুঠতে শিকিব লগা বস্তুৰ পৰিমাণ সংকুচিত কৰি দিলেই সকলো সমস্যাৰ সমাধান হৈ নাযাব। এই সমস্যাটো গোটেই পৃথিৱীত হৈছে। ক'ভিদৰ যি সমস্যা আহি গ'ল, মানুহৰ জীৱন বচোৱাৰ চিৰন্তন চেষ্টাত ব্ৰতী হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষাই বহুত বেছি suffer কৰিলে। কিন্তু ৰাজনৈতিক-অৰ্থনৈতিক বাতাৱৰণ সাপেক্ষে দেশে দেশে শিক্ষাৰ এই পুনৰ শক্তিশালীকৰণৰ কাৰ্যটো বেলেগ বেলেগ হোৱা দেখা যায়। আমাৰ দেশত শিক্ষাই অগ্ৰাধিকাৰ পোৱাটো মই বিচাৰো। আমি আশাবাদী যে শিক্ষা নামৰ এই বিশাল ক্ষেত্ৰখন সুনিৰ্দিষ্ট লক্ষ্যৰ আধাৰত অধিক সংগঠিত ৰূপত আগবাঢ়িব।


প্ৰশ্ন ৭) আপুনি আমাৰ লগত এই কথোপকথনত ভাগ লোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ ।

শান্তনু তামুলীঃ তোমালোককো ধন্যবাদ জনাইছোঁ ॥