স্পৰ্শ

মনীষা ৰাজবংশী দাস সহ শিক্ষয়িত্ৰী, জেজাৰবড়ী প্রাথমিক বিদ্যালয়, ৰামপুৰ শিক্ষাখণ্ড, কামৰূপ

"No"....
হঠাতে ৰিমলিৰ চিঞৰ শুনি পাকঘৰত কাম কৰি থকা শান্তনা উধাতু খাই দৌৰি আহিল |
কি হ'ল ৰিমলি ..?
এহ নাই বোৱাৰী.. মই মৰমতে চুমা এটা খাবলৈ লওঁতেই চিঞৰি উঠিল |
এই ছোৱালীজনীও যে আৰু প্রতিটো কথাতে হুলস্থূল কৰিহে ভাল পায় |ককাক ছৰী কোৱা |
তাইৰ ফালে খঙেৰে চাই একো নোকোৱাকৈ ভিতৰলৈ সোমাই গ'ল ৰিমলি..
আপুনি বেয়া নাপাব খুড়া |
নাই.. নাই |অহ, আজি তুমি অফিচলৈ যোৱা নাই |
আজি চেকেণ্ড চাটাৰডে নহয় |
ও, মই পাহৰিছিলোৱেই |মই এতিয়া উঠোহে | খুড়ীয়েৰাও নামঘৰৰ পৰা আহি পাব |
ৰৱ, চাহ একাপ খাই যাওঁক |
নালাগে নালাগে বোৱাৰী পিছেপৰেও খাম | খুড়ীয়েৰা আহি বনাবই নহয় | আহো |
কথাখিনি কৈ ৰসেশ্বৰ বৰুৱাই বেগাবেগিকৈ খোজ ললে | সম্বন্ধত তেওঁ শান্তনাৰ খুড়াশহুৰ হয় | কিছুসময় তেওঁ যোৱাৰ ফালে চাই ৰ'ল শান্তনা | আজি দেখোন খুড়াশহুৰেকৰ খোজবোৰৰ গতি খৰতকীয়া হৈছে | অলপ আচহুৱা লাগিল তাইৰ | বেয়া পালে নেকি বাৰু?? এই ছোৱালীজনীও যে আৰু....!!
সন্মূখৰ দুৱাৰখন জপায় থৈ ৰিমলি ,ৰিমলি বুলি ভিতৰৰ কোঠালৈ সোমাই গ'ল শান্তনা |ৰিমলিয়ে হাতত পুতলা এটা লৈ বিচনাত পিছমুৱাহৈ বহি আছে |
ৰিমলি, ৰিমলি |
তোমাক মই নামাতো |
কিয়?
তুমি মোক কিয় বেয়াকৈ কৈছা?
তুমি ককাক কিয় তেনেকুৱা কৰিছা? ঘৰলৈ অহা মানুহক ভাল ব্যৱহাৰহে কৰিব লাগে | নাপায় নহয় | ককাৰ এতিয়া দুখ নালাগিবনে?
ককা ভাল নহয় |
কিয়, কিনো কৰিলে ককাই? তোমাক ইমান মৰম কৰে | তোমাক চকলেট দিয়ে, ফুৰাবলৈ নিয়ে |
নালাগে মোক চকলেট | ককা ভাল নহয় |
কিয়? তোমাক ইমান মৰম কৰে!
নকৰে মোক মৰম | মোক দিগদাৰ কৰে |
অ' আই |ককাই তোমাক দিগদাৰ দিয়ে নেকি? ৰবাচোন এইবাৰ ককা আহিলে কব লাগিব | কি দিগদাৰ কৰেনো মোৰ পৰীজনীক |
ককাই মোক কিয় চুমা খাৱ লাগে?
হাৰে, মৰমতেহে খাই | তুমি যে পৰীৰ নিচিনা মৰমলগা |
নহয় | আজি স্কুলত বাইদেৱে কৈছে নহয়, মোক কেৱল তুমি আৰু পাপাইহে চুমা খাৱ পাৰিবা | কোনোবাই জোৰকৈ চুৱ বিচাৰিলে "নো" বুলি চিঞৰি দিব লাগে |
অ' সেইবাবে তুমি ইমান জোৰে "নো" বুলি চিঞৰি দিছিলা ? কিন্তু ককাই তোমাক মৰমহে কৰিছে |
মৰম ইমান জোৰকৈ কৰে নেকি ?চোৱাচোন |
তেতিয়াহে শান্তনাই ভালকৈ লক্ষ্য কৰিলে তাইৰ মুখখন | ওঠৰ কাষখিনি ৰঙা পৰি উঠিছে |চিঞৰি উঠিল শান্তনা.. কি হৈছে ইয়াত? কেনেকৈ হ'ল?
ককাই জোৰকৈ মৰম কৰিছে ইয়াত আৰু কেতিয়াবা তুমি অফিচলৈ যোৱাৰ পিছত...
আৰু শুনাৰ ধৈৰ্য্য নাথাকিল শান্তনাৰ | জোৰেৰে ৰিমলিক সাৱটি ধৰিলে তাই | আজিৰপৰা প্রায় বিছ বছৰ আগতে তাইৰ লগতো ঘটিছিল একেই ঘটনা |সিহঁতৰ গাঁৱৰ ওচৰৰে সম্বন্ধীয় খুড়াক এজনে চকলেট দিয়াৰ প্রলোভনেৰে তাইক... | কিন্তু আজিপৰ্যন্ত এই কথা কাৰো আগত খুলি কৱ নোৱাৰিলে লাজ আৰু ভয়ত | তাইয়ো যদি সেইসময়ত "নো"বুলি চিঞৰি দিবলৈ পাৰিলেহেঁতেন !!বাইদেউজনীলৈ কৃতজ্ঞততাত মন ভৰি গ'ল | আজি যদি তেওঁ ৰিমলিক এই বিষয়ে জ্ঞান নিদিলেহেঁতেন,সাহসী নকৰিলেহেতেন তেনেহলে তাইক হয়তো পিছলৈকেও এনেকুৱা নিৰ্লজ্জ স্পৰ্শই মুৰলৈকে মেৰিয়াই ধৰিলেহেঁতন | তাতে আকৌ বাপেক নোহোৱা ছোৱালী | এটা হুমুনিয়াহ ওলাল তাইৰ মুখেৰে |আজি যদি তাই "নো" বুলি চিঞৰি নিদিলেহেঁতেন তেনেহলে সত্তৰোৰ্দ্ধৰ খুড়াশহুৰেকৰ আচল স্বৰূপ কেনেকৈ চিনি পালেহেঁতেন!! ৰিমলিক আৰু জোৰেৰে সাৱটি ধৰিলে তাই | এনেদৰেই সাহসী হব লাগিব তাই | দেউতাক অৱিহনেও অকলেই যুজিব পাৰিব লাগিব অন্যায়ৰ সৈতে |বৰ্তমান নাৰী অকল অৱলা হৈ থাকিলে নহব সময়ত দূৰ্গা, কালীৰ ৰূপো লৱ লাগিব |দুটোপাল সুখৰ অশ্রু বাগৰি আহিল তাইৰ দুগালেদি আৰু কৱ নোৱাৰাকৈয়ে তাইৰ মুখেৰেও ফুটি ওলাল "নো " |