শংকা

ডা° যুতিকা ওজা অধ্যাপিকা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কমিউনিটি মেডিচিন বিভাগ
Jotika Oja

এতিয়া নিমাত নিৰল পৃথিৱী
শব্দহীন কোলাহলত ডুবে
নিস্তব্ধ অহাযোৱা, মানুহৰ
যেন একোটা নিৰ্জন দ্বীপ ।

বিভীষিকাৰ তৰোৱালৰ সন্মুখত
ভয়াৰ্ত চকুবোৰ
বন্ধ কোঠাত বন্দী
জীয়াই থকাৰ সপোন
ধীৰে ধীৰে সৰি থকা
জয়াল সময়ে
ঝাও বনত হেৰাই যোৱা
জোনৰ ঠিকনা বিচাৰিছে।
দেওলগা বতাহত, পাক খোৱা
দুখ-যন্ত্ৰনাই
মুকলি আকাশৰ সন্ধানত
দীঘলীয়া ৰাতিটো ৰৈ আছে।