কৰ'ণা আৰু বিজ্ঞান

দীনেশ চন্দ্ৰ কলিতা খণ্ড সমল ব্যক্তি, হাজো
Dinesh Chandra Kalita

জিজ্ঞাস – দেউতা , কৰ'ণা নো কি ?

দেউতা- অ', এই যে কৰ'ণা বেমাৰৰ বিষয়ে শুনি আছা সেয়া নেকি ?

জিজ্ঞাস- হয় , দেউতা ।

দেউতা – এই কৰ'না বেমাৰ হ'ল ক'ভিড-১৯ নামৰ এবিধ বিষাণুৰ(Virus) দ্বাৰা হোৱা এবিধ বেমাৰ ।

জেউতি- দেউতা, ইয়াক কিয় কৰ'ণা বুলি কয় ?

দেউতা- বিষানুবোৰৰ চাৰিওফালে থকা বৃত্তাকাৰ আঙঠিটোৰ কাৰণে এই শ্ৰেণীৰ বিষাণুৰ নাম ইংৰাজী শব্দ Corona (অৰ্থ বৃত্তাকাৰ আঙঠি) ৰ পৰা লোৱা হৈছে ।

জিজ্ঞাস- বিষাণু(Virus) নো কি জীৱাণু(Bacteria) নেকি ?

দেউতা- নহয় অ' জীৱাণু আৰু বিষাণু একে নহয় | বিষানু সমূহ জীৱাণুতকৈও সৰু আৰু সাধৰনতে ব্যৱহাৰ হোৱা এণ্টিবায়'টিক সমূহৰ দ্বাৰা ইয়াৰ বৃদ্ধি ৰোধ কৰিব নোৱাৰে । ইয়াক জীৱ আৰু জড় পদাৰ্থৰ মাজৰ অৱ্স্থা বুলিও ক'ব পাৰি কাৰণ ই বহু দিনলৈ জড় পদাৰ্থৰ নিচিনাকৈ পৰি থাকিব পাৰে ।

জেউতি- এণ্টিবায়'টিক নো কি আকৌ ?

দেউতা- এণ্টিবায়'টিক হ'ল এক শ্ৰেণীৰ ঔষধ যাৰ সহায়ত আমি বেমাৰৰ জীৱাণু সমূহৰ বংশবৃদ্ধিত বাধা দিব পৰা যায় ।

জিজ্ঞাস- এণ্টিবায়'টিক সমূহে বংশবৃদ্ধিত বাধা দিলে আমাৰ কি লাভ হব যদি বীজাণু মাৰিবই নোৱাৰে ?

দেউতা- তোমালোকে জানানে বেছিভাগ বীজাণুৰ জীৱনকাল কেইছেকেণ্ডমানৰ পৰা ৫ৰপৰা ৭দিনলৈ

হয় । সেই কাৰনে ৫ ৰ পৰা ৭ দিন মানলৈ ইহতৰ সংখ্যা বাঢ়িব নিদিলে ইহত নিজে মৰি থাকিব । সেয়েহে আমাৰ চিকিত্সক সকলে সময়মতে ৫ ৰপৰা ৭ দিনলৈ আমাক এণ্টিবায়'টিক খাবলৈ উপদেশ দিয়ে । ডাক্তৰৰ উপদেশ সমূহ আমি মানি চলা উচিত নহলে আধা মৰা জীৱানুবোৰ আকৌ জীৱিত হৈ পুনৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে ।

জেউতি- আকৌ বিষানু বোৰ আমি কেনেদৰে ধ্বংস কৰিব পাৰোঁ ?

দেউতা- ইয়াৰ কাৰনে ব্যায়াম আৰু প্ৰতিষেধকৰ(Vaccine) সহায়ত আমি আমাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব লাগিব

জিজ্ঞাস- প্ৰতিষেধক নো কি ?

দেউতা- দেশ ৰক্ষাৰ কাৰনে যেনেদৰে সেনাবাহিনী থাকে ঠিক তেনেদৰে আমাৰ শৰীৰটোক বেমাৰৰ পৰা বচাই ৰাখিবলৈ আমাৰ দেহত কিছুমান প্ৰতিৰক্ষী(Antibody) থাকে । প্ৰতিৰক্ষী বোৰে বেমাৰৰ বীজানু সোমালে আক্ৰমন কৰি মাৰি পেলাই বা ভক্ষন কৰে। তোমালোকে কেতিয়াবা শৰীৰত খজুৱতি তাৰ পিছত ৰঙা আৰু পিছত থিক হৈ যোৱা মাজে মাজে জ্বৰ উঠা বা উত্তাপ বৃদ্ধি নিশ্চয় অনুভৱ কৰিছা তাৰ কাৰণ হ'ল শৰীৰত বীজাণুৰ প্ৰবেশ ঘটিছিল আৰু ৰঙা পৰা ঠাই খিনিত বীজাণু আৰু প্ৰতিৰক্ষীৰ মাজত প্ৰচণ্ড যুদ্ধ হৈছিল আৰু ঠিক হৈ যোৱা মানে হল বীজাণুক পৰাস্ত কৰি আমাৰ শৰীৰৰ প্ৰতিৰক্ষীৰ বিজয়, প্ৰতিৰক্ষীৰ পৰাজয় হলে আমাৰ বেমাৰ হয় । যুদ্ধত ব্যাঘাত হলে প্ৰতিৰক্ষীৰ পৰাজয় হোৱাৰ সম্ভাৱনাৰ কাৰণে নিৰ্দ্দিষ্ট উষ্ণতা ১০২ ডিগ্ৰী ফাৰেনহাইট নোপোৱা পৰ্য্যান্ত চিকিত্ঝসকে জ্বৰ বা উষ্ণতা কমোৱা ঔষধ খাবলৈ উপদেশ নিদিয়ে । প্ৰতিৰক্ষী সমূহৰ সৃষ্টি বা কৌশল বৃদ্ধিৰ প্ৰশিক্ষণৰ বাবে ঔষধ নাইবা দুৰ্বল কৰা বেমাৰৰ বিষানুটোৰ আমাৰ দেহত প্ৰবেশ কৰোৱা হয় । দুৰ্বল বিষানুটোৰ লগত যুদ্ধ কৰি ধংস কৰিবলৈ শৰীৰটোৱে নতুন প্ৰতিৰক্ষী সৃষ্টি কৰা নাইবা আগৰে পৰা থকা প্ৰতিৰক্ষীক প্ৰশিক্ষিত কৰে যাতে নতুনকৈ বিষানু সোমালে এইবোৰক আক্ৰমণ কৰি ধ্বংস কৰিব পাৰে । এই প্ৰবেশ কৰোৱা দুৰ্বল বিষানু বা ঔষধ সমূহে হৈছে প্ৰতিষেধক ।যেনে- পলিও ,জণ্ডিচ , ক'ভেক্সিন ,কভিশ্বিল্ড আদি প্ৰতিষেধকৰ উদাহৰণ ।

