আদৰ্শ বিদ্যালয় হিচাপে ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়

জাহিদুল ৰহমান সমন্বয়ক, কৰৰা শিক্ষা খন্ড
Jahidul Rahman

এখন আদৰ্শ বিদ্যালয়ৰ থাকিব লগা গুণৰাজি সম্পুৰ্ণ ভাৱে নাথাকিলেও কৰৰা শিক্ষা খন্ডৰ অন্তৰ্গত ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ত কিছু পৰিমাণে থকা বুলি অনুভৱ কৰো। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি থকা বেজেৰা অঞ্চলৰ এখন জাকতজিলিকা শিক্ষা প্ৰতিষ্ঠান ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয় । ইতিমধ্যে শতবৰ্ষ গৰকা জ্ঞান মন্দিৰৰ প্ৰতিষ্ঠা হৈছিল ১৮৭৬ চনত। এই বিদ্যালয়ৰ আশে পাশে বহু কেইখন বে -চৰকাৰী খণ্ডৰ বিদ্যালয় থকাৰ পিছতো বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। বৰ্তমান বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সংখ্যা ১৪২ জন যদিও শিক্ষক শিক্ষয়িত্ৰী ৰ সংখ্যা ৪ জন । প্ৰতি বছৰে বিদ্যালয় খনত নাম ভৰ্তিৰ বাবে বহু দুৰৰ পৰা ছাত্ৰ-ছাত্ৰী সকল আহে । এই সকলোবোৰ সম্ভৱপৰ হৈছে বিদ্যালয়খনৰ দেখুৱাই অহা কৰ্মৰাজিৰ বাবে।

BezeraPSchool

বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে প্ৰদান কৰি অহা শিক্ষা ব্যৱস্থাক বিদ্বান মহলে শলাগ লোৱা পৰিলক্ষিত হৈছে । বিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থাক অতিকৈ প্ৰশংসনীয় কৰি তোলাৰ মুলত হৈছে ছাত্ৰ-ছাত্ৰী, শিক্ষক, তঅভিভাৱক ৰ মাজত থকা সুবিধা সু- সম্পৰ্ক । বিদ্যালয়খনত কঠোৰ নীতি নিয়মৰে আগবঢ়া দেখা যায় যদিও বন্ধুত্ব সুলভ ভাবে পাঠদান কৰা পৰিলক্ষিত হয়। বিদ্যালয়খনৰ শ্ৰেণী কোঠাৰ অভাৱ যদিও অস্থায়ী বেৰৰ জৰিয়তে শ্ৰেণী কোঠাৰ সৃষ্টি কৰি পাঠদান কৰি আহিছে । কামৰূপ জিলাৰ " ক শ্ৰেণীৰ " প্ৰকল্প প্ৰজেক্টত বিদ্যালয়খনক সামৰি লৈ আৰু এখোপ আগবাঢ়াই লৈ যোৱাত সহায় কৰিছে । বিদ্যালয়খনত " ক শ্ৰেণীৰ " শ্ৰেণী কোঠা টো আটক ধুনীয়া কৰি তুলিছে যাতে ক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকল আকৰ্ষিত হয়।

