জ্ঞানমেলা

অঞ্জনা ডেকা খণ্ড সমল ব্যক্তি, হাজো শিক্ষা খণ্ড, কামৰূপ, অসম

সমগ্ৰ শিক্ষা, অসমে ইয়াৰ অধীনষ্ঠ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলক গণিত আৰু বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ প্ৰতিবছৰে জ্ঞানমেলা অনষ্ঠিত কৰি আহিছে। এই জ্ঞানমেলাত গণিত আৰু বিজ্ঞানৰ প্ৰকল্প আৰু আৰ্হিৰ প্ৰদৰ্শনী পতা হয়, যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্ভাৱনীমূলক আৰু সৃজনীশীল হিচাবে গঢ়ি তুলিবলৈ চেষ্টা কৰা হয়।। এই জ্ঞানমেলাৰ জৰিয়তে সমগ্ৰ শিক্ষা, অসমে ল'ৰা ছোৱালীবোৰৰ মাজত বিজ্ঞানসূলভ মনোভাৱ গঢ়ি তোলা, গণিত আৰু বিজ্ঞানৰ ব্যৱহাৰিক দিশৰ বিষয়ে জ্ঞাত কৰোৱা, লগতে মানুহৰ দৈনন্দিন জীৱনত গণিত আৰু বিজ্ঞানযে ওত:প্ৰোত: ভাৱে জড়িত তাক অনুভৱ কৰোৱাত সহায় কৰিবলৈ ছেষ্টা কৰি |

Gyanmela

২৮ ফেব্ৰুৱাৰী, বিজ্ঞান দিৱসৰ দিনা প্ৰতি বছৰে সমগ্ৰ শিক্ষা, কামৰূপৰ অধীনত জ্ঞানমেলা অনুষ্ঠিত হৈ আহিছে। একেদিনাই এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰশ্নোত্তৰ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতা আদি কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়। এই জ্ঞানমেলা প্ৰথমে মণ্ডল ভিত্তিত অনুষ্ঠিত কৰা হয়। মণ্ডল ভিত্তিত উত্তম বুলি বিবেচিত প্ৰকল্প বা আৰ্হিটো খণ্ড পৰ্যায়লৈ অনা হয়। খণ্ড পৰ্যায়ৰপৰা প্ৰথম আৰু দ্বিতীয় বুলি বিবেচিত প্ৰকল্প বা আৰ্হিটো জিলা ভিত্তিক জ্ঞানমেলাত প্ৰদৰ্শিত হয়। ঠিক তেনেকৈ জিলাভিত্তিত প্ৰথম হোৱা প্ৰকল্প বা আৰ্হিটো ৰাজ্যিক পৰ্যায়ৰ জ্ঞানমেলাৰ প্ৰদৰ্শনীৰ বাবে লৈ যোৱা হয়। এই দৰে জ্ঞানমেলাৰ দ্বাৰা সমগ্ৰ শিক্ষাই ল'ৰা ছোৱালীবোৰক গণিত আৰু বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিবলৈ চেষ্টা কৰি আহিছে।

২০২০ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীতো একেদৰে ৰামপুৰ শিক্ষাখণ্ডৰ হালীগাওঁ মাদ্ৰাছা হাইস্কুলত জিলাভিত্তিক জ্ঞানমেলা অনুষ্ঠিত হৈ যায়। তাৰে কিছু কাৰ্যক্ৰমনিকাৰ চিত্ৰ ওপৰত প্ৰদৰ্শিত কৰা হ'ল।