জেউতি- দেঊতা, ব্যায়াম কৰিলে আমাৰ কি লাভ হব ?

দেউতা- তোমালোকে জানানে, আমাৰ শৰীৰত থকা এটা যন্ত্ৰ, হৃদযন্ত্ৰ (Heart)আৰু কিছুমান সৰু-ডাঙৰ নলীকাৰ Artery, Vein) সহায়ত আমাৰ শৰীৰত তেজ চলাচল হৈ শৰীৰৰ কোষ সমূহক খাদ্য অক্সিজেন যোগান ধৰাৰ উপৰিও কোষত উত্পন্ন হোৱা অদৰকাৰী অপকাৰী পদাৰ্থসমূহ ৰেচন অংগ( শৰীৰৰ অদৰ্কাৰী পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়া অংগ) সমূহলৈ লৈ যায় । হৃদযন্ত্ৰটো এটা পাম্পৰ নিচিনা ই পাম্প কৰি অক্সিজেনযুক্ত তেজবোৰ শৰীৰৰ কোষসমূহলৈ পঠিয়াই দিয়ে যদিও আমাৰ শৰীৰৰ বিভিন্ন কাৰ্যৰ ফলতহে বিভিন্ন অদৰকাৰী-অপকাৰি দূষিত তেজবোৰ শুধিত হবলৈ পুনৰ হৃদপিণ্ডলৈ উভতিআহে ।সেয়েহে, আমি কৰা চাল-চলন বা ব্যায়ামৰ ফলত দূষিত তেজ সমূহ বিশুদ্ধ হ'বলৈ উভতি আহিব পাৰে। যিমানে আমাৰ চাল চলন বেছি হ'ব সিমানে আমাৰ শৰীৰৰ ভিতৰ অংশ পৰিষ্কাৰ হৈ থাকিব বেমাৰ প্ৰতিৰোধ ক্ষমতা বাঢ়িব । তাৰো পৰি ব্যায়ামৰ ফলত মাংস-পেশীসমূহ শক্তিশালী আৰু হাড়ৰ সন্ধিসমূহৰ নমনীয়তা বৃদ্ধি হ'য় ।

জিজ্ঞাস- বীজাণু শোধক (Sanitizer) ঘঁহা, সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক(Mask) কি পিন্ধিব লাগে ?

দেউতা- বীজানুশোধকে সাধৰনতে বেমাৰৰ বীজাণু সমূহ ধ্বংস কৰে । কিন্তু ক'ভিড-১৯ ৰ নিচিনা কিছুমান বিষানু ধ্বংস কৰিব নোৱ্ৱৰিলেও বিষানুটোৰ চাৰিওফলে থকা কাইটৰ আঙঠিতো ধংস কৰে যাৰ ফলত বিষানুটো কেনেবাকৈ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিলেও কোষত লাগি ধৰিব নোৱাৰে কাৰনে অনিষ্ঠও কৰিব নোৱাৰে । বিষানু টোৱে ইয়াৰ ওজনৰ কাৰনে প্ৰায় ৬ ফুট মান দূৰলৈ বতাহৰ সহায়ত বিস্তাৰিত হব পাৰে সেই কাৰনে সামাজিক দূৰত্ব বজাই ৰাখি আৰু মাস্ক পিন্ধি বিষানুবোৰ ইজনৰ পৰা আন্জনলৈ সংক্ৰমন হোৱাত বাধা দিব পৰা যায় ।

জেউতি- বুজিলোঁ, দেউতা এতিয়াৰ পৰা আমি ক'ভিদৰ পৰা ৰক্ষা পাবলৈ মাস্ক পিন্ধিম, চেনিটাইজাৰ ব্যৱহাৰ কৰিম আৰু সামাজিক দূৰত্ব ৰখা আদি ডাক্তৰৰ পৰামৰ্শসমূহ পালন কৰিম ।

দেউতা- সাৱধানীৰ বিপদ কম !সেয়ে ভয় নাখায় সতৰ্ক হৈ থাকিলে আমি এই বিপদজনক অতিমাৰীৰ পৰা সহজে ৰক্ষা পৰিম।

জিজ্ঞাস- নিশ্চয়, দেউতা !