BezeraPSchool

১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল সকলো দিশতে পাকৈত । ইয়াৰ গুৰিত বিদ্যালয় খনত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী সকল । কবলৈ গলে বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ চন্দ্ৰ বৰুৱা এই ক্ষেত্ৰত এখোপ আগবঢ়া । বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ উন্নয়নৰ তেখেতৰ নিজৰ পকেটৰ ধন ব্যয় কৰি ছাত্ৰ-ছাত্ৰীক সুবিধা প্ৰদান কৰি আহিছে। ইয়াৰ ভিতৰত ছাত্ৰ-ছাত্ৰীক সংগীতৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে সংগীত শিকাৰ ব্যৱস্থা, চিত্ৰাংকন বাবে আৰ্ট শিক্ষকৰ ব্যৱস্থা কৰাৰ উপৰিও দক্ষতা সম্পন্ন শিক্ষকক আমন্ত্ৰণ জনাই ছাত্ৰ-ছাত্ৰী সকলক এখোপ আগুৱাই লৈ যোৱাৰ প্ৰদক্ষেপ হাতত লৈছে। ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সম্প্ৰীতিৰ ভাব জাগ্ৰত কৰি তুলিবলৈ বিদ্যালয়ত সম্প্ৰীতি ভোজন , প্ৰাক ভোগালী উৎসৱ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লোৱা পৰিলক্ষিত হৈছে । শৈক্ষিক দিনপঞ্জী খনত থকা প্ৰতিটো উৎসৱ - পাৰ্বণ বিদ্যালয় খনে প্ৰাতঃসভা নাইবা বিদ্যালয় ছুটীৰ সময়ত সম্পন্ন কৰে । বিদ্যালয় খনৰ প্ৰতি দুবছৰ মুৰে মুৰে " মংগালচৰণ" নামৰ এখন ছপা আলোচনী প্ৰকাশ কৰাৰ লগতে প্ৰতি বছৰে এখন হাতে লিখা আলোচনী আৰু প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰি আহিছে।

BezeraPSchool

অসম চৰকাৰৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰা ২০১৭ আৰু ২০১৮ চনৰ গুণোৎসবত বিদ্যালয় খনে "A+ " পাবলৈ সক্ষম হৈছে। ইয়াৰ উপদিও বিদ্যালয় খনে ২০১৭ চনত জিলা ভিত্তিক স্বচ্ছ বিদ্যালয়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতি বছৰে মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত পোৱাৰ লগতে শিক্ষা খন্ডৰ ভিতৰতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অনুষ্ঠিত কৰা প্ৰতিযোগিতা সমূহতো উন্নত ফলাফল প্ৰদৰ্শন কৰি বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে। কেবল ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন দিশত বটা লাভ কৰাই নহয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৱে বিদ্যালয় খনলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ২০১৯ বৰ্ষত বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ চন্দ্ৰ বৰুৱা ক কামৰূপ জিলাৰ শিক্ষা বিভাগে জিলাৰ শ্ৰেষ্ঠ শিক্ষকৰ বটা প্ৰদান কৰে । এই খন বিদ্যালয়ে সহকাৰী শিক্ষয়িত্ৰী নমিতা লহকৰ কামৰূপ জিলাৰ শিক্ষা বিভাগে "ক শ্ৰেণীৰ " পাইলট প্ৰজেক্ট বাবে ২০১৯ চনত বিশেষ বটা প্ৰদান কৰে। ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ডেনিফা আমিনক অৰুণোদয় চছাইটিয়ে zero investment ৰ শৈক্ষিক সামগ্ৰী প্ৰস্তুত কৰাৰ আহিলা প্ৰদান কৰাৰ বাবে বটা প্ৰদান কৰে। বিদ্যালয় খনৰ উন্নতিৰ আঁৰত থকা বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোট আৰু অভিভাৱক সকলক শলাগ লবই লাগিব । বিদ্যালয়ৰ উন্নতিৰ বাবে প্ৰতিজন ব্যক্তিয়ে নিঃ স্বাৰ্থ ভাবে কাম কাজ কৰে । বিদ্যালয় খনত মাতৃ গোটৰ সদস্য-সদস্যা সকলে প্ৰতিদিনে প্ৰতঃসভা অংশ গ্ৰহণ , মধ্যাহ্ন ভোজন নিৰীক্ষণ কৰে । ইয়াৰ উপৰিও কিছুমান অভিভাৱকে শৈক্ষিক সামগ্ৰী প্ৰস্তুত কৰি দিয়ে । ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ৰ অভাৱ সমুহ দুখৰ কৰিব পাৰিলে বিদ্যালয় খন বেজেৰা অঞ্চলেৰ নহয় কামৰূপ জিলাৰ ভিতৰত এখন জাকতজিলিকা শিক্ষা প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠিত হব ।