সু-সংস্কাৰ

শ্ৰী ৰোহিনী কুমাৰ শৰ্মা শুৱালকুছি কৈৱৰ্ত পাৰা প্ৰাথমিক বিদ্যালয়। (৯৪০১০৪৪৯৬৭)

প্ৰিয় সম্পাদক, গুৰুবাৰ্তা
বিষয়;সংস্কাৰ--
সংস্কাৰ মানে সংশোধক অৰ্থাৎ কু-সংস্কাৰ দূৰ কৰি ভাল কৰা, পবিত্ৰ কৰা, শুদ্ধ কৰা। সংস্কাৰৰ দ্বাৰা মানুহ জ্ঞানী হয়। হিন্দু ধৰ্ম শাস্ত্ৰ মতে সংস্কাৰ বহু ধৰণৰ আছে সেই বোৰৰ বিষয়ে ইয়াত উল্লেখ কৰিব বিচৰা নাই। ইয়াত মাত্ৰ সু-সংস্কাৰৰ কথা কবলৈ গৈছো। সংস্কাৰ অবিহনে শিক্ষা আধৰুৱা যেন লাগে। সেয়ে পৰিয়ালত পিতৃ মাতৃয়ে কু-সংস্কাৰ মুক্ত হৈ শিশু সকলক সু- সংস্কাৰ দিব লাগে আৰু আমি তেওঁলোকৰ লগত কথা বতৰা, খোৱা-লোৱা, চাল-চলন, পিন্ধন-উৰন আদি সকলোতে সহযোগ কৰিব লাগে। পিতৃ মাতৃ সংস্কাৰ হ'লেহে সন্তান জ্ঞানী হয়। শিশুৰ শিক্ষা আৰু চৰিত্ৰ গঠনত মাকৰ ভূমিকা প্ৰধান। কাৰণ মাতৃয়ে প্ৰধানকৈ শিশু সকলোৰ লগত বেছি ভাগ সময় জড়িত হৈ থাকে। আগৰ দিনত যৌথ পৰিয়ালত কণ কণ শিশু সকলক ককা আইতা হতে আকাশৰ জোনোক নিশা চোতালত বহি নাতি নাতিনী হতক সাধুকথা কোৱাৰ চলেৰে শিশুক আনন্দ দিয়াৰ লগতে কিছু সংস্কাৰ দিছিল। লগতে সৰু পৰাই মিলিজুলি খোৱা, ডাঙৰক সম্মান কৰা, খোৱা বস্তু ভগাই খোৱা এই বোৰ যৌথ পৰিয়ালৰ পৰাই শিকিছিল। কিন্তু আজি যি কোনো কাৰণতে নহওঁক কিয় একক পৰিয়ালত কিছু সংখ্যক পিতৃ মাতৃৰ সময়ৰ অভাৱৰ কাৰণে নিজ শিশুক অন্য মানুহৰ হাতত এৰি দিয়া, মৰমৰ পৰা বঞ্চিত এনে কিছু কথাৰ বাবেই যেন সু-সংস্কাৰৰ অভাৱ দেখা গৈছে। আৰু এনেকুৱা অভাৱ দূৰীকৰণৰ কাৰণে আমি শিক্ষক সমাজে শিশু সকলক আমাৰ প্ৰাথমিক বিদ্যালয় বোৰত দৈনন্দিন পাঠ্যক্ৰমৰ মাজেৰে প্ৰাতসভাৰ জৰিয়তে আনন্দ দায়ক শিক্ষাৰ মাধ্যমেৰে সু-সংস্কাৰ মুখী কৰি তুলিব পাৰো। সুখ্যাত বিজ্ঞানী তথা আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালামৰ মতে, সমাজ জীৱনৰ পৰা‌ কু-সংস্কাৰ আঁতৰ কৰিবলৈ আমি এটা আন্দোলন গঢ়ি তুলিব লাগিব।আৰু এই আন্দোলন আমাৰ ঘৰৰ পৰিয়াল তথা প্ৰাথমিক বিদ্যালয়ৰ পৰাই আৰম্ভ কৰিব লাগিব। তেখেতৰ মতে এখন সু- সংস্কাৰ সমাজ গঢ়ি তুলিবলৈ তিনিজন মানুহৰ অতি গুৰু দায়িত্ব। তেওঁলোক হৈছে পিতৃ মাতৃ অাৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। বৰ্তমান সময়ত আমাৰ চাৰিওফালে যি নৈতিক অধঃপতন, ধৰ্ষণ , হত্যা-কাণ্ড, দুৰ্নীতি ,ভ্ৰষ্টাচাৰ , ডাইনী হত্যা ,কু-সংস্কাৰে সমাজ সমুহত শিপাবলৈ লৈছে এই শিপা বোৰ শেষ কৰিবৰ কাৰণে এই তিনিজন ব্যক্তিয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব পাৰে। এই খিনিতে আমি ক'ব লাগিব উপদেশতকৈ আৰ্হি ভাল। সেয়ে আমি সকলোৱে শিশু সকলক সু-সংস্কাৰ দিবলৈ যোৱাৰ আগত সু-সংস্কাৰৰ গুণ বোৰৰ অধিকাৰী হব লাগিব। যেনে সততা,সৎ চিন্তা , সৎ ব্যৱহাৰ ইত্যাদি ,ইত্যাদি। সদৌ শেষত আমি প্ৰত্যেকে এখন কু-সংস্কাৰ মুক্ত সমাজ গঠন কৰাত সক্ৰিয় ভূমিকা ল'বলৈ সংকল্প লৱ নোৱাৰোনে? নিশ্চয় পাৰো । কেৱল মাত্ৰ সু-চিন্তা, সু-লক্ষেৰে আগ বাঢ়িলে সকলো সম্ভৱপৰ হয়।