খেলৰ মাজেৰে শিক্ষা

চুইটি বেজবৰুৱা জিলা আঁ‌চনি বিষয়া, সমগ্ৰ শিক্ষা, কামৰূপ
Sweety Bezbaruah

এই পৃথিৱী এক ক্ৰীড়াঙ্গন
ক্ৰীড়া হল শান্তিৰ প্ৰাংগন
ডঃ ভূপেন হাজৰিকা দেৱৰ ভাষাৰেই কওঁ - শাৰীৰিক শক্তি বৃদ্ধি , সু- স্বাস্থ্যৰ লগতে কৰ্মোদ্যম , যৌৱনৰ প্ৰাচুৰ্যৰে ভৰপূৰ এক জীৱনৰ বাবে ক্ৰীড়াৰ অভ্যাসন অতি আৱশ্যক । বিদ্যালয়ত শিশু সকলক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰাৰ লগতে প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চত্বৰ মাধ্যমিক পৰ্যায়লৈ খেলিবলৈ সুবিধা দিব লাগে আৰু সেইবাবে শৈক্ষিক পাঠ্যক্ৰমত খেলৰ অন্তৰ্ভূক্তি অতি অপৰিহাৰ্য্য ।
ভাৰত চৰকাৰে খেলৰ প্ৰয়োজনীয়তা অনুধাৱন কৰি সমগ্ৰ শিক্ষাৰ অধীনত ২০১৮-১৯ বৰ্ষত বিদ্যালয় শিক্ষাত "খেলে ভাৰত খিলে ভাৰত" শীৰ্ষক এক যোজনা আৰম্ভ কৰিছে । এই যোজনাত চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়লৈ খেলৰ সামগ্ৰী (,আন্তঃদ্বাৰ আৰু বৰ্হিদ্বাৰ) ক্ৰয়ৰ লগতে অব্যৱহৃত বিদ্যালয় সামগ্ৰী ব্যৱহাৰযোগ্য কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাৰ্ষিক আৰ্থিক অনুদান আগবঢ়ায় । এই অনুদান প্ৰাথমিক বিদ্যালয়ৰ বাবে ৫০০০ টকা, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে ১০০০০টকা আৰু উচ্চ , উচ্চত্বৰ মাধ্যমিক বিদ্যালয়লৈ ২৫০০০ টকাকৈ প্ৰতি বছৰে আগবঢ়োৱা হয় ।
প্ৰাক প্ৰাথমিক শ্ৰেণীৰ বাবে অপৰিহাৰ্য বিভিন্ন শিকন ক্ষেত্ৰ ( বালি ক্ষেত্ৰ, ক্ৰিয়া কলাপ ক্ষেত্ৰ, পঠন ক্ষেত্ৰ, পুতলা ক্ষেত্ৰ , পানী আৰু বিজ্ঞান ক্ষেত্ৰ আদি)ৰ বাবে সামগ্ৰী ক্ৰয় কৰিবলৈ এই অনুদান ব্যৱহাৰ কৰিব পাৰে লগতে এই অনুদানেৰে
*বিদ্যালয় পৰ্য্যায়ত খেলিব পৰা খেলৰ সামগ্ৰী কিনিব পাৰে
* স্থানীয় /পৰম্পৰাগত খেলৰ সঁজুলি সুলভ মূল্যত কিনিব পাৰে
খেলৰ সামগ্ৰী সমূহ ব্যৱহাৰযোগ্য কৰি ৰখাৰ লগতে লিংগ বৈষম্য নাৰাখি ছাত্ৰ -ছাত্ৰী উভয়কে খেলৰ সামগ্ৰী সমূহ ব্যৱহাৰ কৰাৰ বাবে উৎসাহিত কৰিব লাগে । বিশেষ ভাবে সক্ষম শিশু সকলৰ বাবেও খেলৰ সামগ্রী সমূহ ব্যৱহাৰত কোনো বাধা থাকিব নালাগে । শিক্ষকৰ নিৰ্দেশনাত আৰু তত্বাৱধানত সকলো শিশুকে বিদ্যালয়ত খেলাৰ সুবিধা দিব লাগে ।
শৈশৱ আৰু কৈশোৰ কালত ক্ৰীড়া বা খেলৰ লগত সক্ৰিয় ভাবে জড়িত থকা শিশুৱে পৰৱৰ্তী সময়ত স্বাস্থ্যবান হৈ থকাৰ ওপৰিয়ো একতাৰ দোলেৰে বান্ধ খাই দলীয় কাৰ্য্যত অংশগ্ৰহণ কৰা, যুঁজাৰু মানসিকতাৰ গঢ় লোৱা, নেতৃত্ব লোৱা , দলীয় অনুশাসন মানি চলা , নেতৃত্বৰ প্ৰতি অনুগত্যতা দেখুৱা , নিয়মানুৱৰ্তিতা, সময়ানুবৰ্তিতা , দেশপ্ৰেম আদি ধনাত্মক গুণৰ অধিকাৰী হোৱা দেখা যায় । খেলে শিশু সকলৰ শাৰীৰিক বিকাশ কৰাৰ ওপৰিয়ো সামাজিকীকৰণ , সামাজিক কৌশল আয়ত্বকৰণ , শৃঙ্খলিত জীৱনশৈলী, আত্মসন্মান বৃদ্ধি হোৱাত অৰিহণা যোগায় । বৰ্তমানৰ বৈদ্যুতিন মাধ্যমৰ প্ৰতি ছাত্ৰ ছাত্ৰী সকল বেছি আসক্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱক সকলেও সন্তান সকলক খেল খেলিবলৈ উৎসাহিত কৰিব লাগে । যাতে শৰীৰক পৰিশ্ৰমেৰে এক সু শৃংখল জীৱন যাপন কৰিব পাৰে । আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক । সেয়ে প্ৰতিভাবান খেলুৱৈ গঢ় দিয়াটো বিদ্যালয়ৰ কৰ্তব্য । এজন পেছাগত খেলুৱৈ হবলৈ ব্যক্তিজনৰ অধ্যব্যৱসায় লাগিব আৰু নিজৰ চেষ্টা লাগিব । লগতে বিদ্যালয় বা সমাজে ধনাত্মক দৃষ্টি ভঙ্গীৰে তেওঁক আগুৱাই যোৱাৰ সুবিধা দিব লাগিব । এই ক্ষেত্ৰত অভিভাবক আৰু সমাজৰ ভূমিকা উল্লেখনীয় । দৌৰবিদ ভোগেশ্বৰ বৰুৱা, হিমা দাস , অৰ্জুন বঁটা প্ৰাপক টেবুল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহতা , অলিম্পিক খেলুৱৈ দীপাংকৰ ভট্টাচাৰ্য (বেডমিণ্টন) , জয়ন্ত তালুকদাৰ (ধনুৰ্বিদ), শিৱ থাপা (মুষ্টি যুদ্ধ), অংকুশিতা বড়ো (মুষ্টি যুদ্ধ) , লাভলীনা বড়ো ( মুষ্টি যুদ্ধ ) , শিবাঙ্গী শৰ্মা ( সাঁতোৰবিদ) আদি যোগ্য অসম সন্তান সকলৰ বিষয়ে আজিৰ প্ৰজন্ম জ্ঞাত হব লাগিব আৰু তেওঁলোকৰ পদাংক অনুসৰণ কৰি ক্ৰীড়া ক্ষেত্ৰত খোজ দিব লাগিব ।
বিদ্যালয় পৰিচালনা সমিতি তথা বিদ্যালয়ৰ ছাত্ৰ সংসদ, বালিকা সুৰক্ষা মঞ্চ , যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘ, বিজ্ঞান সংঘ আদিয়ে "ৰাষ্ট্রীয় ক্ৰীড়া প্ৰাধিকৰণ " , জিলা ক্ৰীড়া বিষয়া , ৰাজ্যিক ক্ৰীড়া সংগঠন সমূহৰ লগত সঘনাই যোগাযোগ কৰি ক্ৰীড়াশিবিৰ , প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰী সকলৰ মাজত লুকাই থকা প্ৰতিভা বিকাশৰ সুবিধা কৰিব পাৰে ।
বিদ্যালয় পৰ্য্যায়ত ৩ছেপ্টেম্বৰ - অভিৰুচি ক্ৰীড়াদিৱস (দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ) , ১৭ অক্টোবৰ -অসম ক্ৰীড়া দিৱস ( সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ জন্মদিন) ,২৯ আগষ্ট -ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস (হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মদিন ) আদি উদযাপনৰে স্বনামধন্য খেলুৱৈ সকলক সন্মান জনোৱাৰ লগতে ছাত্ৰ ছাত্ৰীক খেলৰ প্ৰতি উৎসাহী কৰি তুলিব পাৰি ।
প্ৰাথমিক শ্ৰেণী সমূহৰ বাবে কিছু খেলৰ পৰামৰ্শ দিয়া হল-
১) মৌলিক চলন-ফুৰণ শিক্ষা*
*চলনফুৰণ খেল(দৌৰা, জপিযাই যোৱা, ভেকুলী জাম্প আদি)
*বল দলিয়াই দিয়া, বল ধৰা , বল লঠিয়াই দিয়া আদি
*শৰীৰ নিয়ন্ত্ৰণ খেল (ভাৰসাম্য ৰক্ষা , স্থিতাৱস্থা)
২) আনন্দদায়ক/সংশোধিত খেল
খেল ধেমালি যিবোৰত নিয়ম থাকে কিন্তু প্ৰতিযোগিতা নাথাকে আৰু খেলুৱৈ সকলে আনন্দ পায়
