সম্পাদকলৈ চিঠি

হেমন্ত কুমাৰ কলিতা সহকাৰী শিক্ষক, শিকাৰহাটী আঞ্চলিক হাইস্কুল, শিক্ষা খণ্ডঃ ৰাণী, দুৰভাসঃ 9101000769

প্ৰতি,
            মাননীয়,
            সম্পাদক মহোদয়ৰ সমীপেষু |
            "গুৰুবাৰ্তা" কামৰূপ, অসম |
মহাশয়,
            কৰ'না মহামাৰীয়ে সমস্ত পৃথিৱীক গ্ৰাস কৰি আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ পৰিৱেশত মানুহৰ সামাজিক, অৰ্থনৈতিক,বৌদ্ধিক,সাংস্কৃতিক জীৱনত প্ৰতিকূল প্ৰভাৱ পেলাই মানৱ সভ্যতাক বহুযোজন দূৰলৈ লৈ গৈছে | প্ৰকৃতিৰ এই অতিকায় সংহাৰে বিশ্ব পৰিয়ালৰ অনাকাঙ্খিত ক্ষতিসাধন কৰিছে, যাক পুন:গঠনৰ বাবে হয়তো বহুদিনৰ অপেক্ষাৰ আৱশ্যক হ'ব |
            কৰ'না অতিমাৰীয়ে সমাজৰ সকলো গোটৰ লগতে ভৱিষ্যতৰ মানৱ সম্পদৰ উন্নয়নত বিৰূপ প্ৰভাৱ পেলাইছে | বিগত বছৰৰ মাৰ্চ মাহৰ প্ৰথম পষেকৰ পৰা বিশ্বৰ বিভিন্ন দেশৰ দৰে আমাৰ দেশৰ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় সমূহ তলাবন্ধ(লক ডাউন)ৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত সিহঁতৰ অধ্যয়নত যথেষ্ট ব্যাঘাত জন্মিছিল | এফালৰ পৰা চালে ছাত্ৰ-ছাত্ৰীৰ বাবে ই এক অপূৰণীয় ক্ষতি |
            অতিমাৰীৰ সময়ছোৱাত চৰকাৰৰ ফালৰপৰা আৰু শিক্ষা বিভাগৰ ফালৰ পৰা বিভিন্ন নিৰ্দেশনা জাৰি কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে বিভিন্ন উপায় অৱলম্বনৰ বাবে চৰকাৰী-বেচৰকাৰী উভয় ক্ষেত্ৰৰ শিক্ষানুষ্ঠানসমূহৰ কৰ্তৃপক্ষ আৰু শিক্ষাগুৰুসকলক কাৰ্যক্ৰমণিকা গ্ৰহণ কৰাৰ দায়িত্ব অৰ্পণ কৰি অহা দেখা গৈছে | মোবাইল ফ'ন বা অন্য ডিজিটেল মাধ্যমেৰে অন লাইন পাঠদানৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীক পাঠদানৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশনা দিয়া হৈছে | প্ৰকৃতপক্ষে ভাৰতৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত, য'ত শতকৰা হিচাপত প্ৰায় সত্তৰ ভাগ পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে, য'ত দুবেলা দুমুঠি যোগাৰৰ বাবে অভিভাৱকে অশেষ কষ্ট কৰিবলগীয়া হয়, য'ত বিজুলী-বাতিৰ পোহৰৰ মুখ নেদেখা স্পৰ্শকাতৰ এলেকাই অধিক, তেনেহেন দেশৰ সকলো ছাত্ৰ-ছাত্ৰীকে সামৰিব পৰাকৈ ডিজিটেল শিক্ষাদান বা শিক্ষা গ্ৰহণ সম্ভৱনে?
            দেশৰ শিক্ষাগুৰু সমাজে মৰমৰ ছাত্ৰ-ছাত্ৰী সকলক আহুকলীয়া সময়ছোৱাত ডিজিটেল মাধ্যমেৰে শিক্ষাদানৰ বাবে চেষ্টাৰ ক্ৰুটি কৰা নাই | সকলোৱে একগোট হৈ বিভিন্ন উপায়ৰে প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে সামৰি ডিজিটেল পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে | চহৰ, নগৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলে এই ব্যৱস্থাৰ জৰিয়তে কিছু পৰিমাণে লাভান্বিতও নোহোৱা নহয়, কিন্তু, গ্ৰামাঞ্চলৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীকেই এই ব্যৱস্থাৰ আওতালৈ আনিব নোৱাৰাটো শিক্ষাগুৰু সকলৰ বাবে অতি পৰিতাপৰ কথা | এইক্ষেত্ৰত আমি চৰকাৰ নাইবা শিক্ষাবিভাগ, কোনো এটা পক্ষকে দোষাৰোপ কৰিব নোৱাৰোঁ | পৰিৱেশটোৱে এনেকুৱা আছিল যাক আমি নামানিলে অন্য কোনো উপায়ো নাছিল |
            এতিয়া ক্ৰমে পৰিৱেশ স্বাভাৱিক হৈ পৰিছে | আতংকময় পৰিৱেশৰ অৱসান হ'ব ধৰিছে | ক্ৰম অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় মুখী হ'ব পাৰিছে | সিহঁতৰ হেঁপাহৰ বিদ্যালয়খনত প্ৰৱেশ কৰি সমনীয়াৰ লগত হাঁহি-ধেমালিৰে পাঠ গ্ৰহণ কৰাৰ সুযোগ আহিছে | পাৰ হৈ যোৱা দুঃসময় খিনিক পাহৰি শিক্ষাগুৰু সমাজেও এতিয়া অন্তঃকৰণেৰে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সচেতন হৈ আগবাঢ়িবৰ সময় আহিছে | চৰকাৰী আৰু বিভাগীয় নিৰ্দেশনা আৰু কাৰ্যপন্থাসমূহ ছাত্ৰ-ছাত্ৰীৰ অনুকূলে আগবাঢ়িলে নিশ্চিতৰূপে শিক্ষাগুৰু সমাজে হেৰাই যোৱা আট বিচাৰি পুনৰ নতুন ৰূপেৰে মানৱ সম্পদৰ উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব | চৰকাৰ আৰু শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ সময়োপযোগী গুণগত আৰু কৰ্মমুখী শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিলে অতিমাৰীয়ে কোঙা কৰা দেশৰ ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত মানৱ সম্পদ কৰি গঢ়ি তোলাত শিক্ষাগুৰু সমাজ সংকল্পৱদ্ধ হ'ব পাৰিব | "গুৰুবাৰ্তা" ৰ জৰিয়তে সদৌটিলৈ বিনম্ৰ অনুৰোধ যাতে আমাৰ ক্ষুদ্ৰ চিন্তাৰ পৰিধিক নেওচি এখন সমৃদ্ধিশালী সমাজ গঠনত সকলোৱে হাত উজান দি দেশ আৰু সমাজৰ মান আৰু সুনাম বৰ্ধন কৰিব |