৩) ক্ৰীড়া - প্ৰতিযোগিতা মূলক ক্ৰীড়া
*বল, বেডমিণ্টন, হকী, কেৰাটে, মল্লযুদ্ধ, কিক বক্সিং , যোগ আদি
*ব্যক্তিগত ক্ৰীড়া-স্কেটিং, স্কীপিং, জুডু, টাই কোৱান দু আদি
*দলীয় ক্ৰীড়া - বাস্কেট বল, ফুট বল, কাবাদী, আদি
*ৰেলি ক্ৰীড়া - টেবুল টেনিছ, বেডমিণ্টন , স্কয়াছ , ভলিবল আদি
*ইনিংছ ক্ৰীড়া - ক্ৰিকেট, খ খ , ৱেছ বল আদি
*পৰম্পৰাগত ভাৰতীয় খেল
*অলিম্পিক ক্ৰীড়া
*যোগ
* পেৰা অলিম্পিক ক্ৰীড়া আৰু খেল -ধেমালি (বিশেষ ভাবে সক্ষম শিশু সকলৰ বাবে)
পৰামৰ্শমূলক স্থানীয়খেল
কাবাদী, খ খ , টাং গুটি, ৰচি টনা, পুখুৰী-পাৰ, মাৰ্বল খেলা, সংগীত দৌৰ, লুকাভাকু, গুটি ভঙা আদি
অন্যান্য আঞ্চলিক ক্ৰীড়া
কেৰম,লুদু , খ খ , আদি
ৰাজ্যিক ক্ৰীড়া
*বাস্কেট বল, হকী, ৰাগবি , সাঁতোৰ , ফুটবল আদি
নেট /ৱাল গেমচ
বেডমিণ্টন , ভলীবল , টেবুল টেনিছ আদি
ষ্ট্ৰিকিং এণ্ড ফিল্ডিং গেমচ
উচ্চ প্ৰাথমিক ত ওপৰত উল্লেখ কৰা সকলো খেল খেলাব পাৰিব । বিদ্যালয় আৰু অন্ত বিদ্যালয় পৰ্য্যায়ত প্ৰতিযোগিতা পাতি খেলুৱৈ সকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ বিদ্যালয় পৰ্য্যায়ত খেলুৱৈ বাছনি কৰিব । বৰ্তমান আধাৰ কাৰ্ড থকা খেলুৱৈ ক হে ৰাষ্ট্ৰীয় খেল খেলিবলৈ সুবিধা দিয়া হয় ।
আন্তঃদ্বাৰ খেল সমূহৰ যোগেদি শিশুৰ মনোযোগ বৃদ্ধি হোৱাৰ লগতে গাণিতিক চিন্তাৰ বিকাশ হয় । সমস্যা সমাধান কৰিবলৈ শিকে , নিজে নিজে কৰি শিকে আৰু খেলৰ মাজেৰে শিকন ফলাফল আয়ত্ব কৰিব পাৰে । সেয়ে বিদ্যালয় পৰ্য্যায়ত আন্তঃদ্বাৰ খেলৰ সামগ্ৰী পৰ্যাপ্ত পৰিমানে থকা দৰকাৰ (কাৰ্ড, ডাইচ , ডমিনচ , লুডু , ৰংবিৰঙৰ কিতাপ আদি) । খেলপথাৰ, খেলৰ সামগ্ৰী আৰু খেলৰ প্ৰশিক্ষণ বৰ্তমান বিদ্যালয় শিক্ষাত অপৰিহাৰ্য । শিক্ষক - শিক্ষয়িত্ৰী , অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিক এই ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হল । Fit India School Programme এনে এক প্ৰচেষ্টা যত বিদ্যালয় খনে ৰাষ্ট্ৰীয় পৰ্যায়ত বিদ্যালয়খন পঞ্জীয়ন কৰিব পাৰে আৰু সক্ষম ভাৰতৰ দিশত অৰিহণা যোগাব পাৰে । "খেল ইন্দিয়া "কাৰ্যসূচীত আমাৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন নিশ্চিত কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰীয়ে ব্যবস্থা গ্ৰহন কৰিব লাগে ৷ স্থানীয় বেচৰকাৰী সংস্থাসমূহৰ এই ক্ষেত্ৰত বহু কৰিব লগা আছে ৷ গ্ৰাম্য ক্ৰীড়াৰ উন্নতিৰ বাবে আধুনিক খেলপথাৰৰ ব্যবস্থা কৰা; ক্ৰীড়া শিবিৰ আয়োজন কৰা , প্ৰতিযোগিতা পতা ; ৰাষ্ট্ৰীয় প্ৰশিক্ষকৰ ব্যবস্থা কৰা আদি প্ৰকল্প হাতত লৈ খেলুৱৈ সকলক প্ৰতিভা বিকাশৰ সুবিধা প্ৰদান কৰিব পাৰে ৷